প্ৰতিবছৰে ভাৰতত ১৫ ছেপ্তেম্বৰৰ দিনটো ‘অভিযন্তা দিৱস’ (Engineers day) হিচাপে পালন কৰা হয়৷ এই দিনটোৰ বিশেষ তাৎপৰ্য হৈছে যে স্বৰাজোত্বৰ কালৰ এজন প্ৰসিদ্ধ অভিযন্তা বিশাল ব্যক্তিত্বৰ অধিকাৰী ভাৰতৰত্ন ছাৰ মোক্ষগুণদাম বিশ্বেশ্বৰায়া  দেৱৰ আজি জন্মদিন৷ ছাৰ বিশ্বেশ্বৰায়া দেৱক শ্ৰদ্ধাঞ্জলি জনোৱা তথা তেখেতৰ কৰ্মৰাজীক সোঁৱৰণ কৰাই হৈছে অভিযন্তা দিৱসৰ মূল উদ্যেশ্য৷

মহীশূৰৰ (বৰ্তমানৰ কৰ্ণাটক) এখন ভিতৰুৱা গাঁৱত ১৮৬০ চনৰ ১৫ ছেপ্টেম্বৰ  জন্মগ্ৰহণ কৰা ছাৰ বিশ্বৰায়া ভাৰতৰ অভিযন্তা ক্ষেত্ৰ খনৰ উজ্জ্বল নক্ষত্ৰ৷ অসমাৰিক অভিযান্ত্ৰিক (Civil Engineering) ৰ শিক্ষা গ্ৰহণ কৰা ছাৰ বিশ্বৰায়ায়ে অভিযান্ত্ৰিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ কথা সীমিত ঠাইত লিখি শেষ কৰাটো যথেষ্ট কঠিন৷ দেশৰ আভিযান্ত্ৰিক ক্ষেত্ৰখনলৈ তেখেতৰ অন্যতম অৱদান হৈছে “Block system Of irrigation”৷ তেনেকুৱা জলসিঞ্চন ব্যৱস্থা উদ্ভাৱনৰ ফলত বৃহৎ নদীবান্ধৰ অপ্ৰয়োজনীয় জলৰাশি কৃষিকাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ খেতিপথাৰলৈ বোৱাই অনাটো সম্ভৱ হৈ উঠিছিল৷ প্ৰযুক্তিটোৰ ব্যৱহাৰিক প্ৰয়োগৰ ফলত দেশৰ জলসিঞ্চন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সম্ভৱ হৈছিল৷ বোৱতী নদী বা নদীবান্ধৰ জলৰাশিক নিয়ন্ত্ৰণ কৰাৰ নিমিত্তে তেখেতে স্বয়ংক্ৰিয় চুইচ গেট (পানী দুৱাৰ) উদ্ভাৱন কৰিছিল৷ তেখেতে যে অকল নতুন প্ৰযুক্তিৰ উদ্ভাৱনতে নিজক সীমাৱদ্ধ ৰাখিছিল তেনে নহয়, উদ্ভাৱন সমূহক জনসাধাৰণৰ উন্নয়নৰ নিমিত্তে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ হকেও তেখেতে কাম কৰিছিল৷ ‘স্বয়ংক্ৰিয় চুইচ গেট’ প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ ফলত পুণে আৰু হায়দৰাবাদ চহৰৰ বান নিয়ন্ত্ৰণ হৈছিল৷ মধ্যপ্ৰদেশৰ ‘টাইঘ্ৰা বান্ধ’ (Tighra dam), মাইছ’ৰৰ কাবেৰী নদীৰ ওপৰৰ ‘কৃষ্ণ ৰাজা সাগৰ বান্ধ’ (‘Krishna raja sagar dam) ইত্যাদি প্ৰকল্পৰ ৰূপায়ণত তেখেতে উদ্ভাৱন কৰা স্বয়ংক্ৰিয় চুইচ গেট  প্ৰযুক্তিৰ অৰিহণা লেখত লবলগীয়া৷ বৃহৎ নদীবান্ধৰ ফলত ওচৰ-পাজৰৰ জনসাধৰণৰ সম্ভাৱ্য ক্ষয়-ক্ষতিৰ পৰিমাণ কমাবলৈও তেখেতে বিভিন্ন কাৰিকৰী কৌশল প্ৰয়োগ কৰিছিল৷ ফলস্বৰূপে সেই সময়ৰ বহু কেইটা বৃহৎ নদীবান্ধ জনসাধাৰণৰ বাবে আশীৰ্বাদ হিচাপে পৰিগণিত হৈছিল৷ তেখেতৰ নেতৃত্বত যুগুতোৱা কাৰিকৰী কৌশল প্ৰয়োগৰ ফলত বিছাখাপট্টম পৰ্ট’ ৰ সাগৰৰ পৰা হোৱা খহনীয়াৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল৷ বান সমস্যাৰ সমাধানৰ বাবে তেখেতে বিশেষ জলাধাৰা (reservior) ৰ আৰ্হিও প্ৰস্তুত কৰিছিল৷ তেনেকুৱা জলাধাৰা নিৰ্মাণৰ ফলত বানৰ প্ৰাৱল্য কমোৱাই নহয়, কৃষি, জলসিঞ্চন, পৰ্যটন আদি বিভিন্ন ক্ষেত্ৰত সহায় হৈছিল৷ বিভিন্ন চহৰৰ পানী যোগান আঁচনি, আধুনিক নৰ্দমা ব্যৱস্থাৰ কৰিকৰী উন্নয়ন সাধন আদি বিভিন্ন কামত নিজকে নিয়োগ কৰিছিল৷

আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপ দিবলৈ হ’লে দেশত উন্নত উদ্যোগিক আন্ত: গাঁথনি নিৰ্মাণ কৰিব লাগিব; প্ৰয়োজন হ’ব এদল সুদক্ষ অভিযন্তাৰ৷

ছাৰ মোক্ষগুণদাম বিশ্বেশ্বৰায়া মাইছ’ৰৰ ‘দেৱান’ পদত প্ৰায় ৬ বছৰ কাৰ্যনিবাহ কৰিছিল৷ অভিযন্তা জনে মাইছ’ৰৰ প্ৰধান শাসক (দেৱান) হিচাপে কাৰ্যনিবাহ কৰা সময়ত, কৃষি, জলসিঞ্চন, উদ্যোগিকৰণ, শিক্ষা, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত মাইছ’ৰে এক যুগান্তকাৰী পৰিৱৰ্তণৰ মুখ দেখিছিল৷ আধুনিক মাইছ’ৰ চহৰ নিৰ্মাণত গ্ৰহণ কৰা ভূমিকাৰ বাবে তেখেতক  “Father of mordern mysore” উপাধিৰে সন্মনিত কৰা হৈছিল৷ ছাৰ বিশ্বৰায়া যে কেৱল মাত্ৰ সুদক্ষ অভিযন্তা আছিল তেনে নহয়, দেশৰ শৈক্ষিক আৰু উদ্যোগিক  ক্ষেত্ৰলৈও তেখেতে প্ৰভুত অৰহিণা আগবঢ়াইছে৷ বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় কলেজ অফ ইঞ্জিনীয়াৰিং,সৰ্বভাৰতীয় বিজ্ঞান কংগ্ৰেছ, টাটা ষ্টীল,মহীশূৰ চাবোন ফেক্টৰী, দা পেৰাচাইটঅইড লেবটৰী, দ্যা মহীশূৰ আইৰণ এণ্ড ষ্টীল ৱৰ্কচ (বৰ্তমান বিশ্বেশ্বৰায় আইৰণ এণ্ড ষ্টীল লিমিটেড), শ্ৰী জয়চামৰাজেন্দ্ৰ পলিটেকনিক ইনষ্টিটিউট, বাংগালোৰ কৃষি বিশ্ববিদ্যালয়, ষ্টেট বেংক অফ মহীশূৰ, ছেনচুৰী ক্লাব, মহীশূৰ বাণিজ্য কোষ, ইত্যাদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেতে নিজক নিয়োজিত কৰাৰ লগতে কাৰিকৰী আৰু প্ৰশাসনিক ক্ষেত্ৰত সহায় কৰিছিল৷ দেশৰ অভিযান্ত্ৰিক ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ১৯৫৫ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মাম ‘ভাৰত ৰত্ন ’  সন্মানেৰে সন্মানিত কৰিছিল ছাৰ বিশ্বেশ্বৰায়াক৷ ৰজা জৰ্জ পঞ্চমে ‘নাইট ’ সন্মানেৰেও সন্মানিত কৰিছিল ভাৰত ৰত্ন বিশ্বেশ্বৰায়াক৷ জীৱনকালত দেশ-বিদেশৰ বিভিন্ন সন্মানেৰে সন্মানিত হোৱা ছাৰ বিশ্বশাৰয়াই ১৯৬২ চনৰ ১২ এপ্ৰিলত ১০২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে৷

প্ৰতিবছৰে অভিযন্তা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় গুৰুত্ব থকা বিষয় এটা নিৰ্বাচন কৰা হয় যাতে দেশৰ অভিযন্তা সকলৰ মাজত সেই বিশেষ বিষয়টো সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰি আৰু তেওঁলোকক বিষয়টোত কাম কৰাবলৈ উদ্ধুদ্ধ কৰাব পাৰি৷ এইবছৰৰ অভিযন্তা দিৱসৰ মূল বিষয় হৈছে – Engineers for a Self-Reliant India (আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে অভিযন্তাসকল )৷ যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰাদুৰ্ভাৱ ঘটা কভিড-১৯ কিম্বা ক’ৰ’না মহামাৰীৰ ফলত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য ক্ষেত্ৰ খনত অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে৷ ঔষধ, চিকিৎসা সামগ্ৰী ইত্যাদিৰ নাটনিৰ ফলত আন আন দেশৰ লগতে আমাৰ দেশৰ স্বাস্থ্য ক্ষেত্ৰখন সাংঘাতিক অসুবিধাৰ সম্মুখীন হৈছে৷ স্বাস্থ্য ক্ষেত্ৰৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰ চীন দেশৰ ওপৰত নিৰ্ভৰশীল৷ কৰ’না মহামাৰীয়ে চীন দেশকো বেয়াকৈ প্ৰভান্বিত কৰাৰ ফলত তেওঁলোকে ভাৰতলৈ পি.পি.ই কিট যোগান ধৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আন বিভিন্ন ক্ষেত্ৰত আমাৰ দেশ বিদেশী উৎপাদক সকলৰ ওপৰত নিৰ্ভৰশীল৷ ক’ৰ’না মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিয়ে আজি ভাবিবলৈ বাধ্য কৰাইছে প্ৰয়োজনীয় সামগ্ৰী সমূহৰ উৎপাদনৰ ক্ষেত্ৰত পৰৰাষ্ট্ৰ নিৰ্ভৰ নহৈ আত্মনিৰ্ভশীল হোৱাৰ প্ৰয়োজনীয়তাৰ কথা৷ মহামৰীয়ে সৃষ্টি কৰা পৰিস্থিতি মোকাবিলা কৰা আৰু ভৱিষ্যতৰ বাবে সাজু হোৱাৰ প্ৰসংগত সঘনাই উচ্চাৰিত হৈছে ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ শ্ল’গান৷

দেশৰ সামাজিক-অৰ্থনৈতিক উন্নয়ন তথা জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত অভিযন্তা সকলৰ ভূমিকা সৰ্বজনবিদিত৷ অভিযন্তা সকলক দেশৰ উন্নয়নৰ মেৰুদণ্ড বুলি অভিহিত কৰা হয়৷

আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্নক বাস্তৱ ৰূপ দিবলৈ হ’লে দেশত উন্নত উদ্যোগিক আন্ত: গাঁথনি নিৰ্মাণ কৰিব লাগিব; প্ৰয়োজন হব এদল সুদক্ষ অভিযন্তাৰ৷ একবিংশ শতিকাৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খোৱা আৰু দেশৰ সামাজিক-অৰ্থনৈতিক-সাংস্কৃতিক পৰিৱেশৰ সৈতে উপযোগী প্ৰযুক্তি নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰা অভিযান্ত্ৰিক ব্যৱস্থা এটা গঢ় দিব পাৰিব লাগিব৷ যোৱা কেইমাহমানত ভাৰতীয় উদ্যোগিক ক্ষেত্ৰ খনে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ পৰা এটা কথা নকৈ কব পাৰি যে স্পষ্ট নীতি-নিৰ্দেশনা, চৰকাৰী সহযোগ আৰু প্ৰয়োজনীয় পুঁজিৰ আৱণ্টন থাকিলে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ভাৰতীয় অভিযান্ত্ৰিক ব্যৱস্থা সম্পূৰ্ণ সক্ষম৷ এই খিনিত উল্লেখ কৰা উচিত হব যে  আমাৰ দেশত  ক’ৰ’না মহামাৰী উদ্ভৱ হোৱাৰ সময়ত (যোৱা মাৰ্চ মাহত) দেশত পি.পি.ই কিট উৎপাদনৰ সংখ্যা আছিল শূন্য৷ আনহাতে বৰ্তমান ভাৰতে প্ৰতিদিনে ২ লাখতকৈ বেছি পি.পি.ই কিট উৎপাদন কৰি আছে৷ দেশৰ কেইবা খনো শৈক্ষিক-গৱেষণা প্ৰতিষ্ঠানে অতি কম সময়ৰ ভিতৰত ক’ৰ’না মহামাৰীৰ সৈতে যুঁজিবলৈ প্ৰয়োজনীয় কেইবাবিধ চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰি তুলিছে৷ গতিকে কব পাৰি যে  ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ স্বপ্ন  আমাৰ বাবে অলীক-সপোন নহয়৷ সেয়া সম্ভৱ কৰিবলৈ হ’লে দেশত উপলদ্ধ সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব  লাগিব৷

দেশৰ সামাজিক-অৰ্থনৈতিক উন্নয়ন তথা জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত অভিযন্তা সকলৰ ভূমিকা সৰ্বজনবিদিত৷ অভিযন্তা সকলক দেশৰ উন্নয়নৰ মেৰুদণ্ড বুলি অভিহিত কৰা হয়৷ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ উপযোগী হোৱাকৈ ‘যথাযথ প্ৰযুক্তি’ (appropriate technology) নিৰ্মাণৰ লগতে তেনে প্ৰযুক্তিক জনসাধাৰণ কাষ চপাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ উপলদ্ধ বৈজ্ঞানিক জ্ঞানক সমাজৰ হিতৰ হকে প্ৰয়োগ কৰিবলৈ ব্যৱহাৰিক বা প্ৰযুক্তিগত স্তৰলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত অভিযন্তা সকলে অনুঘটক হিচাপে কাম কৰে৷

অভিযন্তা দিৱসৰ এই বিশেষ দিনটোত দেশে আজি ৰাষ্ট্ৰ নিৰ্মাণত অভিযন্তা সকলে আগবঢ়োৱা অবদানক শ্ৰদ্ধাৰে সুৱৰিব৷ এই ছেগতে আমিও প্ৰতিজন অভিযন্তালৈ অভিযন্তা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ আশা কৰিছো যে অভিযান্ত্ৰিক জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ মাধ্যমেৰে জটিল সামাজিক সমস্যা সমূহৰ সমাধানৰ লগতে দেশৰ ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অভিযন্তা সকলে নিজক নিয়োজিত কৰিবলৈ সদা প্ৰস্তুত থাকিব আৰু ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব৷ এইক্ষেত্ৰত ছাৰ বিশ্বেশ্বৰায়া দেৱে দেখুৱাই যোৱা নিদৰ্শন বৰ্তমানৰ অভিযন্তা সকলৰ অনুপ্ৰেৰণাৰ উৎস হওক, তাৰে কামনাৰে এই লেখা লেখা সামৰিছো৷ 

Previous শিশু বিশেষজ্ঞৰ সকীয়নি :মহামাৰীকালত মন ভাঙিছে শিশুৰ; অভাৱ ঘটিছে ভিটামিন ডিৰ
Next মোবাইল ফোনৰ বাবে শিশুসকল বিছিন্ন হৈছে চৌপাশৰ পৰিৱেশৰ পৰা