আমাৰ কাৰণে যদি শান্তি আছে
                                                                             আশা আছে
                                                            চিৰশিশু মানুহৰ মহানুভৱতাত
                                                      তামোলৰ পিক্ সনা আইতাৰ জধলা চুমাত৷ ‘
                                                                                                             -নৱকান্ত বৰুৱা৷

ইতা; সোতোৰা ছালৰ আধা পকা চুলিৰে, সোলা মুখত তামোলৰ পিক্ সনা হাঁহিৰ এখন ছবি৷ নাতি-নাতিনীৰ আদৰৰ এটি ৰূপ৷ নীতিশিক্ষা আৰু ৰূপকথাৰ ভঁৰাল৷ আমাৰ বাবে আইতা আছিল জীৱনৰ বৈচিত্ৰ্য্যময় অভিজ্ঞতাৰে পুষ্ট এক অনন্য সময়৷ প্ৰতি গধূলি আইতাই আমাক সাধু শুনাইছিল৷ জোনাক নিশা আইতাই চোতালত পাৰি দিয়া নগা ঢাৰিখন আছিল আমাৰ চিন্তাৰ কৰ্ষণৰ গজালি মেলোৱা কঠীয়াতলি৷ জোনাক নিশা মুকলি চোতালত আমি উত্তৰসূৰীজাক নগা ঢাৰিখনত এঢাৰি হৈ বহিছিলোঁ৷ অলপ আঁতৰত মহৰ বাবে তুঁহগুৰিত নিমপাত দি জ্বলোৱা জাগ৷ মাজে মাজে মহ নপৰিবলৈ আইতাই বুলাই থকা বিচনীৰ বা৷ এক নৈসৰ্গিক দৃশ্য৷ নিশাৰ ভাতসাজ হোৱা আগলৈকে আইতাই এইদৰে আমাৰ আগত সাধুৰ বৰ পেৰা খুলিছিল৷

আমাৰ শৈশৱ-কৈশোৰ এইদৰে পাৰ হৈছিল৷ আইতাই চোতালত পাৰি দিয়া সেই নগা ঢাৰিখনৰ পৰাই আমাৰ কল্পনাৰ সাতোৰঙী ঘোঁৰাই চেঁকুৰ মেলিছিল৷ সেই নগা ঢাৰিখনতে আমি শিকিছিলো নীতিশিক্ষাৰ আদিপাঠ৷ আইতাৰ মুখেৰে নিগৰিত হোৱা ৰূপকথাই আমাৰ মনৰ মাজত এক সৌন্দৰ্যশালী পৃথিৱীক গঢ় দিছিল৷ এক কথাত কবলৈ গ’লে সুন্দৰ আৰু সত্যৰ পাঠ আমি আইতাৰ পৰাই শিকিছিলোঁ৷ কালৰ কুটিল গতিত আমি আইতাক এদিন হেৰুৱাইছিলোঁ৷ কিন্তু আইতাই দি থৈ যোৱা সেই ঐক্য আৰু জীৱনীমন্ত্ৰ আমি আজিও কঢ়িয়াই ফুৰিছোঁ৷

কোনো সন্তানে যদি জন্ম দিয়া পিতৃ-মাতৃক বৃদ্ধাৱস্থাত বোজা বুলি ভাবি ত্যাগ কৰে, তেনেলোকে পিতৃ-মাতৃৰ লগতে নিজৰ সন্তানৰ প্ৰতিও ঘোৰ অন্যায় কৰে৷ দুটা পীৰিৰ মাজত হেঙাৰ হৈ থিয় দিয়া অপৰাধ এয়া৷

নাতি আৰু ককা- আইতাৰ সম্পৰ্ক অতি নিবিড়৷ বৰ্তমান বিভিন্ন অচিলা লৈ যৌথ পৰিয়ালসমূহ একক পৰিয়াললৈ গতি কৰিছে৷ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কথা ভাবি বা কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰণিত থাকিবলগীয়া হোৱা বাবে বহুতে নিজৰ বৃদ্ধ পিতৃ- মাতৃক লগত ৰাখিব নোৱাৰে৷ বহুতো বৃদ্ধ লোকে নিজৰ পুৰণি ঘৰখনৰ মোহ এৰিব নোৱাৰি পো-বোৱাৰীৰ লগত থাকিব নিবিচাৰে৷ কোনো কোনোৱে আকৌ আজিৰ দিনত বৃদ্ধ পিতৃ-মাতৃক বোজা বুলি ভাবি বৃদ্ধাশ্ৰমত থৈ আহে৷ সম্প্ৰতি দেখা পোৱা আটাইতকৈ নিকৃষ্ট নিদৰ্শন হৈছে সম্ভ্ৰান্ত সন্তানে অতি নিষ্ঠুৰ ভাবে বৃদ্ধ পিতৃ-মাতৃক পদ পথত এৰি পলায়ন কৰা৷ এই সমগ্ৰ পৰিস্থিতিৰ বাবে আটাইতকৈ বেছি আবেগিক ভাবে প্ৰভাৱ পেলোৱা সম্পৰ্কটোৱে হৈছে-নাতি আৰু ককা-আইতাকৰ সম্পৰ্ক৷ কোনো সন্তানে যদি জন্ম দিয়া পিতৃ-মাতৃক বৃদ্ধাৱস্থাত বোজা বুলি ভাবি ত্যাগ কৰে, তেনেলোকে পিতৃ-মাতৃৰ লগতে নিজৰ সন্তানৰ প্ৰতিও ঘোৰ অন্যায় কৰে৷ দুটা পীৰিৰ মাজত হেঙাৰ হৈ থিয় দিয়া অপৰাধ এয়া৷

আমি কোনো কোনোৰ মুখত শুনিবলৈ পোৱা এষাৰ কথা হ’ল-‘ককাক- আইতাকৰ পৰা বেয়া হৈছে”৷ এতিয়া প্ৰশ্ন হয়- ককাক- আইতাকে যদি নাতিয়েহঁতক বেয়া কৰে, তেনে ক্ষেত্ৰত সেই বৃদ্ধই এটা বয়সত নিজৰ সন্তানক কেনেকৈ মানুহ কৰিছিল? অত্যাধুনিকতাৰ ঢৌৱে আজিৰ এচামৰ মন সংকীৰ্ণ কৰি পেলাইছে৷ যাৰ ফলত ককা-নাতিৰ সম্পৰ্কৰ ইতি পৰিছে৷ বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ পদ-পথত সন্তানে ত্যাগ কৰা বৃদ্ধ লোকৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়ি আহিছে৷ পিতৃ-মাতৃক আদি গুৰু বুলি আখ্যা দিয়া হয়৷ কিন্তু এই আদি গুৰুক চৰম অবজ্ঞাৰে পৰিত্যাগ কৰি সফলতাৰ জখলা বগাব বিচৰাসকল মানুহৰ শাৰীত নপৰে৷ এয়া মানৱীয়তাৰ ভূ-লুণ্ঠিত অধ্যায়৷
কিন্তু আমি আজিও আশাবাদী৷ পুনৰ এদিন সভ্যতাৰ উত্তৰণৰ লগত ফেৰ মাৰি আমাৰ মাজৰ পৰা বৃদ্ধাশ্ৰম বিলাক নাইকিয়া হৈ যাব৷ অত্যাধুনিক মন এটা লৈ সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃক পদ-পথত এৰা পৰিৱৰ্তে ঘৰতে ৰাখিব৷ আমাৰ দৰে এজাক উত্তৰসূৰীক লৈ ককা-আইতাই আকৌ নগা ঢাৰি পাৰি বহিব৷ পুনৰ ককা-আইতাই আওৰাব নীতিকথা আৰু ৰূপকথাৰ সেই সেউজীয়া পাঠ৷

                                                     

Previous সমস্যাৰ মাৰ্কেটিং আৰু ৰাজনৈতিক দলৰ ৰাজনীতি
This is the most recent story.