মিছা কথা


https://biriyaa.com/

মোৰ কাষতে থকা ভাৰাঘৰৰ ল’ৰাটোৱে নতুন গাড়ী এখন কিনিছে। ভিতৰৰ ছীট ক’ভাৰখিনি দেখুৱাই মোক সুধিলে – দাদা কেনেকুৱা লাগিছে? কালাৰ কম্বিনেছন সম্পৰ্কে মোৰ যি ধাৰণা, সেই ধাৰণা অনুসৰি ছীট ক’ভাৰখিনি গাড়ীৰ ৰঙৰ সৈতে একেবাৰে মিলা নাই। কিন্তু মই মিছা ক’লোঁ – ভাল লাগিছে। তেওঁৰ হাঁহিটো দেখি বুজিলোঁ – তেওঁ সুখ পাইছে। এইবোৰ সৰু সুৰা মিছা। কাৰোবাক ভাল ল’গাবলৈ আমি কেতিয়াবা মিছা কওঁ। এইবোৰ মিছাই কাৰো অপকাৰ নকৰে। কিন্তু কিছুমান ডাঙৰ ডাঙৰ মিছা আছে। মানুহৰ বদনাম এনে এবিধ মিছা। আনে সহজে বিশ্বাস কৰে। আজিকালিতো আৰু বেছি ভয়ংকৰ কথা কিছুমান ঘটি থাকে। কাৰিকৰী কৌশল ব্যৱহাৰ কৰি ক’ৰবাৰ ফটোৰ সৈতে ক’ৰবাৰ বাতৰি বা অডিঅ’, ভিডিঅ’ মিক্সিং কৰি প্ৰচাৰ কৰিব পাৰি। এয়া কাৰোবাৰ সপক্ষে, বা বিপক্ষে হ’ব পাৰে। সেয়া ৰাজনৈতিক, সাম্প্ৰদায়িক কথাও হ’ব পাৰে। দুষ্ট চক্ৰই এনেকৈ ৰাইজক উত্তেজিত কৰি অশান্তিৰ সৃষ্টি কৰিব পাৰিছে। সেয়ে আপোনালৈ অহা মেচেজবোৰ বিশ্বাস কৰাৰ আগতে দহবাৰ ভাবিব – এয়া মিছাও হ’ব পাৰে। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous মলখ গুইন গুইন
Next ৰাষ্ট্ৰসংঘৰ ঘোষণা : ২০২১-২০৩০ হ'ব পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশক