শক দশক ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত আৰু অৱলেহিত দেশৰ কৃষকে আকৌ এবাৰ নামিবলগীয়া হ’ল ৰাজপথত৷ তিনিখন কৃষকবিৰোধী বিধেয়ক সংসদত গৃহীত হোৱাৰ পূৰ্বৰ পৰাই কৃষকৰ প্ৰতিবাদত উত্তাল হৈ আছিল দেশ৷ এই বিধেয়কৰ প্ৰতিবাদত ইতিমধ্যে কেবিনেট মন্ত্ৰী এগৰাকীয়ে মোডী কেবিনেটৰ পৰা পদত্যাগ পৰ্যন্ত কৰিছে৷ কিন্তু তাৰপিছতো দেশৰ কৃষকৰ প্ৰতি ন্যূনতমো সহানুভূতি নাই মোডী চৰকাৰৰ৷ দেশৰ অন্নদাতাৰ ক্ষোভত আজি জ্বলিছে দেশ, জ্বলিছে ৰাজ্য৷

তিনিখন কৃষি বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছতেই দেশৰ একাধিক কৃষক সংগঠনৰ সমন্বয় সমিতিৰ আহ্বানত ঘোষণা কৰা হৈছিল আন্দোলনৰ কাৰ্যসূচী৷ এই আন্দোলনৰ কাৰ্যসূচী হিচাপে একাধিক কৃষক সংগঠনৰ আহ্বানত আজি ২৫ চেপ্তেম্বৰত ঘোষণা কৰা হয় ‘ভাৰত বন্ধ’ কাৰ্যসূচী৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক আজি দেশৰ কৃষকে জনাই দিয়ে দেশৰ কৃষক শ্ৰমিকৰ শক্তি৷ আজি সমগ্ৰ দেশজুৰি ৰাজপথত নামি পৰে লক্ষ লক্ষ কৃষক৷

কিয় বাৰে বাৰে দেশৰ কৃষকে জীৱন জীৱিকাৰ নিৰাপত্তাৰ খাতিৰত ৰাজপথত নামিবলগীয়া হয়? কেন্দ্ৰত অধিষ্ঠিত কোনো এখন চৰকাৰে আজিলৈকে কৃষকৰ কল্যাণৰ বাবে  কোনো স্পষ্ট নীতি নিৰ্ধাৰণ নকৰিলে৷ বছৰ বছৰ ধৰি কৃষকে উৎপাদিত ফচলৰ উচিত মূল্যকে ধৰি বিভিন্ন সমস্যাত জৰ্জড়িত হৈ আহিছে৷

পাঞ্জাব,হাৰিয়ানা, ৰাজস্থানৰ দৰে কৃষিপ্ৰধান ৰাজ্যবোৰত এই কৃষক বিৰোধী বিধেয়কৰ প্ৰতিবাদ চলিয়েই আছিল৷ আজি আহ্বান দিয়া ভাৰতবন্ধৰ কাৰ্যসূচীত ইয়াৰ অধিক প্ৰভাৱ পৰে৷ প্ৰতিবাদত উত্তাল হৈ পৰে এই ৰাজ্যসমূহৰ কৃষকসকল৷ ৰেলপথ, ৰাজপথ অৱৰোধ কৰি দেশৰ কৃষকে আজি দেখুৱাই দিছে কৃষকৰ শক্তি৷ একাধিক বিজেপি শাসিত ৰাজ্যতো আজি এই কৃষি বিধেয়কৰ বিৰোধিতাৰে বিশাল বিশাল মিছিল বাহিৰ হৈছে, চৰকাৰ বিৰোধিতাৰে শ্লোগান দিছে ক্ষোভিত কৃষকে৷ বিহাৰ, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশতো মোডী চৰকাৰৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে কৃষক শ্ৰমিক৷ ত্ৰিপুৰাতো ব্যাপক প্ৰতিবাদেৰে অচল কৰি দিয়া হৈছে যানবাহনৰ চলাচল৷

অসমতো বিভিন্ন বাওঁ গণতান্ত্ৰিক সংগঠনে আজি মোডী চৰকাৰে গৃহীত কৰা তিনিখন বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত উত্তাল হৈ পৰে৷ ৰাজধানী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক শ্ৰমিক আৰু বাওঁপন্থী সংগঠনৰ কৰ্মীয়ে সমদল ধৰ্ণা আৰু অৱস্থানৰ মাজেৰে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে৷ মোদী চৰকাৰৰ এই কৃষক বিৰোধী বিধেয়কৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক প্ৰতিবাদী আন্দোলন পৰিলক্ষিত হয়৷ অসম ৰাজ্যিক কৃষক সভা আৰু চি .আই টি.ইউ ৰ উদ্যোগত তথা এছ.এফ.আই; ডি ৱাই এফ আই, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ  সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী লোৱা পৰিলক্ষিত হয়৷ ৰাজ্যিক কেন্দ্ৰ গুৱাহাটী মহানগৰীৰ উপৰিও কাচাৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, দৰং, ওদালগুৰি, নগাঁও, মৰিগাওঁ‌,  কামৰূপ(ম), কামৰূপ, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁ‌ও, চিৰাং, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰীৰ জিলাৰ সদৰৰ উপৰি জিলাসমূহৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়৷ কৃষক বিৰোধী কৃষি বিল বাতিল কৰক, কৃষকৰ অধিকাৰ ৰক্ষা কৰক, “কৃষক বিৰোধী মোদী চৰকাৰ হায় হায়” আদি দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷ অসম ৰাজ্যিক কৃষক সভাৰ আহ্বানত আৰু কেইবাটাও কৃষক সংগঠন, শ্ৰমিক সংগঠন চি আই টি ইউৰ উপৰি ছাত্ৰ, যুৱ, মহিলা সংগঠনৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়।

ইফালে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পুনৰবাৰ দেশৰ কৃষকক আশ্বস্ত কৰাৰ চেষ্টা কৰিছে যে এই বিধেয়ক কৃষকৰ মংগলৰ কাৰণেহে অনা হৈছে৷ বিৰোধীৰ ভুল নিৰ্দেশত দেশৰ কৃষক নামিছে ৰাজপথত৷

কিন্তু কৃষক সংগঠন সমূহে স্পষ্ট বক্তব্য দাঙি ধৰিছে যে এই বিধেয়কৰ দ্বাৰা আচলতে কৃষকৰ পেটত লাঠ মাৰি বৃহৎ
পুঁজিপতি শৰীৰতহে পুষ্টি যোগাব৷ দেশৰ কৃষিখণ্ড আৰু কৃষি ফচল বৃহৎ পুঁজিপতিৰ হাতত গোটাই দি সাধাৰণ কৃষকক ভাতে মৰাৰ এয়া ষড়যন্ত্ৰ৷ কৃষক নেতা হান্নান মোল্লাই জনাইছে যে আজি দেশৰ কৃষকে আজি জনাই দিছে কৃষকৰ শক্তি৷ ইয়াৰ পিছতো যদি মোডী চৰকাৰে এই দাবী মানি নলয় তেন্তে পৰৱৰ্তী সময়ত বৃহৎ ধাক্কাৰ সন্মুখীন হবলৈ প্ৰস্তুত থাকক চৰকাৰ৷ ৷ উল্লেখ্য যে দুবছৰ পুৰ্বে মহাৰাষ্ট্ৰৰ কৃষক লং মাৰ্চৰ ফলত কৃষকে নিজৰ দাবী পূৰণ কৰিবলৈ সক্ষম হৈছিল৷

প্ৰশ্ন হয়, কিয় বাৰে বাৰে দেশৰ কৃষকে জীৱন জীৱিকাৰ নিৰাপত্তাৰ খাতিৰত ৰাজপথত নামিবলগীয়া হয়? কেন্দ্ৰত অধিষ্ঠিত কোনো এখন চৰকাৰে আজিলৈকে কৃষকৰ কল্যাণৰ বাবে স্পষ্ট নীতি নিৰ্ধাৰণ নকৰিলে৷ বছৰ বছৰ ধৰি কৃষকে উৎপাদিত ফচলৰ উচিত মূল্যকে ধৰি বিভিন্ন সমস্যাত জৰ্জড়িত হৈ আহিছে৷ দেশত কৃষক আত্মহত্যাৰ হাৰ প্ৰতিনিয়ত বৃদ্ধি হৈ আহিছে৷ ইয়াৰ প্ৰতিবাদত আজি হাতত লাওখোলা লৈ প্ৰতিবাদত নামিবলগীয়া হৈছে দেশৰ কৃষক৷ কৃষিপ্ৰধান দেশ এখনত যেতিয়া বাৰম্বাৰ দেশৰ কৃষকে জীৱন জীৱিকাৰ নিৰাপত্তাৰ বাবে ভৰিৰ তলুৱাৰ ছাল চিগি যোৱাকৈ প্ৰতিবাদত নামিবলগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক কি আছে৷ ইতিমধ্যে কৃষকৰ সমৰ্থনত দেশৰ সামাজিক মাধ্যম সমূহতো আৰম্ভ হৈছে এক বিপ্লৱ৷ দেশৰ অজস্ৰজন থিয় হৈছে কৃষকৰ পক্ষত৷ কিন্তু ইমানৰ পিছতো কৰ্পৰেটৰ ৰক্ষক কেন্দ্ৰীয় চৰকাৰখনে কৃষকৰ কল্যাণৰ বাবে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷ 

Previous লকডাউন সৃষ্ট দৰিদ্ৰতা: কাৰ ভুলত আওবাটে খোজ দিছে কন্যা সন্তান ?
Next লকডাউন সৃষ্ট পৰিহাসত ঋণগ্ৰস্ত নাৰীৰ হাহাকাৰ৷