ভাৰতবৰ্ষত কৃষকৰ ওপৰত চলা অত্যাচাৰৰ সকৰুণ ছবিখন পুনৰবাৰ স্পষ্ট ৰূপত ফুটি উঠিল মধ্যপ্ৰদেশৰ গুণাত সংঘটিত ঘটনাটোৰ পৰা৷ যোৱা মঙলবাৰে ৰাজ্যখনত এক কৃষক দম্পতীৰ ওপৰত কৰা পুলিচ প্ৰশাসনৰ নিৰ্মম অত্যাচাৰৰ এক ভিডিঅই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ নিজৰ পুত্ৰৰ সন্মূখতে কৃষক দম্পতীৰ ওপৰত  পুলিচৰ এই নিৰ্মম অত্যাচাৰে বিজেপি শাসিত ৰাজ্যখনত আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান দিয়া তথা সুশাসনৰ কথা কোৱা চৰকাৰৰ নগ্ন ৰূপটো প্ৰকট হৈ উঠিল৷

নিজৰ চকুৰ সন্মূখতে কৃষি-ফছলৰ‍ ওপৰত হোৱা এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত কৃষক স্বামী-স্ত্ৰীয়ে বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়৷

বিভিন্ন সংবাদ মাধ্যমৰ পৰা প্ৰাপ্ত তথ্যমতে কৃষক ৰাজকুমাৰ আহিৰৱাৰ আৰু পত্নী সাৱিত্ৰী দেৱীয়ে বছৰ বছৰ ধৰি চৰকাৰৰ বুলি দাবী কৰা সেই বিবাদিত কৃষিভূমিত কৃষিকাৰ্য কৰি আহিছিল৷ কিন্তু হঠাতে ৰাজহ বিভাগৰ পৰা জাননী জাৰি কৰা হয় যে সেই কৃষিভূমি প্ৰকৃততে চৰকাৰৰ আৰু সেই ভূমিত নিৰ্মাণ কৰা হ’ব এখন মডেল কলেজ৷ প্ৰশাসনৰ জাননীৰ পিছতো কৃষক পৰিয়ালটোৱে উক্ত কৃষিভূমি চৰকাৰক চমজাই দিবলৈ অমান্তি হোৱাত ৰাজহ বিভাগে পুলিচ প্ৰশাসনৰ সহযোগত একপ্ৰকাৰ জোৰ-জৱৰদস্তি সেই কৃষিভূমি দখল কৰিবলৈ চেষ্টা চলায়৷ আনকি ৰাজহ বিভাগে ফচলৰ ওপৰেৰে চলাই নিয়ে বুলড’জাৰ আৰু কৃষক দম্পতীক সেই দৃশ্য চাই থাকিবলৈ বাধ্য কৰোৱা হয়৷ তেওঁলোকৰ বাৰম্বাৰ কাকুতি- মিনতিৰ পাছতো প্ৰশাসনে বুলড’জাৰ আঁতৰাই নিয়াৰ বাবে অমান্তি হোৱাই নহয়, দুয়োৰে ওপৰত চলায় নিৰ্মম অত্যাচাৰ৷ নিজৰ চকুৰ সন্মুখতে কৃষি-ফছলৰ‍ ওপৰত হোৱা এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত কৃষক স্বামী-স্ত্ৰীয়ে বিষাক্ত কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়৷ সম্প্ৰতি এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দুয়োজন৷ দুয়োৰে শাৰীৰিক অৱস্থা যদিও সংকটজনক নহয় তথাপি কৃষক দম্পতীৰ আত্মহত্যাৰ এই প্ৰচেষ্টাই উদঙাই দিছে চৰকাৰ তথা চৰকাৰী বিভাগ আৰু পুলিচ প্ৰশাসনৰ কৃষক- শ্ৰমিক বিদ্বেষী মনোভাৱক৷

ভাৰতবৰ্ষত কৃষকৰ অতি দুখলগা ছবিখনৰ কথা নতুনকৈ দোহৰাই দিয়াৰ হয়তো প্ৰয়োজন নাই৷ দেশৰ ‘খাদ্য সৈনিক’ বুলি যিটো শ্ৰেণীক গণ্য কৰা হয়, সেই শ্ৰেণীৰ ওপৰত পাকে-প্ৰকাৰে চলি থকা অত্যাচাৰৰ ফলতেই বছৰি হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈ আহিছে৷ ভাৰতৰ কৃষি মন্ত্ৰণালয়ৰ এগৰাকী জ্যেষ্ঠ উপদেষ্টাই যোৱাটো বৰ্ষত এই কথা সদৰি কৰিছিল যে অচিৰেই হয়তো ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে ‘কৃষক আত্মহত্যাৰ ৰাজধানীত’ পৰিণত হ’ব৷

২০০৮–২০১৫ বৰ্ষত দেশত বছৰি আত্মহত্যাৰ হাৰ ১৪, ২৫৫ গৰাকী কৃষক। অন্যহাতে ২০১৬ ৰ পৰা ২০২০ চনলৈকে কৃষকৰ আত্মহত্যাৰ সংখ্যা হৈছে ৭৬, ৫৩০ গৰাকী, অৰ্থাৎ বাৰ্ষিক গড় ১৯,১৩২ গৰাকী৷

এই ক্ষেত্ৰত বিভিন্ন সমীক্ষাই এই আশংকাক অধিক প্ৰকট কৰি তুলিছে৷ যদিও চৰকাৰৰ তৰফৰ পৰা দেশত কৃষক আত্মহত্যাৰ প্ৰকৃত ছবিখন লুকুৱাই ৰখা হৈছে তথাপি বিভিন্ন বেচৰকাৰী সমীক্ষা আৰু তথ্যৰ মাধ্যমত আচল ছবিখন দাঙি ধৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰয়াস চলাই থকা হৈছে৷ এই ক্ষেত্ৰত পি.চি বোধ নামৰ দেশৰ এগৰাকী আগশাৰীৰ অৰ্থনৈতিক বিভাগৰ বিষয়াই উল্লেখ কৰিছে যে ২০০৮–২০১৫ বৰ্ষত দেশত ১ লাখ ৪ হাজাৰ কৃষকে আত্মহত্যা কৰিছে, অৰ্থাৎ বছৰি আত্মহত্যাৰ হাৰ ১৪, ২৫৫ গৰাকী কৃষক৷ আন এক সমীক্ষা মতে ২০১৬ ৰ পৰা ২০২০ চনলৈকে কৃষকৰ আত্মহত্যাৰ সংখ্যা হৈছে ৭৬, ৫৩০ গৰাকী, অৰ্থাৎ বাৰ্ষিক গড় ১৯,১৩২ গৰাকী৷ আনহাতে দেশত ১৯৯৫ চনৰ পৰা আজি ২০২০ চনলৈকে কৃষকৰ আত্মহত্যাৰ মুঠ সংখ্যাই প্ৰায় ৪ লাখৰ সীমা পাইছেগৈ।

দেশত কৃষক আত্মহত্যাৰ এই ভয়াৱহ ছবিখন ভৱিষ্যতত আৰু অধিক ভয়াৱহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰত অধিষ্ঠিত কোনো এখন চৰকাৰে কৃষক কল্যাণৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট নীতি গ্ৰহণ নকৰাৰ ফলতেই দেশৰ খাদ্য সৈনিকৰূপী কৃষকৰ অৱস্থা অতি মৰ্মান্তিকহৈ পৰিছে৷ কৃষকৰ উৎপাদিত ফছলৰ বিক্ৰী,কৃষিভূমিৰ ক্ষেত্ৰত থাকিবলগীয়া স্পষ্ট নীতি নিৰ্দেশনা, দূৰ্য্যোগ ব্যৱস্থাপনা, কৃষি বীমাকৰণ ইত্যাদি ইত্যাদি বিভিন্ন সমস্যাৰাজিক প্ৰতিখন চৰকাৰে আওকাণ কৰি অহাৰ ফলতেই মধ্যপ্ৰদেশৰ গুণাত সংঘটিত ঘটনাবোৰৰ দৰে বিভিন্ন কাৰ্য্য সংঘটিত হৈ আহিছে৷ অন্যহাতে, কৃষিভূমিক অতি সহজে, ৰঙা ফিটাৰ মেৰপাকত ভৰাই অন্য কাৰ্য্যত ব্যৱহাৰৰ বাবে অনুমতি দিয়া প্ৰক্ৰিয়াই কৃষক ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।

প্ৰাকৃতিক দূৰ্য্যোগৰ ওপৰিও উৎপাদিত ফচলৰ উচিত মূল্যহীনতা, ৰাজ্যৰ বাবে উপযুক্ত কৃষিনীতিৰ অভাৱ,  চৰকাৰী বিষয়ববীয়া আৰু নেতা পালিনেতাৰ সীমাহীন লুণ্ঠনে সংকটৰ দিশলৈ ঠেলি দিছে অসমৰো কৃষি, কৃষক আৰু কৃষিভূমিক৷

আমাৰ অসমৰো কৃষক আৰু কৃষিভূমিৰ অৱস্থা তথৈবচ৷ বছৰি হোৱা বান, ঠায়ে ঠায়ে খৰাং, ৰোগ-ব্যাধি আদি প্ৰাকৃতিক দূৰ্য্যোগৰ ওপৰিও উৎপাদিত ফচলৰ উচিত মূল্যহীনতা, ৰাজ্যৰ বাবে উপযুক্ত কৃষিনীতিৰ অভাৱ,  চৰকাৰী বিষয়ববীয়া আৰু নেতা পালিনেতাৰ সীমাহীন লুণ্ঠনে সংকটৰ দিশলৈ ঠেলি দিছে কৃষি, কৃষক আৰু কৃষিভূমিক৷ এসময়ত ধান উৎপাদনত স্বাৱলম্বী হৈ উঠা বুলি চৰকাৰী ঘোষণা-পত্ৰত ব্যাপক প্ৰচাৰিত ৰাজ্যখনলৈ কি কাৰণত বহিঃৰাজ্যৰ ধান-চাউলৰ আমদানী হয়, সেয়া চিন্তনীয় আৰু পৰীক্ষনীয় বিষয়। কেৱল সেয়াই নহয়, পৰ্য্যাপ্ত পৃষ্ঠজল থকাৰ পাছতো কেৱল কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামতে অসমতো ব্যাপকহাৰত হৈ থকা অগভীৰ নলী-নাদ নিৰ্ভৰ জলসিঞ্চনে ৰাজ্যৰ ভূতল জলৰ পৰিমাণ ক্ৰমে হ্ৰাস কৰি পেলোৱাৰ দৰে ঘটনাও আৰম্ভ হৈছে, যদিও চৰকাৰৰ সেইপিনে কাণসাৰ নাই। এনে পৰিপ্ৰেক্ষিতত দেশজুৰি ব্যাপক মাত্ৰাত শিপোৱা কৃষক আত্মহত্যাকে ধৰি চিন্তাজনক আৰু মৰ্মান্তিক ঘটনা আমাৰ ইয়াতো যে বাঢ়িবলৈ বেছি দিন, সেয়া ধূৰূপ।

Previous ধূমকেতু নিঅ'ৱাইজক চাওঁ আহক
Next বান নহয়, সম্পদ আগত!