ধূমকেতু নিঅ’ৱাইজৰ দৰ্শনৰ সমান্তৰালকৈ আগ্ৰহী পৰ্য্যবেক্ষকৰ বাবে ১৯ জুলাইৰ কাহিলী পুৱাতে মহাকাশত পুনৰায় এক দুস্প্ৰাপ্য দৃশ্য।  এটা দশকতকৈও অধিক কালৰ মূৰত প্ৰথমবাৰলৈ ১৯ জুলাই, ৰবিবাৰে সূৰ্য্যোদয়ৰ পূৰ্বেই পূৱ আকাশৰ দিগন্তৰেখাৰ কাষতে দৃশ্যমান হ’ব সৌৰজগতৰ পঞ্চতাৰকা – বুধ, শুক্ৰ, শনি, মংগল আৰু বৃহস্পতি। ইয়াৰ লগতে সোণত সুৱগা চৰায় জিলিকিব কাঁচিজোন।

উৎস: স্কাই এণ্ড টেলিস্কোপ

কেতিয়া আৰু কেনেকৈ দেখা পাব এই দৃশ্য

  • ১৯ জুলাইৰ পুৱা, বেলি উঠাৰ ৪৫ মিনিট আগেয়ে।
  • গুৱাহাটীত কাইলৈ সূৰ্য্যোদয়ৰ সময়- পুৱা ৪-৪২ মিনিট।
  • দিগন্ত ৰেখাৰ পৰা কিছু ওপৰত, দক্ষিণ-পূৱৰ পৰা দক্ষিণ পশ্চিম  আকাশৰ মাজৰ অংশত খালী চকুৰেই কেওটা গ্ৰহক দেখা যাব।
  • ভোটা তৰা বা শুক্ৰ গ্ৰহৰ পৰা বাওঁফালে  বুধ আৰু সোঁফালে ক্ৰমে শনি, মংগল আৰু বৃহস্পতিয়ে অৱস্থান কৰিব।
  • ফৰকাল আকাশ, সুস্পষ্ট দিগন্ত ৰেখা আৰু প্ৰদূষনহীন পৰিৱেশে এই দৃশ্য উপভোগত সহায় কৰিব।
এটা দশকতকৈও অধিক কালৰ মূৰত প্ৰথমবাৰলৈ ১৯ জুলাই, ৰবিবাৰে সূৰ্য্যোদয়ৰ পূৰ্বেই পূৱ আকাশৰ দিগন্তৰেখাৰ কাষতে দৃশ্যমান হ’ব সৌৰজগতৰ পঞ্চতাৰকা – বুধ, শুক্ৰ, শনি, মংগল আৰু বৃহস্পতি।

মন কৰিবলগীয়া যে, এই কেওটা গ্ৰহেই এডাল কাল্পনিক বক্ৰ ৰেখা সৃষ্টি কৰিব।  এইখিনি সময়ত, আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো হ’ল – বুধ। বাকী গ্ৰহকেইটা দূৰত্বৰ ক্ৰম অনুসৰি হ’ল- শুক্ৰ, মংগল, বৃহস্পতি, শনি। অন্যহাতে অৰ্ধজোন থাকিব বুধ গ্ৰহৰ তলৰ পিনে, প্ৰায় দিগন্ত ৰেখাৰ লগতে।

গতিকে নিশ্চিন্ত মনেৰে কাইলৈ পুৱা আকাশ ফৰকাল হৈ থাকিলে দৰ্শন কৰক পঞ্চগ্ৰহ আৰু পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ জোনবাইক। উল্লেখ্য যে, প্ৰ‍য়োজন সাপেক্ষে গ্ৰহসমূহৰ অৱস্থান স্পস্টকৈ জনাৰ লগতে আকাশৰ অন্যান্য উজ্জ্বল জ্যোতিস্কসমূহক চিনিবৰ বাবে সুলভ বিভিন্ন মবাইল এপৰো সহায় লব পৰা যায়।

Previous বান নহয়, সম্পদ আগত!
Next বানত বিধ্বস্ত অসম, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ব্যস্ত 'তাৰকা'ক লৈ!