সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ ডাঙৰি লৈ বিৰিয়াৰ নতুন যাত্ৰা…


০১৯ বৰ্ষৰ  ১৭ জানুৱাৰী শিল্পী দিৱসৰ দিনটোৰ পৰাই আমি আৰম্ভ কৰিছিলো বিৰিয়াৰ যাত্ৰা৷ বিৰিয়াৰে খেতিয়কে কঢ়িওৱা ধানৰ ডাঙৰিৰ দৰেই আমি আপোনালোকলৈ কঢ়িয়াই আনিব খুজিছিলো এই মাটি আৰু এই মাটিৰ মানুহৰ জীৱন আৰু জগতক প্ৰভাৱিত কৰা কথাবোৰ, চহা জীৱনৰ সজ আৰু নিৰন্তৰ কৃচ্ছ্ৰ শ্ৰমৰ সুখ, দুখ, ক্ষোভ আৰু বিদ্ৰোহবোৰ। সেই পথৰ সন্ধান কৰাৰ পণ আগত ৰাখিয়েই আমি মানুহৰ মাজলৈ খোজ লোৱাৰ সামান্য প্ৰয়াস কৰিছিলো৷ আপোনালোকৰ সাহস আৰু সহৃদয়তাত আমি যথেষ্টখিনি  শিক্ষণীয় বাট বুলিবলৈ সক্ষম হৈছিলো৷ কিন্তু আমি আপোনালোকৰ ওচৰত মাৰ্জনা বিছাৰিছো যে অতি সাধাৰণ প্ৰচেষ্টা আৰু চিন্তাৰে আৰম্ভ কৰা বিৰিয়াৰ কিছু কাৰিকৰী বিসংগতিৰ বাবে অনিচ্ছাসত্বেও আমি প্ৰকাশ বন্ধ কৰিবলৈ বাধ্য হৈছিলো। কিন্তু আমি পুনৰ পূৰ্বৰ উদ্যম আৰু চিন্তাৰেই সাধাৰণজনৰ হকে বিৰিয়াৰ নিয়মীয়া প্ৰকাশৰ দিশে আগবাঢ়িছো।

চহা জীৱনৰ সুখ, দুখ, বিদ্ৰোহ, হালোৱা হজুৱাৰ সৃষ্টিৰ পথাৰৰ কৃচ্ছ্ৰ সাধনাবোৰ প্ৰকৃত শিল্পীসত্বাৰ বিকিৰণ এই দুজন মহান ব্যক্তিৰ কৰ্মৰাজিৰ পৰাই নিৰন্তৰে ফুটি উঠিছিল৷ জ্যোতি-বিষ্ণুই দি যোৱা সাহস সৌম্য আৰু প্ৰকৃত গণচেতনা জাগ্ৰত কৰিব পৰা সৃষ্টিৰাজিবোৰেই হয়তো আমাৰ অসমবাসীৰ অনাগত ভৱিষ্যতৰ সাহস হ’ব পাৰে৷

আজি ২০ জুন, বিষ্ণু ৰাভা দিৱসৰ সাহসী দিনটোৰ পৰাই বিৰিয়াই আগলৈ খোজ দিব। অসম আৰু অসমীয়াৰ সমাজ জীৱনত জ্যোতি-বিষ্ণুৰ ব্যক্তিত্বৰ যি বিশাল পৰিধি সেই পৰিধিক চুই চোৱাৰ হাবিয়াস হয়তো আমি প্ৰতিজন অসমবাসীয়ে অন্তঃকৰণেৰে কৰা উচিত৷ এই কথাত কাৰো হয়তো দ্বিমত নাই যে জ্যোতি-বিষ্ণুক বাদ দি আমাৰ সমাজ জীৱনৰ কথা কল্পনা কৰিব পৰা নাযায়৷ চহা জীৱনৰ সুখ, দুখ, বিদ্ৰোহ, হালোৱা হজুৱাৰ সৃষ্টিৰ পথাৰৰ কৃচ্ছ্ৰ সাধনাবোৰ  প্ৰকৃত শিল্পীসত্বাৰ বিকিৰণ এই দুজন মহান ব্যক্তিৰ কৰ্মৰাজিৰ পৰাই নিৰন্তৰে ফুটি উঠিছিল৷ জ্যোতি-বিষ্ণুই দি যোৱা সাহস সৌম্য আৰু প্ৰকৃত গণচেতনা জাগ্ৰত কৰিব পৰা সৃষ্টিৰাজিবোৰেই হয়তো আমাৰ অসমবাসীৰ অনাগত ভৱিষ্যতৰ সাহস হ’ব পাৰে৷ ৰূপান্তৰৰ শিল্পী দুজনাই দি যোৱা পোহৰেই হয়তো আমাৰ সপোনৰ পৃথিৱীখনলৈ খোজ দিয়াৰ বাটত তুলিব পাৰি উজ্বল পোহৰৰ জিলিকনি৷

বিষ্ণুৰাভা দিৱসৰ এই সাহসী  আৰু সংগ্ৰামী চেতনাৰ দিনটোৰ পৰাই আমি বিৰিয়াই আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম সমাজ জীৱনৰ সজ সাহসী আৰু ৰূপান্তৰৰ আশা জগাব পৰা চিন্তা-চেতনাৰ কঠীয়াৰে৷ এই যাত্ৰাত আমি বিচাৰিছো আপোনালোকৰ পৰা সাহস যোগোৱাৰ গঠনমূলক সু-পৰামৰ্শ৷

এইখিনিতে আমি ইতিমধ্যে বিৰিয়াক সমৃদ্ধ কৰি তোলা শ্ৰদ্ধেয় লেখকবৃন্দ, আলোকচিত্ৰশিল্পীবৃন্দ, সংগীতশিল্পীবৃন্দ, অতিথি, পঢ়ুৱৈ আৰু সমূহ শুভাকাংক্ষী তথা সমালোচকবৃন্দক জনাইছো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আপোনালোকৰ উদ্যমেৰে বিৰিয়াৰে আমি পুন: কঢ়িয়াম সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ ডাঙৰি। সন্মুখৰ দীঘল সংগ্ৰামী পথত, আপোনালোকৰ সহৃদয়তাই আমাক সন্ধান দিব নতুন পথ আৰু যোগাব সাহস৷ ■ 

Previous কঠীয়া
Next দায়িত্ববোধ আৰু আমি