গ্লাইফোচেট – এবিধ জনপ্রিয় অপতৃণনাশক

গ্লাইফোচেট এবিধ বিজ্ঞানাগাৰত সংশ্লেষণ কৰা ৰাসায়নিক পদাৰ্থ। ১৯৫০ চনত হেনৰি মাৰ্টিন নামৰ বিজ্ঞানী এজনে পোন প্রথমতে গ্লাইফোচেট নামৰ ৰাসায়নিক পদাৰ্থটো আৱিষ্কাৰ কৰে যদিও, আমেৰিকাৰ মনছাণ্ট’ কোম্পানীত কৰ্মৰত জন ফ্রেঞ্জ নামৰ বিজ্ঞানীজনে নিজাববীয়াকৈ পৰীক্ষা কৰা দুটা ৰাসায়নিক পদাৰ্থৰ আনুসংগিক ৰূপ সংশ্লেষিত কৰাৰ পাছত গ্লাইফোচেট নামৰ পদাৰ্থটোৰ অপতৃণনাশক গুণ আৱিষ্কাৰ কৰে। মনছাণ্ট’ কোম্পানীয়ে ১৯৭০ চনত গ্লাইফোচেটৰ অপতৃণনাশক গুণৰ বাবে পেটেণ্ট লাভ কৰে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত, অৰ্থাৎ ১৯৭৪ চনত প্রথমবাৰৰ বাবে ‘ৰাউণ্ডআপ’ ব্যৱসায়িক নামেৰে মালয়েছিয়াৰ ৰবৰ খেতি আৰু ইউৰোপৰ ঘেহুঁ খেতিৰ অপতৃণ নিবাৰণ কৰিবৰ বাবে বজাৰত মুকলি কৰি দিয়ে। পৰ্যায় ক্রমে বিভিন্ন দেশত মুকলি কৰা ‘ৰাউণ্ডআপ’ অপতৃণনাশকে যথেষ্ঠ জনপ্রিয়তা লাভ কৰে। বহল পাতৰ অপতৃণনাশক নিবাৰণ কৰা আৰু তুলনামূলক ভাবে কম দামৰ এই অপতৃণনাশকবিধে পথাৰত যথেষ্ঠ ভাল ফল দেখুৱাই আহিছে।  আজি ‘ৰাউণ্ডআপ’ আৰু মনছাণ্ট’ এটা আনটোৰ পৰিপূৰক নাম।

নতুন ৰূপত ‘ৰাউণ্ডআপ

পথাৰত শস্য থকা সময়ত ‘ৰাউণ্ডআপ’ অপতৃণনাশক ব্যবহাৰ কৰি্লে, কেতিয়াবা শস্যও বিনষ্ট হয়। কাৰণ, অপতৃণনাশকে শস্য আৰু অপতৃণ চিনাক্ত কৰাত বিফল হয়। সেয়েহে শস্য চপোৱাৰ পাছতহে ‘ৰাউণ্ডআপ’ প্রয়োগৰ পৰামৰ্শ দিয়া হৈছিল। ‘ৰাউণ্ডআপ’ৰ জনপ্রিয়তাৰ প্রতি লক্ষ্য ৰাখি আৰু ভৱিষ্যতৰ পৰিৱৰ্তিত কৃষি প্রযুক্তিৰ প্রতি গুৰুত্ব আৰোপ কৰি ‘ৰাউণ্ডআপ’’ক অধিক শস্য-অনুকূল কৰি তুলিবলৈ মনছাণ্ট’ কোম্পানীয়ে পদক্ষেপ লয়। ইতিমধ্যে শস্যত অইন জীৱৰ জিন সংস্হাপন কৰাৰ কৌশল বিজ্ঞানী সকলৰ মাজত জনপ্রিয় হ’বলৈ ধৰে। ‘ৰাউণ্ডআপ’ অপতৃণনাশক প্রয়োগ কৰিলে যাতে মূল শস্যত একো বিঘিনি নঘটে, তাৰবাবে গ্লাইফোচেট প্রতিৰোধী জিন চিনাক্ত কৰি মনছাণ্ট’ কোম্পানীয়ে গ্লাইফোচেট প্রতিৰোধী মাকৈ আৰু চয়াবিনৰ বীজ উৎপাদন কৰাৰ গৱেষণা তড়িৎ গতিত আগবঢ়াই নিয়ে। ইতিমধ্যে মনছাণ্ট’ কোম্পানীয়ে গ্লাইফোচেট প্রতিৰোধী এবিধ জিন চিনাক্ত কৰি উলিয়াইছিল। এই জিনবিধ সংস্হাপিত শস্যৰ ওপৰত ‘ৰাউণ্ডআপ’ প্রয়োগ কৰি্লেও শস্যত গ্লাইফোচেট প্রতিৰোধী জিনৰ উপস্হিতিৰ বাবে শস্যৰ কোনো ক্ষতি নহৈছিল। অৰ্থাৎ এনে জিন সংস্হাপিত শস্য পথাৰত থকা অৱস্থাতো ‘ৰাউণ্ডআপ’ সুকলমে প্রয়োগ কৰিব পৰাৰ সুবিধা আছিল। অৱশেষত ১৯৯১ চনত মনছাণ্ট’ কোম্পানীয়ে অন্য এক কোম্পানী ‘এছগ্রো’ৰ সহযোগত পোন প্রথমৰ  বাবে গ্লাইফোচেট প্রতিৰোধী চয়াবিন শস্যৰ বীজ বজাৰত বিক্রীৰ বাবে মুকলি কৰি দিয়ে। একে সময়তে ডু-পোণ্ট কোম্পানীয়েও মনছাণ্ট’ৰপৰা ক্রয় কৰা গ্লাইফোচেট প্রতিৰোধী জিন সংস্হাপন কৰি উৎপাদন কৰা চয়াবিনৰ বীজ বজাৰত এৰি দিয়ে। এই ব্যৱস্হাই মনছাণ্ট’ৰ ‘ৰাউণ্ডআপ’ অপতৃণনাশকৰ চাহিদা বজাৰত অভাবনীয় হাৰত বৃ্দ্ধি কৰে। উদাহৰণ স্বৰুপে ১৯৯৫ চনত অকল আমেৰিকাতেই ১.২৭ কিলোগ্রাম ‘ৰাউণ্ডআপ’ বিক্রী হোৱৰ বিপৰীতে ২০০৭ চনত ‘ৰাউণ্ডআপ’ৰ বিক্রীয়ে ৮.১৬-৮.৩৯ কোটি কিলোগ্রামৰ সীমা চুই বিক্রীৰ অভিলেখ স্হাপন কৰে। যন্ত্র নিৰ্ভৰ কৃ্ষি আৰু শস্য গাঢ়তা বাঢ়ি অহাৰ ফলত পৃথিৱীত ক্রমশঃ গ্লাইফোচেটৰ চাহিদা বাঢ়ি আহিবলৈ ধৰে। ২০১৪ চনত গ্লাইফোচেটৰ প্রচলন আমেৰিকাত ৯ গুণ আৰু গোটেই পৃথিৱীত প্রায় ১৫ গুণ অধিক বৃ্দ্ধি হয়। মনছাণ্ট’ কোম্পানীয়ে ‘ৰাউণ্ডআপ’ অপতৃণনাশক উৎপাদন আৰু বিক্রীৰ জৰিয়তে অভাৱনীয় সাফল্য লাভ কৰে। আজি পৃথিৱীত ‘ৰাউণ্ডআপ’ শ্রেষ্ঠ অপতৃণনাশক হিচাবে জনপ্রিয় হৈছে।

২০০০ চনত গ্লাইফোচেটৰ পেটেণ্টৰ সময় সীমা উকলি যায় আৰু অন্যান্য কোম্পানীৰ বাবেও গ্লাইফোচেটৰ অপতৃণনাশক উৎপাদন কৰাৰ সুবিধা মুকলি হৈ পৰে। এতিয়া প্রায় ৪০ টাৰো অধিক কোম্পানীয়ে বিভিন্ন ব্যৱসায়িক নামত গ্লাইফোচেট উৎপাদন কৰি আছে। ১৩০ খন দেশত ১০০ ৰো অধিক শস্যত এতিয়া গ্লাইফোচেট ব্যৱহাৰ হৈ আছে। ১৯৭০ চনৰপৰা এতিয়ালৈ প্রায় ৮৬০ কোটি কিলোগ্রাম গ্লাইফোচেট ব্যৱহাৰ কৰা হৈছে। পৃথিৱীত ১৯৯৫ চনত ৫১ মিলিয়ন কিলোগ্রামৰপৰা ২০১৪  চনত ৭৫০ মিলিয়ন কিলোগ্রামৰ গ্লাইফোচেটৰ বিক্রী হয়।

এখন সুখৰ সংসাৰ 

মেৰিকাৰ ছানফ্রান্সিছকোৰ উত্তৰ ফালে উপকূল অঞ্চলত বেনিচিয়া নামেৰে এখন চহৰ আছে। বুৰঞ্জী অনুসৰি ১৮৫৩ চনৰপৰা ১৮৫৪ চনলৈ এই চহৰখন কেলিফৰ্নিয়াৰ ৰাজধানী আছিল। ২০১০ চনৰ জৰীপ অনুসৰি বেনিচিয়া চহৰৰ জনসংখ্যা হ’ল ২৬,৯৯৭। ৪০.৭১ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত  এই চহৰখনৰ নৈসৰ্গিক দৃশ্য অতি মনোৰম। প্রশান্ত মহাসাগৰৰ উপকূলে যেন চহৰখনৰ সৌন্দৰ্য আৰু বেছি তুলি ধৰিছে।

এই চহৰখনৰ এটা অঞ্চলত লী নামেৰে জনাজাত ডিৱেনে জনছন নামৰ এজন মানুহ পৰিয়া্লৰ সৈ্তে বাস কৰিছিল। প্রায় ১৮ বছৰ আগতে লীয়ে অধ্যয়ন কৰা মহাবিদ্যালয়খনত আৰাছিলি নামৰ এজনী ছোৱালীয়েও পঢ়িছিল। অতিকে লাজকুৰীয়া স্বভাবৰ আৰাছিলিয়ে প্রায় গোপনে, লীক ভাল পাই পেলাইছিল। কিন্তু প্রেমৰ প্রস্তাৱ প্রকাশ্যে দিয়াৰ সাহস সকলোৰে নেথাকে। তেনে সাহস আৰাছিলিৰো নাছিল। সেয়েহে গোপনে, একপক্ষীয়ভাৱে লীক কেবল তাই ভাল পাই গৈছিল। কিন্তু লাহে লাহে একে শ্রেণীত পঢ়া আৰাছিলিৰ ভনীয়েকে আৰাছিলিৰ প্রেমৰ কথা জানিব পাৰিছিল। আৰু এদিন প্রত্যাশিত ভাৱেই, ভনীয়েকে আৰাছিলিৰ বাবে লীক প্রস্তাৱ দিলে। অতি আনন্দেৰে লীয়ে আৰাছিলিৰ প্রেমক স্বীকাৰ কৰি বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত তিনি বছৰৰ ব্যৱধানত দুটা পুত্র সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ দুয়োয়ে অৰ্জন কৰিছিল। লী আৰু আৰাছিলি দুয়ো দুঠাইত কাম কৰি এটা ধুনীয়া ঘৰ ভাৰালৈ লৈ চাৰিজনীয়া পৰিয়া্লটো অতি সুখেৰে বেনিচিয়া চহৰত বাস কৰি আছিল।

 

গ্লাইফোচেটৰ সংকট

৯৭৪ চনত ‘ৰাউণ্ডআপ’ ব্যৱসায়িক নামেৰে প্রচলন হোৱা গ্লাইফোচেট  অপতৃণনাশকবিধৰ প্রথম দহ বছৰৰ যাত্রা আছিল অতি মসৃণ। কোনো কালিমা নলগাকৈ বাণিজ্যিক সফলতাৰে ই পৃথিৱীৰ চুকে-কোণে বিয়পি পৰিছিল। ১৯৮৫ চনত গ্লাইফোচেটৰ গৌৰৱোজ্জল ইতিহাসত পোনপ্রথমতে ক’লা আঁচোৰ পৰে। পৰীক্ষাগাৰত গ্লাইফোচেটৰ প্রভাৱত মতা এন্দুৰৰ বৃক্কত টেমুনাৰ উপস্হিতি লক্ষ্য কৰি আমেৰিকাৰ অতি বিখ্যাত ‘এনভাইৰণমেণ্টেল প্ৰটেকছন এজেঞ্চী’ য়ে ১৯৮৫ চনত গ্লাইফোচেটক চি শ্রেণীত অন্তৰ্ভুক্ত কৰি সম্ভ্যাৱ্য কেঞ্চাৰৰ কাৰক হিচাবে নথিভুক্ত কৰে। ইয়াৰ পাছত ১৯৮৬ চনত ‘এনভাইৰণমেণ্টেল প্ৰটেকছন এজেঞ্চী’’য়ে গ্লাইফোচেট আৰু কেঞ্চাৰৰ সম্বন্ধ সম্পৰ্কে অধিক অধ্যয়নৰ বাবে ‘ফেদাৰেল কীটনাশক, ভেঁকুৰনাশক, এন্দুৰনাশক আইনৰ বৈজ্ঞানিক পৰামৰ্শদাতা পেনেল’ক অনুৰোধ কৰে। এন্দুৰৰ বৃক্কত পোৱা টেমুনাবিধ সাধাৰণ কোষ বিভাজনৰ ফলত সৃষ্টি হোৱা বিনাইন টেমুনাহে তথা টেমুনা সৃষ্টিৰ বিষয়টো পৰিসংখ্যাৰ ফালৰপৰা অনিশ্চিত বুলিহে অৱশেষত এই পেনেলে মত প্রকাশ কৰে আৰু গ্লাইফোচেটক ডি শ্রেণীত অন্তৰ্ভক্ত কৰি গ্লাইফোচেটক মানুহৰ কেঞ্চাৰৰ কাৰক নহয় বুলি প্রতিবেদন দাখিল কৰে। ইতিমধ্যে মনছাণ্ট’ কোম্পানীয়ে গ্লাইফোচেটে মানৱ দেহত কেঞ্চাৰ সৃষ্ট নকৰে বুলি পতিয়ন নিয়াবলৈ অহৰহ প্ৰচেষ্টা চলায়। অৱশেষত ‘এনভাইৰণমেণ্টেল প্ৰটেকছন এজেঞ্চী’’য়ে ১৯৯১ চনত গ্লাইফোচেটৰ বিষাক্ততাক চি-শ্রেণীৰ পৰা ই শ্রেণীলৈ অৰ্থাৎ ‘সম্ভাব্য কেঞ্চাৰ কাৰকৰ’ পৰা ‘মানুহৰ বাবে কেঞ্চাৰৰ কাৰক নহয় বুলি প্রমাণীত’ হিচাবে উত্তৰণ ঘটায়। কাকতলীয় ভাৱে সেই বছৰেই মনছাণ্ট’ কোম্পানীয়ে গ্লাইফোচেট প্রতিৰোধী জিন সম্বলিত চয়াবিন শস্য বজাৰত বিক্রীৰ ব্যৱস্থা কৰে।

Image Source: globaljusticeecology.org

২০১২ চনত গিলেচ ইৰিক শেৰালিনি (Gilles Eric Seralini) নামৰ এজন বিজ্ঞানীয়ে বিতং গৱেষণাৰ অন্তত প্রকাশ কৰে যে গ্লাইফোচেট প্রতিৰোধী জিন সংযুক্ত মাকৈ ভক্ষণ কৰিলে এন্দুৰৰ যকৃত আৰু বৃক্ক নষ্ট হ’ব পাৰে। এনেদৰে গ্লাইফোচেট আৰু কেঞ্চাৰৰ সম্বন্ধৰ উপৰত বিভিন্ন ধৰণৰ  বৈজ্ঞানিক প্রতিবেদন খণ্ডিত ৰূপত প্রকাশ পাইছিল যদিও ‘ৰাউণ্ডআপ’ৰ ব্যৱসায়িক উত্থানত বিশেষ প্রভাৱ পেলাবলৈ সক্ষম হোৱা নাছিল। কিন্তু বিশ্ব স্বাস্হ্য সংস্হাৰ ‘কেঞ্চাৰ গৱেষণাৰ আন্তৰ্জাতিক গোষ্ঠী’য়ে পৰীক্ষাগাৰৰ প্রাণীৰ ওপৰত কৰা গৱেষণাৰ তথ্যৰ ভিত্তিত ২০১৫ চনত গ্লাইফোচেটক ‘মানুহৰ বাবে সম্ভ্যাৱ্য কেঞ্চাৰৰ কাৰক’ হিচাবে ২ নং গ্রুপত অন্তৰ্ভুক্ত কৰিছে। এই ঘোষণাই বিশ্বত তোলপাৰ লগাইছে; কিয়নো বিশ্ব স্বাস্হ্য সংস্হাৰ তথ্যৰ উৎস অতি নিৰ্ভৰযোগ্য বুলি জনাজাত আৰু ইয়াৰ উপৰত প্রশ্ন উত্থাপন কৰাটো এক বিৰল ঘটনা। বিশ্ব স্বাস্হ্য সংস্হাৰ এই ঘোষণাই গ্লাইফোচেট তথা ‘ৰাউণ্ডআপ’ৰ ভৱিষ্যত ব্যৱসায়িক সাফল্যত এক ডাঙৰ প্রশ্নবোধক চিহ্নৰ উদ্ৰেক কৰিছে। মনছাণ্ট’ কোম্পানীয়ে এই ফলাফল সঁচা নহয় বুলি কৈছে যদিও কোম্পানীটোৰ বিৰুদ্ধে প্রকৃত তথ্য লুকুৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে।

 

জীৱনৰ ধুমুহা

০১২ চনত চল্লিছ বছৰীয়া লীয়ে চহৰৰ উপকন্ঠ এলেকাৰ স্কুলত সমন্বিত কীট ব্যৱস্থানক হিচাবে  কাম পায়। স্কুলৰ চৌহদত থকা অনিষ্টকাৰী কীট, এন্দুৰ, অপতৃণ আদি সূচাৰুৰূপে নিবাৰণ কৰাতো তেওঁৰ মুখ্য কাম আছিল। অতি নিষ্ঠা আৰু দায়িত্ব সহকাৰে কামটো তেওঁ উপভোগ কৰিছিল। অন্যান্য কীট, অপকাৰী জীৱ আদি স্কুল চৌহদত কম হোৱা বাবে তেওঁৰ মুখ্য কাম আছিল অপতৃণ নিবাৰণ কৰা। স্বাভাৱিকভাৱেই স্কুল চৌহদৰ অপতৃণ নিবাৰণ কৰিবলৈ গ্লাইফোচেট যুক্ত ‘ৰাউণ্ডআপ’ ৰাসায়নিক অপতৃণনাশক ব্যৱহাৰ কৰা হৈছিল। নিয়ম অনুসৰি ছাত্র-ছাত্রীসকল স্কুললৈ অহাৰ আগতেই লীয়ে অপতৃণনাশক প্রায়োগ কৰিছিল। প্রতিবাৰেই তেওঁ ‘ৰাউণ্ডআপ’ৰ বটলৰ লেবেলত লিখা সতৰ্কীকৰণ বিধি পঢ়ি লৈছিল। বটলৰ লেবেলৰ দাবি অনুসৰি ‘ৰাউণ্ডআপ’ এবিধ অতি নিৰাপদ, পাৰ্শ্বক্ৰিয়াহীন অপতৃণনাশক । তথাপিও মুখত সুৰক্ষিত মুখা, হাতত হাত মোজা আদি নিৰাপত্তাজনিত ব্যৱস্থা লৈ তেখেতে নিঃসংকোচে, দ্বিধাহীন ভাৱে ‘ৰাউণ্ডআপ’ ছটিয়াই গৈছিল।

এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। ‘ৰাউণ্ডআপ’ ছটিয়াই থাকোতেই ছটিওৱা যন্ত্রটো ভাঙি গৈ পনীয়া অপতৃণনাশকৰ মিশ্রণে লীৰ শৰীৰ আৰু পিন্ধা কাপোৰ তিয়াই পেলালে। ততাতৈয়াকৈ তেওঁ কাপোৰ-কানি সলাই পুনৰ কামত ধৰিলে আৰু ঘৰলৈ উভতি গৈ ভালদৰে গা ধুলে। কিন্তু তেওঁৰ শৰীৰত যেন কিবা এক আচৰিত পৰিৱৰ্তন হ’ব ধৰিলে। এদিন হঠাৎ লীৰ শৰীৰত এটা আঁচোৰ দেখা দিলে। লাহে লাহে তেওঁৰ সমষ্ট শৰীৰ সৰু-বৰ বিভিন্ন আঁচোৰেৰে ভৰি পৰিলে। মুখ, ওঁঠ, হাত, ভৰি আদিত আঁচোৰ বিয়পি পৰিব ধৰিলে। শৰীৰৰ এই আচম্বিত পৰিৱৰ্তনত চিন্তিত হৈ তেখেতে এদিন ডক্টৰৰ ওচৰ পালে। প্রথম অৱস্থাত ডক্টৰেও ৰোগ চিনাক্ত কৰিব নোৱাৰিলে। তাৰ পাছত লীৰ বাবে এক দীঘলীয়া অধ্যায় – চৰ্মৰোগ বিশেষজ্ঞ, শৰীৰৰ অস্বাভাবিক কোষ সমষ্টি চ্ছেদ কৰি লৈ পৰীক্ষা, আৰু অৱশেষত ডক্টৰে ঘোষণা কৰি্লে যে অতিকে দুৰাৰোগ্য বুলি জনাজাত ‘নন হ’দকিন লিম্ফোমা’ নামেৰে তেজৰ কেঞ্চাৰ ৰোগত লী আক্রান্ত হৈছে। ডক্টৰৰ ৰায় শুনি লী আৰু আৰাচিলিৰ মূৰত যেন সৰগ ভাঙি পৰিল। এয়া ২০১৪  চনৰ কথা। ডক্টৰৰ এটা ঘোষণাই সুখী পৰিয়ালটোৰ ভাগ্যৰ চকৰী ঘুৰাই পেলালে। কেমোথেৰাপিকে ধৰি লীৰ বিভিন্ন চিকিৎসা চলিল। প্রছণ্ড বিষত তেওঁৰ শৰীৰ ছাটি-ফুটি কৰিব ধৰিলে। ৰ’দত ওলাব নোৱাৰে, দেই-পুৰি নিয়ে। ইতিমধ্যে লীয়ে মাত্র কেইমাহমানহে জীয়াই থাকিব বুলি ডক্টৰে সকীয়াই দিলে। ঘৰৰ দৈনন্দিন খৰছ, লীৰ চিকিৎসাৰ খৰছ, সন্তান দুটাৰ শিক্ষা-দীক্ষাৰ খৰছৰ জোৰা মাৰিবলৈ লীৰ ঘৈণীয়েকে দৈনিক ১৪ ঘণ্টাকৈ দুটা কাম কৰিবলৈ ল’লে। মৃত্যুমুখী গিৰীয়েক আৰু সন্তানহালৰ যত্ন লোৱাৰ কথাতো আছেই! লীৰ সুখৰ ঘৰখন জীৱনৰ কঠিন ধুমুহাই ঠান-বান কৰি থৈ গ’ল।

 

যুদ্ধ জয়ৰ সৈনিক

কিন্তু লী জীৱন যুদ্ধত সহজে হাৰ মানি যোৱা মানুহ নাছিল। কি কাৰণেনো তেওঁ এনে দুৰাৰোগ্য ৰোগত আক্রান্ত হ’ব লগা হ’ল সেই বিষয়ে চিন্তা কৰি তেওঁৰ ‘ৰাউণ্ডআপ’ৰ কথা মনত লাগিব ধৰিলে। যেতিয়া তেওঁৰ ছালৰ অৱস্থা অতি বেয়াৰ ফালে ঢাল খালে, তেওঁ এদিন মনছাণ্ট’ কোম্পানীলৈ তেওঁৰ ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ফোন কৰিলে। কিন্তু কোম্পানীৰপৰা বিশেষ সঁহাৰি নাপালে। লীয়ে অলপ পঢ়া-পাতি কৰি জানিব পাৰিলে যে গ্লাইফোচেট আৰু কেঞ্চাৰৰ সম্বন্ধ বিষয়ে ইতিমধ্যে কিছু গৱেষণা হৈছে। মনছাণ্ট’ কোম্পানীৰ সহাৰি নাপাই বহু চিন্তা-চৰ্চাৰ অন্তত তেওঁ আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত ল’লে। ‘ৰাউণ্ডআপ’ৰ বটলৰ লেবেলত কোনো বিপদৰ ইংগিত থকা সতৰ্কীকৰণ জাননী নাই। সেই বাবে নিৰাপদ বুলি বুজিয়ে ২০১২ ৰপৰা ২০১৪ চনলৈ তেওঁ বিনাদ্বিধাই ‘ৰাউণ্ডআপ’ ছটিয়াই আহিছে। অথচ ক্রমে তেওঁৰ ধাৰণা দৃঢ় হ’বলৈ ধৰলে যে এই অপতৃণনাশকৰ বাবেই তেওঁ দুৰাৰোগ্য ৰোগত আক্রান্ত হ’ব লগা হ’ল। ইতিমধ্যে কোম্পানীৰ লগত যোগাযোগ কৰিও তেওঁ নিৰাশ হৈছিল। তেখেতে সচাকৈযে প্রতাৰিত অনুভৱ কৰিবলৈ ধৰিলে। পৃথিৱীৰ চুকে-কোনে তেওঁৰ দৰে বহু ব্যক্তিয়ে নিৰাপদ বুলি ভাবিয়ে ‘ৰাউণ্ডআপ’ প্রয়োগ কৰি আহিছে। আজি লীৰ যেনেকুৱা বিপদে দেখা দিছে, অইন মানুহৰো যে তেনে বিপদ নহ’ব তাৰ কি নিশ্চয়তা আছে? ইয়াৰ এক নিশ্চিত বিচাৰ হ’ব লাগিব। সেয়েহে অৱশেষত লীয়ে মনছাণ্ট’ কোম্পানীৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ল।

আদালতত তেওঁ যুক্তি দৰ্শালে যে দুবছৰ নিৰৱচ্ছিন্ন ভাৱে ‘ৰাউণ্ডআপ’ অপতৃণনাশক ছটিওৱাৰ ফলতেই তেওঁ দূৰাৰোগ্য ৰোগত আক্রান্ত হ’ল। অৰ্থাৎ ‘ৰাউণ্ডআপ’ কেঞ্চাৰ ৰোগৰ কাৰণ অথচ কোম্পানীটোৱে এই বিষয়ে ক’তো প্রকাশ কৰা নাই। বিচাৰকে লীৰ উকীলক অভিযোগ সম্বন্ধে বৈজ্ঞানিক সত্যতা উত্থাপনৰ আদেশ দিলে। গ্লাইফোচেট আৰু কেঞ্চাৰ ৰোগৰ সম্বন্ধৰ ওপৰত প্রকাশ হোৱা বিভিন্ন গৱেষণাপত্রৰ উপৰি মনছাণ্ট’ কোম্পানীৰ কিছু গোপনীয় ই-মেইলো লীৰ উকীলে আদালতত উত্থাপন কৰিব পাৰিছিল। আদালতত উথাপিত প্রমাণপত্রবোৰত গ্লাইফোচেট আৰু কেঞ্চাৰৰ সম্বন্ধৰ কথা প্রতিষ্ঠিত হৈছিল আৰু দুয়ো পক্ষৰ যুক্তি-তৰ্ক শুনাৰ পাছত ২০১৮ চনৰ আগষ্ট মাহত ছানফ্ৰাঞ্ছিছকোৰ আদালতে ঐতিহাসিক ৰায়ত কৈছিল যে মনছাণ্ট’ কোম্পানীয়ে ‘ৰাউণ্ডআপ’ অপতৃণনাশকবিধৰ পৰা সম্ভাব্য কেঞ্চাৰ ৰোগ হ’ৱপৰা ভয়াবহতাৰপৰা সাধাৰণ মানুহক সতৰ্ক কৰি  দিয়াৰ ক্ষেত্রত বিফল হৈছে। লগতে আদালতে মনছাণ্ট’ কোম্পানীক ক্ষতিপূৰণ হিচাবে ২০৫১.৯ কোটি টকা ($ ২৪৭ মিলিয়ন) লীক দিবলৈ নিৰ্দেশ দিয়ে। এই সৰ্ববৃহৎ জয়ে ডিৱেনে জনছন ওৰফে লীক পৃথিৱী্তে বিখ্যাত কৰি তুলিলে। অৱশ্যে আদালতে যোৱা বছৰ অক্টোবৰৰ ২২ তাৰিখৰ এটা ৰায়ত ক্ষতিপূৰণৰ পৰিমাণ কমাই ৫৫৩.৮ কোটি টকা ($ ৭৮ মিলিয়ন) নিৰ্দ্ধাৰণ কৰে।

আদালতৰ ৰায় বৰ্তমান ৪৬ বছৰীয়া হোৱা লীৰ বাবে এক বৃহৎ সাফল্য। ৫৫৩ কোটি টকাৰ দৰে সুবৃহৎ ক্ষতিপূৰণেও হয়তো লীক বচাব নোৱাৰিব, তথাপিও তেওঁৰ উপযুক্ত চিকিৎসা আৰু পৰিয়ালৰ বাবে ই সহায়ক হ’ব। আদালতৰ এই ঐতিহাসিক ৰায়ে মনছাণ্ট’ কোম্পানীৰ অপতৃণনাশকৰ বিৰূদ্ধে আদালতৰ কাষ চপা প্রায় ৪০০০ ৰৰো অধিক আবেদনকাৰীক উপযুক্ত বিচাৰ পোৱাৰ আশা দিছে। যোৱা বছৰ মনছাণ্ট’ৰ স্বত্ব বায়াৰ নামৰ অন্য এটা বৃহৎ কোম্পানীয়ে কিনি লয়।

গ্লাইফোচেট  আৰু ভাৰত

ভাৰতত ২০১৪-১৫ চনত  ১৪৮ মিলিয়ন টন গ্লাইফোচেট অপতৃণনাশক বিক্রী হৈছে। অন্যা্ন্য অপতৃণনাশকতকৈ ভাৰতবৰ্ষত গ্লাইফোচেটৰ বিক্রী সৰ্বাধিক। গ্লাইফোচেটৰ অপকাৰিতাৰ কথা পোহৰলৈ অহাৰ পৰি্প্রেক্ষিতত ইতিমধ্যে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্য বিশেষকৈ পঞ্জাব, কেৰেলা, তেলেংগানা আদিয়ে নিজ নিজ ৰাজ্যৰ এলেকাত গ্লাইফোচেট বিক্রী নিষিদ্ধ কৰিবলৈ লৈছে। অসমত গ্লাইফোচেট অপতৃণনাশকৰ ব্যৱহাৰ এতিয়াও সমানে চলি আছে। বিশেষকৈ চাহ বাগিছাবোৰত গ্লাইফোচেট  অপতৃণনাশকৰ প্রয়োগ হৈ আহিছে। মানুহ আৰু পৰিৱেশৰ ওপৰত গ্লাইফোচেটে আমাৰ ৰাজ্যতো যে বিৰূপ প্রভাব পেলাইছে সেইয়া ধূৰূপ। খাদ্য, মৌ, বীয়েৰ পৰ্যন্ত প্রায় সকলোবোৰ খাদ্যতেই গ্লাইফোচেটৰ উপস্থিতি বিশ্বৰ বিভিন্ন দেশত পাইছে। গ্লাইফোচেটযুক্ত খাদ্য খোৱাৰ ফলত মানুহৰ দেহতো ইয়াৰ অৱস্থিতি ধৰা পৰিছে। ইতিমধ্যে মানুহৰ প্রস্ৰাৱৰ নমুনাত গ্লাইফোচেটৰ বৰ্দ্ধিত উপস্থিতি এক চিন্তনীয় বিষয় হৈছে। এনে প্রেক্ষাপটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অবাধে প্রয়োগ হৈ থকা গ্লাইফোচেট  অপতৃণনাশকে যে এক ভয়াবহ ইংগিত দিছে সেয়া ধুৰূপ। পঞ্জাৱ বা কেৰালাৰ দৰে অসম চৰকাৰেও এই ক্ষেত্রত উপযুক্ত পদক্ষেপ ল’ব লাগে। ৰাসায়নিক অপতৃণনাশকৰ অপকাৰৰ বিষয়ে জনসাধাৰণৰ সচেতন হোৱা উচিত।

 

 

ম ণ্টু ভূ ঞা

ড০ মণ্টু ভূঞা যোৰহাটস্থ উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিজ্ঞানী। বিজ্ঞান-লেখক হিচাপে জনপ্ৰিয় ড০ ভূঞাই বিগত বৰ্ষত লণ্ডনৰ ৰয়েল এণ্ট’ম’লজিকেল ছছাইটীৰ ফেল’ হিচাপে সন্মান লাভ কৰিছে। ড০ ভূঞাই নিয়মীয়াকৈ বিৰিয়াৰ পাঠকৰ বাবে বিজ্ঞান-কৃষি বিষয়ক আলোচনা আগবঢ়াব।

Previous চ'তে ৰঙে বসন্ত!   
Next অৰ্থনীতি আৰু কৰ্মসংস্থান