আগকথা– প্ৰথমতেই কৈ থওঁ, এই লেখাটোৰ তথ্যবোৰহে সংগ্ৰহ কৰা৷ বাকী চৰিত্ৰবোৰৰ মাজত হোৱা কথা বাৰ্তাবোৰত কল্পনাৰ ৰহণ সনা হৈছে৷ অফিচৰ কামত প্ৰায়েই কলকতালৈ গৈ থকা হয়৷ কলকতা মানেই কলেজ ষ্ট্ৰীট্৷ গ’লেই স্বপনদাৰ দোকানত এপাক মৰা হয়৷ খেলৰ বিষয়ে কিবা বিশেষ কিতাপ পালেই স্বপনদাই মোৰ বাবে ৰাখি থয়৷ তেঁৱেই এদিন চিনাকী কৰাই দিছিল বিমোচন দা  আৰু সুমিত দাৰ সৈতে৷ আড্ডা বহিছিল খেলৰ, ফুটবলৰ, এছিয়াডৰ৷ মোৰ বাবে ফুটবল মানে আছিল ৰবাৰ্ট বেজ্জিঅ’ আৰু তাৰ পৰৱৰ্তী যুগ৷ বিমোচনদাহঁতে মোক লৈ গ’ল চুনী, পিকে, জাৰ্নেলহঁতৰ যুগলৈ৷ ভাৰতীয় ফুটবলৰ সেই সোণালী যুগৰ কথা ক’বলৈ লৈ তেওঁলোকৰ যি গৰ্ব, সেয়া সেইদিনা অনুভৱ কৰিছিলোঁ৷ তেওঁলোকৰ পৰা সেইদিনা লৈ আহিছিলোঁ ভাৰতীয় ফুটবলৰ সপোন সপোন লগা কিছু মূহুৰ্ত৷ পৰৱৰ্তী পৰ্য্যায়ত গুগল, পুৰণি কিতাপ খুচৰিলোঁ৷ স্বপনদাই পিছত এনে এজন ব্যক্তিৰ সৈতে কথা পতাই দিলে যিয়ে এই খেলুৱৈ সকলক ওচৰৰ পৰা পাইছিল৷ এই সকলোকে সাৰথি কৰি কিবা অলপ লিখিবলৈ চেষ্টা কৰিছো৷ এছিয়াডত ভাৰতীয় ফুটবল দল এতিয়ালৈ দুবাৰ চেম্পিয়ন হৈছে৷ প্ৰথমবাৰ দিল্লীত আৰু দ্বিতীয়বাৰ জাকাৰ্টাত৷ এয়া হৈছে জাকাৰ্টাত ভাৰতৰ শেষ এছিয়াড জয়ৰ কাহিনী৷

 

খণ্ড-ক

– টোপনি অহা নাই?

– নাই অ’৷

– কাইলৈ কি হ’ব ধৰিবই পৰা নাই৷ এই ৰাতিখনো টোপনি নাই৷ কাইলৈ কেনেকৈ খেলিম একো ধৰিবই পৰা নাই৷

– এবাৰ বাহিৰৰ পৰা হাৱা খাই আহো ব’ল৷ কেইটা বাজিছেনো?

– আঢ়ৈটা৷

হোটেলৰ ৰূমৰ পৰা বাহিৰলৈ ওলাই আহিল চুনী আৰু প্ৰদীপ৷ বাহিৰলৈ আহি দুয়ো অবাক৷ গছ এদালৰ তলত বহি নিম্নস্বৰত আড্ডা দিছে ইউচুফ আৰু জাৰ্নেলে৷

– অই! তহঁত দুটা এই ৰাতি ইয়াত?

– টোপনি অহা নাই কেপ্টেইন৷ সেইবাবেই জাৰ্নেল ভাইৰ লগত এনেই অলপ…  বলৰামো আছে ইয়াতে৷

– ক’ত?

– সৌৱা৷

চুনী লাহে লাহে গৈ বলৰামৰ পিছত গৈ থিয় দিলে৷

– কি বলৰামবাবু, টেনচন?

বলৰামে মুখত আঙুলি দি চুনীক চুপ হ’বলৈ ইঙ্গিত দি দুৰলৈ আঙুলিয়াই দিলে৷ দুৰত কোনোবা এজনে চিগাৰেট হুপিছে৷ মাজে মাজে চিগাৰেটটো উজ্বল হৈছে, মাজে মাজে স্তিমিত৷

– ৰহিম চাব৷

ইতিমধ্যে আহি থিয় দিয়া প্ৰদীপে অস্ফুট স্বৰত ক’লে৷

– ব’লচোন৷

ভাৰতীয় ফুটবল দলৰ উজাগৰী সদস্যৰ দল আগুৱাই গ’ল কোচৰ ওচৰলৈ৷

 

– চাৰ!

তন্ময় হৈ কিবা ভাবি আছিল ৰহিম চাহাবে৷ চুনীৰ মাতত তেওঁ সচকিত হৈ উঠিল৷

– গোটেইবোৰ ইয়াত যে? কি ঘটনা? কাইলৈ ফাইনেল৷ চিৰিয়াছনেচ্ বুলি কিবা আছেনে নাই?

কন্ঠত কৃত্ৰিম কঠোৰতা আনিবলৈ যত্ন কৰিলে চৈয়দ আব্দুল ৰহিমে৷

জাৰ্নেল আগুৱাই গ’ল৷

– আপুনিওটো শোৱা নাই ছাৰ৷

সলজ্জ হাঁহি এটা মাৰিলে ৰহিম চাহাবে৷

ক্যা কৰে, চালা নিন্দ হি নহী আ ৰহা৷ লগতা হ্যে ফিৰ চে মোহাব্বত হো গয়া হ্যে৷

পৰিৱেশটো পাতল হৈ পৰিল৷ কৰবাৰ পৰা ৰামবাহাদুৰো আহি ওলাল৷

– কাইলৈ কি হ’ব কোচ্?

কিছুক্ষণৰ নীৰৱতা৷

– কি হ’ব? তহঁতক কিবা এটা খুজিব পাৰো?

সকলোৱে মুৰ তুলি ইজনে সিজনলৈ চালে৷

– কাইলৈ তহঁতে মোক ল্ড মেডেলটো আনি দে৷ প্লিজ্৷ জানই তহঁতে মোৰ হাতত সময় কম৷

ক’বলৈ একো নাছিল কাৰো৷ লাং কেনচাৰত আক্ৰান্ত ৰহিম চাহাবৰ হাতত সঁচাকৈ বহুত বেছি সময় নাই৷

###

– কি হ’ব কব নোৱাৰিছো৷ গোটেই দেশখন দেখোন আমাৰ বিপক্ষে৷

– হয় অ’৷ এই টেনচনত হকী টীমটো পাকিস্থানৰ লগত হাৰি থাকিল৷ ইণ্ডোনেচিয়াৰ সকলোঁ মানুহ কিয় এনেদৰে এণ্টি ইণ্ডিয়ান হৈ গৈছে বুজিবই পৰা নাই৷

– চৰকাৰী মামলা ভাই৷ তোৰ মোৰ হাতত নাই৷ খেলিমলি চলি আছিল কিবা কাশ্মীৰ ইছ্যু লৈ৷ আমাৰ কোনোবাই এই লৈ এণ্টি ইণ্ডোনেচিয়ান কমেন্ট মাৰি দিছে৷ বছ্! ইয়াৰ মানুহ গৰম৷ পাৰিলে ইণ্ডিয়ানক ফাঁচীয়েই দি দিব৷ কালি হোটেলৰ পৰা ওলাই মৰিবলৈ লৈছিলোঁ৷

– তই বাহিৰ ওলাইছিলি? মানা কৰি থৈছে দেখোন৷

– ভুল হৈ গ’ল৷ বাছখনৰ পৰা ‘ইণ্ডিয়া’ ষ্টিকাৰটো গুছাই দিওঁতেই বুজা উচিত আছিল, খেলিমেলি ডাঙৰেই৷

– মাত্ৰ সেয়াইনে? জাৰ্নেলক পাগুৰি খুলিবলৈয়ো কোৱা হৈছে, কোনেও যাতে চিনি নাপায়৷

ভুল মোৰেই৷ ৰাস্তাৰ সিটো পাৰে কাবাবৰ দোকানকেইখন দেখি…

– তেনেহ’লে বেয়া হোৱা নাই দে৷ মোক এৰি খাবলৈ গৈছিলি তই৷

– ধেই, তোক এৰি মই খাম নেকি? শুনচোন কি হ’ল৷

– কি?

– কাবাব কিনি উভতিছো৷ হঠাৎ সন্মুখত দেখো এক বিৰাট সমদল৷ প্ৰায় সকলোৰে হাতত প্লে-কাৰ্ড৷ গোটেইবোৰ ভাৰত বিৰোধী শ্লোগান৷

– তাৰপাছত?

– মই ৰাস্তা পাৰ হ’বলৈ চেষ্টা কৰি আছো৷ পৰা নাই৷ হঠাৎ মন কৰিলোঁ এজনে মোৰ ফালে আঙুলিয়াই লগৰ কেইজনক কিবাকিবি কৈ আছে৷ দেখি মোৰ উশাহ প্ৰায় বন্ধ৷

– কি কৈছ?

– এইফালে মোৰ ফাটি আছে৷ তথাপি একদম নৰমেল এক্সপ্ৰেছন দিবলৈ চেষ্টা কৰি আছো৷ এটা এটাকৈ কাবাববোৰ মুখৰ ভিতৰলৈ চালান দিছো আৰু গিলিছো৷ তিনিজনমান মানুহ মোৰ ওচৰলৈ আহি সুধিয়েই দিলে নহয়, “ইউ ইণ্ডিয়ান, নো?”

– তই কি কলি?

– ক’লো কোনোমতে, “ফ্ৰম পাকিস্থান, আক্ৰামুল্লা খান৷ এছিয়াড্ লেইটলিফ্টিং৷

– সিহঁতে বিশ্বাস কৰিলে?

ফৰচুনেটলী

– আৰু কাবাবখিনি?

– বিশ্বাস কৰ ভাই৷ তোৰ বাবে তিনি পিচ্ আছিল৷ টেনচনতেই…

– চু**৷

অট্টহাস্যত ফাটি পৰিল দুয়ো৷ তাৰপিছত ক্ষণিক নিস্তব্ধতা৷ চুনীয়েই নীৰৱতা ভঙ্গ কৰিলে৷

– বল, কোচে মাতিছিল৷ তোক এনেই এটা কথা কৈ থওঁ, আজি ষ্টেডিয়ামৰ দৰ্শক বাদ দে, গোটেই পৃথিৱী আমাৰ বিৰুদ্ধে গ’লেওঁ সেই কোৰিয়ান কেইটাক জিকিব নিদিওঁ৷

###

ৰহিম চাহাব ৰুমতেই বহি আছিল৷

– সময় নষ্ট কৰি লাভ নাই৷ ফাইনেল ইলেভেনটো ঠিক কৰো৷ গোলকীপাৰ হ’ব পিটাৰ থঙ্গৰাজ৷

চুনী- প্ৰদীপ দুয়ো স্তম্ভিত৷

– পিটাৰ? সি দেখোন সিদিনা হস্পিটেলৰ পৰা ৰিলিজ লৈ আহিলহে৷ এতিয়াও দুৰ্বল৷ তাৰোপৰি তাৰ ঠাইত প্ৰদ্যোতে ইমান ভাল খেলি আছে৷ এইফালে গ্ৰুপৰ খেলত সি কোৰিয়াৰ বিৰুদ্ধে দুই গ’ল হজম কৰি থৈছে৷ পুৰা ডিমৰেলাইজড্ হৈ থাকিব৷

– মই এইবোৰ নাজানো? হাই কমিচনৰ পৰা চিক্ৰেট্ অৰ্ডাৰ আহিছে৷ দুবছৰ আগতে পিটাৰে ইয়াতেই দুৰ্দান্ত খেলি গৈছে৷ পিটাৰৰ ইয়াতে ভাল ফেন বেচ এটা আছে৷ এই পৰিবেশত পিটাৰেই বেষ্ট অপচন্

প্রদীপে কিবা এটা ক’বলৈ ওলাইছিল৷ চুনীয়ে ইঙ্গিতেৰে ৰখাই দিলে৷

– আমিটো তিনি দুই পাঁচ ফৰ্মেচনতেই খেলিম?

– অ’, একেই থাকিব৷ পিছে এইবাৰ অৰুণে ফৰৱাৰ্ডত নেখেলে৷ জাৰ্নেলক ফৰৱাৰ্ডত খেলাম৷

– জার্নেল? সি দেখোন ডিফেণ্ডাৰ?

– হয় নেকি? মই গমেই পোৱা নাছিলোঁ৷

ৰহিম চাহাবক কন্ঠত ব্যঙ্গ ফুটি উঠিছিল৷ পি কে মানে প্ৰদীপেই পৰিস্থিতি চম্ভালি ল’লে৷

– বঢ়িয়া ষ্ট্ৰেটেজী৷ কোৰিয়ানবোৰ  ছেদেলি-ভেদেলি হৈ যাব৷

– তেন্তে এয়া ফাইনেলফৰৱাৰ্ডত চুনী, প্ৰদীপ, বলৰাম, ইউচুফ আৰু জাৰ্নেল৷ হাফবেকত প্ৰশান্ত সিনহা আৰু ফ্ৰেংকো৷ বেকত চন্দ্ৰশেখৰ, ত্ৰিলোক সিং আৰু অৰুণ ঘোষ৷

বাহিৰলৈ ওলাই আহি চুনীয়ে টীম ঘোষণা কৰিলে৷ নিজৰ নাম নেদেখি কান্দোনত ভাগি পৰিল গ’লকীপাৰ প্ৰদ্যোত৷ গোটেই টুৰ্ণাৰ্মেন্টত ইমান চমকপ্ৰদ পাৰফৰ্মেন্স দি অৱশেষত ফাইনেলত বাহিৰ? পিটাৰে আহি প্ৰদ্যোতক সাৱটি ধৰিলে৷

– নাকান্দিবি৷ মই ৰহিম চাৰৰ লগত কথা পাতো৷ তয়েই খেলিবি৷

চুনীয়ে মাজত মাত মাতিলে৷ সকলোকে ঘটনাটো বুজাই কোৱা হ’ল৷ এশ শতাংশ সহমত নহলেওঁ শেষত সকলোৱেই প্ৰদ্যোতক দলৰ পৰা বাদ দিয়াটো মানি ল’লে৷

চকুপানী মচি প্ৰদ্যোতে মাত দিলে,

কোচে ঠিকেই কৈছে৷ পিটাৰেই খেলা ভাল হ’ব৷

চুনীয়ে প্ৰদ্যোতৰ পিঠিত থাপৰ এটা মাৰি প্ৰদীপৰ ফালে চালে৷

– সময় বেছি নাই৷ গোটেইবোৰে মিলি ষ্ট্ৰেটেজীখিনি সাজু কৰাহে কথা৷ চাজেচন্ ফ্ৰম অল আৰ এনকাৰেজড্

ইউচুফ প্ৰথমে আগুৱাই আহিল৷

– কেপ্টেইন৷ প্ৰথম দহ মিনিটমান অলপ ডিফেন্সিভ খেলা ভাল হ’ব৷ তাৰপিছত…

প্ৰদীপ আগুৱাই আহিল৷

– মই কিবা এটা কওঁ?

– তোক মানা কৰিলে যেন নোকোৱাকৈ থাকিবিহে৷

চুনীৰ কথাত সকলোৰে মুখত হাঁহি বিৰিঙিল৷

– মই ভাবো আমি প্ৰথমৰ পৰাই অল আউট্ এটেক্ কৰো৷

– কি কৈছে দাদা৷ যোৱাবাৰ কোৰিয়াৰ লগত দুগলত হাৰিছো৷ এইবোৰ কৰিবলৈ গ’লে হিতে বিপৰীত হ’ব৷

অৰুণ ঘোষৰ কথাত বাকীবোৰেও সন্মতি দিলে৷ প্ৰদীপে বুজাবলৈ চেষ্টা কৰিলে৷

– সেইবাবেই কৈছো৷ কোৰিয়ানবোৰে সপোনতো ভবা নাই যে আমি এনেকৈ খেলিম৷ সিহঁতৰ স্বাভাৱিক খেল নষ্ট কৰিবলৈ ইয়াতকৈ ভাল উপায় নাই৷

চুনীয়ে লাহেকৈ মাত দিলে-

– ঠিকেই কৈছ যেন লাগিছে৷

– মোৰ আৰু এটা কথা ক’বলৈ আছে৷

– কি?

– আমাৰ মেইন ষ্ট্ৰাইকাৰ হ’ব জাৰ্নেল৷

– জাৰ্নেল?

– অ’ জাৰ্নেল৷ য’তেই ব’ল পাম তাৰে পৰাই জাৰ্নেল আৰু মই পাঞ্চ মাৰিম৷ সময় নষ্ট কৰাৰ কাৰবাৰ নাই৷

– জো হুকুম মেৰে আকা!

কৈয়েই চুনী কোচৰ ওচৰলৈ গ’ল৷ মুখত চিগাৰেট লৈ চিন্তিত মনে ৰহিম চাহাব বহি আছিল৷

– চুনী, কি ভাবিছ৷

– প্ৰদীপৰ লগত কথা হৈছিল৷ সি অল্ আউট্ এটেকৰ কথা কৈছে৷

– সি কৈছে? চাব্বাছ্৷ ময়ো সেয়াই ভাবি আছিলোঁ৷ মই আৰু এটা কথা ভাবিছো৷ জাৰ্নেল আমাৰ মেইন ষ্ট্ৰাইকাৰ হ’ব৷

– আচৰিত! প্ৰদীপেও তাকেই কৈছে৷

– কি? মই ঠিকেই কৈছিলোঁ৷ ই প্ৰদীপ পুৰা কোচ্ মেটেৰিয়েল৷ চাবি পিছলৈ গৈ সি ভাল কোচ হ’ব পাৰিব৷ আৰু শুন৷

– কি?

– আজি তোৰ দিন হ’ব লাগিব৷ তই যে বিগ্ মেটচ্ প্লেয়াৰ দেখুৱাই দিয়াৰ দিন আহি পৰিছে৷

চুনীয়ে মুৰ দুপিয়ালে৷ বিগ্ মেটচ্ প্লেয়াৰ! সি আজি ভাল খেলিবই লাগিব৷ কাজিয়া কৰি মেলি সি এইবাৰ কেপ্টেইন হৈছে৷ বিফল হ’লে তাৰ সমালোচনাৰে শেষ কৰি দিয়া মানুহ ভাৰতত ৰৈ আছে৷

###

জাকাৰ্টা নেচনেল্ ষ্টেডিয়াম৷

এছিয়াড্ ফাইনেল, ৪/৯/১৯৬২। গোটেই ষ্টেডিয়ামত ‘কোৰিয়া-কোৰিয়া’ চিঞৰ৷ গোটেই ইণ্ডোনেছিয়া আজি ভাৰতৰ বিৰুদ্ধে৷ সকলোৱে ভাৰতৰ পৰাজয় বিছাৰিছে, লজ্জাজনক পৰাজয়৷

কোৰিয়ান টীমে ঠিৰাং কৰি ৰাখিছিল প্ৰথমৰ পৰাই আক্ৰমণ কৰিব৷ তাৰোপৰি আজি ডিফেন্সত দিগদাৰ দিবলৈ সেই পাগুৰীৱালা পাঞ্জাবীটো নাই৷ আগৰ খেলখনত বেটাৰ মুৰ ফাটিছে৷ গতিকেই কোৰিয়ান টীমৰ টেনচন কমি আছে৷

খেল আৰম্ভ৷ আৰম্ভণিতেই ওলোটা পুৰাণ৷ মাত্ৰ তিনিটা পাছতেই ভাৰত কোৰিয়াৰ পেনাল্টী বক্সৰ বাহিৰত৷ নতুন ফৰৱাৰ্ডজনে এপলকো নোৰোৱাকৈ গ’ললৈ শ্বট্ ল’লে৷

বুৰুম!! বাৰপোষ্ট কঁপাই ব’ল চিটিকি পৰিল৷

কোৰিয়ান ডিফেণ্ডাৰ কেপ্টেইনৰ কাষলৈ দৌৰি আহিল৷

– কেপ্টেইন৷ এইটো ফৰৱাৰ্ড ইণ্ডিয়াই কৰপৰা ধৰি আনিছে! ওখ পাখ, মজবুত৷ ইমানদিনে এইজনক কিয় বা খেলোৱা নাছিল! আজি আহিয়েই ফালি দিছে৷

কেপ্টেইন জকজকাই উঠিল৷

– ভালকৈ চা৷ এইটো পাঞ্জাৱীটো৷ আজি পাগুৰি খুলি আহিছে!

ডিফেণ্ডাৰে অবাক হৈ জাৰ্নেললৈ চাই ৰ’ল৷

              (ক্ৰমশঃ)

অ মি তা ভ ম হ ন্ত

ঘৰ, অফিচ, বজাৰ সমাৰ, স্পোৰ্টচ্ চেনেলৰ মাজত ডুবি থকা এজন অতি সাধাৰণ লোক। বিৰিয়াৰ ক্ৰীড়াবিষয়ক স্তম্ভলেখক।

Previous শতায়ুৰ চখ! 
Next পৰিৱৰ্তন