ৰক্ষী বাহিনী হ’ল দেশৰ আভ্যন্তৰীণ শান্তি-শৃংখলা বৰ্তাই ৰখাৰ এক মুখ্য আহিলা। পুলিচ শব্দটোৱেই যেন শুভংকৰ প্ৰতীক সমূহ অশুভ শক্তিৰপৰা সমাজক তথা দেশক ৰক্ষা কৰিব পৰা অমোঘ শক্তি। পিছে শেহতীয়াকৈ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে বহুল সমাদৃত হৈ পৰা অসম আৰক্ষীৰ এজন জোৱানৰ এটা ভিডিঅ’ই ৰাজ্যৰ সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যৰ  মুখ্য মন্ত্ৰীজনৰ দায়িত্বত থকা গৃহ বিভাগটোৰ ভিতৰ চ’ৰাৰ অশোভনীয় খেলিমেলিবোৰ উদঙাই দিয়া হৈছে ভিডিঅ’টোৰ জৰিয়তে।

https://biriyaa.com/

ভিডিঅ’টোত আৰক্ষীৰ জোৱানজনে দাবী কৰা মতে তেওঁ‌লোকৰ দৰমহাৰপৰা অন্যায়ভাৱে বিভিন্ন শিতানৰ অজুহাতত বুজন পৰিমাণৰ অংশ কৰ্তন কৰা হৈছে। সচেতন মহলৰ মূৰৰ কামোৰণি হৈ পৰা এনে শিতানসমূহ হৈছে-পথ মেৰামতি, আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উদযাপন, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানত সীমাৰ দেৱাল নিৰ্মাণ ইত্যাদি।

ৰাজ্যৰ ভগ্নপ্ৰায় বাট পথ নিৰ্মাণ কৰিবলৈ বা আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ অসম চৰকাৰৰ ধনভঁ‌ৰালত ধনৰ ইমানেই অভাৱ ঘটিলনে যে সামান্য কেইহাজাৰমান টকা দৰমহা হিচাপে লাভ কৰা আৰক্ষী বাহিনীৰ জোৱানসকলৰ দৰমহাৰ অংশ কৰ্তন কৰিব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ল?

 

প্ৰশ্ন হয়- ৰাজ্যৰ ভগ্নপ্ৰায় বাট পথ নিৰ্মাণ কৰিবলৈ বা আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ অসম চৰকাৰৰ ধনভঁ‌ৰালত ধনৰ ইমানেই অভাৱ ঘটিলনে যে সামান্য কেইহাজাৰমান টকা  দৰমহা হিচাপে লাভ কৰা আৰক্ষী বাহিনীৰ জোৱানসকলৰ দৰমহাৰ অংশ কৰ্তন কৰিব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ল? একে সময়তে মন্ত্ৰী-বিধায়ক-সাংসদৰ দৰমহা,পেঞ্চন কিন্তু হোৰাহোৰে বাঢ়িয়েই আছে; বাঢ়ি আছে হাজাৰ কোটি টকীয়া কেলেংকাৰী বা ছিণ্ডিকেটৰ সংখ্যা। নিৰ্বাচনৰ মহা বৈতৰণি পাৰ হ’বলৈ নৌকাৰূপী ফুটুকাৰ ফেন আইজনী-বাইজনী-মাজনী আঁ‌চনিৰ সংখ্যা কাগজে-পত্ৰই প্ৰতিদিনে বাঢ়িয়েই আছে।ৰাজ্যৰ সচেতন মহলৰ বুজাত বিশেষ সমস্যা হোৱা নাই যে আৰক্ষীৰ জোৱানৰ দৰমহা কৰ্তন কৰাৰ দৰে বেআইনী কাৰ্যকলাপৰ মূলতে আছে ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাটোৰ গুৰি ধৰা কিছুমান প্ৰতাপী আমোলা-বিষয়া আৰু মন্ত্ৰী। এই ক্ষেত্ৰত কথাই কথাই দুৰ্নীতিৰ প্ৰতি জেহাদ ঘোষণা কৰা গৃহ মন্ত্ৰী তথা মুখ্য মন্ত্ৰীজনৰ ভূমিকা লক্ষ্যণীয় হ’ব। ভূত খেদিবলৈ প্ৰতাপী বেজে ব্যৱহাৰ কৰে মন্ত্ৰপূত সৰিয়হ, কিন্তু সৰিয়হৰ ডুলিতে থকা ভূত খেদাৰ উপায় কি? 

জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous উগ্ৰপন্থী উগ্ৰপন্থী
Next শ্ৰদ্ধাঞ্জলি