ছুইডেনৰ সংসদৰ সন্মুখত গ্ৰেটা

নাম গ্ৰেটা থানবাৰ্গ

পৰিচয় –   ছুইডেনৰ এগৰাকী স্কুলীয়া কিশোৰী, যিয়ে সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ গুৰি ধৰিছে। ২০১৮ চনৰ আগষ্ট মাহত, বিশ্বত প্ৰথমবাৰলৈ ‘জলবায়ুৰ বাবে প্ৰথমটো বিদ্যালয় ধৰ্মঘট’ কাৰ্য্যসূচীৰ অৱতাৰণা কৰি গ্ৰেটাই ছুইডেনৰ সংসদৰ সন্মুখত অকলেই ধৰ্ণাত বহে আৰু তেতিয়াৰে পৰা তেওঁ প্ৰত্যেক শুক্ৰবাৰে স্কুলৰ শ্ৰেণী বৰ্জন কৰি জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে কাৰ্য্যব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰি আহিছে। ‘এছপাৰ্গাৰ চিনড্ৰোম’ নামৰ এক মানসিক বিকাশজনিত বাধাগ্ৰস্ততা, অৱছেছিভ কম্পালছিভ ডিছঅৰ্ডাৰ তথা নিৰ্বাচিত উৎপৰিৱৰ্তনত আক্ৰান্ত গ্ৰেটাৰ এই পদক্ষেপে সমগ্ৰ বিশ্বতে অনেক স্কুলীয়া শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰে আৰু তেওঁলোকেও অনুৰূপ কাৰ্য্যসূচীৰ গ্ৰহণ কৰি বিশ্বৰ ৰাজনৈতিক নেতাবৰ্গক এই দিশত স্পষ্ট কাৰ্য্যপন্থা ল’বলৈ দাবী জনায়।

মই এটা কথা শিকিছো যে, কিবা এটা পাৰ্থক্য আনিবৰ বাবে আমি কোনোৱেই আচলতে নগণ্য নহয়। আৰু যদিহে, মাত্ৰ কেইজনমান শিশুৱে একমাত্ৰ স্কুললৈ নোযোৱাকৈ থাকিয়েই যদি সমগ্ৰ বিশ্বৰ বাতৰিৰ শীৰ্ষলৈ আহিব পাৰে, তেন্তে কল্পনা কৰকচোন, আমি সকলোৱে মিলি  যদি বিচাৰোঁ, তেন্তে কি কি কাম কৰিব পাৰোঁ।
 ২০১৮ চনত টাইম আলোচনীৰ দ্বাৰা বিশ্বৰ ২৫ গৰাকী সৰ্বাধিক প্ৰভাৱশালী কিশোৰ-কিশোৰীৰ তালিকাত স্থান দখল কৰা গ্ৰেটা থানবাৰ্গৰ নাম ২০১৯ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে নৰৱেৰ তিনিজন মন্ত্ৰীয়ে মনোনীত কৰিছে। থানবাৰ্গে ২০১৮ চনত পোলেণ্ডৰ কেটৱিছত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ বিশ্ব জলবায়ু সন্মিলনত বা চিঅ’পি২৪ত  আগবঢ়োৱা ভাষণটিৰ অসমীয়া ভাঙনি তলত দিয়া হ’ল –

“মোৰ নাম গ্ৰেটা থানবাৰ্গ। মোৰ বয়স ১৫ বছৰ। মই ছুইডেনৰ বাসিন্দা। আৰু এতিয়া মই জলবায়ু ন্যায়ৰ পক্ষত দুআষাৰ কথা ক’ম। বহুতো লোকে কয় যে, ছুইডেন এখন তেনেই সৰু দেশ আৰু আমি তাত কি কৰোঁ, তাৰ কোনো গুৰুত্ব নাই। কিন্তু, মই এটা কথা শিকিছো যে, কিবা এটা পাৰ্থক্য আনিবৰ বাবে আমি কোনোৱেই আচলতে নগণ্য নহয়। আৰু যদিহে, মাত্ৰ কেইজনমান শিশুৱে একমাত্ৰ স্কুললৈ নোযোৱাকৈ থাকিয়েই যদি সমগ্ৰ বিশ্বৰ বাতৰিৰ শীৰ্ষলৈ আহিব পাৰে, তেন্তে কল্পনা কৰকচোন, আমি সকলোৱে মিলি  যদি বিচাৰোঁ, তেন্তে কি কি কাম কৰিব পাৰোঁ।

কিন্তু, তাকে কৰিবলৈ হ’লে, আমি স্পষ্টকৈ কথা ক’ব লাগিব, লাগিলে সেয়া যিমানেই অসুবিধাজনক বা কঠিন নহওক কিয়। আপোনালোকে কেৱল সেউজীয়া, চিৰযুগমীয়া অৰ্থনৈতিক বিকাশৰ কথাহে কয়, কাৰণ আপোনালোকে জনপ্ৰিয়তা হেৰুৱাবলৈ ভয় কৰে। আপোনালোকে কেৱল সেই একেসোপা বদ্-ধাৰণা লৈয়েই আগবাঢ়ি যোৱাৰ কথা কয়, যিবোৰে আমাক আজিৰ এই পৰিস্থিতিলৈ টানি আনিলে; অথবা যিসময়ত একমাত্ৰ চিন্তাশীল পদক্ষেপটো হ’ল – জৰুৰীকালীন  ব্ৰেকডাল টনা, তেনে সময়তো আপোনালোকে একেবোৰ কথাকেই কৈ আছে। আপোনালোক কথাবোৰ স্পষ্টকৈ ক’ব পৰাকৈ পৰিপক্ক নহয়।

ৰাষ্ট্ৰসংঘৰ চিঅ’পি২৪ত ভাষণৰত গ্ৰেটা

আনকি, সেই বোজাটোও, স্পষ্টকৈ মত প্ৰকাশ কৰাৰ দায়িত্বখিনিও আপোনালোকে আমাৰ দৰে শিশুবোৰৰ ওপৰত জাপি দিছে। কিন্তু, মই জনপ্ৰিয়তা হেৰুৱাম বুলি তিলমাত্ৰও চিন্তা নকৰো। মই চিন্তা কৰোঁ কেৱল জলবায়ু ন্যায়ৰ কথা আৰু আমাৰ এই ধুনীয়া পৃথিৱীখনৰ কথাহে। কিছুসংখ্যক মুষ্টিমেয় মানুহ যাতে অপৰিসীম ধন-সম্পদৰ গৰাকী হ’ব পাৰে, সেই সুযোগ সৃষ্টিৰ বাবে আমাৰ গোটেই সভ্যতাটোকে বলি দিয়া হৈছে। আমাৰ জীৱমণ্ডলটোক বলি দি অহা হৈছে, যাতে মোৰ দেশৰ দৰে দেশবোৰত থকা ধনী মানুহবোৰে বিলাসী জীৱন যাপন কৰিব পাৰে। অগণন মানুহৰ দুখ-কষ্টৰ বিনিময়তহে তেনেই অল্পসংখ্যক লোকৰ বিলাসী জীৱন সম্ভৱপৰ হৈ উঠিছে।

২০৭৮ চনত মই মোৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰিম। তেতিয়ালৈ যদিহে মোৰ সন্তান থাকে, সম্ভৱতঃ সিহঁতে সেই দিনটোত মোৰ সতে থাকিব। সম্ভৱতঃ সিহঁতে মোক আপোনালোকৰ কথা সুধিব। সম্ভৱতঃ সিহঁতে মোক সুধিব, সময় থাকোতেই আপোনালোকে কিয় একো নকৰিলে? আপোনালোকে নিজৰ সন্তানক সকলোতকৈ বেছি ভাল পাওঁ বুলি কয়, অথচ তাৰ পাছতো আপোনালোকেই সিহঁতৰ চকুৰ সন্মুখতে, সিহঁতৰ ভৱিষ্যত কাঢ়ি নি আছে।

আপোনালোকে যেতিয়ালৈকে কি কৰা উচিত, সেইটোত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, ৰাজনৈতিকভাৱে কি সম্ভৱপৰ সেইটোতহে গুৰুত্ব দি থাকিব, তেতিয়ালৈকে কোনো আশা কৰি লাভ নাই। আমি বিপদ এটাক ‘বিপদ’ বুলি গণ্য নকৰালৈকে, তাৰ সমাধান কৰিব নোৱাৰোঁ।

সম্ভৱতঃ মোৰ সন্তানে মোক সুধিব, সময় থাকোতেই আপোনালোকে কিয় একো নকৰিলে? আপোনালোকে নিজৰ সন্তানক সকলোতকৈ বেছি ভাল পাওঁ বুলি কয়, অথচ তাৰ পাছতো আপোনালোকেই সিহঁতৰ চকুৰ সন্মুখতে, সিহঁতৰ ভৱিষ্যত কাঢ়ি নি আছে।
আমি জীৱাশ্ম ইন্ধনবোৰ মাটিৰ তলতেই ৰাখিব পাৰিব লাগিব আৰু আমি নায্যতাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু যদিহে, এটা চিষ্টেমৰ ভিতৰত থাকি সমাধান বিচাৰি পোৱাটো ইমান কঠিন হৈ পৰে, তেন্তে সম্ভৱতঃ আমি চিষ্টেমটোকেই সলাই পেলোৱাৰ দৰকাৰ। আমি ইয়ালৈ বিশ্বৰ নেতাসকলক এই বিষয়ত চিন্তা কৰক বুলি অনুনয়-বিনয় কৰিবলৈ অহা নাই। আপোনালোকে আমাক অতীততো অৱজ্ঞা কৰিছিল আৰু আগলৈকো অৱজ্ঞাই কৰিব। আমাৰ হাতত আৰু একো বাহানা ৰোৱাগৈ নাই আৰু হাতত আমাৰ সময়ো তেনেই তাকৰ। আমি আপোনালোকক এইটোহে জনাবলৈ আহিছো যে, আপোনালোকে ভাল পাওক বা নেপাওক, পৰিৱৰ্তন কিন্তু আহি আছে। প্ৰকৃত শক্তি কিন্তু সদায় জনতাৰ হাতত। ধন্যবাদ। 

বিৰিয়াৰ সাঁউৰি
Previous ঋণৰ চক্ৰবেহুত সৰ্বসাধাৰণৰ জীৱন
Next প্ৰাপ্তি!