মগ্ৰ ৰাজ্য বৰ্তমান শোকত ম্ৰিয়মান৷ শালমাৰাৰ চুলাই সেৱন কাণ্ডই মৰ্মাহত কৰিছে সকলোকে৷ চুলাই সেৱন কৰাৰ ফলতে চৰকাৰী হিচাব অনুসৰি মৃত্যু ঘটিছে ৭৭ জন লোকৰ আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে প্ৰায় দুই শতাধিক লোক৷ এই ঘটনাৰ পিছতেই এতিয়া বিৰোধী দলসমুহে দোষাৰোপ কৰিছে শাসনাধিষ্ঠিত দলটোক৷ তদুপৰি আবকাৰী বিভাগ,আৰক্ষীৰ ভূমিকাৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্ন৷ কিন্তু কিমানদিনলৈ থাকিব এই আলোচনাবোৰ৷ হয়তো আকৌ কেইদিনমান পিচত এটা নতুন ইচ্ছ্যু ওলাব যিটোৱে এই বিষয়টো তল পেলাব৷ কিন্তু এই সময়খিনিৰ বাহিৰে আমি কিমান সজাগ এই খাটি খোৱা লোকসকলৰ বাবে৷ আমি কেতিয়াবা হ’লেও তেওঁলোকৰ জীৱনটো জুমি চোৱাৰ চেষ্টা কৰিছোনে? কিমান জানো আমি তেওঁলোকৰ বিষয়ে?

দিনটো হাড় ভাঙা পৰিশ্ৰম কৰা এই লোকসকলক ভাগৰ পলুৱাবলৈ প্ৰয়োজন হয় হাড়িয়াৰ৷ চাহ বাগানৰ অস্বাস্থ্যকৰ পৰিৱেশত ডাঙৰ হোৱা শিশুসকলে আপোনাৰ, মোৰ দৰে জীৱন এটা হয়তো কেতিয়াও কল্পনা কৰিব নোৱাৰে; কাৰণ বহু চাহ বাগিচাত এতিয়াও নাই এখন ভাল প্ৰাথমিক ভাল বিদ্যালয়, এতিয়াও তেওঁলোক বঞ্চিত প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা৷ এওঁলোকৰ জীৱনৰ ওপৰতে গৱেষণা কৰি বহু লোকে এতিয়া মাহে মোটা ৰকমৰ ধন উপাৰ্জন কৰিছে; কিন্তু বছৰৰ পিছত বছৰ জুৰিও সলনি নহ’ল এইসকলৰ জীৱন৷ অন্ধবিশ্বাসৰে ভৰপুৰ এওঁলোকৰ সমাজ৷ বেমাৰ হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে এওঁলোক যায় বেজ-ওজাৰ ওচৰলৈ৷

চাহ বাগানৰ অস্বাস্থ্যকৰ পৰিৱেশত ডাঙৰ হোৱা শিশুসকলে আপোনাৰ, মোৰ দৰে জীৱন এটা হয়তো কেতিয়াও কল্পনা কৰিব নোৱাৰে; কাৰণ বহু চাহ বাগিচাত এতিয়াও নাই এখন ভাল প্ৰাথমিক ভাল বিদ্যালয়, এতিয়াও তেওঁলোক বঞ্চিত প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা৷ এওঁলোকৰ জীৱনৰ ওপৰতে গৱেষণা কৰি বহু লোকে এতিয়া মাহে মোটা ৰকমৰ ধন উপাৰ্জন কৰিছে; কিন্তু বছৰৰ পিছত বছৰ জুৰিও সলনি নহ’ল এইসকলৰ জীৱন৷

আমাৰ সমাজতে বহু উচ্চশিক্ষিত লোক আছে।  কিন্ত কেতিয়াবা হ’লেও জানো তেওঁলোক এই লোকসকলৰ ওচৰলৈ গৈছে? সদায় আমাৰ সমাজখনে তেওঁলোকৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰিছে৷ যেন তেওঁলোক আমাৰ মানুহ নহয়৷ হয়তো বৰ্তমান সময়ত আটাইতকৈ শোষিত লোকসকল হ’ল তেওঁলোক৷ চৰকাৰে তেওঁলোকক ব্যৱহাৰ কৰে ভোটৰ বাবে; বাকী একো দায়িত্ব নাই৷ বাগানসমুহত খোলাকৈ বিক্ৰী হয় হাড়িয়া- সেয়া সকলোৱে জানে৷ কিন্তু প্ৰশাসনে নলয় ব্যৱস্থা৷ কিয় নলয় সেয়াও জনা কথা। আনহাতে, এই হাড়িয়াৰেই যে ভোটো কিনা যায়, সেই কথাও চৰকাৰ গঠন কৰিব খোজা সকলে জানে। সেয়েই ভোটৰ আগনিশা হাড়িয়া-চূলাই-দেশী-বিলাতী নানা বটল বাগানৰ লাইনলৈ যায়। কিমান পৰিমাণত যায় সেই অংকই ভোটৰ অংকও ওলট-পালট কৰে, কৰিব পাৰে।

বাগানসমুহত খোলাকৈ বিক্ৰী হয় হাড়িয়া- সেয়া সকলোৱে জানে৷  এই হাড়িয়াৰেই যে ভোটো কিনা যায়, সেই কথাও চৰকাৰ গঠন কৰিব খোজা সকলে জানে। সেয়েই ভোটৰ আগনিশা হাড়িয়া-চূলাই-দেশী-বিলাতী নানা বটল বাগানৰ লাইনলৈ যায়। কিমান পৰিমাণত যায় সেই অংকই ভোটৰ অংকও ওলট-পালট কৰে।

হাড়িয়া বা চুলাই নিৰ্মুল মুখেৰে কোৱা কথা৷ কিন্তু অসম্ভৱ৷ আমি তেওঁলোকক সজাগ কৰিব লাগিব৷  এইবোৰ এদিনতে কৰা নাযায়৷ প্ৰথমতে আমি তেওঁলোকৰ ওচৰ চাপিব লাগিব৷ তেওঁলোকক বুজাব লাগিব৷ অকল এদিন সভা কৰি চুলাইৰ অপকাৰিতা বুজালেই যে এই অসূয়া  কমিব সেইটো  ভবাটো তেনেই হাস্যকৰ কথা৷  এইটো এটা নিয়মীয়া, আন্তৰিক চেষ্টা হ’ব লাগিব৷ এই চেষ্টা কৰিব লাগিব মাতৃসকলৰ সহযোগত৷ যিহেতু শিশু এটাৰ ভৱিষ্যত বহুখিনি মাতৃৰ ওপৰত নিৰ্ভৰ কৰে৷ এনেই নিজৰ সুবিধাৰ বাবে গৱেষণা কৰি একো লাভ নাই৷  এইবোৰ চেষ্টা নকৰি নিজৰ চৰাঘৰত চাহৰ কাপত চুমুক দি ফেচবুকত লিখি একো সমস্যা সমাধান কৰিব পৰা নাযায়৷ আমাৰ শুচিবায়ুগ্ৰস্ততাৰ বাবে ইতিমধ্যেই বহু জনজাতি আমাৰ পৰা আতৰি গ’ল৷ এতিয়া হাতে কামে কৰাৰ সময়৷ নহ’লে এই কাণ্ডটোও আন বহু কাণ্ডৰ দৰে সময়ত জাহ যাব৷

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous ৰাজ্যত সুৰা ট্ৰেজেডী : অধোগতি সমাজ আৰু দায়িত্বজ্ঞানহীন চৰকাৰ
Next ঘড়ীয়ে কৰে টিক্‌ টক্‌