হিন্দুত্ব, হিন্দু-ৰাষ্ট্ৰ আদি ধৰণৰ কথাবোৰ আপোনালোকে আজিকালি সঘনাই শুনিবলৈ পায়, নহয়নে? “হিন্দু খাতৰে মে হ্যায় (অৰ্থাৎ, হিন্দুসকললৈ সংকট আহিছে)”-ধৰণৰ শ্লোগানো আপোনালোকে নিশ্চয় আৰ এছ এছ বা বিজেপিৰ নেতাৰ মুখত শুনি আহিছে ৷ হিন্দুত্ব নো কি, হিন্দুসকললৈ বা হিন্দু ধৰ্মলৈ সঁচাকৈয়ে বিপদ আহিছে নে, আহিছে যদি কাৰ পৰা আহিছে, ইত্যাদি কথাবোৰ আপোনাৰ জানিবৰ মন নাযায় নে বাৰু?

হিন্দু ধৰ্মৰ কথা ক’লে বিশ্ববাসীৰ মনলৈ বোধহয় বিবেকানন্দ আৰু গান্ধীজীৰ নামটোৱে প্ৰথমতে আহে৷ মনুসংহিতাৰ আধাৰত এচাম পৰিশ্ৰমবিমুখ আৰু সংকীৰ্ণ মানসিকতাৰ লোকে জাত-পাত-লিংগ-বৈষম্যৰ ভিত্তিত গঢ়ি তোলা মধ্যযুগীয়া সংকীৰ্ণ মনুবাদী বা ব্ৰাহ্মণ্যবাদী হিন্দু ধৰ্মীয় ৰূপটোৱে বিশ্ববাসীক মুগ্ধ নকৰে৷ যি কোনো মানৱতাবাদী লোকক এই মনুবাদী ধাৰাটোৱে বিৰক্তহে কৰে৷

হিন্দু ধৰ্ম সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছে- “ই হৈছে অহিংসাত্মক উপায়েৰে সত্যৰ সন্ধান৷ কোনো এজন মানুহে ঈশ্বৰক বিশ্বাস নকৰিলেও নিজকে নিজে হিন্দু বুলি ক’ব পাৰে৷ সত্যৰ প্ৰতি বাধাহীন অনুসন্ধানৰে আন এটা নাম হৈছে হিন্দু ধৰ্ম৷” গান্ধীজীয়ে আৰু কৈছে- “হিন্দু ধৰ্মই সকলো মানুহকে নিজ নিজ ধৰ্ম অনুসৰি ঈশ্বৰৰ উপাসনা কৰিবলৈ দিছে আৰু এইটো কাৰণেই আন কোনো ধৰ্মৰ লগত হিন্দু ধৰ্মৰ বিবাদ নাই৷ হিন্দু ধৰ্ম হৈছে বহু যুগৰ বিকাশৰ ফল৷ হিন্দুসকলৰ সভ্যতা বহু প্ৰাচীন আৰু ইয়াত অহিংসা নিহিত হৈ আছে৷ হিন্দু ধৰ্ম হৈছে এক জীৱিত ধৰ্ম৷ হিন্দু ধৰ্ম কেতিয়াও প্ৰাণহীন হৈ পৰিব নোখোজে৷”গান্ধীজীৰ হিন্দু ধৰ্ম সম্পৰ্কীয় উক্ত ব্যাখ্যা আমি আন্তৰিকতাৰে বিশ্বাস কৰো৷ সঁচাকৈয়ে হিন্দু ধৰ্ম উদাৰ, ই বহুত্ববাদৰ প্ৰতীক৷ প্ৰায় ৮০০ বছৰীয়া মুছলমান শাসক আৰু ২০০ বছৰীয়া খ্ৰীষ্টান ধৰ্মীয় ইংৰাজৰ ৰাজত্বৰ পাছতো ভাৰতত হিন্দু ধৰ্ম জীয়াই আছে, হিন্দু ধৰ্মীয় লোকৰ সংখ্যা বাঢ়িছেহে৷ আনকি বিদেশতো হিন্দু ধৰ্ম আৰু দৰ্শনে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে৷ হিন্দু ধৰ্মৰ কথা ক’লে বিশ্ববাসীৰ মনলৈ বোধহয় বিবেকানন্দ আৰু গান্ধীজীৰ নামটোৱে প্ৰথমতে আহে৷ মনুসংহিতাৰ আধাৰত এচাম পৰিশ্ৰমবিমুখ আৰু সংকীৰ্ণ মানসিকতাৰ লোকে জাত-পাত-লিংগ-বৈষম্যৰ ভিত্তিত গঢ়ি তোলা মধ্যযুগীয়া সংকীৰ্ণ মনুবাদী বা ব্ৰাহ্মণ্যবাদী হিন্দু ধৰ্মীয় ৰূপটোৱে বিশ্ববাসীক মুগ্ধ নকৰে৷ যি কোনো মানৱতাবাদী লোকক এই মনুবাদী ধাৰাটোৱে বিৰক্তহে কৰে৷

সকলো মানুহৰে সুখ আৰু সমান অধিকাৰ থকা ৰামৰাজ্যৰ সপোন দেখা অহিংসা আৰু সত্যৰ পূজাৰী মহামানৱ মহাত্মা গান্ধী সমগ্ৰ বিশ্বতে বন্দিত ব্যক্তি৷ বহুতৰ বাবে তেওঁ কিংবদন্তীও৷ গান্ধী এগৰাকী আমৃত্যু হিন্দু ধৰ্মীয় ব্যক্তি আছিল৷ তেওঁৰ মুখৰ পৰা ৰামৰ নাম নুগুচিছিল, তেওঁ গীতাখন অন্তৰত লৈ ফুৰিছিল৷ কিন্তু এইগৰাকী মহাত্মা গান্ধীক এখন প্ৰাৰ্থনা সভাত এজন হিন্দুত্ববাদী উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল৷ তেওঁৰ নাম আছিল নাথুৰাম গডছে৷ গডছেক স্বাধীন ভাৰতৰ প্ৰথম সন্ত্ৰাসবাদী বুলিও কোৱা হয়৷ গান্ধীৰ মৃত্যুত আৰ এছ এছৰ লগতে হিন্দুত্ববাদী সকলে মিঠাই বিলাই আনন্দ প্ৰকাশ কৰিছিল বুলি সৰ্বজনবিদিত৷ এই হিন্দুত্ববাদী সকলেই এটা সময়ত গৈ বিজেপি দলৰ সৃষ্টি কৰিলে৷

কোৱা বাহুল্য যে ভাৰতীয় সভ্যতা-সংস্কৃতিত গেৰুৱা ৰং হ’ল ত্যাগ আৰু বীৰত্বৰ প্ৰতীক৷ সেয়ে স্বামী বিবেকানন্দৰ দৰে সন্যাসীয়ে গেৰুৱা বসন পিন্ধিছিল, বৌদ্ধ ভিক্ষু সকলে আজিও পিন্ধে৷ আনহাতে হিন্দুত্ববাদীৰ গেৰুৱা ৰং হ’ল সন্ত্ৰাস, ঘৃণা আৰু ভোগবাদৰ প্ৰতীক৷
বৰ্তমান ভাৰতত বিজেপি দল আৰু মনে-মগজুৱে দুৰ্ঘোৰ হিন্দুত্ববাদী নৰেন্দ্ৰ মোদীয়ে শাসন কৰি আছে৷ আপোনালোকে নিশ্চয় জানে যে নৰেন্দ্ৰ মোদীয়ে গুজৰাটত পৃথিৱীৰ সৰ্বোচ্চ প্ৰতিমূৰ্ত্তি স্থাপন কৰিছে চৰ্দাৰ পেটেলৰ৷ কিন্তু এই পেটেলে গান্ধী হত্যাৰ পাছত আৰ এছ এছক নিলম্বন কৰিছিল, বহুতো হিন্দুত্ববাদীক গ্ৰেপ্তাৰ কৰিছিল৷ অৱশ্যে, পাছত আৰএছএছে ৰাজনীতিত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দি আৰু ভাৰতবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা ভিক্ষা কৰি নিলম্বনৰ পৰা ৰক্ষা পৰিছিল৷  সি যি নহওক, বিজেপি-আৰএছএছে হিন্দু ৰক্ষাৰ কথা কৈ হিন্দুত্ব প্ৰচাৰ কৰি আহিছে৷ সাধাৰণ ৰাইজে হিন্দু ধৰ্ম আৰু হিন্দুত্ব একে বুলি ভাবে৷ দৰাচলতে আৰএছএছ-বিজেপিৰ হিন্দুত্ব হ’ল হিন্দু ধৰ্মৰ নাম আৰু প্ৰতীক কিছুমান ব্যৱহাৰ কৰি ধৰ্ম-জাত-পাতৰ ভিত্তিত সমাজখন ভাগ ভাগ কৰি ক্ষমতা দখল কৰাৰ এটা ৰাজনৈতিক ধাৰণা৷হিন্দুত্ববাদৰ মূল আত্মা হ’ল মনুসংহিতা৷ মনুসংহিতাই মহিলা-দলিত-শূদ্ৰ আদিক জন্তু-জানোৱাৰৰ দৰে ব্যৱহাৰ কৰি তথাকথিত উচ্চ কূলত জন্ম লাভ কৰা এমুঠি মান মানুহক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰাৰ কথা কয়, আৰু নিম্ন জাতিৰ পুৰুষ-মহিলাসকলক নানা অত্যাচাৰ-অন্যায় কৰাৰ সপক্ষে ওকালতি কৰে৷ হিন্দুত্ববাদ আৰু হিন্দু ধৰ্ম একে নহয়৷ মহাত্মা গান্ধীৰ হিন্দু ধৰ্মত গভীৰ আস্থা আছিল  আৰু নাথুৰাম গডছে আছিল হিন্দুত্ববাদৰ একান্ত অনুগামী৷ গান্ধীৰ মুখত উচ্চাৰিত হৈছিল-‘হে ৰাম’ আৰু নাথুৰামৰ দৰে হিন্দুত্ববাদীবোৰে চিঞৰে- ‘জয় শ্ৰীৰাম’৷ হিন্দুত্ববাদীৰ ‘জয় শ্ৰীৰাম’ এটা আধ্যাত্মিক বা ধৰ্মীয় শ্লোগান নহয়, ই এটা ৰাজনৈতিক শ্লোগান৷ হিন্দু ধৰ্মীয় সাধু-সন্যাসীবোৰে গেৰুৱা বস্ত্ৰ পিন্ধাৰ দৰে হিন্দুত্ববাদীয়েও গেৰুৱা পোছাক পিন্ধিব পাৰে বা পিন্ধে, কঁপালত ডাঙৰ-দীঘল ফোট লয়৷ কোৱা বাহুল্য যে ভাৰতীয় সভ্যতা-সংস্কৃতিত গেৰুৱা ৰং হ’ল ত্যাগ আৰু বীৰত্বৰ প্ৰতীক৷ সেয়ে স্বামী বিবেকানন্দৰ দৰে সন্যাসীয়ে গেৰুৱা বসন পিন্ধিছিল, বৌদ্ধ ভিক্ষু সকলে আজিও পিন্ধে৷ আনহাতে হিন্দুত্ববাদীৰ গেৰুৱা ৰং হ’ল সন্ত্ৰাস, ঘৃণা আৰু ভোগবাদৰ প্ৰতীক৷ হিন্দু্ত্ববাদৰ নামত নিৰস্ত্ৰ, অহিংসাত বিশ্বাসী বৃদ্ধ মহাত্মা গান্ধীক এজন কাপুৰুষৰৰ দৰে নাথুৰাম নামৰ সন্ত্ৰাসবাদীজনে গুলীয়াই হত্যা কৰিছিল আৰু গেৰুৱাধাৰী হিন্দুত্ববাদীয়ে আনন্দ-উৎসৱ পাতিছিল৷ আজিও তেওঁলোকে নাথুৰামৰ পূজা কৰে আৰু গান্ধীৰ পুতলা সাজি পিস্তলেৰে গুলীয়াই দানৱীয় উল্লাখ জাহিৰ কৰে৷ আদিত্যনাথ নামৰ এজন গেৰুৱা বসন পিন্ধা ভণ্ড সন্যাসী আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী৷ আদিত্যনাথৰ আচল নাম অজয় সিং ব্যিছ৷ এইজন ভণ্ড সন্যাসীয়ে দিন-ৰাতি কেৱল ঘৃণাৰ মন্ত্ৰ গাই ফুৰে, তেওঁৰ ৰাজহুৱা সভাৰ মঞ্চৰ পৰা মৃত মুছলমান মহিলাক কবৰৰ পৰা উঠাই আনি ধৰ্ষণ কৰাৰ আহ্বান জনোৱা হৈছে৷ বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষত আদিত্যনাথৰ পোনপটীয়া হাত থকাৰ অভিযোগো উঠি আহিছে৷ শান্ত মনেৰে ভাবকচোন, কোনো হিন্দু সন্যাসীয়ে ইমান ঘৃণনীয় কথা-কামত জড়িত হ’ব পাৰেনে? আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল- হিন্দু ধৰ্মীয় সন্যাসীয়ে ব্যক্তিগত লোভ-মোহ, কাম-ক্ৰোধ, স্বাৰ্থ ত্যাগ কৰি সত্য আৰু পৰম ব্ৰহ্মৰ সন্ধানত, মানুহৰ আধ্যাত্মিক সুখ কামনা কৰি জীৱন অতিবাহিত কৰে, কিন্তু হিন্দুত্ববাদী আদিত্যনাথে সন্যাসীৰ ভেশত শাসনৰ মোহত বন্দী হৈ পৰিছে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছে৷ উত্তৰ প্ৰদেশত চলিছে গেৰুৱা গুণ্ডা আৰু সাম্প্ৰদায়িকতাৰ শাসন৷ আন এজন গেৰুৱা বসনধাৰী বেপাৰী বাবা ৰামদেৱৰ কথা সকলোৱে জানে৷ কিদৰে হিন্দুত্ববাদী বিজেপিৰ শাসন কালত গেৰুৱাধাৰী ৰামদেৱে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিছে এই কথা কোৱাৰ জানো প্ৰয়োজন আছে? অন্যহাতে, কঁপালত এক মিটাৰ দীঘল ৰঙা ফোট লৈ ত্ৰিশূল-তৰোৱাল-লাঠি-পিস্তল লোৱা গেৰুৱা বাহিনীয়ে নীৰিহ লোকক হত্যা কৰি ‘জয় শ্ৰীৰাম’ ধ্বনিৰে আসুৰিক উল্লাখ প্ৰদৰ্শন কৰে৷ সেয়ে আমি সাধাৰণ মানুহবোৰে হিন্দু আৰু হিন্দুত্ববাদীৰ মাজৰ পাৰ্থক্যখিনি, গেৰুৱা ৰঙৰ আচল আৰু নকল অৰ্থখিনি বুজি পাব লাগিব৷ হিন্দুত্ববাদীবোৰে প্ৰকৃততে হিন্দু ধৰ্মক বদনাম কৰি আছে৷ সেয়ে  হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ সংকট আহিছে হিন্দুত্ববাদীসকলৰ পৰাহে৷

কিন্তু বিজেপি আৰু হিন্দুত্ববাদীসকলে অনবৰতে মুছলমানসকলৰ পৰা “হিন্দুসকললৈ সংকট আহিছে” বুলি প্ৰচাৰ কৰি ফুৰে কিয়? এনে প্ৰচাৰৰ উদ্দেশ্যনো কি? এওঁলোকৰ উদ্দেশ্য পৰিষ্কাৰ- হিন্দুলৈ সংকট অহা বুলি আতংকিত কৰি সমাজখনত সাম্প্ৰদায়িক মেৰুকৰণ কৰা আৰু আতংকিত হিন্দু লোকসকলৰ ভোটবোৰ গোটাই লৈ ক্ষমতা দখল কৰা৷ ক্ষমতা দখল কৰি আমাৰ সংবিধানখনক নৰ্দমালৈ দলিয়াই দিয়া আৰু মনুসংহিতাখনক তথাকথিত হিন্দু-ৰাষ্ট্ৰৰ সংবিধান হিচাপে স্বীকৃতি দিয়া৷ প্ৰথমতে হিন্দুত্ববাদীসকলে হিন্দু ধৰ্মীয় লোকসকল উত্তেজিত আৰু প্ৰৰোচিত কৰি অন্য ধৰ্মৰ লোকসকলক নিৰ্যাতন কৰাৰ পথ মুকলি কৰিব আৰু তেওঁলোকক দেশৰ পৰা বাহিৰ কৰি দিব৷ তাৰ পাছত জাতি-ভেদ প্ৰথাৰ ভিত্তিত ব্ৰাহ্মণ্যবাদী সমাজ এখন প্ৰতিষ্ঠা কৰিব য’ত মহিলা আৰু নীচ কূলত জন্ম লাভ কৰা পুৰুষসকল তথাকথিত উচ্চ কূলত জন্ম লাভ কৰা পুৰুষসকলৰ ভৰিৰ তলুৱাত লাগি থকা ধূলি হৈ থাকিব৷

এনে এখন সমাজত নীচ কূলৰ মানুহবোৰ হৈ পৰিব অস্পৃশ্য৷ এওঁলোকৰ ছাঁটোও উচ্চ জাতিৰ মানুহে গচকিব পাব নালাগিব, অন্যথা এওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন চলিব৷ উচ্চ জাতিৰ মানুহবোৰে একো কাম-বন নকৰাকৈ নিম্ন জাতিৰ মানুহৰ পৰিশ্ৰমৰ বিনিময়ত সুখে-সন্তোষে থাকিব৷ মহিলা আৰু নিম্ন জাতিৰ পুৰুষসকলক শিক্ষা গ্ৰহণ কৰাত বাধা আৰোপ কৰিব, মন্দিৰত এওঁলোকৰ প্ৰৱেশ নিষেধ কৰা হ’ব৷ এনেকুৱা এখন সমাজ লাগিবনে আপোনাক? এনেকুৱা এখন হিন্দু-ৰাষ্ট্ৰৰ সমৰ্থন আপুনি কৰিব জানো? মই নকৰো৷ ভাৰতৰ প্ৰায়ভাগ হিন্দুই নকৰে৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক মাত্ৰ ৩১% ভাৰতীয়ই ভোট দিছিল৷ ভাৰতত প্ৰায় ৮০% নাগৰিক হিন্দু৷ আৰএছএছ-বিজেপিয়ে হিন্দুলৈ সংকট আহিছে বুলি কৈ সকলো হিন্দুৰ ভোট গোটাব পাৰিলে তেওঁলোকৰ বহু আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পাৰিব৷ ওপৰত কৈ আহিছো যে, হিন্দু ধৰ্মৰ উদাৰ আৰু বহুত্ববাদী দৰ্শন নিঃশেষ কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠাই বিজেপি-আৰএছএছৰ শেষ লক্ষ্য৷ এজন হিন্দু হিচাপে জানো আপুনি হাজাৰ বছৰীয়া ভাৰতীয় হিন্দু দৰ্শন, গান্ধী-বিবেকানন্দৰ হিন্দু ধৰ্মক নিঃশেষ কৰিবলৈ দিব? তদুপৰি হিন্দুত্ববাদীৰ সাম্প্ৰদায়িক, জাতিবাদী আৰু বিভাজনকামী এজেণ্ডা আৰু কাৰ্য্য-কলাপ ভাৰতীয় সংবিধানৰ পৰিপন্থী ৷ এগৰাকী নাগৰিক হিচাপে জানো আপুনি ভাৰতৰ সংবিধানলৈ সংকট লৈ অহা হিন্দুত্ববাদীক সমৰ্থন কৰিব পাৰিব?

উল্লেখ্য যে, ২০১৪ চনত উন্নয়নৰ কথা কৈহে বিজেপিয়ে ৩১% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল৷ হিন্দু-মুছলমান, মন্দিৰ-মছজিদ, হিন্দু-ৰাষ্ট্ৰৰ কথা কোৱা হ’লে ৩১% ভোটো নাপালেহেঁতেন৷ মোদীয়ে নিৰ্বাচনৰ আগত বছৰি ২ কোটি চাকৰি দিয়া, বিদেশৰ পৰা ক’লাধন ঘূৰাই অনা, মূল্যবৃদ্ধি ৰোধ কৰা, দুৰ্নীতি কমোৱা, স্মাৰ্ট চিটী বনোৱা, মহিলাৰ সুৰক্ষা প্ৰদান কৰা ইত্যাদি এশ এবুৰি চমৎকাৰী প্ৰতিশ্ৰুতি দিছিল৷ আৰু বিশেষকৈ ভাৰতৰ যুৱক-যুৱতীয়ে মোদীৰ প্ৰতিশ্ৰুতিত আস্বস্ত হৈ বিজেপিক ভোট দিছিল৷ কংগ্ৰেছৰ অপশাসন আৰু দুৰ্নীতিৰ পৰা মুক্তি বিচাৰি বহুতে বিজেপিক ভোট দিছিল৷ কিন্তু শাসনত বহাৰ পাছত বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰতো পালন নকৰিলেই, তাৰ পৰিৱৰ্তে হিন্দু-মুছলমান, গাই-গোবৰ-গোমাংসৰ ইছ্যুৰে দেশখনত সাম্প্ৰদায়িকতা বিয়পালে৷ বছৰি ২ কোটি চাকৰিতো দিব নোৱাৰিলেই, পুৰণা চাকৰিকেইটাও শেষ কৰিলে৷ বিমুদ্ৰাকৰণৰ পাছত দেশত কোটি কোটি লোকে চাকৰি বা কৰ্মসংস্থাপন হেৰুৱালে৷ অত্যাৱশকীয় বস্তুৰ মূল্য নকমিল৷ সেয়ে দেশৰ যুৱক-যুৱতীয়ে চাকৰি, বিদেশৰ ক’লা টকাৰ খবৰ সুধিব বুলি ভাবি তেওঁলোকক হিন্দু-মুছলমানৰ ৰাজনীতিত ব্যস্ত কৰিব খুজিছে৷ বিজেপি চৰকাৰৰ এনে কাৰচাজি সকলোৱে বুজি উঠিছে বাবে প্ৰায়ভাগ যুৱক-যুৱতীয়ে বিজেপিক আৰু ২০১৯ত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে৷ এইকথাত ভীতিগ্ৰস্ত হৈ বিজেপি আৰু হিন্দুত্ববাদীসকলে নানা অপপ্ৰচাৰ, মিছা তথ্যৰে সহজ-সৰল ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে, আৰু ৰাইজক মুছলমানৰ ভয় দেখুৱাই পুনৰ শাসনলৈ অহাৰ ফান্দ পাতিছে৷ এই ফান্দত ভৰি দিলে ৰাইজ নিগমে মৰিব৷ 

 

 

 

কৌ শি ক তা লু ক দা ৰ

মুম্বাইস্থিত আই আই টি বোম্বেৰ গৱেষক ছাত্ৰ।

Previous ফা গু না ওঁ ঠ ত  ব স ন্ত ৰ গা ন 
Next ভঙা খিৰিকীৰে ভালুকৰ মুখ