শ্ৰদ্ধাঞ্জলি


টা সময়ত অসমৰ বড়ো মানুহখিনিয়ে অভিযোগ কৰিছিল – বি এল টি, এন ডি এফ বি আদিয়ে কুটাঘাত কৰিলে বড়ো সন্ত্ৰাসবাদী বুলি কয় কিয়? আলফাই যেতিয়া কুটাঘাট কৰে, তেতিয়া অসমীয়া সন্ত্ৰাসবাদী বুলি কয় জানো? আলফা মানে যিদৰে সকলো অসমীয়া মানুহক নুবুজায়, একেদৰে বি এল টি বা এন ডি এফ বি মানেই সকলো বড়ো মানুহক নুবুজায়। কথাখিনি মুছলিম সন্ত্ৰাসবাদী সংগঠনৰ ক্ষেত্ৰতো খাটে। কেইটামান সংগঠনৰ বাবেই বিশ্বৰ সকলো মুছলমানক সন্ত্ৰাসবাদী বা সন্ত্ৰাসবাদৰ সমৰ্থক বুলি ভবা উচিত নহয়। এই কথা অন্ততঃ ভাৰতৰ মুছলমানে প্ৰমাণ কৰি দিছে। সুখৰ কথা যে, এতিয়া মানুহে সংগঠনবোৰৰ নাম ক’বলৈ আৰম্ভ কৰিছে। প্ৰতিবাদ কৰিছে। মুছলমান সকলেও প্ৰতিবাদ কৰিছে।

https://biriyaa.com/

পাকিস্তান, কাশ্মীৰ আৰু ইয়াৰ কুটনৈতিক কথাখিনি যথেষ্ট জটিল যদিও এই সমস্যাই ভাৰতৰ সকলোকে স্পৰ্শ কৰি আহিছে। কাৰণ তাত ধৰ্ম আৰু ৰাজনীতিৰ কথা জড়িত হৈ আছে। সমস্যাটোৰ সমাধানৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা আলোচনাও হৈ আহিছে। কিন্তু আমি সাৱধান হৈ থাকিব লাগিব দুষ্ট চক্ৰৰ বিৰুদ্ধে – যাতে ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে আমাৰ মাজত সন্দেহ বা অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে। দেশৰ বাবে প্ৰাণ দিবলৈ কোটি কোটি মুছলমান ওলাই আহিব। তাৰ মাজতো যদি ভাৰত বিৰোধী শক্তি লুকাই আছে, তেন্তে চৰকাৰে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। শেষত কাশ্মীৰত নিহত বীৰ জোৱান সকললৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous সৰিয়হৰ ডুলিতে ভূত!
Next প্ৰ তী তি!