ৰ্মান্তিক বা দুখজনক খবৰ বুলি নকৈ আচলতে ৰাজ্যবাসীৰ বাবে চৰম হতাশজনক খবৰ। ৰাজ্যৰ এটা অঞ্চলত চুলাই মদ খাই শতাধিক মানুহৰ মৃত্যুক মুঠেই সহজভাৱে ল’ব নোৱাৰি৷ কাৰণ, ইয়াৰ আঁৰত থকা কাৰকবোৰ আমি অতদিনে অবজ্ঞা কৰি অহাৰ ফলস্বৰূপেই এনে ধৰণৰ ঘটনা আজি ঘটিবলৈ পালে৷ আমি দোষ ঠেলিম কাৰ গালৈ ? চৰকাৰলৈ নে সেই সাধাৰণ সুৰাসেৱী লোকসকলৰ গালৈ? যিসকলে দিনটোৰ পৰিশ্ৰমৰ অন্তত সাধাৰণ সুৰাপানকে জীৱনৰ মুখ্য অৱলম্বন বুলি ভাবিবলৈ লয়৷ সুৰাপান কৰিয়ে সকলো সমস্যাৰ পৰা পৰা আতঁৰি থাকিব বিচাৰে যিসকলে৷ ৰাজ্যখনত সংঘটিত সুৰা ট্ৰেজেডীৰ এই মৰ্মান্তিক খবৰে আমাৰ ভবিষ্যতৰ বাবে চকু মেল খুৱাবলৈ সক্ষম হবনে?

গোলাঘাট, যোৰহাট, মেৰাপানীত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাৰ কাৰকবোৰ আমি অতি সচেতনভাবে চিন্তা কৰাৰ দৰকাৰ৷  ইয়াৰ পূৰ্বতেও এনেধৰণৰ বিষাক্ত সুৰা সেৱন কৰি মানুহৰ মৃত্যু হৈছে৷ সাধাৰণ তদন্ত কৰি বিষয়টোক সামৰি থোৱা হয়৷ কাৰণ ইয়াৰ আঁৰত লুকাই থকা কাৰকবোৰ বিশ্লেষণ কৰিবলৈ গ’লেই একাংশ বিষয়া-কৰ্মচাৰীৰ ভেটিৰ মাটিত কঁপনি উঠাৰ সম্ভাৱনা থাকে আৰু সেয়ে বিষয়বোৰ তল পৰি ৰয়৷ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ইয়াৰ পিছতো চলিয়েই থাকে৷ সুৰাসেৱন কৰি ব্যক্তিৰ মৃত্যু হ’লে আমি আবকাৰী বিভাগ বোলা বস্তুটোলৈ মনত পেলাওঁ আৰু সমস্ত ক্ষোভ উজাৰি গালি গালাজ কৰি তালফাল লগাই দিওঁ৷ দুদিন পিছত সকলো নিতাল মাৰে৷ কিন্তু সেই সোৱাদ ভৰা বিষে যে তিলতিলকৈ ব্যক্তিৰ পৰা গোটেই সমাজখনকে মৃত্যুৰ ফালে ঠেলি দিছে, সেয়া আমৰ বোধৰ পৰা আঁতৰাই পেলাওঁ৷ অসমৰ প্ৰতিজন সচেতন ব্যক্তিৰ এই কথা জ্ঞাত যে, বৰ্তমান সময়ত অসমৰ সমাজ জীৱনক সুৰাই ভয়ংকৰভাৱে গ্ৰাস কৰি পেলাইছে৷ বয়সৰ কোনো পৰিধি নাৰাখি এই সুৰাই অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে ব্যক্তি আৰু সমাজজীৱনক৷ উৎসৱ-পাৰ্বন, বিয়া-সবাহ বুলি কথা নাই, জীৱনৰ দৈনন্দিনতাৰ প্ৰতিটো মূহূৰ্তত আমি আগস্থান দি আহিছো সুৰাক৷ সুৰাৰ ৰাগীত কৰা সকলো অপকৰ্মক আমি মাফ কৰি দিব পৰাও হ’লো৷ কি শিল্পী-সাহিত্যিক কি সাধাৰণ লোক, সকলো আক্ৰান্ত৷ অতি ভয়ংকৰভাবে আক্ৰান্ত হৈছে অসমৰ গাঁও আৰু মফচল৷ ক্ৰমাৎ বৃদ্ধি হৈ অহা নিবনুৱা সমস্যা, পাৰিবাৰিক অশান্তি, ভবিষ্যতৰ অন্ধকাৰাছন্ন জীৱনৰ গইনা লৈ সুৰাই থিতাপি লৈছে আমাৰ দৈনন্দিন জীৱন শৈলীত। গ্ৰামাঞ্চলৰ বহু যুৱক এতিয়া বুঢ়া নহয়৷ কাৰণ বৃদ্ধাৱস্স্থা নৌপাওতেই তেওঁলোকে সাৱটিছে অকাল মৃত্যুক৷ সুৰাসেৱন এতিয়া খুবেই এক সাধাৰণ কথাত পৰিণত হৈছে৷ প্ৰতিটো পৰিয়াল আজি এই সুৰাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দ্বাৰা আক্ৰান্ত৷

উৎসৱ-পাৰ্বন, বিয়া-সবাহ বুলি কথা নাই, জীৱনৰ দৈনন্দিনতাৰ প্ৰতিটো মূহূৰ্তত আমি আগস্থান দি আহিছো সুৰাক৷ সুৰাৰ ৰাগীত কৰা সকলো অপকৰ্মক আমি মাফ কৰি দিব পৰাও হ’লো৷ কি শিল্পী-সাহিত্যিক কি সাধাৰণ লোক, সকলো আক্ৰান্ত৷ অতি ভয়ংকৰভাবে আক্ৰান্ত হৈছে অসমৰ গাঁও আৰু মফচল৷
ব্যক্তিজীৱন ধ্বংস হৈ আছে,পৰিয়ালবোৰ নিঃশেষ হৈ গৈ আছে৷ আমি হেৰুৱাই আছো  বহু সম্ভাৱনাপূৰ্ণ মানৱ সম্পদক৷  সমাজজীৱন আগবাঢ়ি যোৱাৰ সলনি ক্ৰমাৎ পশ্চাৎগামী হৈ গৈ আছে৷ এয়াহে আমাৰ বাবে অতি মৰ্মান্তিক খবৰ৷ অসমৰ  ব্যক্তি তথা সমাজজীৱনক এই ভয়ংকৰ কালচক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নতুবা আঁচনি তৈয়াৰ কৰা পৰিলক্ষিত নহ’ল আজিলৈ৷ বৰঞ্চ ৰাজহৰ দোহাই দি সুৰাক মুক্ত প্ৰচলন আৰু বিপননৰ বাবে মুকলি লাইচেঞ্চহে দিলে এইখন চৰকাৰে৷
চাহবাগিচাৰ এলেকাবোৰক শিক্ষা স্বাস্থ্যৰ পৰা বহু যোজন বাট দুৰত ৰাখি অকল ভোটৰ ৰাজনীতিৰ বাবেই ব্যৱহাৰ কৰি থকা হ’ল ৷ অসমৰ প্ৰতিখন চৰকাৰে সুৰাৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন নকৰি নৰমপন্থা অৱলম্বন কৰাৰ ফলস্বৰূপে আজি অসমৰ সমাজ জীৱনত এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’বলৈ পালে৷ অনুজ্ঞাপত্ৰ থকা বিদেশী সুৰাৰ বিপণীৰ কথা আৰু এতিয়া কৈ লাভ নাই৷ কিন্তূ অলিয়ে-গলিয়ে গঢ়ি উঠা অবৈধ চুলাই উৎপাদনকাৰী ঘাটিসমুহৰ ক্ষেত্ৰত আৱকাৰী বিভাগৰ নাই নেকি কোনো নিয়ন্ত্ৰণ? যদি আছে সেয়া কেৱল লাভালাভৰ অংক৷
এইখিনিতে  এটা কৌতুক কাহিনী উল্লেখ কৰাৰ দৰকাৰ- এবাৰ আাবকাৰী বিভাগৰ চিপাহী চন্তৰীয়ে সাধাৰণ চুলাই বেপাৰী এজনক ধৰি লৈ আহিল৷ বেপাৰীজনক চিপাহীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰি গ’ল-চুলাই বিক্ৰী কৰিবিনে আজিৰ পৰা? কৰিবিনে?
-নকৰো চাৰ, নকৰো
যিমানেই চুলাই বেপাৰীয়ে মদ বিক্ৰী নকৰো বুলি কৈছে সিমানেই বেতৰ কোব বাঢ়ি গৈ আছে ৷
-চুলাই বিক্ৰী নকৰা হা৷
এটাসময়ত বেপাৰীজন বেতৰ কোব সহ্য কৰিব নোৱাৰা হৈ গ’ল৷ চিপাহীয়ে তেতিয়া ক’লে, তোমালোকে যদি চুলাই বিক্ৰীয়েই নকৰা তেন্তে আমি চলিম কিদৰে, আমাৰ ল’ৰা ছোৱালীক ডাঙৰ ডাঙৰ সপোন দেখুৱাম কিদৰে?
যেতিয়া বেপাৰীজনে চুলাই বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিলে তেতিয়াহে তাক যাবলৈ দিয়া হ’ল৷
এয়া হ’ল আমাৰ আবকাৰী বিভাগ, যিটোক অসমৰ সুৰা নিয়ন্ত্ৰণৰ সলনি সুৰা প্ৰস্তুতকৰণ আৰু প্ৰসাৰণৰ দায়িত্বহে অৰ্পণ কৰা হৈছে৷
 আবকাৰী বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থাকোতে যদি অসমৰ লোকজীৱনৰ আজি এই চৰম অৱস্থা হয় তেন্তে এই বিভাগৰ প্ৰয়োজন কত? জনতাৰ টকা খৰচ কৰি দা-দৰমহা দি বিষয়া কৰ্মচাৰীক পুহি ৰখাৰ যুক্তি ক’ত৷
কিন্তু কথা ইমানতেই হয়তো শেষ নহয়৷ সচেতন লোক বা অনুষ্ঠানৰ এইক্ষেত্ৰত নিশ্চয় কৰণীয় আছে৷ এখন নিয়ন্ত্ৰিত বা সুৰামুক্ত সমাজ গঢ়াত দায়িত্ব আছে তেওঁলোকৰ৷ উৰ্পাজনৰ বিকল্প পথৰ সন্ধান দিয়া, মানুহক সুৰাৰ আসক্তৰ পৰা মুক্ত কৰা আৰু সমাজৰ অন্যান্য বিষয়বোৰত নিয়োজিত হবলৈ উৎসাহী কৰাকে ধৰি বিভিন্ন কাৰ্য্যসূচী তৈয়াৰ কৰাটো দৰকাৰ৷ পূৰ্বতে হয়তো অসমীয়া সমাজখন এনেকুৱা নাছিল৷ কিন্তু এতিয়াৰ পৰিস্থিতি ভয়ংকৰ৷ হিন্দু বাংলাদেশীৰ আগমনে যিদৰে আমাৰ ভাষা সংস্কৃতি জাতি মাটি ভেটিৰ অস্তিত্বৰ  প্ৰতি ভাবুকি কঢ়িয়াই আনিব ঠিক সেইদৰে সুৰায়ো(চুলায়ে হওক বা বিদেশীয়ে) আমাৰ অসমৰ সমাজজীৱনক এটা সময়ত পংগুত্বৰ পিনে আগবঢ়াই লৈ যাব৷ আজি কুৰি কুৰি হিচাপত পুৰুষ মহিলাৰ মৃত্যু হৈছে বিষাক্ত সুৰা সেৱন কৰি, যদি চৰকাৰ তথা সমাজ সচেতন নহয় তেন্তে  অনাগত দিনত হয়তো আমি প্ৰতিনিধিত্ব কৰিব লাগিব এখন সুৰাসক্ত পংগু সমাজক।
বিৰিয়াৰ সাঁউৰি
Previous মোৰ নাম পানী
Next হাড়িয়া আৰু ভোট