প্ৰত্যেক মানুহে সমান মৰ্য্যাদা আৰু অধিকাৰ লৈ জন্মগ্ৰহণ কৰে। মানুহৰ মৰ্য্যাদা সুনিশ্চিতকৰণ সংগ্ৰামৰ বহু উদাহৰণ আছে ইতিহাসৰ পৃষ্ঠাত। মানৱ অধিকাৰৰ ধাৰণাটোৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৰাষ্ট্ৰনেতা তথা আইনজ্ঞসকলে আৰু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত কৰা লিখিত ব্যৱস্থাসমূহ ক্ৰমান্বয়ে ৰাষ্ট্ৰীয় আইন সমূহত লিপিবদ্ধ হ’বলৈ ধৰিলে। ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় উভয় আইনতে এই অধিকাৰক ন্যায়িক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। মানৱজাতিৰ প্ৰতিজন সদস্যৰ মৰ্য্যাদা আৰু সমতাৰ প্ৰমূল্যবোৰ প্ৰায় সকলো সভ্যতা, সংস্কৃতি, ধৰ্ম আৰু দাৰ্শনিক পৰম্পৰাৰ মাজত উপলব্ধ। অজ্ঞতা,পক্ষপাতমূলক বিচাৰ,অন্যায়,অবিচাৰ,নিপীড়ন,অসমতা আদি ত্ৰুটিপূৰ্ণ বৈষম্যবোৰ দূৰ কৰিবলৈ তথা লিংগ ,জাতি,বৰ্ণ,বংশ,জাতীয় বা গোষ্ঠীগত মূল বা ধৰ্মীয় বিশ্বাস ,শ্ৰেণী বা জাতিভেদৰ ভিত্তিত দাসত্ব বা বৈষম্যক ৰক্ষণাৱেক্ষণ দিয়া আদি অনীতিবোৰ দূৰীকৰণৰ বাবে মানৱ অধিকাৰ আয়োগ গঢ়ি উঠিল। যদিও এই অধিকাৰ সমূহৰ সুৰক্ষা দিয়াটো ৰাষ্ট্ৰৰ দায়িত্ব,বিশ্বৰ বিভিন্ন প্ৰান্তত কিছুমান চৰকাৰৰ দ্বাৰাই বাৰে বাৰে এইবোৰৰ উলংঘন হৈ আহিছে। বিগত বছৰবোৰত হাজোতত ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা  অমানুষিক অত্যাচাৰৰ বলি হৈ  মৃত্যু হোৱা মানুহৰ লগতে লেখবিহীন মানৱ অন্তৰ্ধানৰ বহু উদাহৰণ আছে। ৰাষ্ট্ৰসংঘই বৰ্তমানে নিয়মিতভাৱে বিশ্বৰ বিভিন্ন দেশত হোৱা বলপূৰ্বক অথবা অস্বেচ্ছামূলক অন্তৰ্ধান, স্বৈৰাচাৰী আটককৰণ আৰু অতিৰিক্ত ন্যায়িক দণ্ডবিধানৰ খতিয়ান ৰাখে। তৎসত্বেও এই ঘটনাবোৰৰ দ্বাৰা পীড়িত হোৱা লোকৰ মুঠ সংখ্যা হ্ৰাস পোৱাৰ কোনো নজিৰ নাই। নিৰ্য্যাতনৰ সৈতে এইবিলাকেই মানৱ অধিকাৰৰ গুৰুতৰ উলংঘনৰ পথ প্ৰশস্ত কৰি আহিছে, যিটো কথাই বিশ্ব সম্প্ৰদায়ৰ নিৰন্তৰ মনোযোগ দাবী কৰে।

১৯৪৫ চনৰ ২৬জুনত স্বাক্ষৰিত ৰাষ্ট্ৰসংঘৰ চনদত মানৱ অধিকাৰৰ বিষয়টিৰ যথাযথ প্ৰতিফলন ঘটে। ৰাষ্ট্ৰসংঘৰ চনদে এই বিশ্বজনীন সংগঠনটোৰ লক্ষ্য এনেদৰে বৰ্ণনা কৰিছে- “যুদ্ধৰ বিভীষিকাৰ পৰা উত্তৰ পুৰুষক ৰক্ষা কৰা,মানৱৰ মৌলিক অধিকাৰ ,মানৱৰ মৰ্য্যাদা আৰু দক্ষতা আৰু পুৰুষ-মহিলাৰ সমান অধিকাৰৰ ওপৰত আস্থাৰ ভাব পুনৰ প্ৰকাশ কৰা।” চনদৰ ১ নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হ’ল  মানৱ অধিকাৰৰ প্ৰতি তথা জাতি,ধৰ্ম ,ভাষা বা লিংগ নিৰ্বিশেষে সকলোৰে মৌলিক স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাত উৎসাহ দিয়াৰ ক্ষেত্ৰত এক আন্তৰ্জাতিক সহযোগিতাৰ লক্ষ্যত উপনীত হোৱা।  সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰৰ ৫নং অনুচ্ছেদ মতে কোনো ব্যক্তিয়েই নিৰ্য্যাতন বা নিষ্ঠুৰতা ,অমানৱীয় অথবা মৰ্য্যাদাহানিকাৰক আচৰণ বা শাস্তিৰ অধীন কৰিব নোৱাৰি  ।  ১০নং অনুচ্ছেদত কোৱা হৈছে যে, প্ৰত্যেক ব্যক্তিকে তেওঁৰ অধিকাৰ সমূহ তথা দায়িত্ব সমূহৰ নিৰ্দিষ্টকৰণত আৰু তেওঁৰ বিৰুদ্ধে যিকোনো ফৌজদাৰী গোচৰত স্বাধীন আৰু নিৰপেক্ষ ন্যায়াধীকৰণৰ দ্বাৰা সুবিচাৰ তথা ৰাজহুৱা শুনানিৰ বাবে অধিকাৰ প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই  ৰাষ্ট্ৰসংঘৰ চনদত থকা দায়িত্ব সমূহ আস্থাৰে পালন কৰিবই লাগি। কিয়নো এই চনদ হৈছে এক চুক্তিনামা  আৰু সেয়েহে আইনগতভাৱে ই বাধ্যতামূলক আৰু শক্তিশালী । ৰাষ্ট্ৰসংঘৰ চনদত থকা দায়িত্বসমূহ হ’ল মানৱ অধিকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা,মানৱ অধিকাৰ ৰক্ষা কৰাত উদগনি দিয়া আৰু এই লক্ষ্যত উপনীত হ’বলৈ ৰাষ্ট্ৰসংঘ আৰু আন আন ৰাষ্ট্ৰৰ লগত সহযোগিতা কৰা।

সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰৰ ৫নং অনুচ্ছেদ মতে কোনো ব্যক্তিয়েই নিৰ্য্যাতন বা নিষ্ঠুৰতা ,অমানৱীয় অথবা মৰ্য্যাদাহানিকাৰক আচৰণ বা শাস্তিৰ অধীন কৰিব নোৱাৰি  ।  ১০নং অনুচ্ছেদত কোৱা হৈছে যে, প্ৰত্যেক ব্যক্তিকে তেওঁৰ অধিকাৰ সমূহ তথা দায়িত্ব সমূহৰ নিৰ্দিষ্টকৰণত আৰু তেওঁৰ বিৰুদ্ধে যিকোনো ফৌজদাৰী গোচৰত স্বাধীন আৰু নিৰপেক্ষ ন্যায়াধীকৰণৰ দ্বাৰা সুবিচাৰ তথা ৰাজহুৱা শুনানিৰ বাবে অধিকাৰ প্ৰদান কৰা হৈছে।

মানৱ অধিকাৰ সম্পৰ্কীয় শিক্ষা অতি গুৰুত্বপূৰ্ণ। বহু আন্তৰ্জাতিক দলিলতো এই সম্বন্ধে গুৰুত্ব আৰোপ কৰা হৈছে। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰই  উল্লেখ কৰে যে “শিক্ষাৰ মূল লক্ষ্য নিৰ্ধাৰিত কৰা হ’ব মানৱ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ তথা মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাসমূহৰ প্ৰতি শ্ৰদ্ধাক শক্তিশালী কৰি তোলাত।”  মানৱ অধিকাৰ সমূহক দুটা ভাগত ভাগ কৰিব পাৰি। সেই দুটা ভাগৰ প্ৰথমটো হ’ল অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ,যিয়ে জীৱন, স্বাধীনতা, ব্যক্তিৰ নিৰাপত্তাৰ  অধিকাৰ, দাসত্ব আৰু অত্যাচাৰৰ পৰা মুক্তি, আইনৰ সাম্যদৃষ্টি ,স্বেচ্ছাচাৰীভাৱে গ্ৰেপ্তাৰ, আটক অথবা দেশান্তৰ হোৱাৰ পৰা সুৰক্ষা, সম্পত্তি আহৰণৰ অধিকাৰ, ৰাজনৈতিক অংশগ্ৰহণ, বিবাহৰ অধিকাৰ, চিন্তা, বিবেক,ধৰ্ম, মতামত প্ৰকাশৰ মৌলিক অধিকাৰ, শান্তিপূৰ্ণ ভাৱে সমবেত হোৱা আৰু সংস্থা গঠনৰ অধিকাৰ আৰু প্ৰত্যক্ষ ভাৱে বা মুক্তভাৱে বাছনি কৰা প্ৰাৰ্থীৰ জৰিয়তে নিজ দেশৰ চৰকাৰত অংশগ্ৰহণৰ অধিকাৰ বিধিত উল্লেখিত অধিকাৰ হৈছে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। ইয়াৰ ভিতৰত আছে কাম কৰাৰ অধিকাৰ, সমান কামৰ বাবে সমান মজুৰি লাভৰ অধিকাৰ, ট্ৰেড ইউনিয়ন গঠন কৰা আৰু তাত যোগ দিয়াৰ অধিকাৰ, উৎকৃষ্ট মানদণ্ডৰ জীৱন ধাৰণৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু সাংস্কৃতিক জীৱনত মুক্ত ভাৱে ভাগ লোৱাৰ অধিকাৰ।

আন্ত:ৰাষ্ট্ৰীয় অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ চুক্তিনামা(আই.চি.চি.পি.আৰ.) হৈছে ইয়াক স্বীকাৰ কৰা ৰাষ্ট্ৰসমূহৰ বাবে আইনগতভাৱে মানি চলিবলগীয়া চুক্তি । এনে ৰাষ্ট্ৰসমূহে এইবোৰ কাৰ্যকৰী কৰিবলৈ অথবা ইয়াক যথোচিত  সন্মান প্ৰদৰ্শন কৰিবলৈ বাধ্য। ১৯৭৬ চনৰপৰা এই চুক্তি নামা কাৰ্যকৰী হৈছে আৰু তেতিয়াৰেপৰা ১৩০খন ৰাষ্ট্ৰই আই.চি.চি.পি.আৰ স্বাক্ষৰ কৰিছে। কিছুমান অধিকাৰক ‘জাতীয় জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা ৰাজহুৱা জৰুৰী অৱস্থা’ত কৰ্তন কৰিব পৰা যায় যদিহে এই কাৰ্যব্যৱস্থা জাতি,বৰ্ণ,ধৰ্ম,লিংগ,ভাষা,অঞ্চল অথবা  সামাজিক মূল আদিৰ ভিত্তিত বৈষম্য মূলক নহয় ।যদি কোনো ৰাষ্ট্ৰই তাকে কৰিব খোজে,তেন্তে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক শীঘ্ৰে অৱগত কৰাটো বাধ্যতামূলক। ৰাষ্ট্ৰসমূহৰ জৰুৰী অৱস্থাই দুৰ্ভাগ্যজনক ভাৱে বিস্তৃত মানৱ অধিকাৰ খৰ্ব কৰে ।কিন্তু কেতবোৰ অধিকাৰ যুদ্ধ বা শান্তিৰ সময়তো উলংঘন কৰিব নোৱাৰে ৰাষ্ট্ৰসমূহে। সিবিলাক হৈছে – জীৱনৰ অধিকাৰ, আইনৰ সমুখত স্বীকৃতি, দাসত্ব আৰু অত্যাচাৰৰ পৰা স্বাধীনতা, চিন্তা তথা বিবেকৰ স্বাধীনতা, ধৰ্মৰ স্বাধীনতা, নিৰ্বাহ চুক্তিৰ(কনট্ৰেক্‌চুৱেল) বাধ্যবাধকতা পালন কৰাত ব্যৰ্থ হ’লে এজনীয়াকৈ বন্দী নোহোৱাৰ অধিকাৰ আৰু সংঘটিত কৰাৰ সময়ত অপৰাধমূলকভাৱে গণ্য নোহোৱা কোনো কামৰ বাবে দোষী নোহোৱাৰ অধিকাৰ। আই.চি.চি.পি.আৰ.ৰ ঐচ্ছিক প্ৰ’ট’কলৰ ব্যৱস্থা অনুসৰি ওঠৰজনীয়া স্বতন্ত্ৰ বিশেষজ্ঞৰ দ্বাৰা গঠিত মানৱ অধিকাৰ কমিটিয়ে ব্যক্তি বিশেষৰ পৰা চুক্তি নামাত সন্নিবিষ্ট অধিকাৰ ভংগকৰণ সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব পাৰে,যদিহে সংশ্লিষ্ট ৰাষ্ট্ৰই এই ঐচ্ছিক প্ৰ’ট’কলৰ প্ৰতি অনুমোদন আগবঢ়াইছে। অভিযোগসমূহ কমিটিৰ ওচৰত লিখিত ৰূপত দাখিল কৰিব লাগে। ভুক্তভোগী ব্যক্তিগৰাকীয়ে যদি নিজে কমিটিৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ অপাৰগ হয়,তেন্তে তেওঁৰ প্ৰতিনিধি হিচাপে আন ব্যক্তিয়েও অভিযোগ দাখিল কৰিব পাৰে ।এনে অভিযোগ বেনামী হ’লে গ্ৰহণযোগ্য নহয়। ই কাৰ্যপদ্ধতিৰ কৰ্কথনা হ’ব নালাগিব, ই আন কোনো আন্ত:ৰাষ্ট্ৰীয় বিচাৰ ব্যৱস্থাৰ অধীন হ’ব নালাগিব আৰু অভিযোগটো সংশ্লিষ্ট দেশখনত থকা সকলো সম্ভাব্য প্ৰতিকাৰৰ উপায় বিফল হোৱাৰ পাছতহে দাখিল হ’ব লাগিব। কমিটিৰ মতামত সমূহ আইনমূলক সিদ্ধান্ত হিচাপে প্ৰকাশ কৰা হয়,কিন্তু এইবোৰৰ প্ৰতি আনুগত্য প্ৰদৰ্শন সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰে। বহুক্ষেত্ৰতে কমিটিৰ বিচাৰ বা সিদ্ধান্ত সমূহক সদস্য ৰাষ্ট্ৰসমূহে সম্পূৰ্ণ ৰূপে মানি লোৱাৰ ভালেমান উদাহৰণ পোৱা যায়। ফিনলেণ্ড,মৰিচাছ, কানাডা, কলম্বিয়া,ইকুৱেডৰ, ত্ৰিনিদাদ,টবাগ’ আদি ৰাষ্ট্ৰসমূহে বিভিন্ন অভিযোগ সংক্ৰান্তত  কমিটিৰ ‘মতামত’ক সন্মান জনাই আহিছে ।

মানৱ অধিকাৰ সম্পৰ্কীয় তথ্যৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে ।১৯৮৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে সাধাৰণ সভাই ৪৩/১২৮ প্ৰস্তাৱ অনুসৰি মানৱ অধিকাৰৰ ৰাষ্ট্ৰসংঘ বিশ্ব ৰাজহুৱা তথ্য প্ৰচাৰ অভিযান ( ইউনাইটেড নেশ্ব’নছ ৱ’ৰ্ল্ড পাব্লিক ইনফ’ৰ্মেশ্বন কেম্পেইন ফ’ৰ হিউমেন ৰাইটছ ) এটাৰ ঘোষণা কৰে। এই অভিযানৰ লক্ষ্য হ’ল এক বিশ্বজনীন আৰু ব্যৱহাৰিক ধৰণেৰে মানৱ অধিকাৰ ক্ষেত্ৰত শিক্ষণ, শিক্ষা আৰু তথ্য আঁচনিৰ উন্নয়ন সাধন কৰা। এই অভিযানৰ মুখ্য কাৰ্যকলাপবোৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে মানৱ অধিকাৰ সম্পৰ্কীয় ছপা সামগ্ৰীৰ উৎপাদন আৰু বিতৰণ, কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা, গৱেষণা বৃত্তিৰ অনুদান তথা  মানৱ অধিকাৰৰ ৰাষ্ট্রীয় অনুষ্ঠান সৃষ্টি কৰা। মানৱ অধিকাৰ সম্পৰ্কীয় সজাগ বৃদ্ধিৰ বাবে গণমাধ্যমসমূহৰ ওপৰতো ইয়াত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । সাধাৰণ সভাৰ দ্বাৰা আঞ্চলিক তথা ৰাষ্ট্ৰীয় প্ৰয়োজন অনুসৰি মানৱ অধিকাৰ সম্বন্ধীয় স্পষ্ট তথা গ্ৰহণযোগ্য তথ্যৰ প্ৰয়োজনীয়তা ,ৰাষ্ট্ৰীয় তথা আঞ্চলিক ভাষাবোৰত এইবোৰৰ প্ৰকাশৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰা হৈছে।  প্ৰতি দুবছৰত সচিব প্ৰধানে এই প্ৰচাৰ অভিযানৰ কাম-কাজ এক প্ৰতিবেদন দাখিল কৰে আৰু সাধাৰণ সভাই ১৯৯২(৪৫/৯৯),১৯৯২(৪৭/১২৮) আৰু ১৯৯৪(৪৯/১৮৭) প্ৰস্তাৱ অনুযায়ী এনে অভিযান সমূহৰ লক্ষ্যসমূহ সুনিশ্চিত কৰে । 

সঞ্জয় ৰবিদাস

শিক্ষকতা বৃত্তিৰ সতে জড়িত সঞ্জয় ৰবিদাস নতুন প্ৰজন্মৰ এগৰাকী লেখক

Previous মৌ মাখিৰ গুণগুণ সকলোৱে শুনাচোন : মৌ-মাখি অবিহনে উকা হৈ পৰিব পৃথিৱী
Next সৰ্বাৰ ভাষণ, হিমন্তৰ সাৰদাৰ বিস্কুট আৰু চন্দ্ৰৰ মিথ্যাচাৰ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে