থাবোৰ এতিয়াও সাধু এটাৰ দৰে শুই আছে বুকুত৷ আমাৰ প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখৰ পুখুৰীটোৰ পাৰত আছিল পুথিভঁৰালটো৷ দুইখন গাঁও মানে আমাৰ পুৰণি গাঁওখন আৰু পূৱত থকা কাষৰীয়া গাঁওখনৰ সমূহীয়া পুথিভঁৰাল আছিল সেই পুথিভঁৰালটো৷ দুইখন গাঁওৰ যুৱচামে সমূহীয়া ভাৱে পুথিভঁৰালৰ দায়িত্ব পালন কৰা দেখিছিলোঁ৷
আমি তেতিয়া সৰু৷ আমাৰ মনত আছে, দুইখন গাঁওৰ ডেকা-বুঢ়া মিলি ব’হাগ বিহুত ঘৰে ঘৰে হুঁচৰি গাইছিল৷ হুঁচৰিত পোৱা দান-বৰঙনি পুথিভঁৰালৰ উন্নয়ন কামত ব্যৱহাৰ হৈছিল৷ গাঁওৰ ডেকা -জীয়ৰীসকলে বিভিন্ন প্ৰতিযোগীতামূলক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি গাঁৱলৈ কঢ়িয়াই অনা গৌৰৱও পুথিভঁৰালত সংৰক্ষণ কৰা হৈছিল৷ দেশ-বিদেশৰ সাধু, গল্প-উপন্যাস,আলোচনীকে আদি কৰি অসংখ্য কিতাপ ঠাহ খাই আছিল পুথিভঁৰালটোত৷ বিভিন্ন দিশত যুৱচামে পাৰদৰ্শিতা দেখুৱাই লাভ কৰা মানপত্ৰ -পুৰস্কাৰ, কিতাপ থোৱা আচবাব, পাঠকৰ বাবে বহি অধ্যয়ন কৰিব পৰা আসনৰ সুবিধা, মুঠৰ ওপৰত এটা সমৃদ্ধিশালী পুথিভঁৰাল৷ যাক লৈ গৌৰৱ কৰিব পৰা যায়৷

আমি তেতিয়া সপ্তম মানৰ ছাত্ৰী৷ আমাৰ সমবয়সীয়াসকল পুথিভঁৰালৰ কনিষ্ঠ সভ্য হিচাপে ধৰা হয়৷ এই পুথিভঁৰালৰ যোগেদি আমাৰ মাজত এক অধ্যয়নশীল মন গঢ় লৈ উঠিছিল৷ জ্ঞান, ৰোমাঞ্চকৰ কাহিনী, নীতি শিক্ষাৰ আদিপাঠ, মৌচাক, সঁফুৰা, জাতকৰ সাধু, হিতোপদেশৰ সাধু, এণ্ডাৰছনৰ সাধু, পা-ফু চিৰিজ, মহৎলোকৰ জীৱনী সাহিত্যৰ এই সকলোবোৰ ৰস আমি পাণ কৰিছিলোঁ এই মৰমৰ পুথিভঁৰালটোত৷ তদুপৰি প্ৰতিবছৰে গ্ৰীষ্ম বন্ধত দুইখন গাঁওৰ শিক্ষিত যুৱচামে আমাৰ বাবে বিনামূলীয়া পাঠদান শিবিৰ আয়োজন কৰিছিল৷ এক কথাত ক’বলৈ গ’লে পুথিভঁৰালটোৱে দুইখন গাঁওৰ বৌদ্ধিক পৰিৱেশ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷

এদিন শুনিলোঁ, যি গৰাকী ব্যক্তিৰ মাটিত পুথিভঁৰালটো আছে তেখেতে মাটিখিনি নামঘৰৰ নামত দান কৰিছে৷ গতিকে পুথিভঁৰালটো উঠি যাব৷ মানে ভাঙি পেলোৱা হ’ব৷ কথাষাৰে আমাৰ সৰু মনটোক বৰ দুখ দিছিল৷ আমি ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ পুথিভঁৰালটো ভাঙি নেপেলাবলৈ৷ কিন্তু পুথিভঁৰালটো ভাঙি পেলোৱা হৈছিল আৰু তাৰ ঠাইত ভগৱানৰ ঘৰ নিৰ্মাণ হ’ল৷ পুথিভঁৰালৰ সমস্ত সম্পত্তি উক্ত মাটিৰ মালিক তথা কমিটিৰ দুই- এজন বিষয়ববীয়া ঘৰত অস্থায়ীভাৱে ৰখা হ’ল৷ সিদ্ধান্ত হ’ল যে পুনৰ পুথিভঁৰাল নিৰ্মাণ নোহোৱালৈকে ই এনেকৈ থাকিব৷ সময় উকলি গ’ল৷ কিতাপ কাগজ পোকে খাই গ’ল,হেৰাই গ’ল পুথিভঁৰালৰ সেই ৰং৷ কিন্তু আমাৰ সপোনৰ পুথিভঁৰালটো পুনৰ নিৰ্মাণ আজিলৈকে নহ’ল৷
ঠিক একে ঘটনাৰ পুনৰাবৃত্তি ঘটিছিল আমি নতুনকৈ উঠি অহা গাঁওখনতো৷ তাতো এটা পুথিভঁৰাল আছিল৷ মানুহ এঘৰৰ বাৰীৰ চুক এটাত আছিল৷ নতুন গাঁওখনলৈ আহি যেতিয়া পুথিভঁৰালটো দেখিছিলোঁ মনটো ভাল লাগিছিল৷ জীৱনৰ প্ৰথম পুথিভঁৰালটো হেৰুৱাৰ দুখ পাতল হ’ল৷ এই পুথিভঁৰালটো আমাৰ পুৰণি গাঁওৰ পুথিভঁৰালতকৈ কোনো গুণে কম নাছিল৷ কিন্তু আমাৰ এই সুখ বেছি দিন নাথাকিল৷ এই পুথিভঁৰালও ভাঙি পেলোৱা হৈছিল৷ কাৰণ জনা নাছিলো৷ সেই পুথিভঁৰালটোৰো সম্পত্তিৰ গতি আমাৰ সেই পুৰণি পুথিভঁৰালটোৰ দৰেই একে হ’লগৈ৷

নৱ প্ৰজন্মৰ মাজত অধ্যয়নশীল মনোভাৱ গঢ় দিয়া পুথিভঁৰাল এটাক উছন কৰি ভগৱানৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপত্তি তেতিয়াও আছিল আৰু এতিয়াও আছে৷

চকুৰ আগতে দুটাকৈ পুথিভঁৰালৰ অপমৃত্যু দেখা পাইছিলোঁ ৷প্ৰথম পুথিভঁৰালটোৰ ধ্বংসৰ কাৰণ জানো৷ এই বিচাৰ আৰু সিদ্ধান্তৰ প্ৰতি তেতিয়াই এক ক্ষোভ জাগি উঠিছিল, যদিও আমি সৰু আছিলোঁ৷ ধৰ্ম আৰু ভগৱানক লৈ আমাৰ কোনো বিৰূপ ভাব নাই৷ কিন্তু নৱ প্ৰজন্মৰ মাজত অধ্যয়নশীল মনোভাৱ গঢ় দিয়া পুথিভঁৰাল এটাক উছন কৰি ভগৱানৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপত্তি তেতিয়াও আছিল আৰু এতিয়াও আছে৷ কাৰণ আমাৰ বিশ্বাস মানুহৰ মাজত ভগৱান বিৰাজমান৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আজি প্ৰায় পঁচিশ বছৰমানৰ আগত পুথিভঁৰালক লৈ যি প্ৰগতিশীল চিন্তা মানুহৰ মাজত দেখা গৈছিল তাৰ তুলনাত আজিৰ সমাজত সেই চিন্তা একেবাৰে নাই৷ সম্প্ৰতি মন্দিৰ, মছজিদ বা নামঘৰ নিৰ্মাণ কাৰ্য্ যি দ্ৰুত হাৰত বৃদ্ধি পাইছে, সেই তুলনাত পুথিভঁৰাল নিৰ্মাণ কাৰ্য নগণ্য৷ ই এক চিন্তনীয় বিষয়৷

শেষত একান্তই ব্যক্তিগত কথা এটা উল্লেখ কৰিব বিছাৰিছোঁ৷ আমাৰ দৃষ্টিত এটা প্ৰজন্মক অধ্যয়নশীল তথা প্ৰগতিশীল কৰাৰ ক্ষেত্ৰত পুথিভঁৰালে বিশেষ ভূমিকা পালন কৰে৷ ইয়াৰ উপৰিও মেধা সম্পন্ন আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবেও ই এক আশাৰ চাকি৷ সৰুতেই চকুৰ আগত দুটাকৈ পুথিভঁৰালৰ অপমৃত্যু বাবে হওক নতুবা মোৰ কিতাপৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে হওক৷ নিজকে জনা হোৱাৰ পৰা মনত এটা সপোন কঢ়িয়াই লৈ ফুৰিছিলোঁ -ব্যক্তিগত এটা পুথিভঁৰাল গঢ় দিয়া৷ আজি প্ৰায় সেই সপোন পূৰণ হৈছে৷ এই ব্যক্তিগত পুথিভঁৰালৰ পৰা সকলোৱে বিনামূলীয়াকৈ কিতাপ নি অধ্যয়ন কৰিব পাৰে৷ ইতিমধ্যে কিছু লোকে আমাৰ পুথিভঁৰালৰ সতে যোগাযোগ ৰক্ষা কৰি আহিছে৷ ভৱিষ্যতে আৰু আশা ৰাখিছোঁ৷ বৰ্তমান আমি দেখিবলৈ পোৱা সমস্যাবোৰ ভিতৰত এটা সমস্যা হৈছে আমাৰ মাজত অধ্যয়নশীল মানসিকতা কমি অহা৷ ই ভাবিবলগীয়া কথা৷ কিন্তু অধ্যয়নশীল মানসিকতা গঢ় দিবলৈ যোৱাৰ আগতে এটা বৌদ্ধিক পৰিৱেশ গঢ় দিব লাগিব৷ এই ক্ষেত্ৰত পুথিভঁৰালৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ গতিকে পুথিভঁৰালক লৈ আৰম্ভ কৰা এই শোভাযাত্ৰা আমি প্ৰত্যেকে ঘৰৰ পৰাই আৰম্ভ কৰোঁ আহক৷ 

Previous নিম্নগামী জি.ডি.পিঃ দেশৰ মিডিয়া ব্যস্ত ৰিয়া চক্ৰৱৰ্তীক লৈ
Next ৰাহুল গান্ধীৰ কটাক্ষঃ “মোদী সৃষ্ট সমস্যা’’ত থানবান দেশ