পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষৰ জন্মৰ সময়ত পৃথিৱীৰ আগশাৰীৰ প্ৰায়বোৰ ৰাজনৈতিক চিন্তাবিদেই দেশখনত গণতন্ত্ৰৰ ভৱিষ্যতৰ প্ৰতি সন্দেহৰ ভাৱ পোষণ কৰিছিল। কিছুমানেতো মুকলিকৈয়ে গণতান্ত্ৰিক ভাৰতৰ মৃত্যু তাৰিখ ঘোষণা কৰিছিল। ভাৰতবৰ্ষৰ ভৱিষ্যতৰ প্ৰতি সন্দেহৰ ভাৱ পোষণ কৰাৰ আঁ‌ৰত কিছুমান সৱল যুক্তি আছিল। সেই সময়ত ভাৰতবৰ্ষৰ শিক্ষিত মানুহৰ সংখ্যা আছিল মাত্ৰ ২৫ শতাংশ। শতকৰা ৮০শতাংশ মানুহে বসৱাস কৰিছিল গাঁও অঞ্চলত, দৰিদ্ৰ সীমাৰেখাৰ তলত। গতিকে তেনে এখন দেশৰ জণসাধাৰণৰ ওপৰত গণতন্ত্ৰ ‘জাপি’ দিয়াটো একপ্ৰকাৰৰ ভূতৰ ওপৰত দানহ পৰাৰ দৰে কথা আছিল। ১৯৫২ চনত ভাৰতত প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক নিয়মেৰে লোকসভা তথা বিধানসভাসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। ৰাজনৈতিক সমালোচকসকলে আশংকা কৰাৰ বিপৰীতে কিন্তু এই নিৰ্বাচন অতি সুকলমে অনুষ্ঠিত হয় আৰু ৫০ শতাংশতকৈও অধিক ভোটাৰে অতি শান্তিপূৰ্ণভাৱে ভোটদান কৰে। তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় গণতন্ত্ৰ বহুতো উত্থান-পতনৰ মাজেৰে আগবাঢ়ি বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে। আজি ভাৰতীয় গণতন্ত্ৰক  মোতামুটিভাৱে সফল বুলিয়েই ক’ব পাৰি।

অৱশ্যে এইখিনিতে এটা প্ৰশ্ন উঠে- ভাৰতীয় ভোটাৰ কিমান সচেতন? ভাৰতত শিক্ষিত মানুহৰ সংখ্যা বাঢ়িছে, ধনী মানুহৰ সংখ্যা বাঢ়িছে; কিন্তু সেই অনুপাতে ভাৰতীয় নাগৰিকৰ ৰাজনৈতিক সচেতনতা বাঢ়িছেনে? এই প্ৰশ্নটোৰ উত্তৰ কিন্তু সন্তোষজনক নহয়। খুব কম সংখ্যক ভাৰতীয় ভোটাৰেহে এতিয়াও নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলৰ ব্যক্তিগত উপযুক্ততা বিচাৰ কৰি চায় বা চোৱাৰ মানসিকতা ৰাখে। প্ৰায়সংখ্যক ভোটাৰ এতিয়াও গড্ডলিকা প্ৰৱাহত উটি যায়। ভাৰতীয় ভোটাৰৰ ৰাজনৈতিক সচেতনতাৰ অভাৱৰ বাবেই লোকসভা-বিধানসভাসমূহ অশিক্ষিত-অপৰাধী জনপ্ৰতিনিধিৰে ভৰি থাকে। নিৰ্বাচনৰ সময়ত সুৰা, নগদ ধন, সূতা-কম্বলৰ দৰে সস্তীয়া বস্তুৰে ভোটাৰৰ মন জয় কৰাৰ প্ৰতিযোগিতা চলে। বৰ্তমান সূতা-কম্বলৰ সৈতে আৰু এবিধ বস্তু লগ হৈছে- সেয়া হৈছে আধাৰশিলা। নিৰ্বাচনৰ এমাহ আগতে প্ৰতিষ্ঠা কৰা আধাৰশিলাবোৰ কিন্তু বছৰৰ পিছত বছৰ তেনেকৈয়ে পৰি থাকে- সেই আধাৰশিলাত খোদিত কৰা আঁ‌চনিৰ ধন ক’ৰপৰা আহে,ক’লৈ যায়- সাধাৰণ ৰাইজৰ বাবে সেয়া সাঁ‌থৰ হৈয়ে ৰয়। পিছৰ নিৰ্বাচনৰ সময়ত আকৌ সেই আধাৰশিলা ভাঙি বা ঢাকি নতুন আধাৰশিলা থিয় কৰোৱা হয়। একমাত্ৰ ভোটাৰৰ ৰাজনৈতিক সচেতনতাৰ অভাৱতে আজি ভাৰতীয় সংসদীয় ৰাজনীতিত খোপনি পোতা- বিধানসভাই হওক বা লোকসভাই হওক- সকলোবোৰ জনপ্ৰতিনিধিয়েই কোটিপতি। এয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে প্ৰহসণৰ বাদে আন একো নহয়।
জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous   চিন্তাক্লিষ্ট!   
This is the most recent story.