হামাৰীৰ ধাক্কাত অৱশেষত দেশৰ মুঠ জাতীয় আয়ৰ পৰিমাণ নিম্নগামী হৈ নামিলগৈ ২৩.৯ শতাংশলৈ৷ দেশৰ অৰ্থনীতিবিদ সকলে বাৰম্বাৰ উল্লেখ কৰি আহিছিল যে এচিয়াৰ ভিতৰতে বৃহত্তম ভাৰতৰ অৰ্থনীতিলৈ নামি আহিব পাৰে গভীৰ সংকট৷ দেশৰ অৰ্থনীতিবিদসকলে এই কথাও দোহাৰিছিল যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত কমিব পাৰে দেশৰ জি.ডি.পিৰ হাৰ৷ এই কথা সত্য প্ৰমাণিত কৰি যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰে জনালে যে এপ্ৰিলৰ পৰা জুন মাহলৈকে মুঠ জাতীয় উৎপাদন কমিল ২৩.৯ শতাংশলৈ৷

এই কথা সত্য যে কৰ’না মহামাৰীৰ কৱলত দেশৰ অৰ্থনীতি চূড়ান্তভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ সৰু সুৰা ব্যৱসায় বাণিজ্যত ওলমিছে তলা৷ যোৱা মাৰ্চ মাহৰ পৰা অবিৰতভাৱে হৈ থকা তলাবন্ধৰ কাৰ্যসূচীয়ে ভয়ানকভাৱে ক্ষতিগ্ৰস্ত কৰিছে দেশৰ অৰ্থনীতিক৷ কিন্তু বিশেষজ্ঞ সকলে বাৰম্বাৰ সকিয়াই দিয়াৰ পিচতো কি কাৰণত চৰকাৰে অৰ্থনীতি উদ্ধাৰৰ বাবে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থাৰ? যদিও ২১ লাখ কোটি টকা এই জাতীয় আয় নিম্নগামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু তাৰ পিছতো ৰক্ষা নহল দেশৰ অৰ্থনীতি৷ প্ৰণিধানযোগ্য যে ১৯৯৬ চনৰ পৰা তিনিমহীয়া জি.ডি.পিৰ বিকাশৰ হাৰ প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ সেই তেতিয়াৰে পৰা আজিলৈকে ইমান নিম্নগামী হোৱা নাছিল দেশৰ জি.ডি.পিৰ হাৰ৷
দেশৰ ১৩০ কোটি জনসংখ্যাৰ দেশখনত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ৭০ হাজাৰোধিক৷ লক্ষাধিক লোক আক্ৰান্ত হৈছে এই ৰোগত৷ মৃত্যুৰ হাৰো দৈনিক বৃদ্ধি হৈ আহিছে৷ বিশেষজ্ঞ সকলে মতপোষণ কৰিছে যে এই মহামাৰীৰ পৰা সহজ মুক্তি সম্ভৱ নহয়৷ ইতিমধ্যে লাখ লাখ লোকে হেৰুৱাই পেলাইছে নিজৰ কৰ্মসংস্থান৷ বহু ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠান দেউলীয়া হৈ পৰিছে৷ এক সমীক্ষাৰ পৰি জানিব পৰা গৈছে যে  অনাগত দিনত এচিয়াৰ ভিতৰতে ভাৰতৰ জি.ডি.পিৰ হাৰ নিম্নগামী হ’ব সৰ্বাধিক৷

লজ্জাজনক কথাটো হ’ল দেশৰ এই অৰ্থনৈতিক দুৰৱস্থাক ভগৱান কৃপা (Act of God) বুলি দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাটো৷

এই কথা বাৰম্বাৰ উল্লেখ কৰা হৈছে যে কৰ’না মহামাৰীৰ উদ্ভৱ হোৱাৰ বহু আগৰেপৰা আমাৰ দেশৰ অৰ্থনীতি আছিল গভীৰ সংকটত৷ নোটবন্দী, জি.এচ.টি আদিয়ে সাধাৰণ ব্যৱসায় বাণিজ্যৰ সতে জড়িত লোকক তেতিয়াই জ্বলাকলা খুৱাই আহিছিল৷ তাৰ মাজতে আহিল কৰ’না মহামাৰীৰ মাধমাৰ৷ মহামাৰীৰ উদ্ভৱৰ ফলত যোৱা মাৰ্চ মাহৰ পৰা যি তলাবন্ধ কাৰ্যসূচী আৰম্ভ হ’ল তেতিয়াৰেপৰা বিধস্ত হৈ যায় দেশৰ অৰ্থনীতি৷ লাখ লাখ লোকৰ নিজ গৃহলৈ কৰুণ প্ৰত্যাৱৰ্তনে সৃষ্টি কৰিলে এক অবৰ্ণনীয় পৰিবেশৰ৷ কিন্তু ইমানৰ পিছতো বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰে কোনোধৰণৰ সন্তোষজনক ব্যৱস্থাৱলী গ্ৰহণ কৰা দেখা নগ’ল৷ লজ্জাজনক কথাটো হ’ল দেশৰ এই অৰ্থনৈতিক দুৰৱস্থাক ভগৱান কৃপা (Act of God) বুলি দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাটো৷

দেশৰ আজিৰ এই অৰ্থনৈতিক দুৰৱস্থাৰ ঘাটি পূৰণৰ ক্ষেত্ৰত একমাত্ৰ ভূমিকা লব পাৰিলেহেঁতেন দেশৰ গ্ৰামীণ কৃষি অৰ্থনীতিয়ে৷ কিন্তু সেই গ্ৰামীণ কৃষি অৰ্থনীতিক কোনো এখন চৰকাৰে আজিলৈকে গুৰুত্ব দিয়া দেখা নগল৷ ৰিজাৰ্ভ বেংকৰ এক তথ্য মতে অৰ্থনীতিৰ যিসমূহ ক্ষেত্ৰৰ ভয়ানক ক্ষতিসাধন হৈছে সেইসমূহৰ ভিতৰত আছে হোটল,পৰিবহণ, বিনোদন, সাংস্কৃতিক কাৰ্যকলাপসমূহ৷ ভোগপণ্যৰ চাহিদা কমি যোৱাৰ ফলত এই ক্ষেত্ৰসমূহলৈ মুঠেই আমদানি হোৱা নাই অৰ্থৰ৷

দেশৰ অৰ্থনীতিৰ এই দুৰৱস্থাক লৈ ইতিমধ্যে বিৰোধী দলৰ কেবাগৰাকী নেতাই নিজ নিজ মন্তব্য দাঙি ধৰিছে৷ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, পি. চিদম্বৰম,চি পি এম নেতা সীতাৰাম য়েচুৰী আদি ব্যক্তিসকলে দেশৰ এই অৰ্থনৈতিক বিপৰ্যয়ক লৈ চৰকাৰক চোকা সমালোচনা কৰিছে৷ অৰ্থনীতিবিদ সকলে বাৰম্বাৰ উল্লেখ কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলতে দেশে আজিৰ এই দুৰৱস্থাৰ সন্মুখীন হ’ব লগাত পৰিছে বুলি সকলোৱে উল্লেখ কৰিছে৷ ইফালে গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগণেশ মেৱানীয়ে টুইটাৰত উল্লেখ কৰিছে যে ,দেশৰ জিডিপিৰ হাৰ কমিছে ২৩.৯ শতাংশলৈ৷ এই কথা সকলোৱে মনত ৰখা উচিত৷ কাৰণ দেশৰ মিডিয়া আৰু হোৱাটচ্ এপ্ বিশ্ববিদ্যালয়ে এই কথা দেশৰ জনতাক কেতিয়াও নজনায়৷ মিডিয়া ব্যস্ত আছে ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটচ্ এপ চাটক লৈ, মিডিয়া ব্যস্ত আছে প্ৰধানমন্ত্ৰীৰ ময়ুঁৰৰ সতে উঠা ফটোক লৈ৷ এইবোৰত দেশৰ জিডিপিৰ কোনো সম্পৰ্ক নাই৷ সম্পৰ্ক নাই ৰাম মন্দিৰৰ সতেও৷

Previous কৰ’না মহামাৰীৰ সংকট: বিশ্বত বৃদ্ধি হ’ব দৰিদ্ৰ লোকৰ সংখ্যা৷
Next পুথিভঁৰাল : এক সুমধুৰ অতীত