পুলৱামা কাণ্ডৰ প্ৰত্যুত্তৰত ভাৰতৰ বালাকোট আক্ৰমণৰ পিছত স্বাভাৱিকভাৱে ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কই অধিক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতীয় বায়ুসেনাই লাইন অৱ কণ্ট্ৰোল উলংঘা কৰি বালাকোট আক্ৰমণ কৰাৰ উত্তৰ হিচাপে আজি পাকিস্তানৰো দুখনকৈ বিমানে লাইন অৱ কণ্ট্ৰোলৰ কাষৰীয়া এলেকাত ভাৰতীয় যুদ্ধ বিমানৰ লগত সংঘৰ্ষত লিপ্ত হয় আৰু এই আক্ৰমণত পাকিস্তানৰ এখন এফ-১৬ শ্ৰেণীৰ বিমান ভূপতিত হোৱাৰ বিপৰীতে ভাৰতৰ দুখনকৈ মিগ-২১ যুদ্ধ বিমান আক্ৰান্ত হয়। অন্যহাতে, ভাৰতীয় বায়ুসেনাৰ অভিনন্দন বৰ্থমান নামৰ এজন পাইলটক পাকিস্তানে আটক কৰি ৰাখিছে বুলি পাকিস্তানৰ কৰ্তৃপক্ষৰ বিবৃতি তথা ভিডিঅ’ত প্ৰকাশ।

আজিৰ এই বিমান আক্ৰমণৰ পৰৱৰ্তী সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভিডিঅ’ যোগে দিয়া এক বিবৃতিত প্ৰকাশ কৰে যে, ‘আজিৰ এই আক্ৰমণ প্ৰকৃততে ভাৰতলৈ কালিৰ বালাকোট আক্ৰমণৰ পৰিপ্ৰেক্ষিতত দিয়া এক উত্তৰহে, যাৰ জৰিয়তে তেওঁলোকে ভাৰতক জনাব খোজে যে, পাকিস্তানো প্ৰয়োজনত ভাৰতভূমিত সোমাই আক্ৰমণ কৰিব পৰাকৈ সক্ষম।’ কূটনৈতিক বিচক্ষণতাৰ এক বিৰল নিদৰ্শনেৰে নৱনিযুক্ত পাক প্ৰধানমন্ত্ৰী জনে তেওঁৰ বিবৃতিত কয় যে  – ‘যুদ্ধই ভাৰত বা পাকিস্তান কাৰো কুশল সাধন নকৰে আৰু সেয়ে দুয়োপক্ষই শান্তি ৰক্ষাৰ স্বাৰ্থত দ্বিপাক্ষিক আলোচনাৰে সন্ত্ৰাসৰ সমস্যাৰ বিপক্ষে যুঁজ দিয়াটোৱেই সময়ৰ দাবী। তেওঁ লগতে কয় যে, আজিলৈকে পৃথিৱীৰ ইতিহাসত কোনো যুদ্ধই কাৰো মংগল সাধন কৰা নাই আৰু সেয়ে যুদ্ধৰ পৰা আঁতৰত থকাটোৱেই তেওঁলোকে বিচাৰে।’ ইয়াৰ দ্বাৰা পৰৱৰ্তী পদক্ষেপৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ কৰ্টলৈ পাকিস্তানে যুদ্ধৰ বলটো ঠেলি দিলে আৰু ইয়ে ভাৰতৰ সন্মুখত এক নতুন সমস্যাৰ সৃষ্টি কৰিব।

এইখিনিতে মন কৰিবলগীয়া যে, পুলৱামা কাণ্ডই দেশৰ জনতাক চূড়ান্তভাৱে আৱেগিক কৰি তুলিছে আৰু বালাকোটত ভাৰতে লোৱা ‘প্ৰতিশোধ’ৰ পাছত আৱেগিক ৰাইজে যুদ্ধৰ এই দামামাক বাহ বাহ দিবলৈ ধৰিছে। পিছে এই মুহুৰ্তত আমি এটা কথা পাহৰা অনুচিত যে ভাৰতৰ যুদ্ধ সন্ত্ৰাসৰ বিপক্ষেহে, পাকিস্তানৰ বিপক্ষে নহয়। আজিৰ তাৰিখত ভাৰত আৰু পাকিস্তানৰ দৰে দুই পাৰমাণৱিক শক্তিধৰ দেশৰ মাজত তীব্ৰ হোৱা যুদ্ধৰ কুছকাৱাজে সৰ্বসাধাৰণকে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিব। আমাৰ আগ-পিছ নুগুণা আৱেগিক কথা আৰু কামে দুয়োখনদেশৰ মাজৰ সম্পৰ্কক আৰু অধিক জটিল হে যে কৰিব পাৰে, সেই কথা আমি মনত ৰখা উচিত।  ছছিয়েল মিডিয়াত আমাৰ আচাৰ-আচৰণৰ সামান্য স্ফুলিংগইও দেশৰ বহুলাংশে ক্ষতি সাধিব পাৰে আৰু সেই কথালৈ আমি সতৰ্ক হোৱা দৰকাৰ।

ভাৰত-পাকিস্তানৰ এই জটিল সন্ধিক্ষণত ভাৰতীয় সংবাদমাধ্যমৰ অধিকাংশৰে ভূমিকাই আজিৰ তাৰিখত সকলোকে আশাহত কৰিছে। সংযম আৰু নিয়ন্ত্ৰণ বৰ্তাই ৰখাৰ পৰিৱৰ্তে, সুচিন্তিত আৰু পৰিশীলিত ভাৱে সংবাদ পৰিৱেশনৰ পৰিৱৰ্তে, অধিকাংশ সংবাদ মাধ্যম, বিশেষকৈ ইলেকট্ৰনিক মিডিয়াই আৱেগিক বাতৰি, ভুৱা ভিডিঅ’, ভুৱা-অনিশ্চিত তথ্য আৰু মছলাযুক্ত সংবাদ পৰিৱেশনৰে গোটেই দেশতে যুদ্ধৰ সপক্ষে এক জনমত গঠনৰ প্ৰচেষ্টা চলাবলৈ লোৱা পৰিলক্ষিত হৈছে।  আন্তৰ্জাতিক সংবাদমাধ্যমসমূহে এইক্ষেত্ৰত যি সংযম আৰু সুস্থিৰ মানসিকতা প্ৰদৰ্শন কৰিছে, তাৰ পৰা আমাৰ ভাৰতীয় সংবাদমাধ্যমসমূহে শিক্ষা লোৱাৰ প্ৰয়োজন আছে।

আজিৰ এই সময় আৱেগৰ নহয়, বিবেকৰ। কেৱল সাধাৰণ নাগৰিকেই নহয়, দেশৰ চৰকাৰেও সিদ্ধান্ত লওঁতে বিবেক আৰু সংযমৰ অনুশীলন কৰাৰ দৰকাৰ হ’ব; কাৰণ পাকিস্তান  চৰকাৰৰ আজিৰ বিবৃতিৰ পাছত ভাৰতে যদিহে একেই আক্ৰমনাত্মক দৃষ্টিৰে লাইন অৱ কণ্ট্ৰোল উলংঘা কৰাৰ দৰে কাম কৰে, তেন্তে ইয়ে আন্তৰ্জাতিক ৰাজনীতিত ভাৰতকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিব। কাৰগিল যুদ্ধৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেখুওৱা বিচক্ষণতাৰ উদাহৰণ আমাৰ বাবে শিকনি হৈ সন্মুখতে আছে; তাৰ পৰা কি শিক্ষা দেশ আৰু দেশৰ চৰকাৰে আহৰণ কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব সমগ্ৰ ভাৰত উপমহাদেশৰ ভৱিষ্যৎ। 

সম্পাদক

✉ editor@biriyaa.com

Previous ৰাজীৱ বাগ্গা-ইকবালৰ সঁচা কাহিনী 
Next যুদ্ধ নহয়, শান্তি লাগে