মগ্ৰ বিশ্বতে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৪৮ চনত তদানীন্তন পাকিস্তান চৰকাৰে তেতিয়াৰ পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশতো পাকিস্তানৰ অন্য অংশৰ দৰেই উৰ্দুক ৰাষ্ট্ৰীয় ভাষা হিচাপে বলৱৎ কৰিবলৈ লোৱা ব্যৱস্থাৰ প্ৰতিবাদত বাংলাভাষী ৰাইজেই সংখ্যাগৰিষ্ঠ হৈ থকা পূব পাকিস্তানত প্ৰতিবাদী কাৰ্য্যসূচীৰ আৰম্ভ হয়। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত জনতাৰ প্ৰতিবাদক ৰুদ্ধ কৰিবলৈ চৰকাৰে প্ৰতিবাদী সমদলত ওপৰত চলোৱা গুলীত শতাধিক লোক আহত হোৱাৰ লগতে কেবাজনো নিহত হয়। মাতৃভাষাৰ সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিয়াৰ এনে ঘটনা বিশ্বৰ ইতিহাসতে বিৰল। ৰাইজৰ অক্লান্ত প্ৰতিবাদত সেও মানি, অৱশেষত পাকিস্তান চৰকাৰে ১৯৫৬ চনত বাংলাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত, কানাডাৰ ভেংকুভাৰ নিবাসী ৰফিকুল ইছলাম নামৰ এগৰাকী প্ৰৱাসী বাঙালী ব্যক্তিয়ে ১৯৯৮ চনত তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ সঞ্চালক প্ৰধান কফি আন্নানক পত্ৰ যোগে বিশ্বৰ ক্ৰমে বিপন্ন হৈ অহা থলুৱা ভাষাসমূহৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ ২১ ফেব্ৰুৱাৰীৰ দিনটোক ‘আন্তৰ্জাতিক মাতৃভাষা দিৱস’ হিচাপে পালন কৰিবৰ বাবে অনুৰোধ জনায়। তাৰ পিছতেই, ১৯৯৯ চনৰে পৰা ৰাষ্ট্ৰসংঘৰ ইউনেস্ক’ৰ উদ্যোগত বিগত বিছ বছৰে এই দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে।

এইবছৰৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল বিষয় ‘বিকাশ, শান্তি স্থাপন তথা সৌহাৰ্দ্যমূলক সম্পৰ্কৰ স্থাপনত থলুৱা ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা লয়’।
এইবছৰৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল বিষয় ‘বিকাশ, শান্তি স্থাপন তথা সৌহাৰ্দ্যমূলক সম্পৰ্কৰ স্থাপনত থলুৱা ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা লয়’। এইখিনিতে উল্লেখ কৰিব পাৰি যে, আন্তৰ্জাতিকভাৱে কেইটামান নিৰ্দিষ্ট ভাষাৰ বৰ্ধিত চাহিদা তথা ‘ভাষিক ঔপনিবেশিকতাবাদ’ৰ পৰিণতিত বিশ্বৰ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষা ক্ৰমে বিলুপ্তিৰ পিনে গতি কৰিছে। ইউনেস্ক’ৰ তথ্য অনুসৰি বিশ্বৰ ৪০ শতাংশ জনসংখ্যাই এতিয়াও নিজে বুজি পোৱা বা নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত। অন্যহাতে, আজিৰ তাৰিখতো অনেক থলুৱা জনগোষ্ঠীয়েই ভেদভাৱ, অন্যায়, প্ৰান্তীয়কৰণ তথা চৰম দাৰিদ্ৰ্যৰ কৱলত থকাৰ লগতে মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰো বলি হৈ আহিছে। এনে পৰিপ্ৰেক্ষিততে, বিশ্বত সামগ্ৰিক বহনক্ষম উন্নয়ন, শান্তি-সম্প্ৰীতি-সমতা তথা ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যমূলক পৰিৱেশ গঠনত মাতৃভাষাৰ গুৰুত্ব অনেক বেছি।
ইউনেস্ক’ৰ তথ্য অনুসৰি বিশ্বৰ ৪০ শতাংশ জনসংখ্যাই এতিয়াও নিজে বুজি পোৱা বা নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত।
মাতৃভাষাৰ গুৰুত্ব কেৱল শিক্ষাৰ সুযোগ-সুবিধা, ব্যক্তিৰ ব্যক্তিত্ব বিকাশ তথা আত্মবিশ্বাস গঠনতে সীমাবদ্ধ নহয়। ভিন্নভাষিক তথা ভিন্ন সাংস্কৃতিক সমাজসমূহত ভাষা একোটাৰ জৰিয়তেই জনগোষ্ঠী একোটাৰ তথা সমাজ একোখনত অতীজৰে পৰা চলি অহা পৰম্পৰাগত জ্ঞান, কাৰিকৰী কৌশল তথা সাংস্কৃতিক প্ৰমূল্যসমূহৰ অস্তিত্ব বৰ্তি থাকে। গতিকে এনেকুৱা ভাষা একোটাৰ মৃত্যু মানে জনগোষ্ঠী একোটাৰ সমস্ত জ্ঞান-কৌশল-সাংস্কৃতিক ঐতিহ্যৰ মৃত্যু হয়।মাতৃভাষা বুলিলেই সততে আমাৰ অসমত ‘অসমীয়া’ ভাষাৰ ভৱিষ্যৎ বিপদাপন্ন বুলি হৈ-চৈ কৰি থকা হয়। ইংৰাজী, বাংলা বা হিন্দী ভাষাৰ আগ্ৰাসনে ‘অসমীয়া’ ভাষাক মাৰি আনিছে বুলি টেঁটু ফালি চিঞৰা মানুহ অনেক বেছি। পিছে এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল ‘ভাষাটো গ’ল গ’ল’ বুলি চিঞৰি থকা এইসকল দিগগজেই হওক বা প্ৰাচীন পুৰোধা সকলেই হওক, আজিকোপতি অসমীয়া ভাষাটোক প্ৰকৃতাৰ্থত ‘সুৰক্ষিত আৰু বিকশিত’ কৰিবলৈ চেষ্টা নকৰিলে। উদাহৰণস্বৰূপে, ইংৰাজী ভাষাটোক সমৃদ্ধ কৰাত, পত্ৰে-পুষ্পে বিকশিত কৰাত নানা ভাষাৰ শব্দৰ অৱদান অনেক বেছি। আনহে নালাগে, হিন্দীৰ দৰে ভাষাৰ শব্দও ইংৰাজী ভাষাই সামৰি লৈছে। ইয়াৰ বিপৰীতে, অসমত জনগোষ্ঠীয় ভাষাসমূহৰ শব্দসম্ভাৰ ইমান সমৃদ্ধ হোৱাৰ পাছতো আধুনিক কালত সেই শব্দবোৰক বৃহত্তৰ অসমীয়া ভাষাত মুকলিভাৱে সামৰি লোৱা নহ’ল।
অসমত জনগোষ্ঠীয় ভাষাসমূহৰ শব্দসম্ভাৰ ইমান সমৃদ্ধ হোৱাৰ পাছতো আধুনিক কালত সেই শব্দবোৰক বৃহত্তৰ অসমীয়া ভাষাত মুকলিভাৱে সামৰি লোৱা নহ’ল।
এতিয়াও নামনিৰ ভাষাক ‘কথিত’ বা উজনিৰ ভাষাক ‘লিখিত বা মান্য’ ভাষা বুলি কোৱাৰ প্ৰৱণতা আমাৰ মাজত ব্যাপক; অথবা মিছিং, ৰাভা, বড়ো আদিৰ দৰে ভাষাৰ শব্দ একোটা অসমীয়া গল্প উপন্যাসত লিখোঁতে এতিয়াও উৰ্ধকমাৰ ভিতৰত লিখাৰ প্ৰৱণতাটো চলিয়েই আছে। বৃহৎ অসমীয়া সমাজৰে অংগস্বৰূপ একোটা জনগোষ্ঠীৰ ভাষা বা একোখন নিৰ্দিষ্ট ঠাইৰ ভাষাক মুকলিমনে অসমীয়া ভাষাৰ অংগ কৰি লোৱাৰ ক্ষেত্ৰত দেখুওৱা এনে বিৰূপ মনোবৃত্তিয়ে কিন্তু পৰিণতিত ক্ষতিগ্ৰস্ত কৰিছে অসমীয়া ভাষাটোকে। ভাষাৰ ক্ষেত্ৰত দেখুওৱা এনে বিভেদকামী মনোবৃত্তিয়েই বৃহত্তৰ অসমীয়া জাতিসত্তাক ছিন্ন-ভিন্ন কৰি, জনগোষ্ঠীয় একতা আৰু সম্প্ৰীতিৰ মনোবৃত্তিকো দূৰ্বল কৰি অনাত কাৰক হিচাপে কাম কৰিছে।

সম্পাদক

✉ editor@biriyaa.com

Previous মাতৃভাষা
Next নি স ৰ্গ প্ৰা ণ!