সৰুপোনা শুই থাক..মোৰ বাছা অ’, নিশ্চিন্তে শুই থাক
ধৰিত্ৰী আইয়ে বুজিব তোৰ কষ্টৰ  কথা…
https://biriyaa.com/
ৰ’দৰ চোক কমাই দিব…বোৱাই দিব শীতল বতাহ…
আইৰ বুকুতেই এয়া হেপাহৰ কঠিয়া ৰুইছো বোপাই…
https://biriyaa.com/
জীয়াই থকাৰ হেঁপাহ..
তোক বৰ মানুহ কৰাৰ হেঁপাহ…
https://biriyaa.com/

 

পথে-পথাৰে, ঘৰে-বজাৰে, অফিচে-চোতালে – দৃঢ়তা, নিষ্ঠা আৰু নৈতিকতাৰে ভূমিৰ পৰা ভূমামুখী হ’বলৈ অহৰহ পৰিশ্ৰমী এই পৃথিৱীৰ সকলো নাৰীলৈ আমি জনালো আন্তৰিক শ্ৰদ্ধা। বিশ্বৰ প্ৰতি প্ৰান্ততে জীৱন আৰু সমাজক গতিশীল কৰি তোলাত নাৰীসমাজে লোৱা ভূমিকাৰ পৰিণতিতেই গঢ় লৈছে আজিৰ এই সভ্যতা।

 

https://biriyaa.com/

 

বিকাশৰ বাবে সম চিন্তা, বুদ্ধিদ্বীপ্ত নিৰ্মাণ তথা  পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাৰ্তাৰে এই বৰ্ষৰ নাৰী দিৱসে দিয়ক প্ৰগতিৰ সাৰ্থক বাৰ্তা। সেই আশাৰে সমূহলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা ।।

 

(অৰিন্দম তালুকদাৰৰ ফটো আৰু পংক্তিৰে আন্তৰ্জাতিক নাৰী দিৱসত ‘বিৰিয়া’ৰ বিশেষ।।)

 

 

বিৰিয়াৰ সাঁউৰি
Previous শ্ৰদ্ধাস্পদেষু       
Next অসমীয়া আঞ্চলিকতাবাদৰ যৱনিকা!