তি সহজ অৰ্থত ক’বলৈ হ’লে এতিয়া সাধাৰণ কৃষকৰ খেতিৰ মাটি বৃহৎ উদ্যোগপতি আৰু বণিয়াৰ হাতলৈ যোৱাৰ পথ মুকলি হ’ল৷ অসম চৰকাৰৰ কেবিনেটে কৃষি ভুমি হস্তান্তৰ আৰু ভুমি শ্ৰেণী পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অসমৰ কৃষি ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক দিশত বহু নেতিবাচক প্ৰভাৱ পেলাব৷ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেটত হোৱা সিদ্ধান্তৰ কথা সামাজিক মাধ্যম টুইটাৰত প্ৰকাশ কৰি কৈছে যে, এয়া ঐতিহাসিক আৰু সুদুৰপ্ৰসাৰী সিদ্ধান্ত৷

মন্ত্ৰী পাটোৱাৰীয়ে টুইটত কয়

অসমত ১৮৮৬ চনৰ ভুমি আইন ( The Assam Land and revenue regulation Act ) অনুসৰিয়ে ভুমি নীতি প্ৰযোজ্য হৈ আহিছে৷ এই আইন অনুসৰি কোনো কৃষি ভুমি চৰকাৰৰ অনুমতি অবিহনে অনাকৃষি ভুমিলৈ হস্তান্তৰ কৰিব নোৱাৰিব৷ বিগত সমছোৱাত কিছু ভুমি নীতি গ্ৰহণ কৰিলেও ১৮৮৬ চনৰ ভুমি আইনক ভংগ কৰা নাই৷  ২০১৯ চনত অসম চৰকাৰে যি ভুমি নীতি প্ৰস্তুত কৰিছিল তাতো কৃষি ভুমি অনাকৃষি ভুমিলৈ হস্তান্তৰ কৰাৰ বিধি অধিক কঠোৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷

ৰবিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনত দেখা গৈছিল যে অসমৰ বহু জিলাৰ  ৯০ % কৃষকৰ হাতত মাটিৰ পট্টা নাই। ইমানৰ পাছতো সৰ্বানন্দ সোণোৱাল চৰকাৰে কেবিনেটৰ  জৰিয়তে কোনো অনুমতি অবিহনেই  কৃষি ভুমিত উদ্যোগ স্থাপন কৰিবলৈ  লোৱা  সিদ্ধান্ত কেবল অবিবেচকেই নহয় চূড়ান্ত আত্মঘাতী আৰু সম্পূৰ্ণ বণিয়া প্ৰীতিৰ নিদৰ্শন।

কিন্তু এতিয়া কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বাধা-নিষেধ নাথাকিব৷ চৰকাৰৰ এই সিদ্ধান্তই কৃষি ভুমি, কৃষক আৰু জৈৱ-বৈচিত্ৰৰ ওপৰত সংকট নমাই আনিব। মন্ত্ৰী পাটোৱাৰীৰ ঘোষণা অনুসৰি কৃষি ভুমিত উদ্যোগ স্থাপনৰ বাবে পূৰ্বতে থকা সকলো বাধা আঁ‌তৰ কৰা হ’ব৷ ইয়াৰ বাবে তিনি বছৰলৈ কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই৷ উদ্যোগ স্থাপন কৰিব বিচৰা ব্যক্তিজনে স্ব-ঘোষিত আবেদন এখন জমা দিলেই হ’ল৷

অসমৰ বহু কৃষকৰ মাটিৰ পট্টা নাই৷ এনেদৰে যুগ যুগ ধৰি কৃষি কাৰ্য কৰি অহা মাটিত উদ্যোগ স্থাপন কৰিবলৈ হ’লে কৃষকজনে ভুমিৰ কোনো মূল্য নাপাব৷ গতিকে অসম চৰকাৰৰ এই সিদ্ধান্তই যে অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাব পেলাব সেয়া নিশ্চিত৷

সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ কৃষি ভুমি ব্যাপক হাৰত কমি আহিছে৷ ইতিমধ্যে বহু কৃষি ভুমি উদ্যোগ স্থাপনৰ নামত হস্তগত কৰা হৈছে৷ ৰাষ্ট্ৰীয় পথ আৰু ৰেল লাইনৰ দুয়োকাষ ভালদৰে লক্ষ্য কৰিলে দেখা যায় কেনেকৈ কৃষকৰ বিশাল কৃষিভুমি বৃহৎ বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে দখল কৰিছে৷ গৰাখহনীয়াৰ বাবেও প্ৰতি বছৰে কৃষি ভুমি অধিক পৰিমাণে সংকুচিত হৈ আহিছে৷ আন এক ভয়ংকৰ তথ্য হৈছে উদ্যোগ স্থাপন কৰিম বুলি কৃষি ভুমি লোৱাৰ পাছত তাত কোনো উদ্যোগ স্থাপন নকৰি উদ্যোগপতিয়ে তেনে ভুমি নিজৰ নামত হস্তগত কৰিছে৷ প্ৰকৃততে এয়া কৃষি ভুমি হস্তগত কৰাৰ এক ডাঙৰ কৌশলহে৷ কৃষি ভুমি এডোখৰ প্ৰত্যক্ষভাৱে ব্যৱসায়ী এজনে ল’ব নোৱাৰাৰ বাবে উদ্যোগ স্থাপন কৰিম বুলি আৱন্টন কৰি লয়৷ কিন্তু পৰৱৰ্তী সময়ত উদ্যোগত লোকচান হোৱা বুলি দেখুৱাই বা উদ্যোগ স্থাপন নকৰাকৈ তেনে ভুমি নিজৰ নামত দখল কৰে৷ এইদৰে অসমৰ বহু কৃষকৰ কৃষি ভুমি হস্তগত কৰিছে৷ অৰ্থাৎ এডৰা কৃষি ভুমি এবাৰ উদ্যোগ স্থাপনৰ নামত আৱন্টন দিয়াৰ পাছত  উদ্যোগ স্থাপন কৰিবলৈ ব্যৰ্থ হ’লে সেই ভুমি পুনৰাই কৃষকক ঘুৰাই দিয়া বা কৃষি ভুমিলৈ ৰূপান্তৰ কৰাৰ নজিৰ নাই৷ আন এক আশ্চৰ্যকৰ কথা হৈছে চৰকাৰে বন্ধ হৈ থকা বা বন্ধ হোৱাৰ উপক্ৰম হোৱা উদ্যোগসমূহ পুন: খোলা বা পুনৰ্জীৱিত কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ জাগীৰোড কাগজ কল,পাচগ্ৰাম কাগজ কল সামান্য অৰ্থৰ অভাৱতে মৃত্যুক্ষণ গণিছে৷ ৰঙিয়াৰ এপ’ল কাপোৰ উদ্যোগ, বঙাইগাঁ‌ৱৰ সূতা কল, নামৰূপ সাৰ কাৰখানা, যোগীঘোপাৰ কাগজ কলকে আদি কৰি বহু উদ্যোগ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে৷ যোগীঘোপা কাগজ কল পুনৰ আৰম্ভ কৰাৰ পৰিৱৰ্তে অনুষ্ঠানটোৰ দুশ বিঘা মাটি অইন এক ব্যক্তিগত প্ৰতিষ্ঠানক দিবলৈহে প্ৰস্তুতি চলাইছে৷ এয়াই অসম চৰকাৰৰ প্ৰকৃত উদ্যোগ নীতিৰ নমুনা৷

source:.pratidintime.com

ইয়াৰোপৰি কেবিনেটৰ নতুন ভুমিৰ সিদ্ধান্তই যধে-মধে আৰু য’তে ত’তে যিকোনো উদ্যোগ স্থাপনৰ পথ মুকলি কৰিব; ফলত জৈৱ বৈচিত্ৰ আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব৷ গাঁ‌ৱে-ভূঞে উদ্যোগ স্থাপনৰ ফলত প্ৰদুষণৰ মাত্ৰা বাঢ়ি যাব৷ উদ্যোগৰ বিষাক্ত ধোঁ‌ৱা আৰু শব্দ বহু অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিব৷ জান-জুৰি, নৈ-বিল অথবা বননিৰ কাষত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপন কৰাৰ ফলত তেনেকুৱা অঞ্চলবোৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব৷ গতিকে ক’ব পাৰি যে চৰকাৰৰ এই অবিবেচক সিদ্ধান্ত আৰু অধিক উদ্যোগপতি-বণিয়া প্ৰীতিয়ে অকল কৃষকৰে যে মাটি কাঢ়ি নিব তেনে নহয়; এই সিদ্ধান্তই আমাৰ পাৰিপাৰ্শ্চিকতা আৰু সমাজ জীৱনৰ ওপৰতো ভয়াৱহ বিপদ মাতি আনিব৷

সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্বাচনৰ আগত  জাতি-মাটি আৰু ভেঁটি ৰক্ষাৰ শ্লো’গান দি মানুহৰ মন জয় কৰাৰ কৌশল লৈছিল৷  কৃষকৰ মাটি যাতে বহিৰাগ’তই দখল কৰিব নোৱাৰে তাৰ বাবে হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বত কমিটি গঠন কৰি মাটিৰ জৰীপ কৰিছিল আৰু কৃষকক মাটিৰ পট্টা দিয়াৰ কথা চৰকাৰে মুকলিকৈ ঘোষণা কৰিছিল৷ একেদৰে “কা” বিৰোধী আন্দোলন দুৰ্বল কৰিবলৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি স্থানীয় কৃষকৰ ভুমি সুৰক্ষা দিয়াৰ বৃহৎ বৃহৎ ঘোষণা কৰিছিল৷ ৰবিশংকৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনত দেখা গৈছিল যে অসম বহু জিলাৰ  ৯০ % কৃষকৰ হাতত মাটিৰ পট্টা নাই৷ ইমানৰ পাছতো সৰ্বানন্দ সোণোৱাল চৰকাৰে কেবিনেটৰ  জৰিয়তে কোনো অনুমতি অবিহনেই  কৃষি ভুমিত উদ্যোগ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত কেবল অবিবেচকেই নহয় চূড়ান্ত আত্মঘাতী আৰু সম্পূৰ্ণ বণিয়া প্ৰীতিৰ নিদৰ্শন৷ চৰকাৰৰ এই ধ্বংসাত্মক সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজে প্ৰতিবাদত নামি পৰা দেখা গৈছে৷ ক’ৰ’না মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ লৈ আৰু বিৰোধী দল-সংগঠনৰ কাম-কাজ এক প্ৰকাৰ নিষিদ্ধ কৰি চৰকাৰে ব্যৱসায়ী গোষ্ঠীৰ হাতত দেশৰ সম্পদ তুলি দিয়াৰ বাবে উঠিপৰি লাগিছে৷ এনে প্ৰেক্ষাপট’ত অসমৰ কৃষি, কৃষক আৰু পাৰিপাৰ্শ্চিকতা ৰক্ষাৰ স্বাৰ্থত ব্যাপক জনমত আৰু সংগ্ৰাম গঢ়ি তোলা প্ৰয়োজন হৈ পৰিছে৷

Previous আত্মহত্যাৰ কথকতা : তাৰকাৰ জীৱন আৰু কৃষকৰ জীৱনৰ মূল্য
Next আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা মাছুৱৈ জন্তু: উদ