জয় হিন্দ


মুছলিম সন্ত্ৰাসবাদীৰ বাবেই বিশ্বৰ মুছলমানসকলৰ প্ৰতি ঋণাত্মক ধাৰণা এটা গঢ়ি উঠিল। ভাৰতত এই ছবিখন আৰু বেছি অশান্তিকৰ। ইয়াৰ সৈতে কিছু ঐতিহাসিক কাৰণ আৰু সাম্প্ৰদায়িক ৰাজনীতি জড়িত হৈ আছে। ভাৰতৰ মুছলমানসকলক ভাৰত বিৰোধী বুলি সন্দেহ কৰাটো আমাৰ বাবে অপমানজনক। তাৰ বিপৰীতে কিছু সংখ্যক মুছলমানৰ ভাৰত বিৰোধী শ্লোগানো দুৰ্ভাগ্যজনক। সুখৰ কথা যে এই বদনাম আঁতৰাবলৈ ভাৰতৰ মুছলমান আগবাঢ়ি আহিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ কৰিছে। এনেকি ভাৰতীয় সেনাত যোগদান কৰিবলৈ কাশ্মীৰৰ হাজাৰ হাজাৰ যুৱক ওলাই আহিছে। ফেচবুকত দেশ বিৰোধী আপডেট দিয়া মুছলমান ল’ৰা কেইজনমানক মুছলমানেই শাস্তি দিছে। এয়া শুভ লক্ষণ। ইয়াৰ মাজতো যদি কোনোবাই ভাৰত বিৰোধী কাৰ্য্য কৰি থকাৰ প্ৰমাণ পোৱা যায়, তেন্তে চৰকাৰে তাক কঠোৰ হাতেৰে দমন কৰিব লাগে । দুজনমানৰ বাবে ভাৰতৰ সকলো মুছলমান লজ্জানত হোৱা উচিত নহয়। ভাৰতৰ হকে যুঁজিবলৈ, ভাৰতৰ হকে মৰিবলৈ আমি সাজু আছোঁ। আমি বাৰে বাৰে ক’ম – জয় হিন্দ! 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous যুৰীয়া
Next পুলৱামা প্ৰসংগ আৰু আমাৰ কৰ্তব্য