জাতিৰ স্বাৰ্থ হানি হোৱা মই একো কামেই নকৰো
ই ডায়লগটো আপুনি কেইবাৰ শুনিলে এতিয়ালৈ? হাজাৰবাৰ? দুহাজাৰবাৰ? ধৰি লৈছো দুহাজাৰবাৰ শুনিছে। এই দুহাজাৰবাৰ যিখিনি আন্তৰিকতাৰে মানুহজনে কথাখিনি ক’লে একেই আন্তৰিকতাৰে শিলচৰত হাত চাপৰি মাৰি জাতিধবংসী বিধেয়কখনৰ সমৰ্থনত উল্লাস দেখুৱালে। প্ৰব্লেমটো তাতহে অসমৰ মানুহৰ। একদম সত্য কথা কৈছো : মানুহে আৰু কেইবছৰমানৰ পিছত ‘আই লাভ ইউ’ বুলি ক’বলৈ পাহৰি যাব। তাৰ ঠাইত দুটা বস্তুৱে ঠাই পাব কি চৰকাৰ আহে অনাগত দিনত তাৰ ওপৰত। ৰাষ্ট্ৰীয়তাবাদী চৰকাৰ হ’লে প্ৰেমিকে প্ৰেমিকাক ক’ব : ‘বৰাক ব্ৰহ্মপুত্র পাহাৰ!’। জাতীয়তাবাদী চৰকাৰ হ’লে ক’ব : ‘জাতি মাটি ভেটি!’। আমাৰ নেতাবোৰ বৰ ইন্টাৰেষ্টিং। ইতিহাসক বৰ ভাল পোৱা যেন লাগে মোৰ। কেতিয়াবা ক’ব শৰাইঘাটৰ শেষ ৰণ, কেতিয়াবা ক’ব পানীপথৰ শেষ ৰণ। মানে ইলেকশ্বন অহাৰ লগে লগে ৰণ আৰু ৰং দুইটাই সলনি হৈ থাকে। ২০২১ত আপুনি চাব পলাশী বা হলদিঘাটিৰ ৰণৰ কথা ক’বই ক’ব! 

Previous সমন্বয়
Next Checklist Manifesto - The Art Of Getting Things Done Right