লিউদত এইসময়ত যথেষ্ট গৰম বতাহ চলি আছে৷  প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহননৰ পিছত বলিউদৰ ৰংচঙীয়া পৃথিৱীৰ আঁৰৰ কলা অধ্যায়ক লৈ প্ৰতিদিনেই সংবাদ মাধ্যমত যথেষ্ট পৰিমাণে মুখৰোচক খবৰে চৰ্চা লাভ কৰিছে৷ ন ন অভিযোগ প্ৰতি-অভিযোগৰ খবৰে বিষয়টো গভীৰৰ পৰা গভীৰতালৈ গতি কৰিছে৷  ঘাইকৈ নেপ’টিজিমক লৈ এইবাৰ বলিউদৰ বতাহ গৰম৷ বলিউদৰ বাহিৰৰেই নহয়, বলিউদৰ ভিতৰৰে ভালেখিনি লোক এইবাৰ সৰৱ হৈ পৰিছে নেপ’টিজিমক লৈ৷ খুউৱ সম্ভৱ বিষয়টোৱে কিছুদিন এনেদৰে চৰ্চিত হৈ থাকিব৷ বলিউদত এইবোৰ কোনো নতুন কথা নহয়৷ বলিউদী পৃথিৱীৰ ৰঙীন ইতিহাস খুচৰি চালে মনোমোহা মেকআপৰ আঁৰত লুকাই থকা ক্ষোভ,দুখ,হতাশা আৰু অপ্ৰাপ্তিৰ চকুপানীৰ লোতক সামান্য পৰিমাণে অনুধাৱন কৰাব পাৰি৷ সেইবোৰ বৰ দীঘলীয়া কাহিনী৷ বলিউদৰ কথা আজি ‘বিৰিয়া’ৰ পাতত লিখিবলৈ ওলোৱা নাই৷ বলিউদ বলিউদৰ মতেই থাকক৷  এই বিতৰ্ক চলি থকাৰ মাজতে আমি পৰৱৰ্তী সময়ত বলিউদৰ চিনেমাৰ প্ৰসংগ লৈও  হয়তো আহিম৷

আজি আলোচনা কৰিবলৈ আগবাঢ়িছো দুখন অস্কাৰ বিজয়ী  চিনেমাৰ কথা৷ এয়া চিনেমা দুখনৰ সমালোচনা নহয়,এগৰাকী সাধাৰণ দৰ্শক হিচাপে চিনেমা দুখন উপভোগ কৰাৰ পিছত মনৰ মাজত বাহ লোৱা অনুভৱখিনিহে বেকত কৰিবলৈ বিচাৰিছো আপোনালোকৰ মাজত৷  সম্প্ৰতি বিভিন্ন সামাজিক মাধ্যমত  ছবিজগতৰ বিভিন্ন আলোচনা সমালোচনা সুলভ হৈ পৰিছে৷ অস্কাৰ বিজয়ী চলচ্চিত্ৰসমূহ সাধাৰণতে আৰু অধিক পৰিমাণে চৰ্চিত হয়৷ তাৰ মাজতে এই আলোচনা হ’ব নিন্তান্তই ব্যক্তিগত পৰ্যালোচনা৷

কিন্তু তাৰ মাজতো কি কাৰণত ব্যতিক্ৰম ‘জোকাৰ ’ আৰু ‘পেৰাচাইট’? ছবিৰ কাহিনী আৰু নেৰেটিভৰ মাজেৰে বিচাৰ কৰিলে ওলাই পৰে ছবি দুখনে কব খোজা কিছু সমাজ বাস্তৱতা আৰু শ্ৰেণী চেতনাৰ৷  যুগ যুগ ধৰি সমাজ আৰু ব্যক্তিৰ অৱজ্ঞাই এচাম লোকক ঠেলি দিয়া অন্ধকাৰ গৰ্ভৰ কথা৷ কব খোজা হৈছে একেখন সমাজতে বাস কৰি একেই হাৱা পানী খাই থকাৰ পিছতো থকা শ্ৰেণী বৈষম্যতাৰ৷

ছবি দুখনৰ এখন ২০১৯ ৰ অস্কাৰ জয়ী জোৱাকুইনচ্ ফণিক্স অভিনীত আৰু টড ফিলিপছ পৰিচালিত ‘জোকাৰ’ আৰু আনখন ২০২০ চনৰ বং জ’ হো পৰিচালিত অস্কাৰ জয়ী কোৰিয়ান চিনেমা ‘পেৰাচাইট’৷ ইয়াৰে জোকাৰে শ্ৰেষ্ঠ অভিনেতা আৰু সংগীতৰ শিতানত দুটাকৈ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ‘পেৰাচাইটে’ শ্ৰেষ্ঠ  বিদেশী ভাষাৰ কথাছবিৰ সন্মানকে ধৰি মুঠ চাৰিটা অস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷ সাধাৰণতে বঁটা বিজয়ী চিনেমাৰ ক্ষেত্ৰত বহুলোকৰ মনোভাৱ ভিন্ন ধৰণৰ হোৱা পৰিলক্ষিত হয়৷ বঁটা জয়লাভ কৰা মানেই এখন চিনেমাৰ সৰ্বজনগ্ৰাহ্যতাক লাভ কৰা নুবুজায়৷ কিন্তু তাৰ মাজতো কি কাৰণত ব্যতিক্ৰম ‘জোকাৰ ’ আৰু ‘পেৰাচাইট’? ছবিৰ কাহিনী আৰু নেৰেটিভৰ মাজেৰে বিচাৰ কৰিলে ওলাই পৰে ছবি দুখনে কব খোজা কিছু সমাজ বাস্তৱতা আৰু শ্ৰেণী চেতনাৰ৷ যুগ যুগ ধৰি সমাজ আৰু ব্যক্তিৰ অৱজ্ঞাই এচাম লোকক ঠেলি দিয়া অন্ধকাৰ গৰ্ভৰ কথা৷ কব খোজা হৈছে একেখন সমাজতে বাস কৰি একেই হাৱা পানী খাই থকাৰ পিছতো থকা শ্ৰেণী বৈষম্যতাৰ৷

প্ৰথমতে আমি আগবাঢ়ি যাওঁ আহক গোথাম চিটিৰ মাজলৈ৷ য’ত মুখত ৰঙীন ৰং সানি ঘূৰি ফুৰিছে ‘জোকাৰ’৷

জোকাৰঃ
‘মই আশা কৰো মোৰ জীৱনতকৈ মোৰ মৃত্যুই কিজানি  লাভ কৰিব অধিক মূল্য৷ ’

এগৰাকী মানসিক ৰোগী, যিগৰাকীয়ে নিয়মিত হাজিৰ হ’ব লাগে চিকিৎসকৰ ওচৰলৈ সেই গৰাকী মানসিক সন্তুলনহীন লোকৰ  বিশৃংখল দিনলিপিৰ পৃষ্ঠাত লিখি থোৱা আছিল সেই কথাষাৰ৷ আৰ্থাৰ ফ্লিক৷ শৈশৱৰ যন্ত্ৰণাময় সময়ৰ উপলব্ধি, জীৱনত নিজকে প্ৰতিষ্ঠা কৰাৰ সীমাহীন বিফল প্ৰচেষ্টা আৰু এখন ক্ৰমাৎ জহি খহি যাব ধৰা চহৰ৷ আৰ্থাৰ ফ্লিকৰ জীৱন আছিল সেয়া৷  নিজৰ ৰুগীয়া মাতৃৰ পৰিচৰ্যাৰ মাজতে যিয়ে সপোন দেখে এগৰাকী সফল ষ্টেণ্ড আপ কমেডিয়ান হোৱাৰ আৰু নিজৰ আদৰ্শ কমেডিয়ানগৰাকীৰ টেলিভিছনত সম্প্ৰচাৰিত অনুষ্ঠান চাই নিজেও সপোন দেখে ঠিক তেনেকুৱাই  এজন হোৱাৰ৷ আৰ্থাৰ নিয়মিত যাব লগা হয় মানসিক চিকিৎসকৰ ওচৰলৈ, নিজৰ মানসিক অস্থিৰতাক দমন কৰিবলৈ যিজনে বিচাৰে অধিক পৰিমাণৰ ঔষধৰ বড়ি৷  নিজৰ মাজতে আচৰিত এক হাঁহি মাৰে আৰ্থাৰে৷ সেই হাঁহি আৰু অপ্ৰাকৃতিক আচৰণৰ বাবে জোকাৰৰূপী আৰ্থাৰ হৈ পৰে সমাজৰ পৰা অৱলেহিত৷ কিন্তু তাৰ পিছতো কাৰোবাৰ পৰা মৰম বিছাৰে,বিছাৰে প্ৰেম ভালপোৱা৷ কিন্তু সেয়া সম্ভৱ হৈ নুঠে নিজৰ মানসিক অস্থিৰতাৰ কাৰণে৷


ইফালে  আৰ্থাৰৰ ‘গোথাম’ চহৰত চলি আছে চৰম নৈৰাজ্যৰ৷ চহৰৰ ফুটপাথত দম বান্ধি থোৱা আৱৰ্জনা,শাসকৰ প্ৰতি জনতাৰ বিদ্ৰোহৰ উকমুকনি আৰু মুখাধাৰী  ক্ষোভিত জনতাৰ ৰণচালি৷ এইধৰণৰ এক নৈৰাজ্যময় পৰিবেশৰ মাজত যেতিয়া এগৰাকী মানসিক সন্তুলনহীন ব্যক্তিয়ে চহৰত নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম চলাই যায়  কেনেদৰে সফল হ’ব তেওঁ? দুখক একাষৰীয়া কৰি সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত মুখত জোকাৰৰ ৰং সানি আৰ্থাৰে গোথাম চহৰৰ ৰাজপথত বিজ্ঞাপন চলায়৷  অথচ্ চহৰখনে তেওঁক একো নিদিয়ে৷ দিয়ে সীমাহীন যন্ত্ৰণা আৰু বিষেদগাৰ৷   নিজৰ খাপ নোখোৱা জোতাযোৰ খাপ খুৱাই মিলিব বিছাৰে তেওঁ সমাজৰ লগত৷ কিন্তু অৱজ্ঞা আৰু বিফলতাৰ মেৰপাকত পৰি জোকাৰৰূপী আৰ্থাৰ ক্ৰমাৎ গতি কৰে এগৰাকী জিঘাংসু হত্যাকাৰীৰ ৰূপত৷ অথচ্ আৰ্থাৰে  নিজকে জোকাৰ সাঁজি হ’ব বিচাৰে এগৰাকী সৎ আৰু সফল মানুহ৷ কাৰণ মাকে শিকাইছিল যে জীৱনত প্ৰশয় দিব নালাগে দুখক, হাঁহিৰে পাৰ কৰিব লাগে জীৱন৷ কিন্তু সকলো ভবাৰ দৰে হৈ নুঠে৷ এই আইৰণিটোৰ কাৰণেই জোকাৰৰ হাত হৈ উঠে ৰাঙলী৷ ভাৱলেশহীনভাবে জোকাৰে চলন্ত ৰেলত সংঘটিত হোৱা এক ঘটনাৰ বাবে গুলীয়াই হত্যা কৰে তিনিজন লোকক৷ কোনো অভিব্যক্তি নাই মুখত৷ তাৰ পিছত নিয়মিত জীৱন সংগ্ৰাম৷ টেলিভিছনৰ কমেডি অনুষ্ঠান৷ কোনোবা এদিন এগৰাকী শুভাকাংক্ষীয়ে আৰ্থাৰৰ হাতত তুলি দিছিল এটা পিস্তল৷ সেয়া আছিল নিন্তান্তই নিজৰ বাবে কৰা নিৰাপত্তাৰ ব্যৱস্থা৷ কিন্তু ঘটনাক্ৰম সেই শুভাকাংক্ষীজনে ভবাৰ দৰে গতি নকৰিলে৷ তাৰ পিছত এটাৰ পিছত আন এটা হত্যাকাণ্ড আৰু শেষত নিজৰ আদৰ্শ পুৰুষগৰাকীক টেলিভিছনৰ লাইভ শ্ব’ত গুলীয়াই হত্যা৷

যিসকল চিনেমা অনুৰাগীয়ে ইতিমধ্যে ক্ৰীষ্ট্ৰোফাৰ ন’লানৰ “বেটমেন’’ ত্ৰিল’জি -বেটমেন বিগিনচ্, দ্যা ডাৰ্ক নাইটচ্ আৰু দ্যা ডাৰ্ক নাইটচ ৰাইচ্ ৰ সতে চিনাকি আছে তেওঁলোকে নিশ্চয় ডি চি কমিক্ছৰ  জকাৰ আৰু ট’ড  ফিলিপছ পৰিচালিত আৰু প্ৰযোজিত জকাৰৰ মাজত পাৰ্থক্য দেখিবলৈ পাইছে৷ দ্যা ডাৰ্ক নাইটচ্ ত হিথ লিডাৰে জোকাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ কথা নিশ্চয় নতুনকৈ ক’ব লগা নাই৷ ডাৰ্ক নাইটচত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ লাভ কৰিছিল সন্মানীয় অস্কাৰ বঁটা৷ জোৱাকুইনচ্ ফণিক্সৰ জোকাৰ চিনেমাখনতো দেখুওৱা হৈছে থমাছ ওৱেনৰ দৰে মানুহবোৰৰ কাৰণে চহৰ নগৰত সৃষ্টি হোৱা অস্থিৰতাক৷ ব্যাপক পুজিবাদী ধ্যানধাৰণাৰ ধাৰক বাহক থমাছ ওৱেনহ’তে অৱজ্ঞা কৰি চলিছে চহৰত দেখা দিয়া সৰ্বসাধাৰণ জনতাৰ বিদ্ৰোহক৷ তেওঁলোকে উপভোগ কৰিছে চেপলিনৰ কমেডি চিনেমা৷ খাইছে সু-স্বাদু খাদ্য৷ জনতাৰ প্ৰাপ্য দাবী আৰু অধিকাৰৰ প্ৰতি প্ৰশাসকৰ চৰম অৱজ্ঞাই দেখুৱাই দিছে এচাম পুজিপতিৰ ভোগ বিলাসিতা আৰু সাম্প্ৰতিক বিভিন্ন দেশত দেখিবলৈ পোৱা নৈৰাজ্যৰ ছৱিখন৷

সেই কাৰণেই আৰ্থাৰ ফ্লিকৰ দৰে মানসিক ভাবে অসুস্থ লোকসকলে হৈ উঠে নৰহত্যাকাৰী৷ কিন্তু আৰ্থাৰ মানসিকভাৱে অসুস্থ কাৰণে হৈ উঠা নাই হত্যাকাৰী৷ সমাজ আৰু সমাজৰ এক শ্ৰেণীৰ অৱজ্ঞা আৰু স্বীকৃতি নিদিয়াৰ মানসিকতাৰ কাৰণে তেওঁ পৰিণত হৈছে হত্যাকাৰীৰ ৰূপত৷ টেলিভিচন শ্ব’ত আৰ্থাৰক লৈ কৰা ঘৃণা মিশ্ৰিত ৰগৰত ভাগি পৰিছে আৰ্থাৰ৷ তেওঁৰ আদৰ্শ পুৰুষগৰাকীয়েই যেতিয়া কমেডি অনুষ্ঠানত কৰি পেলায় তেওঁক হাঁহিয়তাৰ পাত্ৰ, তেতিয়া  আৰ্থাৰ ফ্লিক হৈ পৰে নিজৰ ওচৰতেই অসহজ৷

শেষত চলন্ত টেলিভিছনৰ অনুষ্ঠানত যেতিয়া গুলীয়াই হত্যা কৰে নিজৰ আদৰ্শপুৰুষগৰাকীক তাৰ পিছতে এণ্টি হিৰোৰ পৰা হিৰো হৈ উঠে জোকাৰ৷ চহৰত অব্যাহত আছিল তেতিয়া অজস্ৰ মুখাধাৰি বিদ্ৰোহী জনতাৰ ৰণচণ্ডী ৰূপ৷ সেই ভিৰত বিদ্ৰোহী জনতাৰ কাৰণে জোকাৰ হৈ উঠে বিপ্লৱৰ প্ৰতীক৷ মুখত তেজৰ ৰং সানি সেই স্বভাৱজাত হাঁহি  মাৰি দুহাত মেলি দি জোকাৰ হৈ উঠে বিপ্লৱ আৰু আদৰ্শৰ প্ৰতীক৷

আমাৰ সমাজব্যৱস্থা এনেদৰেইটো চলি আছে?সৰ্বসাধাৰণ জনতাক  শাসক আৰু উচ্চ শ্ৰেণীৰ এচামে কৰা অৱজ্ঞা অনাদৰ এইবোৰেই বৰ্ত্তি আছে আমাৰ সমাজত৷ জোৱাকুইন ফণিক্স অভিনীত জোকাৰে আপোনাৰ মনতো প্ৰশ্ন তুলিব পাৰে—চিৰদিন আমি জোকাৰৰ দৰে  মুখত ৰং সানি সকলো সহি গৈ অৱলেহিত হৈ থাকিমনে বিদ্ৰোহী জোকাৰৰ ৰূপ ধৰি মুখত সানি লম ৰক্তৰ ৰং৷

অথচ জোকাৰ আছিল অনাদৰ আৰু অৱজ্ঞাৰ এক চৰিত্ৰ৷ জোকাৰে হাঁহিছিল কিন্তু সেই হাঁহিক কোনোদিনেই সমাজে গুৰুত্ব নিদিলে৷ যাৰ কাৰণে ষ্টেণ্ড আপ কমেডিয়ান হ’ব খোজা আৰ্থাৰ হৈ পৰে ঘাতক৷

পৰিচালকে দাঙি ধৰিব খোজা এটা চিৰন্তন বিষয়ৰ সত্যক তুলি ধৰাত পূৰামাত্ৰেই সফল হোৱা বুলি কব পাৰি৷ আমাৰ সমাজব্যৱস্থা এনেদৰেইটো চলি আছে? সৰ্বসাধাৰণ জনতাক  শাসক আৰু উচ্চ শ্ৰেণীৰ এচামে কৰা অৱজ্ঞা অনাদৰ এইবোৰেই বৰ্ত্তি আছে আমাৰ সমাজত৷ জোৱাকুইনচ্ ফণিক্স অভিনীত জোকাৰে হয়তো আপোনাৰ মনতো প্ৰশ্ন তুলিব পাৰে—চিৰদিন আমি  কি জোকাৰৰ দৰে  মুখত ৰং সানি সকলো সহি গৈ অৱলেহিত হৈয়েই থাকিমনে নে বিদ্ৰোহী জোকাৰৰ ৰূপ ধৰি মুখত সানি লম ৰক্তৰ ৰং?

পেৰাচাইটঃ
শ্ৰেণী সংগ্ৰাম তত্ত্বৰ একেবাৰে নিমজ আৰু চিধা প্ৰকাশেই হ’ল সমাজত ধনী আৰু দুখীয়াৰ প্ৰভেদৰ তত্ত্ব৷ পৃথিৱীত মানৱ  ইতিহাসৰ সেই  চিৰন্তন সত্যটো হ’ল তিষ্ঠি থকাৰ  ইতিহাস৷ এই তিষ্ঠি থকাৰ সংগ্ৰামেই সৃষ্টি কৰে মানুহৰ মাজত শ্ৰেণী বিভাজনৰ৷ ধনী আৰু দুখীয়াৰ৷ শ্ৰমিক-মজদুৰ আৰু পুজিপতিৰ৷ শ্ৰেণীহীন সমাজৰ কল্পনা বাস্তৱত পৰিণত হয় নে নহয় সেয়া আমি কব খোজা নাই কিন্তু বাৰম্বাৰ আমি নস্যাৎ কৰি, সেই তত্ত্বক  যিমানেই ডাষ্টবিনত পেলাবলৈ চেষ্টা নকৰো কিয় পৃথিৱীত কিন্তু সংগ্ৰাম অব্যাহত আছে এই ধনী আৰু দুখীয়াৰ মাজতে৷ সেয়া লাগিলে পুজিপতিৰ দেশ আমেৰিকাতেই হওক কিম্বা ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষতেই হওক নাইবা একনায়কত্ববাদী শাসকৰ দেশ উত্তৰ কোৰিয়াতেই হওক৷ সংগ্ৰাম আৰু চেতনাৰ সৃষ্টি এই দুই শ্ৰেণীৰ মাজতেই হয়৷ সেয়ে হয়তো এখন কোৰিয়ান চিনেমাই দেখুৱাই দিয়া এই প্ৰভেদক লৈ সৃষ্টি হয় আমাৰ মাজত বিভিন্ন ভাৱৰ উকমুকনিৰ৷ সমস্যা সেই সকলোতে একেই৷ সংগ্ৰাম সপোন আৰু বাস্তৱৰ মৰ্মস্পৰ্শী পৰিণতিত আমি সকলোৱে কিমান অসহায় আচলতে৷ অথচ্ চকুৰ সন্মূখত দেখি থকা প্ৰগ’তি আৰু উন্নয়নৰ ছবিখনে আমাক দেখুৱায় অন্য এখন বিপৰীত ছবিহে৷ সপোন আমি দেখো আৰু এচামে সপোন আমাক দেখুৱায়৷ তাতেই সৃষ্টি হয় নৈৰাজ্যৰ৷

বং জো হো পৰিচালিত পেৰাচাইটত দেখুওৱা হৈছে দুটা পৰিয়ালৰ কাহিনী৷ এটা সজ পথেৰে অৰ্জা ধনেৰে ধনী পৰিয়াল আৰু আনটো গৰীৱ তথা বিভিন্ন সমস্যাৰে জৰ্জড়িত এটা পৰিয়াল যিটো পৰিয়ালৰ মূল সমস্যাই হৈছে আয়ৰ উৎস৷ পৰিয়ালৰ চাৰিটা প্ৰাণীৰ নাই কোনো চাকৰি৷ নাই কোনো আয়ৰ উৎস৷ নাইটো নাই মোবাইলৰ নেটৱৰ্কেও যেন ধৰা নিদিয়া হৈছে পৰিয়ালটোক৷ পৰিয়ালটোৱে ভৰসা কৰিছে ভাল দিন আনি দিব পৰা এচটা শিল পাথৰৰ ওপৰত৷ এয়া অন্ধবিশ্বাস, কিন্তু উপায়হীন হৈ ঘৰত সজাই ৰাখিছে মিৰাকল কৰি দিব পৰা শিলচটাক৷

ঘটনা আগবাঢ়ি যায়৷ হঠাতে কিম পৰিয়ালটোলৈ আহি পৰে এটাৰ পিছত এটা ভাল খবৰ আৰু লাভ কৰে আয়ৰ উৎস৷ ঘটনাক্ৰমে কিম পৰিয়াল সংযুক্ত হৈ পৰে সেই ধনী আভিজাত্যপূৰ্ণ পাৰ্ক পৰিয়ালটোৰ লগত৷ পুতেক ঘৰুৱা শিক্ষক হিচাপে, কন্যা এগৰাকী চিত্ৰকলাৰ শিক্ষক হিচাপে, কিম নিজে গাড়ীচালক হিচাপে আৰু পত্নীয়ে চম্ভালি লয় পাকঘৰৰ দায়িত্ব৷ নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে কিম পৰিয়ালে পেটত গোৰ মাৰে পূৰ্বৰ ৰান্ধনী আৰু গাড়ীচালকৰ৷ লুকুৱাই ৰাখে নিজৰ নিজৰ পৰিচয়৷ এনেদৰে আগবাঢ়ি যায়৷ শিলচটাই আনি দিয়া সৌভাগ্যৰ বাবে নিজৰ ঘৰৰ ডাইনিং টেবুলত কটায় হাঁহি ধেমালিৰ সময়৷
কিন্তু সপোন আৰু বাস্তৱ সদায় একে গতিৰে আগবাঢ়ি নাযায়৷ কিম পৰিয়ালৰ সৌভাগ্যই বেছিদিন লগ নিদিলে অৱশেষত৷

এদিন পাৰ্ক পৰিয়ালে লৰাছোৱালীহালক লৈ  নিজে গাড়ী চলাই এৰাতি বাহিৰত থাকি লৰাৰ জন্মদিন উদযাপন কৰাৰ পৰিকল্পনাৰে ওলাই যায়৷ ঘৰ চম্ভালাৰ দায়িত্ব দি যায় কিম পত্নী ৰূপী ৰান্ধনীগৰাকীক৷

বং জো হ’ এগৰাকী চমৎকাৰ পৰিচালক৷ দুই পৰিয়ালৰ পেৰাচাইট চৰিত্ৰবোৰক বাস্তৱিক আৰু ৰুচিসন্মত ভাবে চিনেমাৰ মাধ্যমত তুলি ধৰিবলৈ কৰা প্ৰয়াসক বিশ্বৰ সকলো চিনে অনুৰাগীয়ে শলাগিবলৈ বাধ্য হৈছে৷

সেই নিশা কিম পৰিয়ালৰ আটায়ে অভিজাত ঘৰখনত মৌজ মস্তি কৰি কটায়৷ দামী দামী বেণ্ডৰ সুৰা সেৱন,সুস্বাদু খাদ্যৰ জুতি ইত্যাদিৰ সোৱাদত উটি ভাঁহি যায়৷ সেই মৌজ মস্তি আড়ম্বৰপূৰ্ণ বিষয়ভোগ চলি থকাৰ মাজতে বৰ্ষনমুখৰ সেই নিশা দুৱাৰত কলিং বেল বাজে পাৰ্ক  পৰিয়ালৰ পূৰ্বৰ ৰান্ধনীগৰাকীৰ৷ তাৰ পিছত ঘটনাই গতি কৰে অন্য ৰূপত৷ পূৰ্বৰ ৰান্ধনী মহিলাগৰাকীয়ে  যথেষ্ট কাকূতিমিনতি কৰি যেতিয়া ভিতৰত প্ৰৱেশ কৰে  চিনমাৰ ক্লাইমেক্স আৰম্ভ হয় তেতিয়াই৷ মহিলাগৰাকীৰ স্বামী সেই বিশাল গৃহৰ এক অন্ধকাৰ আৰু গোপন স্থানত লুকুৱাই আছিল যোৱা চাৰি বছৰ ধৰি এক বিশেষ ধনৰ লেনদেনৰ সমস্যাত পৰি৷ অন্ধকাৰ কুঠুৰীৰ স্বামীক তেওঁ যোগান ধৰিছিল নিয়মিত সামান্য খাদ্য কিন্তু যেতিয়াৰ পৰা খেদা খালে চাকৰিৰ পৰা তেতিয়াৰ পৰা স্বামীয়ে খাব পোৱা নাই খাদ্য৷ তাতেই কিম পৰিয়ালৰ  লগত পূৰ্বৰ ৰান্ধনী দম্পতীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ আৰু মৃত্যু হয় পূৰ্বৰ ৰান্ধনী মহিলাগৰাকীৰ৷ সকলো গোমৰ ফাঁক হৈ পৰে৷ হেন সময়তে এক পাকচক্ৰত পৰি ভ্ৰমণৰ পৰা উভতি আহে  পাৰ্ক পৰিয়াল৷ মুষলধাৰ বৰষুণৰ মাজত লৰাটোৱে বাহিৰৰ ল’নত টেণ্টহাউচ পাতি সোৱাদ লয় বৰষুণৰ৷ কিবাকৈ কিম পৰিয়ালৰ অনাহুত তিনিগৰাকী সদস্য সেই ঘৰৰ পৰা পলাই আহি উপস্থিত হয় নিজৰ ঘৰত৷ কিন্তু সকলো শেষ হৈ গৈছিল৷ মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হৈছিল বান৷ ডুবাই পেলাইছিল কলনিৰ সকলো ঘৰ গৃহস্থী৷ কিম পৰিয়ালৰ সকলো নিশেষ হৈ যায় বানত৷ এফালে কাৰোবাৰ বাবে বৰষুণ হৈ উঠিছে উপভোগ্য আৰু আনন্দৰ উৎস আনফালে কাৰোবাৰ বাবে দুখ  আৰু দুৰ্দশাৰ৷ কিম পৰিয়াল সেই নিশা চৰকাৰী আশ্ৰয় গৃহত লব লগা হয় আশ্ৰয়৷ পিচদিনা পাৰ্ক পৰিয়ালৰ লৰাৰ জন্মদিন উদযাপন হয় ধুমধামেৰে৷ মালিকে সৃষ্টি কৰা এক কাল্পনিক নাটকৰ মাজতে হঠাতে অন্ধকাৰ কুঠৰীত সোমাই থকা সেই ভুতৰূপী ৰান্ধনীৰ স্বামীগৰাকী প্ৰতিশোধ লোৱাৰ বাসনাৰে ওলাই আহি সংঘটিত কৰে এলানি হত্যাকাণ্ডৰ৷ নিজৰ লৰাৰ মনৰ মাজত সোমাই থকা ভুতৰ ভয়ক নাশ কৰিবলৈ গৈ নিজেই শেষ হৈ যায়  পাৰ্ক পৰিয়াল৷ মূলত চিনেমখনৰ কাহিনী এইটোৱেই৷
বং জো হ’ এগৰাকী চমৎকাৰ পৰিচালক৷ দুই পৰিয়ালৰ পেৰাচাইট চৰিত্ৰবোৰক বাস্তৱিক আৰু ৰুচিসন্মত ভাবে চিনেমাৰ মাধ্যমত তুলি ধৰিবলৈ কৰা প্ৰয়াসক বিশ্বৰ সকলো চিনে অনুৰাগীয়ে শলাগিবলৈ বাধ্য হৈছে৷ পেৰাচাইট শব্দটোৰ তাৎক্ষণিক অৰ্থ যদি আমি বিচাৰ কৰো তেন্তে এই কথাই বুজো যে কিছু মানুহৰ  জীৱন গতি আগুৱাই যাবলৈ প্ৰয়োজন হয় কাৰোবাৰ সহায় বা অনুগ্ৰহৰ৷ পৰনিৰ্ভৰশীল নতুবা অনুগ্ৰহত পাৰ কৰিব লগা জীৱনেই হ’ল আটাইতকৈ যন্ত্ৰণাদায়ক৷ কিন্তু এই দুই শ্ৰেণীৰ হা-হুতাহে এৰাই চলিব নোৱাৰে কোনো এটাকে৷ কোনোবাখিনিত নহয় কোনোবাখিনিত হয়তো সকলোৱে পেৰাচাইটৰ দৰে পাৰ কৰিবলগীয়া হয় জীৱন৷ কিন্তু সপোন উচ্চাকাংক্ষাই যেতিয়া অতিক্ৰম কৰে সীমা, তেতিয়াই সৃষ্টি হয় সংৰ্ঘষৰ৷ কিম পৰিয়ালৰ উচ্চাকাংক্ষী মনোভাৱৰ কাৰণে শেষ হৈ পৰে তিনিটা পৰিয়াল৷ অথচ ইটোৱেসিটোৰ পৰা পৃথকীকৃত হৈ থকাৰ নাছিল কোনো তাত্ত্বিক কাৰণ৷ এফালে দৰিদ্ৰতাৰ বাবে লোৱা অসহজ পন্থা আনফালে আভিজাত্যৰ চেহেৰা সজীৱকৈ ৰখাৰ বাবে চলাই নিয়া নিজ পৰিয়ালৰ বিলাসী চৰিত্ৰ, দুয়োটাই সমানে জগৰীয়া৷ শ্ৰমিক বা সামান্য শ্ৰেণীৰ লোকসকলে জীৱন যুদ্ধৰ বাবে কৰিবলগীয়া হোৱা সংগ্ৰামবোৰ, জীৱনৰ কঠিন বাস্তৱতা আৰু আনফালে উচ্চ শ্ৰেণীৰ লোকৰ সম্পদ আহৰণৰ বাবে কৰা দৌৰাদৌৰিবোৰ–এয়াই চিনেমাখনত দেখুৱাই দিয়া শ্ৰেণী চেতনা৷ যদিও ছবিখনত পাৰ্ক পৰিয়ালক ভিলেইন সজোৱা হোৱা নাই তথাপি পাৰ্ক পৰিয়ালৰ জীৱন ধাৰণ  পদ্ধতি আৰু সম্পদৰ আধিক্যই পৰোক্ষভাৱে দেখুৱাই দিছে সমাজৰ এচামে ভুগিবলগীয়া হোৱা যন্ত্ৰণাৰ৷

কোৰিয়ান চিনেমা পেৰাচাইটৰ ব্যাখ্যা বিভিন্ন দিশৰ পৰা আলোচনা কৰি বিভিন্ন দিশৰ পোষ্টমৰ্টেম কৰিব পাৰি৷ ভূত বুলি সৰু বয়সতে ভয় খাই মনৰ মাজত সোমাই থকা ভয়টো আচলতে আছিল অৰ্থহীন৷ কিন্তু পৰিচালকে মধ্যবিত্তীয় মানুহৰ নিজৰ সন্তানৰ প্ৰতি দেখুওৱা অহেতুক বিলাসী ভয় ভাৱনাক ইয়াৰ মাজেৰে সুন্দৰকৈ দাঙি ধৰিছে৷ বৰষুণ কাৰোবাৰ বাবে ফুৰ্ত্তিৰ উৎস কিন্তু সেই বৰষুণে অনা বান কাৰোবাৰ বাবে দুৰ্দশাৰ কাৰণ৷ জীৱনৰ পাকচক্ৰই কাৰোবাক সপ্তাহত এসাজ খাদ্যই কৰিছে সন্তুষ্ট কাৰোবাৰ বাবে প্লেটৰ পিছত প্লেট বিলাসী খাদ্য৷

এইসকলোবোৰ তুলি ধৰাত পেৰাচাইট নামৰ ছবিখনে সফল হৈছে৷ যাৰ কাৰণে আদৰি লৈছে বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীয়ে৷ ইয়াৰ কাৰণ হিচাপে আমি কব পাৰো সমাজত দুটা শ্ৰেণীৰ মাজত চলি অহা চিৰদিনীয়া সংঘাতৰ৷ এটা ধনীক শ্ৰেণী আনটো শ্ৰমজীৱী  তথা অৱলেহিত শ্ৰেণী৷

Previous বানত বিধ্বস্ত অসম, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ব্যস্ত 'তাৰকা'ক লৈ!
Next বানত বিপৰ্য্যস্ত অসম : দায়সৰা চৰকাৰ!