https://biriyaa.com/

স্বাধীনতাৰ সময়ত কাশ্মীৰ এখন ৰজা শাসিত ৰাজ্য আছিল। ৰজা হৰি সিং আছিল হিন্দু, য’ত কাশ্মীৰৰ ৭৮% শতাংশ লোকেই আছিল মুছলিম। হৰি সিং ভাৰত অথবা পাকিস্তান কোনো এখন দেশৰ লগতেই সন্মিলিত হ’ব বিচৰা নাছিল। আৰু কাশ্মীৰক স্বতন্ত্র কৰি ৰাখি নিজে এজন স্বতন্ত্র শাসক হৈ থাকিব বিচাৰিছিল। আনহাতেদি একেসয়তে নেচনেল কনফাৰেঞ্চৰ শ্বেখ আব্দুলই কাশ্মীৰত আৰম্ভ কৰিছিল এক স্বতন্ত্র  ৰাজনৈতিক কুচকাৱাজ, আৰু ইয়াৰ দ্বাৰা তেওঁ মহাৰাজা হৰি সিঙৰ পৰা কশ্মীৰক মুক্ত কৰি কশ্মীৰত এক সাংবিধানিক ব্যবস্থাক থিতাপি লগাব বিচাৰিছিল; কিন্তু একেসময়তে শ্বেখ আব্দুলা কাশ্মীৰক পাকিস্তানৰে চামিল কৰাৰ পক্ষটো নাছিল। দৰাচলতে কংগ্রেছৰ লগত দীঘলীয়া সময় ধৰি সু-সৰ্ম্পক ৰাখি অহা ‘নেচনেল কনফাৰেঞ্চ’ এক ধৰ্ম নিৰপেক্ষ সংগঠন আছিল আৰু কাশ্মীৰক ভাৰতৰে চামিলকৰণত মত দিছিল।

হৰি সিং ভাৰত অথবা পাকিস্তান কোনো এখন দেশৰ লগতেই সন্মিলিত হ’ব বিচৰা নাছিল। আৰু কাশ্মীৰক স্বতন্ত্র কৰি ৰাখি নিজে এজন স্বতন্ত্র শাসক হৈ থাকিব বিচাৰিছিল
ভাৰতৰ তৎকালীন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আৰু কশ্মীৰৰ মহাৰাজা হৰি সিং

২২ অক্টোবৰ, ১৯৪৭ত পাকিস্তানৰ ষড়যন্ত্রত কাশ্মীৰ অকস্মাৎ আক্ৰমণৰ সন্মুখীন হয়। পাঠান জনজাতীয় লোকৰ ৰূপত অহা এই আক্ৰমণকাৰীবোৰ আহি শ্রীনগৰ পাই তাতে খোপনি পোতে। এই বিপদৰ পৰা হাত সাৰিবলৈ মহাৰাজৰ ভাৰতৰ ওচৰত সহায়ৰ বাবে আপিল কৰাৰ বাদে একো গত্যন্তৰ নাছিল। নেহৰুৱে এই ক্ষেত্রত এই বুলি মত দিলে যে, তেওঁ কাশ্মীৰৰ মানুহৰ মতামত লৈহে কাশ্মীৰক ভাৰতৰে চামিলকৰণৰ বিষয়টোত সিদ্ধান্ত ল’ব, গতিকে চামিলকৰণ নোহোৱাকৈ তেওঁ কেনেকৈ মহাৰাজা হৰি সিঙক সামৰিক সহায়  কৰিব? সেইসময়ৰ গৱৰ্ণৰ জেনেৰেল ল’ৰ্ড মাউন্টবেটেন নেহৰুৰ স্থিতিৰ বিপৰীতে গৈ তেওঁক কাশ্মীৰক ভাৰতৰে চামিলকৰণৰ দলিলত (ইনষ্ট্ৰুমেণ্ট অৱ এক্‌চেছন)ত সন্মতি লৈ আন্তঃৰাষ্ট্ৰীয় আইন মতে ভাৰতক কাশ্মীৰলৈ সেনা পঠাবলৈ পৰামৰ্শ দিলে।

বিপদৰ পৰা হাত সাৰিবলৈ মহাৰাজৰ ভাৰতৰ ওচৰত সহায়ৰ বাবে আপিল কৰাৰ বাদে একো গত্যন্তৰ নাছিল। নেহৰুৱে এই ক্ষেত্রত এই বুলি মত দিলে যে, তেওঁ কাশ্মীৰৰ মানুহৰ মতামত লৈহে কাশ্মীৰক ভাৰতৰে চামিলকৰণৰ বিষয়টোত সিদ্ধান্ত ল’ব, গতিকে চামিলকৰণ নোহোৱাকৈ তেওঁ কেনেকৈ মহাৰাজা হৰি সিঙক সামৰিক সহায়  কৰিব?

https://biriyaa.com/

ইয়াৰ ফলস্বৰূপে কাশ্মীৰৰ মহাৰাজে ২৬ অক্টোবৰত ইনষ্ট্ৰুমেণ্ট অৱ এক্‌চেছন ত স্বাক্ষৰ কৰে আৰু লগতে শ্বেখ আব্দুলাক কাশ্মীৰৰ প্রশাসনিক মুৰব্বী হিচাপে নিযুক্তি দিবলৈ মান্তি হয়, কিন্তু এই চামিলকৰণ আৰু কাশ্মীৰক ভাৰতৰ অংগৰাজ্যৰ মৰ্য্যাদা ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ অনুযায়ী  সাময়িকভাৱেহে দিয়া হৈছিল। এই চামিলকৰণ অনুযায়ী ভাৰতে কাশ্মীৰৰ প্রতিৰক্ষা, বৈদেশিক, যোগাযোগ আদি কিছু বিশেষ বিষয়ৰ দায়িত্বতহে থাকিব। অনুচ্ছেদ ৩৭০ অনুযায়ী (অট’নমী)কাশ্মীৰৰ নিজা সংবিধান, নিজা সংবিধান সভা, স্বতন্ত্র পতাকা আদিৰ লগতে কাশ্মীৰৰ আভ্যন্তৰীণ প্রশাসনিক পৰিচালনাও কাশ্মীৰে নিজেই কৰিব লাগিব।

মহাৰাজে ২৬ অক্টোবৰত ইনষ্ট্ৰুমেণ্ট অৱ এক্‌চেছন ত স্বাক্ষৰ কৰিছিল যদিও সাময়িক চামিলকৰণৰ পৰা প্রশাসনিকভাৱে কাশ্মীৰৰ ভাৰতৰে পূৰ্ণ চামিলকৰণ বাস্তৱত ৰূপায়িত হ’বলৈ তেতিয়াও বহু প্রক্রিয়া বাকী আছিল, সেয়ে  পিছৰ সময়ত মহাৰাজ আৰু নেচনেল কনফাৰেঞ্চে কাশ্মীৰক আন ৰাজ্যৰ দৰে পূৰ্ণ অংগৰাজ্যৰ মৰ্য্যাদা  প্রদানেৰে  ভাৰতৰ  এক অবিচ্ছেদ্য অংগ কৰিবলৈ ভাৰতৰ ওপৰত বাৰম্বাৰ হেঁচা প্রয়োগ কৰিছিল।

কাশ্মীৰৰ ভাৰতৰে পূৰ্ণ চামিলকৰণ বাস্তৱত ৰূপায়িত হ’বলৈ তেতিয়াও বহু প্রক্রিয়া বাকী আছিল, সেয়ে পিছৰ সময়ত মহাৰাজ আৰু নেচনেল কনফাৰেঞ্চে কাশ্মীৰক আন ৰাজ্যৰ দৰে পূৰ্ণ অংগৰাজ্যৰ মৰ্য্যাদা প্রদানেৰে ভাৰতৰ এক অবিচ্ছেদ্য অংগ কৰিবলৈ ভাৰতৰ ওপৰত বাৰম্বাৰ হেঁচা প্রয়োগ কৰিছিল।

ভাৰতে আনহাতেদি নিজৰ গণতান্ত্রিক মুল্যবোধক আধাৰ হিচাপে লৈ আৰু ল’ৰ্ড মাউন্টবেটেনৰ পৰামৰ্শ মতে কাশ্মীৰত শান্তি ঘুৰি অহাৰ পিছত ৰাইজৰ মতামত (ৰেফাৰেণ্ডাম)   লৈহে কাশ্মীৰৰ ভাৰতৰে চামিলকৰণ বিষটোৰ চূড়ান্ত সিদ্ধান্ত ল’ব বুলি ঘোষণা কৰিলে।দৰাচলতে অক্টোবৰত ইনষ্ট্ৰুমেণ্ট অৱ এক্‌চেছন ত স্বাক্ষৰ হোৱাৰ লগে লগে  কাশ্মীৰত ভাৰতে গণভোট  (প্লেবিছাইট্‌) ৰ দ্বাৰা বিষয়টোৰ মীমাংসা কৰিব বিচাৰিছিল; কিন্তু কাশ্মীৰৰ এক বৃহৎ অংশত (আজাদ কাশ্মীৰ) পাকিস্তানী সৈন্যই খোপনি পুতি থকাত এই গণভোট প্রক্রিয়াক বাস্তৱত ৰূপায়িত কৰিব পৰা নগ’ল। পৰবৰ্তী সময়ত ‘শীতল যুদ্ধ’য়ে দুভাগ কৰা পৃথিবীত আমেৰিকােই পাকিস্তানৰ সৈতে মিত্রজোট গঢ় দিয়াত পাকিস্তান ভাৰত আৰু কাশ্মীৰৰ বিষয়ত আৰু অধিক উগ্র হৈ পৰে। সময়ৰ লগত কাশ্মীৰকেন্দ্রিক ভাৰত-পাক সমস্যা এক বৃহৎ গোলকীয় সন্ত্রাসবাদী আৰু সীমা সমস্যা হৈ থিয় দিয়ে। অমীমাংসিত হৈ ৰোৱা সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৰাজনীতিৰ কু চক্রত মেৰপাক খাই ওলমি-ওলমি আহি কাশ্মীৰ আজি কি পৰ্য্যায়ত আহি উপনীত হৈছে আমি সকলোৱে দেখিছো।

https://biriyaa.com/

কাশ্মীৰত আজিও গণভোটো ন’হল, যিকাৰণে কাশ্মীৰ আজিও বিশেষ ৰাজ্যই (স্পেচিয়েল ষ্টেটাছ) হৈ থাকিল। কাশ্মীৰীসকলৰ মুখ্য ক্ষোভ আজিও সেয়াই। আজিও তেওঁলোকে গণভোট (প্লেবিছাইট্‌) বিচাৰে। আজিও তেওঁলোকৰ সৰহসংখ্যকেই বিচাৰে ভাৰতীয় গণতন্ত্রৰ পোহৰ। তেওঁলোকেও দেশৰ আন ৰাজ্যৰ দৰে সমানে মৰ্য্যাদা লাভ কৰক। 

 

 

 

ৰ ক্তি ম গো স্বা মী

জনমুখী সংগীত শিল্পী, সমকালীন টিপ্পনীকাৰ আৰু বিৰিয়াৰ নিয়মীয়া স্তম্ভ লেখক।

Previous বিশ্ব প্ৰাণী স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন : ভয়াৱহ এণ্টিবায়’টিক
Next দেশপ্ৰেম বনাম দেশদ্ৰোহ