চিন্তা এক

সমৰ গাঁও অঞ্চলত প্ৰায় প্ৰতিঘৰ মানুহৰ বাৰীতেই খেতি হিচাবে নকৰা কিন্তু প্ৰকৃতিয়ে নিজেই দিয়া আৰু আমাৰ সাৰুৱা মাটিয়ে আলপৈচান ধৰি ডাঙৰ কৰা আৰু ফলৰ ভৰত দোঁ খাই থকা বহু ফল-মূলৰ গছ আছে। পিছে এই ফল-মূলৰ ব্যৱহাৰ ঘৰত দুবটল আচাৰ বনোৱা, চুবুৰীয়াক বিলাই দিয়া আদিতেই সীমিত। কেতিয়াবা তাৰ দুই-এটাই বজাৰ দেখিলেও অধিকাংশ ফল-মূল পকি সৰি নষ্ট হয়। ঠাই বিশেষে কপিকূল নাইবা বাদুলীৰ উদৰস্থ হয়। ঠাইবিশেষে আকৌ একেখিনি বস্তুৰেই চাহিদা তুংগত। সমস্যাটো হ’ল সেই যোগান উভৈনদী অথচ চাহিদা নথকা ঠাইৰ পৰা চাহিদা আৰু বজাৰ থকা ঠাইলৈ বস্তুখিনি আহি নাপায়হি। ফলত এই মাটিয়ে দিয়া সম্পদৰ দুখজনক অপচয় !

চিন্তা দুই

শ্ৰীমহিলা গৃহ উদ্যোগ লিজ্জত পাপড়ৰ বৰ্তমান বাৰ্ষিক আয় হৈছে আঠশ কোটীৰো অধিক। ১৯৫৯ চনত সাতগৰাকী মহিলাই মাত্ৰ আশীটকা মূলধনেৰে আৰম্ভ কৰা এই প্ৰতিস্থানত বৰ্তমান কৰ্মৰত মহিলাৰ সংখ্যা তিয়াল্লিশ হাজাৰ। ইয়াৰে সৰহ সংখ্যক মহিলাই কাম কৰে নিজৰ চোতালৰ পৰা। নিজৰ চোতালৰ পৰা এইসকল মহিলাই নিজৰ হাতৰ যাদুৰ প্ৰয়োগ কৰি মাহিলী উপাৰ্জন কৰে দুইলাখ টকালৈকে! আচৰিত কিন্তু সঁচা।

চিন্তা তিনি

মাৰ গাঁৱে-ভূঞে কিমান ফল-মূল পৰি নষ্ট হৈ থাকে! ইপিনে আমাৰ গাঁৱৰ মহিলাসকলৰ হাতৰ যাদুও কম নহয়! কেনেবাকৈ শ্ৰীমহিলা গৃহ উদ্যোগৰ নমুনাৰে আমাৰ সাধাৰণতে বজাৰৰ মুখ নেদেখা বা পেলনি যোৱা ফলমূলবোৰ কামত লগাই কিবা এটা কৰিব পাৰি নেকি? য’ত মহিলাসকলে ঘৰৰ বাৰীৰ বস্তু কামত লগাই ঘৰৰ পৰাই কাম কৰি উপাৰ্জন কৰক! আৰু আমিও সেই বস্তুবোৰক এখন বজাৰৰ লগত পৰিচয় কৰাই দি দুপইচা উপাৰ্জন কৰোঁ!

 

তেনেদৰেই জন্ম খাৰখোৱা ফুডছ্ ৰ। এই সংঘাত বা শান্তিৰ কাহিনীবোৰ লিখি থাকিম সময়ে সময়ে ইয়াতেই!

দে ৱাং গ প ল্ল ৱ শ ই কী য়া

খাৰখোৱা ফুড্‌ছ ৰ প্ৰতিষ্ঠাপক তথা মূল শ্ৰমিক আৰু বিৰিয়া ৰ নিয়মীয়া স্তম্ভ লেখক।

Previous মানুহ আজিকালি এনেকৈ জুখিব পাৰি...
Next পুলৱামাৰ পাছৰ পৰিস্থিতি