মানুহ আজিকালি এনেকৈ জুখিব পাৰি…


‘জীৱন জুখিবা কৰ্মেৰে’। হয় একদম সত্য কথা। কিন্তু মোৰ মাজে মাজে অনুভৱ হয় যে মানুহ এজনক জুখিব পৰা আন কিছুমান ধুনীয়া বস্তু আমাক প’ষ্ট মডাৰ্ণিজিম দি থৈ গৈছে। ধৰি লওক মানুহ এজনৰ সৈতে আপুনি নতুনকৈ চিনাকী হৈছে। চিনাকী হ’ল, কথা পাতিলে। আকৌ লগ পালে বেলেগ এদিন। কথা পাতিলে। এনেকে দুবাৰ তিনিবাৰমান লগ পোৱাৰ পিছত আপুনি মানুহজনক হয়তো ভাল পাব নহ’লে বেয়া পাবলৈ ল’ব। কিন্তু তেওঁ মানুহজন আচলতেনো কেনেকুৱা সেইটো গম পাবলৈ তেওঁৰ লগত কেৱল দৈনন্দিন কথা বতৰা পাতিলেই নহ’ব। এই ক্ষেত্ৰত কিছুমান উপাদানে সহায় কৰে। ধৰি লওক মানুহজনে কি ধৰণৰ গান শুনে। যদি তেওঁ ভূপেন হাজৰিকা বা জুবিন গাৰ্গ বা পাপন বা ব’ব ডিলান, জগজিৎ সিং, গুলাম আলি,পংকজ উদাস, মাইকেল জেকচন বা ব্ৰায়েন এডামচক নিজৰ প্ৰিয় গায়ক বুলি ভাবে তেন্তে আপুনি ধৰি ল’ব পাৰিব যে মানুহজনৰ কিঞ্চিত মান হ’লেও গভীৰতা আছে। ইয়াৰ পৰিৱৰ্তে তেওঁ যদি পেনপেনিয়া অসমীয়া গান বা অবুজ অৰ্থহীন কিছুমান পাবত গজা গান শুনিয়েই নিজে মন ভুলাই থাকে তেন্তে আপুনি বুজিব পাৰিব যে এওঁ হয়তো সিমান গভীৰৰ মানুহ নহয়। আপুনি সময়ত পলোৱাটো ভাল!

https://biriyaa.com/

আন এটা ডাঙৰ মানুহ জুখিব পৰা ফেক্টৰ হ’ল মানুহজনে কি চিনেমা চাই ভাল পায়? তেওঁ যদি অনবৰতে ছাউথ ইন্ডিয়াৰ উৰন্ত গাড়ী আৰু দুৰন্ত একশ্বন লৈ পাগল তেন্তে মানুহজন মোৰ মতে সিমান গভীৰ মানুহ এজন নহ’ব। সেইবুলি ষ্পিলবাৰ্গ বা ন’লান চালেহে যে মানুহ হয় মই সেইটো নাইকোৱা। চিনেমা চাবলৈ জনা মানুহ বিচাৰক। পালে নেৰিব। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ফেক্টৰটো হ’ল মানুহজনে কি ধৰণৰ কিতাপ পঢ়ে? তেওঁ কেৱল হাফ গাৰ্লফ্ৰেইণ্ড বা কেন ল’ভ হেপেন টুৱাইছ লৈয়ে সন্তুষ্ট নে বিশ্ব সাহিত্যৰ অপাৰ যেন লগা সমুদ্ৰত জাপ দিয়াৰ তেওঁৰ ইচ্ছা আছে? কিতাপ কিমান পঢ়িছো তাতকৈ ডাঙৰ কথা হ’ল কি কিতাপ পঢ়া হৈছে? কিতাপচোন আমি সবেই পঢ়ো, তথাপি আমি সব্ পণ্ডিত কিয় হ’ব নোৱাৰো? কথা সেইটোৱেই! 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous বান্দৰ অদৰকাৰী প্ৰাণী? বান্দৰক  খাদ্য যোগানৰ কথা ভাবিব কোনে?
Next কাহিনীৰ আঁৰৰ কাহিনী