ছ’চিয়েল মিডিয়া আমাৰ জীৱনলৈ অহা খুব বেছি দহ বছৰ হৈছে। এই দহ বছৰতেই বিশ্বায়নৰ এই ঢৌ জাকে সকলো বস্তু বুৰাই পেলাইছে। এতিয়া ভাবকচোন, বিংশ শতিকাৰ প্ৰথম অৱস্থাত ফেচবুক বা ৱাটচএপ থাকিলে কি কি হ’লহেঁতেন বা কেনেকুৱা হ’লহেঁতেন? ভাবক! বাৰু, আপুনি ভাবিব নালাগে, ময়ে ভাবোঁ। আপুনি মুঠতে পঢ়ি যাওক –

 ১.

১৯১৬ চন। লক্ষ্মীনাথ বেজবৰুৱা অসমৰ শ্ৰেষ্ঠ  মিমাৰ (Memer) বুলি ইতিমধ্যে স্বীকৃতি পাইছে। তেওঁৰ নিজা এফ.বি পেজ এটা আছে ‘বেজবৰুৱা ভাৰ্চেচ বেজবৰুৱা জক্স’। ফল’ৱাৰ লাখৰ ঘৰত। তেওঁক সদৌ অসম মিম সন্থাৰ প্ৰথম অধিৱেশনৰ সভাপতি পতা হৈছে। হাজাৰ হাজাৰ মানুহৰ সমুখত তেওঁ উদাত্ত কণ্ঠৰে ভাষণ দিছে : “হে মিম বান্ধৱ, মোৰ সেৱা ল’বা। আই মাতৃৰ মংগল আৰু ৰাইজৰ সুখ শান্তি আৰু হাস্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই পদক্ষেপ যুগমীয়া হৈ ৰ’ব। আমি মনত ৰখা উচিত যে হাঁহিয়েই অসমীয়া মানুহৰ একমাত্ৰ গণতান্ত্ৰিক অধিকাৰ। নিজ নিজ প্ৰচেষ্টাৰে তোমালোকে বৃটিছ চৰকাৰৰ বিৰুদ্ধে আৰু গান্ধীৰ সপক্ষে যিখিনি ট্ৰল বনাইছা ই নিশ্চয় এদিন জননীৰ মংগল সাধিব।”

২.

১৯৩৫ চন। জ্যোতিপ্ৰসাদে ‘জয়মতী’ৰ গোটেই ইউনিটটো সামৰি এখন চেলফি দিছে ‘জয়মতী : অসমৰ প্ৰথম বোলছবি’ নামৰ ফেচবুক পেজটোত। তাতেই কমেন্ট : ‘জয় জ্যোতি দা’, ‘ভাল কাম কৰিছে জ্যোতি দা’, ‘দৌৰি দৌৰি যাম, জয়মতী চাম’। সকলোৱে জয়মতীৰ প’ষ্টাৰ নিজৰ ডি.পিত আপডেট কৰিছে। মাজে মাজে আইদেউ সন্দিকৈ আৰু জ্যোতিপ্ৰসাদ লাইভ আহিছে ভোলাগুড়ি চাহ বাগিচাৰ পৰা। ৱাটচএপ  আৰু বাকী পাব্লিচিটিৰ দায়িত্ব লৈছে বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। ‘জয়মতী’য়ে মুক্তি পাইছে। মানুহে খুব ভাল পাইছে। গানবোৰৰ ভাৰ  ওলাবলৈ লৈছে।

তাতেই কমেন্ট : ‘জয় জ্যোতি দা’, ‘ভাল কাম কৰিছে জ্যোতি দা’, ‘দৌৰি দৌৰি যাম, জয়মতী চাম’।

 

 

৩.

১৯০০ চন। হেনৰি কটন, মাণিক বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা, ভূৱন ৰাম দাস আৰু ফ্ৰেডৰিক ছুডমাৰ্চনৰ এটা ৱাটচএপ গ্ৰুপ খোলা হৈছে। গ্ৰুপটোৰ নাম: ‘আমাক কটন কলেজ লাগে’। তাতে মাণিক বৰুৱা আৰু হেনৰি কটনৰ মাজত তৰ্ক। মাণিক বৰুৱাই বিচাৰে যে কলেজখন কটনৰ নামত হওক। কটনে নামানে। খঙতে বৰুৱাই গ্ৰুপ লেফ্ট মাৰিছে। ভূৱন দাসে আকৌ মাণিক বৰৱাক এড্ কৰিছে আৰু সকলোকে কফি হাউছত কফি খাবৰ কাৰণে মাতিছে। গ্ৰুপত লগা কাজিয়াৰ স্ক্ৰীনশ্বট  মনে মনে ছুডমাৰ্চনে মাৰি থৈছে পিছলৈ কামত আহিব বুলি। ফেচবুকত ব্যাপক চৰ্চা চলিছে অসমত কলেজ এখন হ’ব বুলি।

…….

আজিলৈ এইখিনিতে সামৰো। আপুনিও ২০১৯লৈ ঘূৰি আহক, ময়ো যাওঁ! 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous মঞ্চৰাসৰ সুদক্ষ ভাৱৰীয়া ৰাজীৱ কমল শইকীয়া
Next ক’লা সংস্কৃতি

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে