সম দেশৰ কথা-কাণ্ডবোৰ সঁ‌চাকৈয়ে বিষম। পৃথিৱীৰ সমস্ত  নোহোৱা নোপজা ঘটনাবোৰ ঘটে এইখন দেশতে। বছৰটোৰ তিনিশ পয়ষষ্ঠিটা দিনতেই এইখন দেশৰ ক’ৰবাত নহয় ক’ৰবাত চুৰ্চুৰীয়াকৈ হ’লেও আন্দোলন চলে, গড়ে এশটামান দিন উদযাপিত হয় অসম বন্ধ, প্ৰায় ছমাহ ধৰি চলে ৰঙালী বিহু, ভোগালীৰ বতৰত আকৌ পথাৰৰ বুকুত অত্যুত্তম ভাস্কৰ্য্য কিছুমান তৈয়াৰ কৰি জ্ব্লাই দিয়া হয়। অন্য ঠাইত মৃত্যুৱে মানুহক খেদি ফুৰে,আমাৰ ইয়াত মানুহে মৰিবলৈ কাৰণ বিছাৰি ফুৰে।

শেহতীয়াকৈ গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ চুলাই মদ খাই ডেৰ শতাধিক মানুহৰ মৃত্যু হোৱা ঘটনাটোৱে তাকেই যেন পুনৰবাৰ প্ৰতীয়মান কৰিছে। মৃতকৰ সংখ্যা নিতৌ বাঢ়িয়েই আছে আৰু অসমৰ পৰিৱৰ্তনকামী চৰকাৰেও প্ৰতিজন মৃতকৰ পৰিয়াললৈ দুই লাখকৈ অৰ্থ সাহাৰ্য্য ঘোষণা কৰিছে।

মহাভাৰতৰ যুদ্ধৰ পিছত পাণ্ডৱসকলে বহু বছৰ মহা আড়ম্বৰেৰে ৰাজ্য শাসন কৰিলে। কিন্তু জ্ঞাতি-কুটুম্বহীন দেশখনৰ প্ৰতি লাহে লাহে তেওঁ‌লোকৰ বিৰক্তি ওপজিবলৈ ধৰিলে আৰু এদিন তেওঁ‌লোকে ৰাজভৱন ত্যাগ কৰি স্বৰ্গলৈ যাবলৈ ঠিক কৰিলে। তেওঁ‌লোকে দেশৰ শাসনভাৰ অৰ্পন কৰি গ’ল অভিমন্যুৰ পুত্ৰ তথা পাণ্ডৱৰ একমাত্ৰ বংশধৰ পৰীক্ষিতৰ হাতত। পিছে পৰীক্ষিত ৰজা আৰু কলিৰ এদিন যুদ্ধ লাগিল। যুদ্ধত কলি পৰাজিত হ’ল যদিও পৰীক্ষিত ৰজাই কলিক বসৱাস কৰিবলৈ কেইখনমান ঠাই দিবলৈ সন্মত হ’ল। কলিয়ে বসবাস কৰিবলৈ পোৱা তেনে এখন ঠাই হ’ল মদৰ ঘাটি তথা মদ। মদে  মানুহক কি নগুৰ-নাগতি কৰে সেয়া প্ৰায় প্ৰত্যেকজন মানুহৰে জ্ঞাত। মদে কুবেৰৰ সমান ধনী মানুহকো ৰাজপথৰ ভিক্ষাৰী হ’বলৈ বাধ্য কৰে, ক’ত সোণালী সংসাৰ ভাগি চূৰ্ণ-বিচূৰ্ণ হয় মদৰ নিচাত,ক’ত সম্ভৱনাময় প্ৰতিভা মদৰ দুবাহুৰ মাজত পৰি অকালতে মৰহি যায়। তথাপিও মানুহে মদ খাবলৈ নেৰে। আচলতে মানুহে মদ নাখায়, মদেহে মানুহক কুৰুকি কুৰুকি এফালৰ পৰা খাই শেষ কৰি নিয়ে।

কোনোৱে খায় আনন্দত, কোনোৱে খায় বিষাদত। আনহাতে আন এচামে আক’ মদৰ গিলাচত চুমুক দিয়ে ষ্টেটাছ মিলাবলৈ, মদ তেওঁ‌বিলাকৰ কাৰণে ষ্টেটাছ ছিম্বল। মুঠতে আজিৰ তাৰিখত উৎসৱ- পাৰ্বণ,হৰ্ষ-বিষাদ,জয়-পৰাজয়,মিলন-বিচ্ছেদ-সকলোৰে সাৰ-বস্তুকণ  হ’ল মদ।

পৃথিৱীৰ প্ৰায় সকলোবোৰ ধৰ্মতে মদক অভক্ষ্যৰ  স্থান দিয়া হৈছে। মদ খোৱাটো পাপ। কিন্তু বৰ্তমানৰ পৰিস্থিতিত যেন মদ নোখোৱাটোহে পাপ। মদাহী সমাজৰ নাগৰিকসকলৰ আক’  মদ খোৱাৰ কাৰণবিলাক বেলেগ বেলেগ। আপুনি মদৰ বিৰোধীতা কৰি তেওঁ‌লোকক এটা শব্দ কওক, এওঁ‌লোকে মদৰ সপক্ষে এশটা যুক্তি দিব। খেনোৱে দিনটোৰ হাড়ভগা পৰিশ্ৰমৰ অন্তত গাৰ বিষ মাৰিবলৈ বা নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’বলৈ এটুপি ধৰে, খেনোৱে আক’ মদৰ আশ্ৰয় লয় হতাশাৰ পৰা মুক্তি বিছাৰি  বা পৰাজয়ৰ গ্লানি ঢাকিবলৈ। কোনোৱে খায় আনন্দত, কোনোৱে খায় বিষাদত। আনহাতে আন এচামে আক’ মদৰ গিলাচত চুমুক দিয়ে ষ্টেটাছ মিলাবলৈ, মদ তেওঁ‌বিলাকৰ কাৰণে ষ্টেটাছ ছিম্বল। মুঠতে আজিৰ তাৰিখত উৎসৱ- পাৰ্বণ,হৰ্ষ-বিষাদ,জয়-পৰাজয়,মিলন-বিচ্ছেদ-সকলোৰে সাৰ-বস্তুকণ  হ’ল মদ।

Image Source: HT
অসমৰ জনজাতীয় সমাজত অৱশ্যে মদৰ গুৰুত্ব আৰু ভূমিকা বেলেগ। অসমৰ সৰু-বৰ প্ৰায়বোৰ জনজাতিৰে নিজা নিজা পানীয় আছে।সেইবিলাকৰ নিৰ্মাণ পদ্ধতি সুকীয়া আৰু আস্বাদো সুকীয়া।পানীয় তেওঁ‌বিলাকৰ দৈনন্দিন জীৱন তথা সমাজ জীৱনৰ অবিচ্ছেদ্দ্য অংগ। সেইবিলাক পানীয় কিছুমান ভাল গুণো নথকা নহয়।আপং,সাজ আদিৰ দৰে জনজাতীয় পানীয়ৰ ওপৰত বিজ্ঞাণসন্মত গৱেষণা বৰ্তমান চলি আছে আৰু এইবোৰৰ স্বাস্থ্যসন্মত দিশটোৰ বিষয়ে বহুতো নতুন নতুন তথ্য আৱিষ্কৃত হৈছে।
চুলাই প্ৰস্তুত কৰোঁ‌তাসকলে স্বাভাৱিক পদ্ধতিৰে ইয়াক প্ৰস্তুত নকৰি কিছুমান বিষাক্ত দ্ৰৱ্য মিহলাই অতি কম সময়তে ইয়াক প্ৰস্তুত কৰি বিক্ৰী কৰে। এনেকৈ প্ৰস্তুত কৰা চুলাইত ইউৰিয়া সাৰ,মিথানল আদিৰ দৰে বিষাক্ত ৰাসায়নিক দ্ৰৱ্য মিহলোৱাৰ প্ৰমাণ পোৱা যায়।
চুলাই অসমৰ এবিধ বহুল প্ৰচলিত স্থানীয় পানীয়। ইষ্ট ভেঁ‌কুৰৰ সহায়ত ভাতৰ কিন্বন ঘটাই ইয়াক প্ৰস্তুত কৰা হয়। জনজতীয় নিয়মমতে এবটল চুলাই মদ  প্ৰস্তুত কৰিবলৈ কেইবাদিনো  সময় লাগে। কিন্তু বৰ্তমান সমাজৰ একশ্ৰেণীৰ লোকৰ মাজত (বিশেষকৈ দুখীয়া,খাতিখোৱা শ্ৰমিক শ্ৰেণীৰ মাজত) এই পানীয়বিধৰ জনপ্ৰিয়তা ইমানেই বেছি যে চুলাই প্ৰস্তুত কৰোঁ‌তাসকলে স্বাভাৱিক পদ্ধতিৰে ইয়াক প্ৰস্তুত নকৰি কিছুমান বিষাক্ত দ্ৰৱ্য মিহলাই অতি কম সময়তে ইয়াক প্ৰস্তুত কৰি বিক্ৰী কৰে। এনেকৈ প্ৰস্তুত কৰা চুলাইত ইউৰিয়া সাৰ,মিথানল আদিৰ দৰে বিষাক্ত ৰাসায়নিক দ্ৰৱ্য মিহলোৱাৰ প্ৰমাণ পোৱা যায়। মানৱ দেহৰ বাবে এনেবোৰ দ্ৰৱ্য অতি কম মাত্ৰাটো অতি ক্ষতিকাৰক। গতিকে এনে চুলাই আকণ্ঠ পান কৰি এদিন বা এবছৰত মানুহ এজনৰ মৃত্যু ঘটিলে তাত আচৰিত হ’ব লগা বিশেষ একো নাথাকে।
গোলাঘাট আৰু যোৰহাটত শেহতীয়াকৈ ঘটা ঘটনাটোৰ আঁ‌ৰত আছে এনে বিষাক্ত চুলাই। হয়তো এই মৃত্যুদূতৰূপী  চুলাইত মিথানলৰ পৰিমাণ বহুত বেছি আছিল।মন কৰিবলগীয়া কথাটো হ’ল এই ঘটনাটোত মৃত্যুবৰণ কৰা দুৰ্ভগীয়াসকলৰ প্ৰায়ভাগেই চাহ বাগিচাৰ শ্ৰমিক। গতিকে চাহ বাগিচাৰ ভিতৰত বা দাঁ‌তি কাষৰীয়া অঞ্চলত প্ৰস্তুত কৰা এনে চুলাইত চাহ গছত ব্যৱহাৰ কৰা কোনো বিষাক্ত কীটনাশক পদাৰ্থ মিহলি হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

অসম চৰকাৰৰ আবকাৰী বিভাগৰ এক তথ্যমতে অসমৰ মদাহী ৰাইজে প্ৰতিদিনে প্ৰায় ৪.০৯ লাখ বটল বিদেশী সুৰা গলাৰ্ধকৰণ কৰে। ২০১৬-১৭ আৰ্থিক বৰ্ষত সুৰাৰ পৰা অসম চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ১৫০০ কোটি টকা। এই ৰাজহৰ পৰিমান ২০১৭-১৮ বৰ্ষত বৃদ্ধি পায় ১৯০০। গতিকে অসম চৰকাৰৰ বাবে মদৰ বটলবোৰ হৈছে একো একোটা সোণৰ কণী পৰা হাঁ‌হ। গুজৰাট চৰকাৰৰ দৰে অসমক সুৰামুক্ত কৰাৰ সাহস অসম চৰকাৰৰ নথকাটোৱেই স্বাভাৱিক।অৱশ্যে সুৰা নিবাৰণৰ নামত অসম চৰকাৰে মাজে মাজে কিছুমান হাস্যকৰ নীতি-নিৰ্দেশনা জাৰি কৰে। উদাহৰণস্বৰূপে চৰকাৰীভাৱে ৩১ ডিচেম্বৰ আৰু বিজয়া দশমীৰ দিন দুটা প্ৰতিবছৰে শুকান দিন (ড্ৰাই ডে’) হিচাপে পালন কৰাৰ নিৰ্দেশ দিয়া হয়। এই নিৰ্দেশ পোৱাৰ লগে লগে অৱশ্যে মদাহী ৰাইজে উক্ত উৎসৱ দুটি উলহ মালহেৰে পালন কৰিবলৈ প্ৰয়োজনীয় সুৰাখিনি আগতীয়াকৈ যোগাৰ কৰি থয়।

অসম চৰকাৰৰ আবকাৰী বিভাগৰ এক তথ্যমতে অসমৰ মদাহী ৰাইজে প্ৰতিদিনে প্ৰায় ৪.০৯ লাখ বটল বিদেশী সুৰা গলাৰ্ধকৰণ কৰে। ২০১৬-১৭ আৰ্থিক বৰ্ষত সুৰাৰ পৰা অসম চৰকাৰে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ১৫০০ কোটি টকা। এই ৰাজহৰ পৰিমান ২০১৭-১৮ বৰ্ষত বৃদ্ধি পায় ১৯০০। গতিকে অসম চৰকাৰৰ বাবে মদৰ বটলবোৰ হৈছে একো একোটা সোণৰ কণী পৰা হাঁ‌হ।

শিক্ষানুষ্ঠানৰ পাঁ‌চশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চৰকাৰী নিয়ম মতে সুৰাৰ বিপনী থাকিব নোৱাৰে। কিন্তু এইকণ দূৰত্বই মদাহীসকলক নিৰুৎসাহ কৰিবলৈ সমূলি যথেষ্ট নহয়। ৰাজপথৰ কাষত আইনমতে সুৰাৰ দোকান নিষিদ্ধ। কিন্তু চৰকাৰৰ আশীৰ্বাদত, পুলিচ-আবকাৰীৰ কৃপাত অসমৰ মদাহী সমাজে বিশেষ চিন্তা আৰু কষ্ট কৰিব নালাগে,কাৰণ ৰাজপথৰ দাঁ‌তিৰ বা প্ৰতিটো তিনিআলি-চাৰিআলিৰ পাণ দোকানত আজিকালি দেশী -বিদেশী, সস্তীয়া-দামী সকলো প্ৰকাৰৰ সুৰা উভৈনদীকৈ উপলব্ধ।

প্ৰশ্ন হয়, অসমৰ গাঁ‌ৱে- ভূঁ‌ঞে, চহৰে নগৰে,পথাৰে- হাবিয়ে, ৰেলে-মটৰে-জাহাজে অবৈধ সুৰা এনেকৈ উভৈনদী কেনেকৈ হয়? উত্তৰটো তেনেই সাধাৰণ-কাৰণ ইয়াত পুলিচৰ কমিছনৰ অংক থাকে,আবকাৰী বিভাগৰ বিষয়াৰ কমিছনৰ অংক থাকে,অংক থাকে অতি কম সময়তে কুবেৰৰ ধন কোৰোণাৰে চপাই ধনী হ’ব খোজা  এচাম অসাধু বেপাৰীৰ। হোৰা হোৰে নামে-বেনামে টকা ঘটাৰ আশাত, সম্পত্তি কৰাৰ দিবা-স্বপ্নত তেওঁ‌লোক সৰ্বদা বিভোৰ হৈ থাকে। তদুপৰি তেওঁ‌বিলাক নিজেও একো একোজন পকা ভকত। কথাটো উদক ভেটা ৰখীয়া পতাৰ নিচিনাই। গতিকেই অসমত চুলাই মদ, বিলাতী মদ বৈধ-অবৈধ সকলো ভাৱেই চলি আছে আৰু থাকিব। প্ৰজন্মৰ পিছত প্ৰজন্মৰ এই মদে ধ্বংস কৰি থাকিব। অসম এদিন ফুলবাৰী গুচি মদৰ ঘাটি হ’ব। দিনে দিনে অসম চৰকাৰৰ ৰাজহৰ ভঁ‌ৰাল গেৰেলা হৈ গৈ থাকিব, পুলিচ-আবকাৰীৰ মানুহ ধনী হৈ গৈ থাকিব। কিমধিকমতি। 
জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous ৯১ সংখ্যক অস্কাৰ বঁটা : শ্ৰেষ্ঠ ছবি গ্ৰীণ বুক, শ্ৰেষ্ঠ অভিনেতা ৰামি মালিক
Next ললিতকলা একাডেমীৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় প্ৰদৰ্শনীলৈ প্ৰবীন কুমাৰ নাথসহ অসমৰ তিনি শিল্পীৰ শিল্পকৰ্ম নিৰ্বাচিত