মাৰ অসমত মডাৰ্ণ মেডিকেল ছায়েন্সত বিশ্বাস নৰখা মানুহৰ একো অভাৱ নাই। ইয়াৰ প্ৰধান কাৰণ হ’ল নিৰক্ষৰতা আৰু কুটি কুটি খোৱা অন্ধবিশ্বাসবোৰ। এনেবোৰ পৰিস্থিতিৰ ফাইদা উঠাই কিছুমান মানুহে নিজৰ ব্যৱসায় সুন্দৰ ৰূপত চলাই নিয়ে। কালি ভাগৰে যুগৰে কামৰ পৰা ঘৰ আহি পাইছোহি। মুখ হাত ধুই টি.ভিটো লগাইছো। প্ৰথমতে অসমীয়া নিউজ চেনেল এটা খুলি লৈছো। বোলো খবৰ এটাকে লওঁ দেশৰ।

চেনেলটোত তেতিয়া নিউজ নাই। কোনোবা মানুহ এজনে কিছুমান বিধান দি আছে। বোলো শুনোচোন তেওঁ কি কয়। তেওঁ কৈছে কিবা পানী চোবাই খাব লাগে, পিম্পল ওলালে নিজৰেই থু সেই গুটিটোৰ ওপৰত লগাব লাগে আদি এই ধৰণৰ কথা। মই বোলো বা এইজন চোন ইন্টাৰেষ্টিং মানুহ চোন! তেওঁতকৈও আচলতে ইন্টাৰেষ্টিং তেওঁলৈ কল কৰি সমিধান আৰু সমাধান বিচাৰি ফুৰা মানুহ কেইজন। প্ৰগ্ৰামটো চাবলৈ মোৰ বেছি ধৈৰ্য নহ’ল। টি.ভিটো বন্ধ কৰি থৈ দিলো। তাৰ পিছত মাৰ হাতৰ চাহ একাপ হাতত লৈ নিৰৱে ভাবিবলৈ ধৰিলো : “এইবোৰ হৈ কি আছে মানে?” 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
Next প্ৰসংগ : অসম বাজেট ২০১৯- ২০

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে