ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু দীৰ্ঘ লকডাউনৰ ফলত গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাঙি পৰিছে৷ শিশু বিশেষজ্ঞ সকলে ইতিমধ্যে সকীয়াই দিছে যে  যিসময়ত শিশুসকলে খেলধেমালি, দৌৰাদৌৰি কৰি থকাটোৱেই আছিল স্বাভাৱিক আচৰণ সেই সময়তে শিশুসকল দীৰ্ঘ সময় ধৰি হৈ থাকিব লগা হৈছে গৃহবন্দী৷ স্বাভাৱিকতে ই শিশুৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত ভীষণ ক্ষতিকাৰক ৰূপে দেখা দিছে৷ শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত আহি পৰিছে বিভিন্ন বাধা৷

দেশজুৰি শিশু বিশেষজ্ঞ সকলে চলোৱা এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে শিশুসকলৰ মাজত সংক্ৰমণজনিত ৰোগৰ উপৰিও দেখা পোৱা গৈছে মানসিক সমস্যাৰ৷ টোপনিৰ সমস্যা, নিশাৰ ভাগত দেখা দুঃস্বপ্ন, ভিটামিন-ডিৰ অভাৱত চকু,হাড় ইত্যাদিৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে শিশুসকল৷
দীৰ্ঘ সময়জুৰি চলি থকা লকডাউনৰ ফলত শিশুসকল বেছিভাগ সময় থাকিব লগীয়া হৈছে গৃহবন্দীত্বৰ ৰূপত৷ ইয়াৰ ফলত শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত পুৰামাত্ৰাই বাধা আহি পৰিছে৷ এনেকি কথা কোৱাৰ সমস্যাও দেখা দিছে বহুতো শিশুৰ মাজত৷ স্কুল আৰু অন্যান্য সামাজিক অনুষ্ঠানবোৰ বন্ধ থকাৰ ফলত কমি গৈছে সমনীয়াৰ সতে মিলামিছা৷ ইয়াৰ ফলস্বৰূপে শিশুসকলৰ মন মেজাজ অধিক খিংখিঙীয়া হৈ পৰাটো পৰিলক্ষিত হৈছে৷ ইয়াৰ লগে লগে সলনি হৈছে খাদ্যভ্যাস৷ নিয়মিত খাদ্য সেৱনৰ সময় সলনি হোৱাৰ ফলত যেতিয়াই তেতিয়াই খোৱাৰ অভ্যাস গঢ়ি উঠিছে শিশুসকলৰ মাজত৷ বহুতো শিশুই অপুষ্টিকৰ খাদ্য সেৱন কৰি আহিছে৷ ইয়াৰ ফলত অপ্ৰয়োজনীয় ওজন বৃদ্ধি হৈছে শিশুসকলৰ৷

প্ৰতিদিনত শিশুসকলক প্ৰয়োজন হয় ৮০০ ৰ পৰা ১০০০ ইউনিট ভিটামিন-ডিৰ৷ বাহিৰত খেলধেমালি কৰাৰ ফলত ৰদৰ তাপৰ পৰা এই পৰিমাণৰ ভিটামিন শৰীৰত সোমাই পৰে৷ কিন্তু শিশুসকল ঘৰতে আবদ্ধ হৈ থকাৰ ফলত এই পৰিমাণৰ ভিটামিন পোৱাটো সম্ভৱ হৈ উঠা নাই৷

ইণ্ডিয়ান এছোচিয়েশ্যন অফ পেডিয়াট্ৰিস্কৰ (IPA)  অৱসৰপ্ৰাপ্ত প্ৰেচিডেণ্ট তথা ৰিলায়েন্স হস্পিতালৰ কনচালটেণ্ট  শিল্পা আৰোস্কাই জনাইছে যে লকডাউনৰ সময়ত অপুষ্টিকৰ খাদ্য খোৱাৰ প্ৰবণতা বাঢ়িছে শিশুসকলৰ মাজত৷ শৰীৰচৰ্চা আৰু খেলাধূলাৰ অভাৱত বৃদ্ধি হৈছে শৰীৰৰ ওজন৷ একধৰণৰ মানসিক উৎকণ্ঠাৰো চিকাৰ হৈছে শিশুসকল৷ চাৰিওপিনৰ আতংক আৰু বেছি সময়জুৰি গৃহবন্দী হৈ থকাৰ ফলত, সমনীয়াৰ সৈতে হৈ পৰা দুৰত্বৰ ফলত শিশুসকলৰ মনৰ ভিতৰত গভীৰ ৰেখাপাত কৰিছে৷ বিশেষজ্ঞ গৰাকীয়ে এই ক্ষেত্ৰত সকীয়াই দিছে যে অভিভাৱক সকলে এই সময়ত নিজৰ শিশুসকলক অধিক সময় দিয়াটো উচিত অন্যথা ভৱিষ্যতে  শিশুসকল মানসিক আৰু শাৰীৰিক দিশত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব৷ এই সময়ত শিশুসকলক বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰোৱা, শিশুৰ মন ভালে ৰাখিবলৈ বিভিন্ন সৃজনশীল কামত মনোনিৱেশ কৰোৱা ইত্যাদি দিশত অভিভাৱক সকলে গুৰুত্ব দিয়াতো খুবেই প্ৰয়োজনীয়৷

সমস্যা কিন্তু ইমানতেই শেষ হোৱা নাই৷ শিশু বিশেষজ্ঞ সকলে জনাইছে যে বাহিৰৰ পৃথিৱীখনৰ লগত যোগাযোগ বন্ধ হৈ যোৱাৰ ফলত শিশু আৰু বয়সন্ধি কালৰ লৰাছোৱালীসকল বেছি আসক্ত হৈ পৰিছে মোবাইল,টিভি,লেপটপ আৰু অন্যান্য ইলেক্ট্ৰনিক সামাজিক মাধ্যমসমূহত৷ তৰুণ সমাজখন এতিয়া দীৰ্ঘসময় ডুবি থাকে ইণ্টাৰনেটৰ দুনীয়াখনত৷ ইয়াৰ ফলস্বৰূপে বাঢ়িছে চাইবাৰ ক্ৰাইমৰ দৰে ঘটনাৰ৷ মানসিক অৱসাদৰ বোজা কমাবলৈ গৈ কমবয়সীয়া লৰা ছোৱালীবোৰ ডুব গৈছে ইণ্টাৰনেটৰ পৃথিৱীত৷ কিন্তু এই অভ্যাসে সৃষ্টি কৰিছে ন ন সমস্যাৰাজিৰ৷


বেঙ্গালুৰুৰ এগৰাকী শিশু বিশেষজ্ঞ ড° কে এন হৰ্ষ ই জনাইছে যে পাচঁ বছৰ বা তাতকৈ কম বয়সীয়া শিশুসকলে এতিয়া অভিভাৱকৰ যিকোনো আদেশ কিম্বা উপদেশ শুনিবই নিবিচাৰে৷ শিশুসকলৰ আচৰণ ভয়ংকৰভাৱে সলনি হৈ পৰিছে৷ অতি কম বয়সতে এই শিশুসকলৰ মন মেজাজ আৰু ধৈৰ্য্যশীল হোৱাৰ প্ৰৱণতা হেৰাই গৈছে৷
ইয়াৰোপৰি আছে ভিটামিন-ডিৰ সমস্যা৷ শিশুসকল দীৰ্ঘ মাহ ধৰি গৃহবন্দী হৈ থকাৰ ফলস্বৰূপে ভিটামিন-ডিৰ অভাৱত ভুগিব লগা হৈছে৷ যাৰ কাৰণে এই কম বয়সতে শিশুসকল শুকান চকু, পিঠিৰ বিষ, ইত্যাদি ৰোগত আক্ৰান্ত হৈ পৰিছে৷   বিভিন্ন চিকিৎসকে জনাইছে যে প্ৰয়োজনীয় ভিটামিন-ডিৰ অভাবে শিশুসকলক বাৰুকৈয়ে প্ৰভাবিত কৰিছে৷ প্ৰতিদিনত শিশুসকলক প্ৰয়োজন হয় ৮০০ ৰ পৰা ১০০০ ইউনিট ভিটামিন-ডিৰ৷ বাহিৰত খেলধেমালি কৰাৰ ফলত ৰদৰ তাপৰ পৰা এই পৰিমাণৰ ভিটামিন শৰীৰত সোমাই পৰে৷ কিন্তু শিশুসকল ঘৰতে আবদ্ধ হৈ থকাৰ ফলত এই পৰিমাণৰ ভিটামিন পোৱাটো সম্ভৱ হৈ উঠা নাই৷ সেয়ে নানা ৰোগে শিশুসকলক আক্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছে৷ শিশুসকল এতিয়া অলপতে ক্লান্ত হৈ পৰে, কষ্ট কৰাৰ ক্ষেত্ৰত আহি পৰিছে অনীহা৷

এই সকলো সমস্যাৰাজিয়ে ভৱিষ্যতৰ শিশুসকলক বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিব৷ দেশৰ শিশুসকলৰ ভৱিষ্যত হৈ পৰিব পাৰে নানা সমস্যাজৰ্জৰ৷ সেয়ে দেশৰ বহুতো শিশু বিশেষজ্ঞই এই ক্ষেত্ৰত সকীয়াই দিছে অভিভাৱকসকলক৷ শিশুসকলৰ টোপনিৰ সমস্যা, ভোক নলগা, উদ্বেগ-উৎকণ্ঠা, দুঃস্বপ্ন দেখা ইত্যাদিৰ ক্ষেত্ৰত নজৰ দিবলৈ সকীয়াই দিছে অভিভাৱকসকলক৷ শিশুসকল যদি অকলশৰীয়া হৈ পৰিছে, যদি মনমাৰি থকা পৰিলক্ষিত হৈছে তেন্তে তেওঁলোকক অধিক সময় দিবলৈ উপদেশ দিছে বিশেষজ্ঞসকলে৷ প্ৰয়োজনত চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈও পৰামৰ্শ দিছে৷ অন্যথা কৰ’না ভাইৰাছ আৰু লকডাউনে দেশৰ শিশুসকলৰ ভৱিষ্যত পঙ্গু কৰি পেলোৱাৰ সম্ভাৱনাই অধিক৷

Previous কোনেও খাতিৰ নকৰা চেম্পিয়ন!
Next আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে অভিযন্তাসকল