বিজ্ঞাপনবোৰ প্ৰচাৰ হৈ আছে৷ বাটে পথে বেনাৰ হৰ্ডিংবোৰ ওলমি পৰিছে ইতিমধ্যে৷ শাসক-বিৰোধীৰ প্ৰচাৰৰ প্ৰতিযোগিতা চলিছে জোৰদাৰভাবে৷ আকৌ এবাৰ মোডী চৰকাৰ! যোৱা পাঁচটা বছৰৰ পূৰ্বৰ কথা নিশ্চয় সকলোৰে মনত আছে৷ মনত আছে নিশ্চয় সেই শ্লোগানধৰ্মী বিজ্ঞাপনবোৰলৈ৷ আব কী বাৰ মোডী চৰকাৰ৷ পাঁচটা বছৰ পূৰ্বৰ টিভিৰ পৰ্দাত চলি থকা সেই দীঘলীয়া নিৰ্বাচনী বিজ্ঞাপনবোৰ ইমান সোনকালে ৰাইজে নিশ্চয় পাহৰি যোৱা নাই৷ ঘাইকৈ সুশাসন, ক’লাধন ওভোতাই অনা, মূল্যবৃদ্ধি ৰোধ কৰা, কৃষকৰ ফচলৰ নায্য মূল্য প্ৰদান কৰা, বছৰি দুই কোটিকৈ বেকাৰক সংস্হাপন দিয়া, দেশত পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ অৱসান কৰা ইত্যাদি ইত্যাদি প্ৰতিশ্ৰুতি প্ৰদান কৰি দেশৰ শাসনত অধিষ্ঠিত হৈছিল বিজেপি নেতৃতাধীন মোডী চৰকাৰ৷ তেওঁ নিজকে কৈছিল দেশৰ চকীদাৰ তথা প্ৰধান সেৱক বুলি৷ দেশবাসীৰ পৰা তেওঁ ষাঠি মাহ সময় খুজিছিল৷ ভাৰতবৰ্ষৰ জনতাইও তেওঁক নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দেশৰ দায়িত্ব অৰ্পণ কৰিছিল তেওঁৰ হাতত৷ তেওঁ নিজকে চাহবিক্ৰেতা বুলি নিজৰ পৰিচিতি দাঙি ধৰিছিল দেশবাসীৰ ওচৰত৷ মোডী মেজিকে সেইবাৰ বাৰুকৈয়ে কাম দিছিল৷

আচলতে দেশৰ জনতাই কি বিচাৰে সেয়াহে লক্ষ্যনীয় কথা৷ পাঁচবছৰীয়া মোডী নেতৃতাধীন চৰকাৰক আকৌ এবাৰ সুযোগ দিব নেকি ভাৰতবৰ্ষৰ জনতাই? কংগ্ৰেছক ষাঠি বছৰ দিয়া হৈছিল৷ তাৰপিছতো ভাৰতত নিৰন্ন মানুহৰ মুক্তি নহ’ল ৷ সমাধান নহ’ল কাশ্মীৰ সমস্যাৰ৷ বিদেশী মুক্ত নহ’ল অসম তথা উত্তৰ পূব৷ মোডীক পাঁচটা বছৰ দিয়া হ’ল৷ আশ্বস্ত হ’ব পৰা নাই জনতা৷ কিন্তু জনতাৰ ওচৰত বিকল্প কি?

কিন্ত এইবাৰ৷ আকৌ এবাৰ কি মোডী চৰকাৰ? যদি আকৌ এবাৰ মোডী চৰকাৰেই হয় তেন্তে কিয়? কি কাৰণত?

ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষত আজি সাম্প্ৰদায়িক আৰু জাত-পাতৰ ৰাজনীতিৰে জৰ্জৰিত৷ ৰোহিত ভেমূলাৰ জীৱনৰ মূল্যতকৈ গো-মাতাৰ জীৱন আজিৰ ভাৰতবৰ্ষত অধিক সুৰক্ষিত৷ চাৰিওপিনে গো-ৰক্ষকৰ দপদপনিত উত্তৰ প্ৰদেশত অক্সিজেনৰ অভাৱত প্ৰায় দুকুৰি শিশুৰ মৃত্যু হয়৷ দেশত অসহিষ্ণুতাৰ প্ৰকোপ আৰু অস্ত্ৰধাৰী হিন্দুত্ববাদীৰ দ্বাৰা গৌৰী লংকেশক হত্যা৷ বাক্‌ স্বাধীনতাত প্ৰতিবন্ধকতা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ভাৰতবিৰোধী শ্লোগানৰ অভিযোগ৷ দেশত হঠাতে বৃদ্ধি পোৱা দেশপ্ৰেমিকৰ দপদপনিত সাধাৰণ ৰাইজ আজি দিকভ্ৰান্ত৷ কৃষকৰ নায্য মূল্য আদায় দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে নাৰাখিলে সেই প্ৰতিশ্ৰুতি৷ নকমিল কৃষকৰ আত্মহত্যাৰ হাৰ৷ তাৰ সলনি ভাৰতবৰ্ষৰ কৃষকে লংমাৰ্চ কৰিব লগা হ’ল ভৰিৰে তেজ নিগৰাই ৷

সুশাসন কত? অকল চাৰ্জিকেল ষ্ট্ৰাইক আৰু পাকিস্তানবিৰোধী শ্লোগানৰে দেশপ্ৰেমৰ জোৱাৰ তুলি গঢ়িব পাৰিব নেকি আকৌ এবাৰ মোডী চৰকাৰ? জনতা কেনেকৈ পতিয়ন যাব যে দেশ আজি সুৰক্ষিত৷ আকৌ সেনাজোৱান যে শ্বহীদ নহ’ব তাৰ কি গেৰাণ্টী? য’ত দেশৰ বন্ধ কোঠাত থকা সুৰক্ষা বিভাগৰ ফাইলেই চুৰি হৈ যায়৷ ৰাফেল বিমানৰ কথা বাৰু থৈয়েই দিলো ৷

এতিয়ালৈকে বিমূদ্ৰাকৰণৰ সুফল দেশৰ জনতাই ভোগ কৰিব পৰা নাই৷ নোটবন্দীৰ সময়ত বেংকত শাৰী পাতোতে শতাধিক লোকৰ মৃত্যু হ’ল৷ বছৰি দুই কোটি বেকাৰক সংস্হাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে সংস্হাপন হেৰুৱালে হাজাৰ হাজাৰ লোকে৷ ক্ষুদ্ৰ ব্যবসায়ী,সাধাৰণ কাৰবাৰ কৰি খোৱা নাগৰিকৰ ভবিষ্যৎ অন্ধকাৰত নিমজ্জিত ৷

কলাধন ক’ত? ঘুৰি আহিবনে ক’লা ধন?

ক’লাধন কিজানি লণ্ডনৰ ৰাজপথত লাখটকীয়া জেকেট পিন্ধি ঘুৰি ফুৰিছে৷ নিৰৱ মোডী,ললিত মোডী, মেহুল চকচি বিজয় মালিয়া এতিয়া ব্লেকমানিৰ নতুন ব্ৰেন্ড এম্বেছাদৰ৷

বিৰোধী তথা দেশৰ একাংশ নাগৰিকে প্ৰশ্ন কৰিছে দেশৰ চকীদাৰ ক’ত? দেশৰ চকীদাৰেই কি চোৰ?

কোটি কোটি ৰাজকোষৰ ধন খৰচ কৰি তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিলে৷ ইয়াৰ ফলত সাধাৰণ জনতাৰ লাভ কি হ’ল৷ জনতাই নিশ্চয় প্ৰশ্ন কৰিব এইবোৰ৷ বিদেশীক টালি-টোপোলা বান্ধিবলৈ কৈ পুনৰবাৰ বিদেশীক নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আদৰিবলৈহে  যো-জা কৰিছে৷ এনে পেক্ষাপটত সাধাৰণ আশাহুত জনতাৰ উপায় কি? কংগ্ৰেছৰ শাসনৰ তিতা মিঠা সোৱাদ ইতিমধ্যে ভাৰতবৰ্ষৰ জনতাই পাই থৈছে৷ দুৰ্নীতি, অপশাসনৰ, সীমাহীন নৈৰাশ্যৰ পৰা মুক্তি বিছাৰিয়ে দেশৰ জনতাই নৰেন্দ্ৰ মোডীক ত্ৰাণকৰ্তা হিচাপে শাসনৰ বাঘজৰী এৰি দিছিল৷ কিন্তু কাৰ্য্যতঃ ৬০মাহত তাৰ সামান্যতমো সুশাসনৰ আভাষ পালেনে দেশৰ জনতাই? কংগ্ৰেছ দলে ইয়াৰ বিকল্প হিচাপে দেশৰ জনতাক বাৰম্বাৰ পতিয়ন নিয়াব চেষ্টা কৰি আছে যদিও সঠিক নেতৃত্বৰ অভাৱ আৰু পূৰ্বতে কৰা ভুলৰ বাবে এতিয়াও আস্থা আৰু বিশ্বাস জন্মাব পৰা নাইট৷ বহুধাবিভক্ত বিৰোধী শিবিৰৰ এনেকুৱা কিছুমান দুৰ্বলতাৰ বাবেই হয়তো দেশত পুনৰবাৰ  হিন্দু ৰাষ্ট্ৰৰ পোষকতা কৰা গেৰুৱা বাহিনীয়ে সংখ্যাৰ বলত চৰকাৰ গঠন কৰিব পাৰে৷

সুশাসন কত? অকল চাৰ্জিকেল ষ্ট্ৰাইক আৰু পাকিস্তানবিৰোধী শ্লোগানৰে দেশপ্ৰেমৰ জোৱাৰ তুলি গঢ়িব পাৰিব নেকি আকৌ এবাৰ মোডী চৰকাৰ? জনতা কেনেকৈ পতিয়ন যাব যে দেশ আজি সুৰক্ষিত৷ আকৌ সেনাজোৱান যে শ্বহীদ নহ’ব তাৰ কি গেৰাণ্টী? য’ত দেশৰ বন্ধ কোঠাত থকা সুৰক্ষা বিভাগৰ ফাইলেই চুৰি হৈ যায়৷

আচলতে দেশৰ জনতাই কি বিচাৰে সেয়াহে লক্ষ্যনীয় কথা৷ পাঁচবছৰীয়া মোডী নেতৃতাধীন চৰকাৰক আকৌ এবাৰ সুযোগ দিব নেকি ভাৰতবৰ্ষৰ জনতাই? কংগ্ৰেছক ষাঠি বছৰ দিয়া হৈছিল৷ তাৰপিছতো ভাৰতত নিৰন্ন মানুহৰ মুক্তি নহ’ল ৷ সমাধান নহ’ল কাশ্মীৰ সমস্যাৰ৷ বিদেশী মুক্ত নহ’ল অসম তথা উত্তৰ পূব৷ মোডীক পাঁচটা বছৰ দিয়া হ’ল৷ আশ্বস্ত হ’ব পৰা নাই জনতা৷ কিন্তু জনতাৰ ওচৰত বিকল্প কি? সাধাৰণ ভোটাৰ ৰাইজ আজি দিকভ্ৰান্ত৷ কিন্তু কোনোবা মেজিকত যাতে জনতা ভোল নাযায় তাৰ বাবে বিবেক-বুদ্ধিসম্পন্ন লোকসকলে চিন্তা কৰা উচিত৷ 

অশান্ত ৰাজবংশী

দৃঢ় আৰু স্পষ্ট বাকেৰে বিবিধ বিষয়ৰ পৰ্য্যালোচক আৰু বিৰিয়াৰ সাঁউৰি

Previous কিতাপ আৰু পাঞ্জাৰ এটা শক্তিশালী নাম সুভাষ দাস
Next ৰাজনীতিৰ ৰণত পৰিছে ৰৌ-বৰালি