প্ৰেপ্ৰেম প্ৰেম বুলি জগত বলিয়া তথাপি প্ৰেম পাবলৈ নাই৷ ভেলেণ্টাইন ডে ’ৰ প্ৰস্তুতিৰে  প্ৰেমাষ্পদে কি পিন্ধিব, কি উপহাৰ দিব, ক’ত ফুৰিবলৈ যাব, কি খাব ইত্যাদি ইত্যাদিৰে প্ৰেমৰ বিশেষ দিনটো কেনেকৈ উদযাপন কৰিব তাকে লৈ ভাবি গুণি পাৰ নোপোৱা উৎসাহেৰে আজি দিনটো পাৰ কৰিলে। কিন্তু প্ৰেমৰ বাবে ‘এটা বিশেষ দিন’ উচিত জানো? প্ৰকৃত প্ৰেমৰ কি দিন ৰাতি? মই নকওঁ যে বৰ্তমান যুগত প্ৰকৃত প্ৰেম পাবলৈ নাই ৷ আছে, প্ৰকৃত প্ৰেমো আছে, আমি বিচাৰিব নাজানো কাৰণে হয়তো নাপাওঁ৷
সেইদিনা এটা বাতৰি পালো প্ৰেমিকাই প্ৰেমিকক এটা মোবাইল উপহাৰ হিচাপে খুজিলে আৰু প্ৰেমিকে মোবাইল উপহাৰ দিবৰ বাবে পইচা উলিয়াবলৈ নিজৰে অপহৰণৰ নাটক ৰচিলে৷ কি যে পুতৌজনক প্ৰেম! এয়া প্ৰেম জানো? প্ৰেম মানে কোনো চৰ্ত বা ব্যৱসায় নহয়৷ ই এক অনুভূতি মাত্ৰ, যাক কোনো ভাষা-শব্দ কোনো উপমা, কোনো উপহাৰেৰে ব্যক্ত কৰাব নোৱাৰি৷ প্ৰেম নদীৰ ধাৰৰ দৰে যি বৈ থাকে অবিৰাম, যি সাগৰৰ দৰে বিস্তাৰ গভীৰ, কিন্তু শান্ত৷ চন্দ্ৰমাৰ পোহৰৰ দৰে সুন্দৰ সৌম্য কিন্তু সূৰ্য্যৰ দৰে শক্তিশালী, যি আকাশৰ দৰে সীমাহীন৷ প্ৰেমত নাই কোনো কান্দোন, নাই দাবী, নাই কোনো চৰ্ত, নাই সন্দেহ, আছে মাথোঁ অন্তহীন বিশ্বাস আৰু মুক্তিৰ এক অনাবিল আনন্দ; যাৰ লগত একোৰে  তুলনা নহয়৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল  প্ৰেমক আপুনি যুক্তিৰে বুজাব নোৱাৰে৷ অসম্ভৱ, কাৰণ ই মগজুৰ উপজ্‌ নহয় ই হৃদয়ৰ উপজ্‌৷ প্ৰেমত পৰাৰ কোনো যুক্তি নাই, কোনো কাৰণ নাই আৰু যদি ভাবিছে আপুনি, যদি কিবা কাৰণতহে প্ৰেমত পৰিছে প্ৰেমত পৰাৰো যুক্তি বিচাৰি পাইছে তেন্তে ভুল ভাবিছে৷ সেয়া প্ৰেম হ’বই নোৱাৰে, কাৰণ আপুনি হৃদয়ৰে নহয়, মগজুৰেহে প্ৰেমৰ কথা ভাবিছে৷ আৰু প্ৰেম মগজুৰে নহয় হৃদয়ৰ পৰাহে হয়৷
প্ৰেম মানে কোনো চৰ্ত বা ব্যৱসায় নহয়৷ ই এক অনুভূতি মাত্ৰ, যাক কোনো ভাষা-শব্দ কোনো উপমা, কোনো উপহাৰেৰে ব্যক্ত কৰাব নোৱাৰি৷ প্ৰেম নদীৰ ধাৰৰ দৰে যি বৈ থাকে অবিৰাম, যি সাগৰৰ দৰে বিস্তাৰ গভীৰ, কিন্তু শান্ত৷ চন্দ্ৰমাৰ পোহৰৰ দৰে সুন্দৰ সৌম্য কিন্তু সূৰ্য্যৰ দৰে শক্তিশালী, যি আকাশৰ দৰে সীমাহীন৷
মগজুৰে লাভ লোকচানৰ কথাহে হয়৷ কিন্তু সমস্যাটো তাতেই আহি পৰে৷ আমি বেছিভাগ মানুহে আকৰ্ষণ বা মোহকে প্ৰেম বুলি ভাবি লওঁ৷ কেতিয়াবা কোনো ল’ৰাই কোনোবা ছোৱালীৰ হাঁহিটো দেখি প্ৰেমত পৰে, কোনোবাই আকৌ চকুদুটি দেখি প্ৰেমত পৰে৷ কেতিয়াবা কোনো ছোৱালীয়ে যদি সুন্দৰ সুঠাম দেহৰ অধিকাৰী ল’ৰাৰ প্ৰেমত পৰে, কোনোবাই আকৌ কোনোবাৰ জ্ঞানৰ দীপ্তি দেখি প্ৰেমত পৰে৷ আজিকালি আকৌ বহুতে দামী বাহন বা গাড়ী দেখিও প্ৰেমত পৰে৷
এইবোৰ মাথোঁ খন্তেকীয়া আকৰ্ষণ বা মোহ৷ যেতিয়ালৈকে  আকৰ্ষণৰ কাৰণবোৰ থাকে তেতিয়ালৈকে প্ৰেম থাকে, যেতিয়া কাৰণবোৰ নোহোৱা হয় প্ৰেমো শেষ হয়৷ তাৰ মাজতে আকৌ কিছুমানে ইজনে সিজনক সন্দেহ কৰি অনৰ্থক কথা কিছুমানত লাগি নিজৰ লগতে ঘৰৰ মানুহৰো অশান্তিৰ সৃষ্টি কৰে৷ আটাইতকৈ ডাঙৰ সমস্যাটো হয় তেতিয়া যেতিয়া প্ৰেমৰ নামত উদ্ভণ্ডালি কৰি ফুৰে৷ পঢ়া শুনাতো ধ্বংস কৰেই, নিজকো ধ্বংস কৰে৷ কেতিয়াবা খন্তেকীয়া খঙত আত্মহত্যাৰ দৰে পথো বাছি লয়।
যিসকলে এনেধৰণৰ পথ বাছি লয় বা লোৱাৰ কথাও চিন্তা কৰে, তেওঁলোক প্ৰকৃততে প্ৰেমৰ যোগ্যই নহয়৷ কিয়নো আপুনি যদি নিজক ভাল পাব নোৱাৰে তেন্তে আনক কেনেকৈ ভাল পাব পাৰিব৷ আগতে নিজক প্ৰেম কৰিবলৈ শিকক, প্ৰেমৰ প্ৰকৃত অৰ্থ বুজিবলৈ চেষ্টা কৰক, তাৰপিছতহে দেখিব হাজাৰ কষ্ট আহিলেও প্ৰেমৰ অনাবিল আনন্দৰ শেষ নহয়৷ প্ৰেম কোনো ব্যক্তিসৰ্বস্ব কেতিয়াও নহয়৷
প্ৰেম! শিল্পকৰ্মঃ প্ৰবীণ কুমাৰ নাথ। মাধ্যমঃ এক্ৰিলিক।
কোনোবাক ভাল পালে বুলিয়েই যে, তেখেতে কেৱল আপোনাৰে হ’ব লাগিব বা তেখেত নহ’লে আপোনাৰ জীৱন আৰু প্ৰেমৰ মূল্য নাথাকিব, এনে ধাৰণা লৈ নাথাকিব৷ আপুনি যাক ভাল পায় কিন্তু,   তেওঁ আপোনাক ভাল নাপাবও পাৰে, সেইবুলি তেওঁক জোৰকৈ নিজৰ কৰিবলৈ চেষ্টা নকৰিব৷ কিয়নো প্ৰেম হ’ল কেৱল আত্মাৰ মিলন, দেহৰ নহয়৷ প্ৰায়ে দেখা যায় যে, প্ৰেমত পৰিল বুলিয়েই হাবুডুবু খাই বহুতো প্ৰেমিক-প্ৰেমিকাৰ ইপাৰ-সিপাৰ নোপোৱা অৱস্থা হয়৷ প্ৰথমতে খুউব ভালেই যায় পিছতহে প্ৰেম গুছি হাৰমাল হৈ যায়৷
সংকীৰ্ণ মনোভাৱেৰে প্ৰেমৰ অৰ্থ বিচাৰি নাযাব৷ প্ৰেম কৰাৰ আগতে প্ৰেমক বুজক, বুজিবলৈ চেষ্টা কৰক – প্ৰেম কেৱল এটা শব্দ নহয়, ই এক বিশাল অধ্যায়। ইয়াক যিমানেই জানিব চেষ্টা কৰিব, সিমানেই আপুনি প্ৰেমৰেই প্ৰেমত পৰিব৷
এৰিবও নোৱাৰে ধৰিবও নোৱাৰে। বহুতে পৰিতাপ কৰে ভুল ব্যক্তিৰ প্ৰেমত পৰা বুলি৷ যদি আপুনি ভাবিছে যে, আপুনি যাৰ লগত সম্বন্ধ কৰিছে তেখেত আপোনাৰ বাবে সঠিক ব্যক্তি নহয় বা আপুনিও খন্তেকীয়া আকৰ্ষণকে প্ৰেম বুলি ভুল কৰিলে তেন্তে ভাবি থাকিবলৈ আৰু নিজক কষ্ট দিবলৈ কোনো দৰকাৰ নাই৷ সঠিক সিদ্ধান্ত লওক আৰু তেনে বান্ধোনৰ পৰা মুক্ত হওক৷ অনুচিত সম্বন্ধৰ লগত নিজক ৰাখি নিজৰ অস্তিত্বক কষ্ট দিয়াৰ কোনো প্ৰয়োজন নাই৷ এটা কথা মনত ৰাখিব যি সত্য, নিস্বাৰ্থ প্ৰকৃত প্ৰেম, সেই প্ৰেমে আপোনাৰ উন্নতিৰ কাৰণ হ’ব, আনন্দৰ কাৰণ হ’ব আপোনাৰ দুখ কষ্টৰ সমভাগী হব, আপোনাৰ মনক, আত্মাক শান্তি প্ৰদান কৰিব, না কি আপোনাক কষ্ট দিব, দুখৰ কাৰণ হ’ব৷
প্ৰকৃত প্ৰেমে আপোনাক তেতিয়াও বিশ্বাস কৰিব, যেতিয়া গোটেই পৃথিৱীয়েও আপোনাৰ বিৰুদ্ধে হ’ব৷ আপোনাক শক্তি দিব৷ কিন্তু যেতিয়া অনুভৱ কৰিব যে, আপোনাৰ সম্বন্ধত বিশ্বাসৰ ঠাইত সন্দেহ আছে আপুনি প্ৰেমৰ প্ৰমাণ দিব লগাত পৰিছে, তেন্তে বুজি ল’ব যে আপোনাৰ বাছনি ভুল আৰু এই ভুল শুধৰণি কৰাৰ প্ৰয়োজন আছে, নহ’লে জীৱনটো প্ৰেমৰ আনন্দ উপভোগ কৰাৰ ঠাইত প্ৰেমৰ প্ৰমাণ দি থাকোতে যাব৷ আটাইতকৈ  ডাঙৰ কথা হ’ল প্ৰেম মানে পৰাধীনতা নহয়৷ আপোনাৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰত কাৰোৰে অধিকাৰ নাই৷ আপোনাৰ যদি স্বাধীনতাই নাথাকে প্ৰেম ক’ত থাকিব৷ সেয়েহে প্ৰেম বাছনি কৰোতে সাবধান হওক৷ কিয়নো এটা ভুল সিদ্ধান্তই আপোনাৰ গোটেই জীৱনটোৰ বাবে অভিশাপস্বৰূপ হ’ব পাৰে৷ সংকীৰ্ণ মনোভাৱেৰে প্ৰেমৰ অৰ্থ বিচাৰি নাযাব৷ প্ৰেম কৰাৰ আগতে প্ৰেমক বুজক, বুজিবলৈ চেষ্টা কৰক – প্ৰেম কেৱল এটা শব্দ নহয়, ই এক বিশাল অধ্যায়। ইয়াক যিমানেই জানিবলৈ চেষ্টা কৰিব, সিমানেই আপুনি প্ৰেমৰেই প্ৰেমত পৰিব৷ 
চ ন্দ না দা স

মনস্তত্ব আৰু বিবিধ বিষয় সংক্ৰান্তত চিত্তাকৰ্ষক লেখাৰে পৰিচিত তথা বিৰিয়াৰ সাঁউৰি বিশ্লেষক।

Previous গান্ধী হত্যাৰ আখৰা আৰু কিছু বিক্ষিপ্ত প্ৰাসংগিক চিন্তা
Next পুলুৱামাৰ সন্ত্ৰাস: চিন্তনীয় আৰু কৰণীয়