লিভিয়ান সেনাৰ হাতত বন্দী হৈ আছে মেজৰ আৰ্নেষ্ট চে গুৱেভাৰা৷ ঘনাই বহিছে বৈঠক৷ কি কৰা যায় চেক? বাচি থাকিব দিয়া মানে ভবিষ্যতে ভয়ংকৰ বিপদ চপাই লোৱা৷ চি আই এৰ কাঢ়া নজৰ৷ মহানায়কৰ শাৰীলৈ উন্নীত হোৱা এইজনক জীৱন নহয় মৃত্যুহে দিয়া উচিত৷ অৱশেষত সেয়াই কাৰ্য্যকৰী হয়৷ সাতটা বুলেটে কায়িক অস্তিত্ব শেষ কৰি দিয়ে সেই সৰ্বকালৰ মহান বিপ্লৱী চেৰ জীৱন৷ আৰ্জেণ্টিনাৰ চেই কিউবাত সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিপ্লৱ কৰি স্বাধীনতা আনি, বলিভিয়া মুক্ত কৰিবলৈ গৈ জীৱন দিলে৷ গেৰিলা সংগ্ৰামৰ মূৰ্ত প্ৰতীক এই বিপ্লৱীগৰাকী আজিও শোষিত জনতাৰ,সংগ্ৰামী জনতাৰ যেন জীৱন্ত আদৰ্শ৷ 
বিশ্বায়নৰ এই বিশ্বত আজিও প্ৰাসংগিক চে গুৱেভাৰা৷ আচলতে চৰম ভোগবাদৰ বন্য প্ৰতিযোগিতাৰ এই বিশ্বৰ মানুহে এতিয়াও বিচাৰি ফুৰে চেৰ দৰে এজন নায়কক, যাৰ আদৰ্শ আৰু মূল্যবোধ মানুহে বহন কৰিব খোজে  নিজৰ চেতনাত৷ সেই চেক মৃত্যুৰ পিছতো মাৰ্কিন বিশ্বই চেৰ নামত বজাৰ সৃষ্টি কৰি চেৰ চিন্তা চেতনা আৰু আদৰ্শক মূল্যহীন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ চে মানে  যেন ৰং বিৰং টি চাৰ্টৰ বাহাৰ, চে মানে ভোদকাৰ বটলৰ পানীয়, টাটু কৰা শৰীৰৰ অংগ যেন চে৷ চে মানে ছেক্স চিম্বল৷
কিন্ত পৰা নাই৷ য’তেই সাম্ৰাজ্যবাদৰ আগ্ৰাসন হৈছে, বিপ্লৱী চেতনা তাত জাগি উঠিছে৷ সৰ্বহাৰা, দ্ৰাৰিদ্ৰ নিৰ্য্যাতিত জনতাৰ কণ্ঠ ৰূপে আকৌ প্ৰাণ পাই উঠিছ চে গুৱেভাৰা৷ চে মানে সুস্থ মূল্যবোধৰ চিন্তা, চে মানে আদৰ্শ, শোষিত নিষ্পেষিতৰ জ্বালামুখী কণ্ঠ ৷
শেষ বুলিলেই শেষ নহয়,
আকৌ আৰম্ভ হয়
শেষ নহয়
“তোমালোকে বাৰে বাৰে এজন মানুহৰ শৰীৰকহে নিঃশেষ কৰিব পাৰা, মানুহজনৰ চিন্তাক নহয় ৷ “
বিশ্বায়নৰ এই বিশ্বত আজিও প্ৰাসংগিক চে গুৱেভাৰা৷ আচলতে চৰম ভোগবাদৰ বন্য প্ৰতিযোগিতাৰ এই বিশ্বৰ মানুহে এতিয়াও বিচাৰি ফুৰে চেৰ দৰে এজন নায়কক, যাৰ আদৰ্শ আৰু মূল্যবোধ মানুহে বহন কৰিব খোজে  নিজৰ চেতনাত৷ সেই চেক মৃত্যুৰ পিছতো মাৰ্কিন বিশ্বই চেৰ নামত বজাৰ সৃষ্টি কৰি চেৰ চিন্তা চেতনা আৰু আদৰ্শক মূল্যহীন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
মৃত্যুৰ আগত চে গুৱেভাৰাই কৈ গৈছিল সেই কথা৷ ৩০ জানুৱাৰী২০১৯ত গান্ধীক আকৌ এবাৰ হত্যা কৰা হ’ল৷ সেই একেই তিনিটা বুলেট৷ তেজ নিগৰা শৰীৰ৷ তাৰপাছত জ্বলাই দিয়া হয় শৰীৰ৷ নতুন সংযোজন হ’ল গান্ধী হত্যাৰ পিছত সুস্বাদু মিঠাই বিতৰণ আৰু সেই ভয়ংকৰ শ্লোগান – মহাত্মা নাথুৰাম গড্চে‌ অমৰ ৰহ’৷ হত্যাকাৰীৰ ৰূপত এইবাৰ গড্চে‌ৰ উত্তৰসুৰিসকল ৷
গান্ধী হত্যাৰ আখৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? নাথুৰাম গড্চে‌ই হত্যা কৰাৰ পিছৰে পৰা নে তাৰো বহু পূৰ্বৰে পৰাই? নে প্ৰতিনিয়ত আমি হত্যা কৰি আহিছো গান্ধীক? গান্ধীৰ আদৰ্শক? অহিংস আন্দোলনৰ জৰিয়তে বিশ্বজুৰি খলকনি সৃষ্টি কৰি ভাৰতক বৃটিছমুক্ত কৰা অহিংস আন্দোলনৰ এই পূজাৰীগৰাকীৰ প্ৰাসংগিকতা কি নাইকিয়া হৈ যাব নেকি?  মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ অহিংস নাগৰিক অধিকাৰ সংগ্ৰামো হেনো গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত আছিল৷ কিন্তু ভাৰতবৰ্ষত গান্ধী কি ফটোফ্ৰেম আৰু কাগজী নোটতে সীমাবদ্ধ থাকিব নেকি? নে কালক্ৰমত ইয়াৰ পৰাও হেৰাই যাব  মহাত্মাগৰাকী? এনে দিন হয়তো নাহিব বুলিও ডাঠি ক’ব নোৱাৰি ৷
 এইখিনিতে গান্ধী সম্পৰ্কে শতিকাৰ মহান বিজ্ঞানী আইনষ্টাইনে কৰা মন্তব্য এশাৰী উল্লেখ কৰা দৰকাৰ – আহিবলগীয়া প্ৰজন্মৰ বাবে এয়া বিশ্বাস কৰিবলৈ টান হ’ব যে, আমাৰ এই পৃথিৱীতেই এনেকুৱা এজন তেজ মঙহৰ মানুহো আছিল৷
সেইগৰাকী মহামানৱৰ মৃত্যুৰ ৭০ বছৰ পিছত গেৰুৱা বসনধাৰী কোনোবাই আকৌ এবাৰ প্ৰতীকী হত্যাৰ জৰিয়তে গান্ধীবাদক, গান্ধীৰ আদৰ্শৰ অমৰত্বক নিঃশেষ কৰাৰ বিষবাস্প বিয়পাব আৰু আমি সুধীগণে সেই ভয়ংকৰ দৃশ্যৰাজি  চাই কেবল ইচ্‌ -আচ্‌ কৰিয়ে থাকিমনে? স্বাধীনতা আন্দোলনত তিলমানো অৰিহণা নথকা সংঘ পৰিয়ালে ক’লেই আমি মানি ল’মনে যে গান্ধীৰ কাৰণেই ভাৰতবৰ্ষৰ আজি এই অবস্থা? কি সাহস তেওঁলোকৰ৷ নিজ দেশতে এই মহামানৱগৰাকীৰ আজি এই অৱস্থা৷ আমি অকল গৰিহণা দিছো৷ টিভিত ট’ক শ্ব’ পাতি বিষয়টোৰ অপাৰেচন কৰাৰ চেষ্টা কৰিছো, আৰু তেওঁলোকে (হিন্দুত্ববাদীসকলে) গান্ধীৰ মানৱতাবাদক হত্যা কৰি সাম্প্ৰদায়িকতাবাদৰ ভাইৰাছ বিয়পাই দি আছে৷ নাথুৰামক ভগৱান ৰূপে প্ৰতিষ্ঠা কৰিবলৈ গৈ ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষক ক’লৈ লৈ গৈ আছে তেওঁলোকে আচলতে?
যিসময়ত আমি ভাৰতীয়ই গান্ধীৰ অহিংস, ধৰ্মনিৰপেক্ষ, মানৱতাবাদী আদৰ্শক বিশ্বৰ সন্মুখত বেছিকৈ প্ৰসাৰ কৰিব লাগিছিল, মৌলবাদৰ উত্থানৰ এই সময়ত গান্ধীৰ মানৱতাবাদী দৰ্শনেই যে একমাত্ৰ পথেয়, সেই সময়ত আমি গান্ধীক এৰি দিছো গেৰুৱা বসনধাৰী কোনোবা সাধ্বীৰ হাতত৷ ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ’ব পাৰে ৷
 এয়াই শেষ হয়তো নহয়৷ অনাগত দিনত হয়তো আৰু বেছি ভয়ানক কূট কৌশল ৰচনা কৰা হ’ব পাৰে গান্ধীৰ ধৰ্মনিৰপেক্ষতাক নিঃশেষ কৰিবলৈ৷ আমি সজাগ হোৱাৰ দৰকাৰ৷
স্বাধীনতা আন্দোলনত তিলমানো অৰিহণা নথকা সংঘ পৰিয়ালে ক’লেই আমি মানি ল’মনে যে গান্ধীৰ কাৰণেই ভাৰতবৰ্ষৰ আজি এই অবস্থা? কি সাহস তেওঁলোকৰ৷ নিজ দেশতে এই মহামানৱগৰাকীৰ আজি এই অৱস্থা৷ আমি অকল গৰিহণা দিছো৷
পৰাগ কুমাৰ দাসলৈ মনত পৰিছে৷ পৰাগ কুমাৰ দাসৰ দৰে আপোচবিহীন ৰাষ্ট্ৰৰ শোষণ-বঞ্চনাৰ স্বৰূপ উদঙাই দিয়া আমাৰ অসমৰ সাংবাদিকগৰাকীক ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীৰ কোনোবাই দিন দুপৰতে হত্যা কৰি গৈছিল৷ দুৰ্ভাগ্যজনক কথাতো এই যে, সেই হত্যাকাৰীক আজিলৈকে চৰকাৰে জনতাৰ সন্মুখত উলিয়াই আনিব নোৱাৰিলে৷ আইনৰ সুৰুঙাৰে সেই হত্যাকাৰী সাৰি গৈছে বাৰম্বাৰ৷ ভয়৷ পৰাগ কুমাৰ দাসলৈ ভয় হৈছিল৷
www.cartoonistnituparna.org

তেওঁৰ চিন্ত-আদৰ্শক ভয় কৰিছিল৷ তেওঁ শোষণ-বঞ্চনাৰ বিৰুদ্ধে যি প্ৰতিবাদী সত্বাৰে জনতাক জাগ্ৰত কৰিছিল, কেন্দ্ৰীয় চৰকাৰৰ মিথ্যাচাৰ উদঙাই তেওঁ যি স্থিতি গ্ৰহণ কৰি অসমক এখন সমৃদ্ধিশালী(স্বাধীন?)দেশ গঢ়াৰ ক্ষেত্ৰত অবিৰত ভাবে কলম চলাই গৈছিল – সেই কলমক ভয় কৰিছিল ৰাষ্ট্ৰই৷ তেওঁৰ কলম আছিল চোকা শাণিত তৰোৱালৰ দৰে৷ সেই কলমধাৰী হাজাৰজনৰ প্ৰতিবাদী কণ্ঠ হোৱা সাংবাদিকগৰাকীকো নিঃশেষ কৰি পেলোৱা হ’ল৷ কিন্ত পাৰিবনে তেওঁৰ সংগ্ৰামী সত্বা, আদৰ্শক চিৰকাললৈ স্তব্ধ কৰিব?

অসমক এখন সমৃদ্ধিশালী(স্বাধীন?)দেশ গঢ়াৰ ক্ষেত্ৰত অবিৰত ভাবে কলম চলাই গৈছিল – সেই কলমক ভয় কৰিছিল ৰাষ্ট্ৰই৷ তেওঁৰ কলম আছিল চোকা শাণিত তৰোৱালৰ দৰে৷ সেই কলমধাৰী হাজাৰজনৰ প্ৰতিবাদী কণ্ঠ হোৱা সাংবাদিকগৰাকীকো নিঃশেষ কৰি পেলোৱা হ’ল৷
অসমৰ বাতৰি কাকত আৰু টেলিভিছনৰ এটা খবৰে এইবাৰ সকলোকে ভবাই তুলিছিল বোধহয়৷ যোৱা বৰ্ষত অনুষ্ঠিত উত্তৰ-পূব গ্ৰন্থমেলাত আকৌ ঘূৰি আহিছিল পৰাগ কুমাৰ দাস৷ ভবাতকৈ অধিক হাৰত বিক্ৰী হৈছিল পৰাগ কুমাৰ দাসৰ গ্ৰন্থৰাজি৷ স্বাধীনতাৰ প্ৰস্তাৱ, ছাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি, স্বাধীন অসমৰ অৰ্থনীতি  ইত্যাদি গ্ৰন্থৰাজি পাঠকে আগ্ৰহেৰে ক্ৰয় কৰিছে৷ অসমৰ অস্তিত্ব বিলোপ হ’ব খোজাৰ এই সময়ত, ভাষা-সংস্কৃতি, জাতি-মাটিৰ বিপন্ন এই সময়ত আকৌ এবাৰ কি প্ৰাসংগিক হৈ পৰিছে নেকি পৰাগ দাসৰ লিখনিৰ গুৰুত্ববোৰ? খবৰ ওলাই আছে যে, জাতিৰ এই সন্ধিক্ষণৰ সময়ত অসমৰ বহু সুঠাম শিক্ষিত যুৱকে পুনৰবাৰ সশস্ত্ৰ সংগ্ৰামৰ পথত ভৰি দিছে৷ জাতি-মাটি-ভেটিৰ অস্তিত্বৰ সংকটকালত নতুন প্ৰজন্মৰ কিছুমানে কথাবোৰ অন্য ধৰণে ভাবিবলৈ লৈছে৷ এয়া কি ধেমালি কথা নেকি? বহু লোকে এতিয়াও ক্ষোভ প্ৰকাশ কৰে যে, আজি অসমত পৰাগ কুমাৰ দাস জীৱিত থকা হ’লে অসমৰ অৱস্থা হয়তো এনেকুৱা নহ’লেহেঁতেন৷ তেওঁলোকে আকৌ এবাৰ ঘূৰাই আনিব খোজে পৰাগ কুমাৰ দাসক৷ তেওঁৰ চিন্তাক, আপোচবিহীন সংগ্ৰামী চেতনাক, জনগণৰ প্ৰতি থকা নিৰ্ভেজাল জাতীয়তাবাদী ভাবধাৰাক৷
অনাগত দিনত হয়তো আৰু বেছি ভয়ানক কূট কৌশল ৰচনা কৰা হ’ব পাৰে গান্ধীৰ ধৰ্মনিৰপেক্ষতাক নিঃশেষ কৰিবলৈ৷ আমি সজাগ হোৱাৰ দৰকাৰ৷
গান্ধীয়েই হওক বা চে গুৱেভাৰাই হওক কিম্বা অসমৰ পৰাগ দাসেই হওক- যুগে যুগে প্ৰতিবাদী সত্বাক, বিপ্লৱী চেতনাক শ্ৰেণীহীন চেকুলাৰ দেশৰ সপোন দেখা ব্যক্তিসকলক ৰাষ্ট্ৰই বা ৰাষ্ট্ৰৰ ভেৰোণীয়া ভৃত্যই হত্যাৰ জৰিয়তে মুখ বন্ধ কৰাৰ অপচেষ্টা কৰি আহিছে৷  এই অপচেষ্টা অনাগত দিনতো হয়তো অবিৰতভাবে অব্যাহত থাকিব৷ বৰ্তমান সময়তো পুঁজিবাদী ধ্যান-ধাৰণা আৰু ফেচীবাদী মনোবৃত্তিৰে চৰকাৰ চলোৱা এচামে আমাৰ দেশত এক অসহিষ্ণুতাৰ বাতাৱৰণ সৃষ্টি কৰিব বিছাৰিছে৷ গান্ধীৰ ধৰ্মনিৰপেক্ষ তথা অসাম্প্ৰদায়িক মনোভাৱ বহুতৰ বাবে হয়তো ভয় আৰু চিন্তাৰ কাৰণ৷ সেয়ে হয়তো গান্ধী হত্যাৰ নাটকেৰে গান্ধীৰ আদৰ্শক বিবেকবান জনতাৰ চিন্তা চেতনাৰ পৰা বিতাৰণ কৰি এখন বিশেষ দেশৰ কল্পনা মানুহৰ মনত সুমুৱাই দিয়াৰ চেষ্টা কৰা হৈছে – য’ত নাথুৰাম পূজ্য দেৱতা আৰু গান্ধী বিভাজনকাৰী দৈত্য৷ 
অশান্ত ৰাজবংশী

দৃঢ় আৰু স্পষ্ট বাকেৰে বিবিধ বিষয়ৰ পৰ্য্যালোচক আৰু বিৰিয়াৰ সাঁউৰি

Previous অব্ তেৰা ক্যা হোগা কালিয়া?
Next প্ৰেম-ভালপোৱা অনাদি অসীম!