ওদালগুৰিত হাতী-মানুহৰ সংঘাত ৰোধৰ অভিনৱ প্ৰয়াস


সমত হাতী-মানুহৰ সংঘাত কোনো নতুন কথা নহয়৷ সুদীৰ্ঘ দিন ধৰি হাতী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে৷ চৰকাৰী তথ্য মতেই বিগত পাঁচ বছৰত (২০১৫ চনৰ পৰা ২০১৯ চনলৈ) কেৱল ওদালগুৰি জিলাখনতে হাতী মানুহৰ সংঘাতৰ ফলত প্ৰায় ৮০জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ২৯টা বন্যহস্তী মানুহৰ হাতত নিধন হৈছে৷ ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰা এই সংঘাত ৰোধৰ বাবে ৰাজ্যৰ বন বিভাগ তথা বিভিন্ন বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এইক্ষেত্ৰত সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বনৰীয়া হাতীৰ সৈতে মানুহৰ সম্পৰ্ক ক্ৰমে বেয়াৰ ফালেহে ঢাল খাব ধৰে আৰু অঞ্চলটোত এক আতংকময় পৰিবেশ বিৰাজ কৰি আহিছে৷

যাঠি-জোং কিম্বা বাৰুদ-বন্দুক আদি অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ নহয়, বনকৰ্মী সকলে বন্যহস্তীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনেৰে হাতী-মানুহৰ সংঘাত তথা জনাঞ্চল সমূহত বন্যহস্তীৰ উপদ্ৰপ ৰোধ কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে এক জটিল সন্ধিক্ষণত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডলৰ নোনাই ৰেঞ্জৰ অন্তৰ্গত খালিঙদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বনকৰ্মীসকলে৷ যাঠি-জোং কিম্বা বাৰুদ-বন্দুক আদি অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ নহয়, বনকৰ্মী সকলে বন্যহস্তীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনেৰে হাতী-মানুহৰ সংঘাত তথা জনাঞ্চল সমূহত বন্যহস্তীৰ উপদ্ৰপ ৰোধ কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা হাতী মানুহৰ সংঘাতৰ পৰিসমাপ্তি বিচাৰি বনকৰ্মীসকলে গ্ৰহণ কৰা এনে পদক্ষেপে অঞ্চলবাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰাল ভাবে বন্যহস্তীৰ জাক এটাৰ সৈতে তেওঁলোকৰ ইতিমধ্যে গঢ়ি উঠিছে এক আত্মিক সম্পৰ্ক৷ হাতী মানুহৰ সংঘাত ৰোধৰ শেষ ভৰসা হিচাপে বনকৰ্মী সকলে গ্ৰহণ কৰা এনে অভিনৱ পদক্ষেপত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী সকলে সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁলোকক সহায়-সহযোগিতাৰ বাবে বিভিন্নজন আগবাঢ়ি অহাও পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জিলাখনৰ ভৈৰবকুণ্ডৰ চপন গাঁৱৰ পৰা বৰনদ্দী অভয়াৰণ্যলৈকে ভাৰত-ভূটান সীমান্তৱৰ্তী উক্ত বিস্তীৰ্ণ অঞ্চলসমূহ আজিৰ পৰা কিছুবছৰলৈ হাবি-জংঘল তথা তৃণ জাতীয় উদ্ভিদেৰে ভৰি আছিল৷ যাৰ পৰপেক্ষিতত পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে উক্ত অঞ্চল সমূহত খাদ্যৰ সন্ধান কৰাৰ লগতে  অনায়েসে  তাত বিচৰণ কৰি ঘূৰি ফুৰিব পাৰিছিল৷ কিন্তু বিগত সময়চোৱাত উক্ত বানাঞ্চলসমূহ  ধ্বংস কৰাৰ লগতে উক্ত অঞ্চলসমূহত অবাধ হাৰত চাহ বাগিচা স্থাপন কৰা হ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত দাঁতিকাষৰীয়া জনবসতিপূৰ্ণ অঞ্চল সমূহলৈ সোমাই অহাৰ ফলত হাতী মানুহৰ সংঘাত যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰে৷ আনকি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীক প্ৰতি সময়তে শত্ৰুজ্ঞান কৰি একাংশ লোকে যাঠি-জোং, জুই আদি নিক্ষেপ কৰাৰ উপৰি ঠায়ে ঠায়ে বৈদ্যুতিক তাঁৰ সংযোগ কৰাৰ ফলত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে আৰু বন্যহস্তীৰ আক্ৰমণত  ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মানুহৰ হাতত অনেক বন্যহস্তীৰো মৃত্যু ঘটে৷

আমি কেৱল বন্যহস্তী দেখিলেই লাঠী-জোং সিহঁতলৈ নিক্ষেপ কৰিছোঁ৷ সেয়েহে এই বন্যজন্তু সমূহৰ লগত শত্ৰুতাৰ পৰিবৰ্তে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি আমি হাতী মানুহৰ দীৰ্ঘ দিনীয়া সংঘাত কিছুপৰিমাণে হলেও অৱসান ঘটাবলৈ চেষ্টা কৰিছো৷

বনাঞ্চলখনত প্ৰায় ৩৮ বছৰীয়া কৰ্মজীৱনৰ অভিজ্ঞতাৰে পুষ্ট বনকৰ্মী জয়ন্ত শৰ্মাই এই সন্দৰ্ভত উল্লেখ কৰি কয় যে প্ৰত্যেক বছৰেই  পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাক সমূহে এপ্ৰিল মাহৰ পৰা নৱেম্বৰৰ শেষ ভাগলৈকে অঞ্চলটোৰ বিভিন্ন স্থানত পৰিভ্ৰমণ কৰি ফুৰে৷ কিন্তু এই অঞ্চলসমূহত বন্যহস্তীৰ জাক সমূহে খাদ্যটো বাদেই মুকলিমুৰীয়াকৈ বিচৰণ কৰাৰ বাবে এডোখৰ মুকলি ঠাইৰো অভাৱ৷ চৌদিশে কেৱল চাহ বাগিচা আৰু মানুহৰ আবাসভূমি৷ যাৰ ফলত উক্ত স্থানসমূহত বন্যহস্তীয়ে প্ৰৱেশ কৰিলেই চৌদিশে কেৱল হাই-উৰুমি, ফটকা-আটছবাজিৰ কাণতাল মৰা শব্দ, যাঠি-জোং,তীৰ, জুইৰ লেলিহান শিখা আদিৰে আক্ৰমণ আৰম্ভ হয় বন্যহস্তীৰ ওপৰত৷ কিন্তু সিহঁতৰ কথা আমি কেতিয়াবা ভাবিছো জানো৷ সিহঁতৰ খাদ্যৰ কথা, সিহঁতৰ বিচৰণ ভূমিৰ কথা৷ সেইবোৰ ভাবিবলৈ মানুহৰ আহৰি নাই৷ আমি কেৱল বন্যহস্তী দেখিলেই লাঠী-জোং সিহঁতলৈ নিক্ষেপ কৰিছোঁ৷ সেয়েহে এই বন্যজন্তু সমূহৰ লগত শত্ৰুতাৰ পৰিবৰ্তে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি আমি হাতী মানুহৰ দীৰ্ঘ দিনীয়া সংঘাত কিছুপৰিমাণে হলেও অৱসান ঘটাবলৈ চেষ্টা কৰিছো৷

তদুপৰি যদিহে আমি সিহঁতৰ বিচৰণ ভূমি সমূহত খাদ্যৰ বাবে পৰ্যাপ্ত পৰিমাণে বাঁহ,কলগছ,কঁঠালগছ ইত্যাদি ৰোপণ কৰাৰ লগতে সিহঁতৰ সৈতে সহবস্থান কৰিব শিকো, তেনেহলে হাতী মানুহৰ সংঘাত যথেষ্ট পৰিমাণে দূৰ হব৷ লগতে উক্ত অঞ্চলসমূহত বন্যহস্তীয়ে প্ৰৱেশ কৰি বাঁহ, কলগছ আদি ভাঙিলে তাৰ শব্দত  বাসিন্দাসকল সজাগ-সচেতন হৈ বন্যহস্তীৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰিব পাৰিব৷ এনে এক সুদূৰপ্ৰসাৰী চিন্তাচৰ্চাৰে নোনাই সংৰক্ষিত বনাঞ্চল খনৰ বনকৰ্মী সকলে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাক এটাৰ সৈতে প্ৰায় ২০০৭-০৮ চনৰ পৰা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস কৰে৷ তেতিয়াৰে পৰাই প্ৰায় ৮০-৯০টা হাতীৰে পূৰ্ণ জাকটোক বনকৰ্মী সকলে সম্পূৰ্ণ নিজা খৰচেৰে প্ৰায়ে কল, কঁঠাল, ৰঙালাও, নিমখ ইত্যাদি  খাদ্য যোগান ধৰি আহিছে৷ তেওঁলোকৰ এই কাৰ্যত পূৰ্ণ সমৰ্থন আগবঢ়াইছে বন বিষয়া সত্যৰাম বড়োয়ে৷ ইতিমধ্যে বনকৰ্মী সকলৰ সৈতে এক আত্মীয়তা গঢ় লৈ উঠা বন্যহস্তীৰ জাকটোৱেও এখন ঘৰৰ পৰিয়ালৰ দৰেই  সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰি বনশিবিৰটোৰ নিচেই কাষতে সহাৱস্থান  কৰি আহিছে৷ ফলত অঞ্চলটোত হাতী মানুহৰ সংঘাত পূৰ্বতকৈ হ্ৰাস পাব ধৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে বৈশিষ্ট্যগত ভাবে বন্যজন্তুসমূহৰ যিহেতু ভৌগোলিক সীমাৰেখা নাথাকে সেয়েহে সপ্তাহ দহদিনৰ মূৰে মূৰে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক সমূহে এঠাইৰ পৰা আন স্থানলৈ গতি কৰে৷ এইখিনি সময়তে বন্যহস্তী জাকটোৱে  জনবসতি পূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিলে কেতিয়াবা কিছুসংখ্যক অবিবেচক লোকৰ নৃশংসতাৰ বলি হৈ পুনৰ কেতবোৰ নঘটিবলগীয়া ঘটনাৰ পুনৰাবৃত্তি হয়৷ অৱশ্যে খালিঙদুৱাৰ সংৰক্ষিত বনাঞ্চল খনৰ বনকৰ্মী সকলৰ উক্ত মহানুভৱতাক আদৰ্শ হিচাপে লৈ স্থানীয় বিভিন্নজনে বন্যহস্তীৰ সৈতে সহাৱস্থান কৰিব ধৰাত অঞ্চলটোলৈ এক আশাৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷

Previous বাঘজান, কা আৰু মধ্যবিত্তীয় সুবিধাবাদ
Next আমাক মানুহ কৰি ৰখা সোঁৱৰণিবোৰ