শাৰীৰিক যন্ত্ৰণায়ো ৰুদ্ধ কৰিব নোৱাৰা এক কৰ্মঠ জীৱন সামৰি অৱশেষত বিদায় ল’লে গোৱাৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী মনোহৰ পাৰিকৰে।   আজি সন্ধিয়া ৬-৪০ বজাত পানাজীস্থিত নিজৰ পুত্ৰৰ বাসভৱনত  শেষ নিশ্বাস ত্যাগ কৰা নেতাগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ।

ফটো সৌজন্য : বিজনেছ ষ্টেণ্ডাৰ্ড

আই আই টি ব’ম্বেৰ পৰা ১৯৭৮ চনত ধাতৱীয় অভিযন্ত্ৰণ বিষয়ৰ স্নাতক পাৰিকাৰ আছিল ভাৰতৰ কোনো ৰাজ্যৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰথমজন আই আই টিৰ ছাত্ৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য পাৰিকৰে ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে বিজেপি দলৰ পৰা গোৱা বিধানসভালৈ নিৰ্বাচিত হয়। ২০০০ চনৰ অক্টোবৰ মাহত পোন প্ৰথমবাৰলৈ গোৱাৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্য্যভাৰ লোৱা পাৰিকৰে পুনৰবাৰ ২০০২ চনৰ জুন মাহত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয়। ২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁক দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে অৰুণ জেটলীৰ স্থলাভিষিক্ত কৰাৰ পাছত, তেওঁ ২০১৭ চনলৈকে উক্ত পদত কাৰ্য্যনিৰ্বাহ কৰে আৰু সেইবছৰৰ মাৰ্চত তেওঁ পুনৰাই গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।  এজন গতিশীল, কৰ্মঠ আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণকাৰী প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সুনাম অৰ্জা পাৰিকৰৰ দিনতেই আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীৰ তদন্ত আৰম্ভ হৈছিল। অন্যহাতে বিতৰ্কিত ৰাফালে জেট কেলেংকাৰীৰ ক্ষেত্ৰত তেওঁক অন্ধকাৰত ৰাখি চুক্তি কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে।

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰে পৰা অগ্ন্যাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পাৰিকৰক হাৰ মনাব পৰা নাছিল ৰোগযন্ত্ৰণায়ো। ৰোগজনিত দূৰ্ৱলতাকো নেওচি ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ১৬ তাৰিখে ৰাজ্যত চলি থকা দলঙৰ নিৰ্মাণকাৰ্য্য পৰীক্ষা কৰিবলৈ ওলাই অহা পাৰিকৰৰ নাকত সংযুক্ত হৈ আছিল নলী। আনকি এনে অৱস্থাৰেও তেওঁ জানুৱাৰী মাহত ৰাজ্যৰ বাজেট অধিৱেশনত ভাগ লৈ বিত্তীয় বাজেট উত্থাপন কৰে। এই অৱস্থাৰেই তেওঁ ৰাজ্যত লোকসভা নিৰ্বাচনৰ কামতো অংশ ল’ব বুলি দৃঢ়তাৰে মত পোষণ কৰি আহিছিল।

কৰ্কট ৰোগৰ বিপক্ষে জীৱনৰ যুঁজ চলাই সাহসেৰে থিয় দিয়া, কৰ্মক নেওচা নিদিয়া সাহসী ৰাজনীতিকজনৰ কৰ্মনিষ্ঠা, মনোবল আৰু ধনাত্মকতা ভাৰতীয় ৰাজনীতিৰ এক স্মৰণীয় পৃষ্ঠা হৈ ৰ’ব। 

 

বিৰিয়াৰ সাঁউৰি
Previous পাকিস্তানী মোল্লা-মৌলবাদীৰ ফটোৱা, দু-দেশৰ শাসকৰ পৰস্পৰ বিদ্বেষৰ ৰাজনীতি
Next প্ৰকৃতিয়ে দিয়া খ্যাতি: পদ্মশ্ৰী বঁটাৰে জিলিকিল দুই অগ্ৰগামিনী