ভাৰতবৰ্ষৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে শ্বহীদ ভগৎ সিঙৰ জীৱন, যুক্তিবাদ আৰু আদৰ্শক নতুন চিন্তাধাৰাৰে বিচাৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে৷ সাম্প্ৰদায়িক ৰাজনীতি আৰু ধৰ্মীয় গোড়ামিয়ে পোখা মেলাৰ এই সময়ত ভগৎ সিঙৰ মাথোঁ ২৩  বছৰীয়া জীৱন আৰু সংগ্ৰামৰ বিচাৰধাৰক আমি জৰুৰীভাবে আজিৰ সময়ত তুলি ধৰিবৰ যত্ন কৰিব লাগে৷ যি সময়ত আজিৰ ভাৰতবৰ্ষত ধৰ্মীয় মৌলবাদী শক্তিসমূহে মূৰ দাঙি উঠিছে, সেইসময়ত ভগৎ সিঙৰ বিচাৰধাৰাক মৌলবাদীসকলে ভুল পথে সমাজত তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ এই সময়ত নাথুৰাম গডচেৰ দৰে গান্ধী হত্যাকাৰী এজনক পূজ্য দেৱতা হিচাপে ব্যাপক প্ৰচাৰৰ মাজেৰে দেশৰ যুৱ সমাজক পৰিচয় কৰোৱাই দিব বিচৰাটো আটাইতকৈ ভয়ানক কথাৰূপে পৰিগণিত হৈছে৷ মৌলবাদীসকলে ভগৎ সিঙক অকল এগৰাকী হিন্দু বীৰ হিচাপেহে দেখিছে৷ তেওঁৰ কৰ্মৰাজিক কিন্তু নতুন প্ৰজন্মৰ ওচৰত যুক্তিৰ আধাৰত নিব বিচৰা নাই৷

ভগৎ সিঙে অকল এটা হাতবোমাৰ জৰিয়তে  ঔপনিৱেশিক শাসক গোষ্ঠীক প্ৰতিবাদৰ আৱাজ শুনাবলৈ বিচৰা নাছিল৷ এই কাৰ্য্যৰ আঁৰত নিহিত হৈ থকা সংগ্ৰামী সত্বাটোকহে আমি আজিৰ পেক্ষাপটত বিচাৰ কৰিব লাগিব৷ ভগৎ সিং এনেকুৱা এগৰাকী বিপ্লৱী বীৰ আছিল যিজনে দেশৰ মুক্তিৰ স্বাৰ্থত মাথোঁ তেৰ বছৰ বয়সতে স্কুলীয়া শিক্ষাৰ পৰা আঁতৰি আহিছিল আৰু সংগ্ৰামৰ পথাৰত নামি পৰিছিল৷ লেনিনৰ সমাজবাদী  আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ভগৎ সিঙে এখন শ্ৰেণীহীন সমাজৰ সপোন দেখিছিল৷ মাৰ্ক্সীয় দৰ্শনক সৰোগত কৰি ভাৰতবৰ্ষৰ নতুন চামক এই আদৰ্শৰ প্ৰতি ধাউতি বঢ়াবলৈ তেওঁ যত্ন কৰিছিল৷ ভাৰতবৰ্ষৰ ধৰ্মান্ধ সমাজখনক যুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰাটো তেওঁ বিচাৰিছিল৷ সেয়ে তেওঁ নাস্তিকতাবাদক বুকুত বহন কৰিছিল৷ ‘মই কিয় নাস্তিক হ’লো’ নামৰ এলানি লেখাত তেও মাৰ্ক্সীয় তত্বৰ আধাৰত সমাজত দকৈ খোপনি পুতি থকা ভাৱবাদী বিচাৰধাৰাক নস্যাৎ কৰিছিল৷ সেই সময়ৰ ভাৰতীয় জনতাৰ পৰাধীন অৱস্থাক লক্ষ্য ৰাখি তেওঁ কৈছিল যে, যদি ঈশ্বৰ সৰ্বদা বিৰাজমান আৰু সৰ্বশক্তিমান, তেনে কোটি কোটি ভাৰতীয়ৰ দৰিদ্ৰতা আৰু পৰাধীনতাত ঈশ্বৰ অলপো বিচলিত হ’ব নালাগেনে৷ গান্ধীৰ অহিংস পন্থাৰ প্ৰতি বিৰক্ত হৈ তেওঁ যিকোনো সমাজবাদী বিকল্প আদৰ্শৰ দ্বাৰা ভাৰতবৰ্ষত স্বদেশীৰ ৰাজত্ব আনিব বিচাৰিছিল৷

লেনিনৰ সমাজবাদী  আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ ভগৎ সিঙে এখন শ্ৰেণীহীন সমাজৰ সপোন দেখিছিল৷ মাৰ্ক্সীয় দৰ্শনক সৰোগত কৰি ভাৰতবৰ্ষৰ নতুন চামক এই আদৰ্শৰ প্ৰতি ধাউতি বঢ়াবলৈ তেওঁ যত্ন কৰিছিল৷ ভাৰতবৰ্ষৰ ধৰ্মান্ধ সমাজখনক যুক্তিৰ আধাৰত প্ৰতিষ্ঠা কৰাটো তেওঁ বিচাৰিছিল৷

ভাৰতৰ স্বাধীনতাৰ পাছত ভগৎ সিঙক ভিন ভিন মতবাদৰ অনুগামীসকলে তেওঁলোকৰ ধৰণেৰে ব্যাখ্যা কৰি আহিছে, তেওঁক য়ুথ আইকন হিচাপেও প্ৰতিষ্ঠা কৰা হৈছে৷ গান্ধীবাদ তথা কংগ্ৰেছীসকলে তেওঁক কেৱল স্বাধীনতা যুঁজাৰু হিচাপে তুলি ধৰিছে৷ শিখ জাতীয়তাবাদীসকলে তেওঁক এজন স্বাধীনমনা সাহসী শিখ যুৱক হিচাপে তুলি ধৰিছে, যাৰ ক্ষেত্ৰ তথা সীমা কেৱল পঞ্জাৱ৷ তদুপৰি আটাইতকৈ পৰিতাপৰ কথা যে যি ভগৎ সিঙে লেনিনক  প্ৰাধান্য দিছিল, তেওঁৰ অহিংস পন্থাৰ তাত্বিক বিৰোধিতাক গান্ধীবিৰোধী সজাই সংঘীয় মৌলবাদীসকলে নাথুৰাম গডচেৰ স’তে একে শাৰীতে ৰখাৰ প্ৰৱণতা এটা দেখা গৈছে৷ শেহতীয়াকৈ তেওঁৰ বৈপ্লৱিক চিন্তাধাৰাক স্পিৰিট হিচাপে ৰাখি ‘ৰং দে বাসন্তী’ৰ দৰে চিনেমাও নিৰ্মাণ কৰা হৈছে৷  কিন্তু বহুধাবিভক্ত ভাৰতীয় সমাজখনলৈ ভগৎ সিঙে আগবঢ়াই যোৱা বাৰ্তাসমূহ সুক্ষ্মভাৱে অধ্যয়ন নকৰিলে কেৱল তেওঁৰ প্ৰতিয়ে নহয়, ভগৎ সিঙক য়ুথ আইকন হিচাপে মানি অহা প্ৰতিজন যুৱকক অপমান কৰা হ’ব৷ আমাক দেখুৱাই অহা ভগৎ সিং কেৱল ফাঁচিকাঠত ওলমা স্বাধীনতা যুঁজাৰুৱে নাছিল৷ তেওঁ আছিল নব্য চিন্তাৰ উন্মেষণেৰে ভাৰতবাসীক মুক্তি প্ৰদান কৰা৷ আজিৰ এই অস্থিৰ আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে গ্ৰাস কৰিব খোজা সমাজজীৱনত ভগৎ সিঙৰ বৈপ্লৱিক চিন্তাধাৰা আৰু কৰ্মৰাজিৰ সঠিক মূল্যায়ন হোৱা উচিত৷ নহ’লে তেওঁ আৱাজ দিয়া সেই ইনকিলাব জিন্দাবাদ ধ্বনি সমাজৰ বহুজনৰ কাষলৈ যোৱাৰ সলনি অকল ৰাজপথতে সীমাবদ্ধ হৈ ৰ’ব৷ 

             (২৩ মাৰ্চ ছহিদ ভগৎ সিঙৰ স্মৃতি দিৱস)

অশান্ত ৰাজবংশী

দৃঢ় আৰু স্পষ্ট বাকেৰে বিবিধ বিষয়ৰ পৰ্য্যালোচক আৰু বিৰিয়াৰ সাঁউৰি

Previous নিৰ্বাচন আৰু কিছু বিক্ষিপ্ত চিন্তা
Next সাধুকথা, পুতলা নাচ আৰু শিশু নাটৰ বৰণীয়া কাৰ্য্যসূচী আয়োজন অন্তৰংগৰ