কডাউনৰ অচিলাতে যোৱা জুন মাহৰ পৰা গণিত চ’ৰাই এলানি ৱেবিনাৰ অনুষ্ঠিত কৰি আছে। এইলানি ৱেবিনাৰৰ প্ৰথমখন ৱেবিনাৰৰ বক্তা আছিল সুৰজিত বৰকটকী। বহুতে জন নাশ্বৰ কথা জানে, আৰু এ বিউটিফুল মাইণ্ড নামৰ চিনেমাখন চাইছে বা একে নামৰ মূল কিতাপখন পঢ়িছে। আৰু ইয়াৰ জৰিয়তেই গেম থিয়ৰী বা খেল তত্ত্বৰ কথাও শুনিছে। আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা এই যে অসমতে খেল তত্ত্বৰ এজন বিচক্ষণ গণিতজ্ঞ আছে, তেওঁ হ’ল সুৰজিত বৰকটকী। তেওঁ বিভিন্ন লেখা-মেলা কৰাৰ লগতে গণিত জনপ্ৰিয়কৰণতো জড়িত।

জুলাই মাহত গণিত চ’ৰাৰ ছয়খন ৱেবিনাৰ অনুষ্ঠিত হয়। এই মাহৰ বক্তাসকল আছিল  শান্তা লাইছৰাম, দেৱোপম চক্ৰৱৰ্তী, অনুপম শইকীয়া, স্বৰূপ নন্দন বৰা, বি. সুৰী আৰু নয়নদীপ ডেকা বৰুৱা।

বিমূৰ্ত বীজগণিত  বা এবষ্ট্ৰেক্ট এলজেব্ৰা পঢ়োঁতে বহু সময়ত বহুতো ছাত্ৰ-ছাত্ৰীৰ মনলৈ প্ৰশ্ন আহে যে এইবোৰ ক’ত লাগিব? এইবোৰ ক’ত ব্যৱহাৰ হ’ব?

শান্তা লাইছৰাম বৰ্তমান দিল্লীৰ “ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান”ত (Indian Statistical Institute (ISI), Delhi) কৰ্মৰত এগৰাকী সংখ্যা-তত্ত্ববিদ। একমাত্ৰ অসমীয়া ৰেংলাৰ আৰু গণিতজ্ঞ অনুপম শইকীয়াৰ পৰিচয় দিয়াৰ প্ৰয়োজন হয়তো নাই। দেৱোপম চক্ৰৱৰ্তী অনুপম শইকীয়াৰে ছাত্ৰ আৰু বৰ্তমান বিট্‌ছ্‌ পিলানিত কৰ্মৰত এজন সংখ্যা-তত্ত্ববিদ।

সংখ্যা-তত্ত্ব সম্পৰ্কে সাধাৰণ ধাৰণা এটা সকলোৰে থাকে। কিন্তু স্নাতক বা পিছৰ পৰ্যায়তো বিমূৰ্ত বীজগণিত  বা এবষ্ট্ৰেক্ট এলজেব্ৰা পঢ়োঁতে বহু সময়ত বহুতো ছাত্ৰ-ছাত্ৰীৰ মনলৈ প্ৰশ্ন আহে যে এইবোৰ ক’ত লাগিব? এইবোৰ ক’ত ব্যৱহাৰ হ’ব? বিমূৰ্ত বীজগণিতৰ গভীৰ জগতখনলৈ গৈ সচৰাচৰ ব্যৱহৃত সংখ্যাৰ বৈশিষ্ট্য কিছুমান নিৰ্ণয় কৰিব পাৰি। বিমূৰ্ত বীজগণিত ব্যাপক ৰূপে সংযোজিত হৈ থাকে সাধাৰণ সংখ্যাৰ জগতখনত। আৰু সেয়েহে বিমূৰ্ত বীজগণিত সংখ্যাতত্ত্বৰ সমাৰ্থক হৈ পৰে। ওপৰত উল্লেখ কৰা তিনিওগৰাকী ব্যক্তিয়েই এই ক্ষেত্ৰখনৰ একোগৰাকী বিশাৰদ। আনহাতে বিশ্লেষণিক সংখ্যা তত্ত্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ হ’ল নয়নদীপ ডেকা বৰুৱা। অসমৰ পৰা এই ক্ষেত্ৰখনত তেওঁ অকলেই নেতৃত্ব বহন কৰি আছে। এতিয়ালৈকে এই ক্ষেত্ৰখনত অসমৰ পৰা বিশিষ্ট কাম কৰা সকলোৱেই হ’ল তেখেতৰ ছাত্ৰ-ছাত্ৰী।

অধ্যাপক বি. সুৰী বৰ্তমান ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান, বাংগালোৰত কৰ্মৰত। তেখেত ভাৰতীয় গাণিতিক সমিতিৰ সভাপতি।

প্ৰত্যেকবাৰেই ফিল্ডছ্‌ মেডেল পোৱা ব্যক্তিসকললৈ চালে দেখা যায়, তেওঁলোক চাৰিজনৰ মাজত কমেও এজন অৱকলজ সমীকৰণৰ লগত জড়িত। আকৌ, স্নাতক-স্নাতকোত্তৰ শ্ৰেণীতো বহু জটিল অৱকলজ সমীকৰণৰ সম্ভেদ পোৱা যায়। বাস্তৱ বা প্ৰকৃতিৰ অলেখ পৰিঘটনাত অৱকলজ সমীকৰণ প্ৰকাশিত হৈ উঠে। সেইসমূহৰ সমাধানে তেনে প্ৰাকৃতিক ৰহস্যৰ উত্তৰ পোৱাত সহায় কৰে। পৰিঘটনাবোৰত সমীকৰণবোৰ কেনেকৈ উৎপত্তি হয় আৰু সেইবোৰ সমাধান কৰাটো কিয় ইমান জটিল সেয়া জানিবলগীয়া কথা। অৱকলজ সমীকৰণে আৰু এশ বছৰ বা দুশ বছৰ পৰ্যন্ত গণিতজ্ঞসকলক জলাকলা খুৱাই ৰাখিব; হয়তো ই কোনোদিন লগ এৰা নিদিবও পাৰে। এই ক্ষেত্ৰখনত বিশিষ্ট কৰ্ম সম্পাদন কৰি আছে স্বৰূপ নন্দন বৰাই। তেখেত বৰ্তমান আইআইটি গুৱাহাটীত কৰ্মৰত। সাহিত্যিক লক্ষ্মী নন্দন বৰা তেখেতৰ দেউতাক।

এই আগষ্ট মাহত চাৰিখন ৱেবিনাৰ এতিয়ালৈকে ঠিক হৈছে। আৰু পৰৱৰ্তী মাহবোৰৰ বাবেও কেইখনমান ইতিমধ্যে ঠিক হৈছে। আৰু ইয়াৰ বক্তাসকলৰ  সকলোৱেই হৈছে স্বনামধন্য গণিতজ্ঞ বা বিজ্ঞানী।

গণিতৰ সৰ্বশ্ৰেষ্ঠ জাৰ্নেলসমূহৰ মাজৰ কেইখনমান হ’ল— Inventiones Mathematicae, Duke Mathematical Journal, Advances in Mathematics। এইসমূহত গৱেষণা-পত্ৰ প্ৰকাশ পোৱা ভাৰতীয়ৰ সংখ্যা অতি কম। গণিতচ’ৰাৰ এই ৱেবিনাৰসমূহৰ কেইবাজনো বক্তাৰ এই জাৰ্নেলসমূহত গৱেষণা-পত্ৰ আছে। তাৰোপৰি ইয়াৰ দুগৰাকী শান্তি স্বৰূপ ভাটনাগৰ বিজয়ী। এই বঁটা অতি সন্মানীয় আৰু ইয়াক ভাৰতৰ বিজ্ঞান জগতৰ জ্ঞানপীঠ বুলি ক’ব পাৰি। এই সন্মান পোৱাসকলৰ গোটেই পৃথিৱীতে এটা পৃথক পৰিচয় থাকে।

এষাৰ কথা আছে— “Mathematicians aren’t people who find Maths easy. They’re people who enjoy how hard it is.” এই বক্তাসকলে সকলোৱে বুজি পোৱা সহজ কথা একোটাৰে আৰম্ভ কৰি কেনেদৰে জটিল জগতখনলৈ সোমাই যোৱা যায়, কেনেকুৱা পৃথক পৃথক বস্তু তাত যুক্ত হৈ পৰে, কেনেদৰে উত্তৰ উলিয়ায়, সেইবোৰ তেওঁলোকে কেনেদৰে উপভোগ কৰে — ইত্যাদি কথাবোৰ ক’ব। ইয়াত ভাল ভাল কিতাপৰ সম্ভেদ পোৱা যাব। নতুন বিষয়ৰ কথা শিকিবলৈ পোৱাৰ উপৰি গণিতৰ জগতখনত খোজ দিবলৈ অনুপ্ৰাণিত কৰিব। The Ramanujan Journal, Journal of Number Theory, Combinatorica, Journal of Combinatorial Theory, Journal of Algebra, Applied Mathematics and Computation — এনেধৰণৰ ভাল ভাল জাৰ্নেলবোৰত অসম বুলি চাৰ্চ কৰিলে দুজন বা তিনিজনহে অসমীয়া পোৱা যায়। এইধৰণৰ বক্তাসকলৰ কামবোৰৰ কথা জানিলে আৰু তেওঁলোকৰ কথাবোৰ শুনিলে নিজেও তেনেকুৱা কাম কৰিবলৈ আগ্ৰহ ওপজে। অসমৰ পৰা এনেকুৱা কাম কৰা মানুহ বাঢ়িব লাগে।

এওঁলোক সকলোৰে চেমিনাৰত ভাগ লোৱাৰ সুযোগ বহুতে সদায় নাপায়। গণিতচৰাৰ এই ৱেবিনাৰ-লানীয়ে তেনে এক সুবিধা আনি দিছে। এইসমূহত অংশ ল’লে অংকৰ প্ৰতি আগ্ৰহীসকল বহুতো উপকৃত হ’ব। কিছুমান কথা বহুতে আজি আয়ত্ব কৰিব নোৱাৰিলেও চাৰি-পাঁছ বছৰৰ পাছত এই সম্ভেদসমূহেই তেওঁলোকক নিজে তেনে প্ৰশ্নৰ উত্তৰ বিচৰাত সহায় কৰিব।

গণিতৰ প্ৰতি আগ্ৰহী ছাত্ৰী-ছাত্ৰীসকলে গণিতচ’ৰাই আয়োজন কৰি থকা এই ৱেবিনাৰসমূহৰ কথা   যাতে জানিব পাৰে, তাৰ প্ৰতি দৃষ্টি দিবলৈ ৰাইজক   অনুৰোধ জনালোঁ। বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ সদস্যসকলে তেওঁলোকৰ গণিত বিভাগক এই খবৰ জনালে তাৰ দ্বাৰা  স্নাতক, স্নাতকোত্তৰ, গৱেষক সকলোৱে উপকৃত হ’ব।

এই ৱেবিনাৰসমূহ পৰিচালনা কৰিছে গণিতচ’ৰাৰ সহ-প্ৰতিষ্ঠাপক মঞ্জিল পি. শইকীয়াই। আৰু এই কামত প্ৰধানকৈ জড়িত হৈ আছে গণিতচ’ৰাৰ আন আন সদস্য পৰমা দত্ত, দেবাশীষ শৰ্মা আৰু বিশাল দেৱ।

আহি থকা ৱেবিনাৰসমূহৰ বিষয়ে আগ্ৰহীসকলে এই পৃষ্ঠাটোত চাব পাৰিব: https://gonitsora.com/webinars/
সময়ে সময়ে পৃষ্ঠাটো আপডেট কৰি থকা হৈছে।

Previous চিকিৎসা বিজ্ঞানত শুশ্ৰূষা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু কিছু অন্যান্য প্ৰসংগ
Next কেৰিয়াৰ হিচাপে ভেষজ বিজ্ঞান বা ফাৰ্মাচিউটিকেল চায়েন্স