আমাক মানুহ কৰি ৰখা সোঁৱৰণিবোৰ


যান্ত্ৰিক ব্যস্ততাৰ মাজতে অকণমান সুৰুঙা উলিয়াই সোঁৱৰণিৰ পাত লুটিয়াব পাৰিলে ভাল; আদিগন্ত পথাৰৰ আলিত থিয় হৈ উৰি যোৱা বগলীজাক দিগবলয়ত হেৰাই যোৱালৈকে আত্মবিভোৰ হোৱা ভাল; দুপৰ নিশা দূৰৈৰ পৰা উটি অহা বাঁহীৰ মাত শুনি দুধাৰি চকুলো ওলালে ভাল; “দেশ-কি-হ’ল?” বুলি শেহ নিশা কেতেকীৰ বিলাপত টোপনি ভাগিলে ভাল— মানুহ হৈ জীয়াই আছোঁ যেন লাগে।

শিৱসাগৰৰ ডা° দীপ্তিমন্ত বৰুৱাই মাজৰাতি মোক এবাৰ ফোন কৰি ক’লে, “আজি জোনটো ইমান ডাঙৰকৈ ওলাইছে, মই বাটলৈ আহি জোনাক উপভোগ কৰিছোঁ। অকলে। বাকীবোৰ চাগে মোবাইল ছেটৰ বুতাম টিপাত ব্যস্ত।” খেয়ালী মনৰ এই চিকিৎসকজন এজন প্ৰকৃতিবিদ; চৰাই চাই ফুৰে। মথাদাং-দিচিয়ালৰ হাড়গিলাৰ নীড়োপনিৱেশখনৰ কথা তেঁৱে মোক প্ৰথমে সম্ভেদ দিছিল। সেয়া আন এক কাহিনী। জোনাকৰ বিষয়ে তেওঁ কোৱা কথাই মোক চাঁৎ কৰে মোহনপুৰ চৰলৈ লৈ গ’ল।

মোহনপুৰ চৰ। কি মিঠা এটা নাম! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলন্তাপাৰা আৰু যোগীঘোপাৰ মাজত কাবাইটাৰী বুলি ঠাই এখন আছে। “টাৰী” শব্দৰ অৰ্থ হ’ল ঈষৎ ওখ ঠাই; সেইকাৰণে দ’ ঠাইৰ মাজত থকা বহু গাঁৱৰ নাম “টাৰী”যুক্ত; যেনে— ৰাৱণটাৰী, হৰলটাৰী, গৌৰাংটাৰী ইত্যাদি। কাবাইটাৰীৰ পৰা বাঁওফালে নাৱেৰে পাৰ হৈ উপস্থিত হৈছিলোঁ মোহনপুৰ চৰত। মোৰ সহপাঠী বন্ধু শ্ৰী শচীন মজুমদাৰৰ লগত, তাৰ ঘৰত। ১৯৯৩ চন। ইতিমধ্যে আমি স্নাতকোত্তৰৰ চূড়ান্ত পৰীক্ষা দি চাকৰি বিচাৰি ফুৰাৰ সময়ৰ কথা। শচীন আমাতকৈ এবছৰ জ্যেষ্ঠ; শাৰীৰিক অসুস্থতাৰ বাবে পিছৰ বছৰ আমাৰ লগত আকৌ ভৰ্তি হ’ল। গতিকে ধেমালিতে আমাৰ আৰু এজন সহপাঠী মোহনে (এতিয়া ড° মোহন হাজৰিকা, যোৰহাটৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক) সম্বোধন কৰিলে, “মামা”। তেতিয়াৰ পৰা শচীন মজুমদাৰ ‘মামা’ বুলি জনাজাত হ’ল; আনকি আমাৰ শিক্ষামূলক ভ্ৰমণত আমাক লৈ যোৱা ড° মৃগেন্দ্ৰ মোহন গোস্বামীছাৰেও খবৰ লৈছিল, “মামা ক’ত হে?” বৰ্তমান মামা অসম চৰকাৰৰ কৰ বিভাগৰ এগৰাকী উচ্চ খাপৰ বিষয়া।


পূজাৰ বন্ধ। কাবাইটাৰী অঞ্চলৰ বহু শিক্ষিত যুৱক উচ্চ শিক্ষাৰ বাবে নাইবা জীৱিকাৰ বাবে ‘বাহিৰত’ থাকে যদিও পূজাৰ সময়ত একেলগ হয়। মামাৰ ঘৰত দুপৰীয়া ভাত-পানী খাই জিৰোৱাৰ পাছত গধূলি তাৰ আড্ডালৈ নিলে, য’ত পুৰণা বন্ধুবোৰ সমবেত হোৱা কথা। চিনাকি হৈ কথা পাতিলোঁ বকুলদা, পৰাণদা, প্ৰভাত, পূৰ্ণহঁতৰ লগত। এওঁলোক সকলোৱে বাংলাভাষী অসমীয়া; ঘৰত বাংলা দোৱানত কথা পাতে, কিন্তু পঢ়া-শুনা, ৰাজহুৱা কথোপকথনত অসমীয়া। মামাহঁতৰ বাংলা দোৱান অলপ সুকীয়া: “আহো, বহো”, মানে “আহাঁ, বহা”— “আসো-বসো” নহয়। মোৰ উপস্থিতিতে তেওঁলোক এখন অনুষ্টুপীয়া সভাও পাতিলে। সভাৰ সকলো কাম অসমীয়া ভাষাতে সমাপন হ’ল; কেৱল এজনে শুদ্ধ বাংলাত প্ৰস্তাৱ এটা কৰিছিল; মামাৰ পৰা গম পালোঁ তেওঁ এতিয়া উত্তৰ বংগৰ আলিপুৰদুৱাৰৰ বাসিন্দা।

লক্ষ্মী পূৰ্ণিমাৰ ৰাতি। ৰাতিৰ সাঁজ খোৱাৰ পাছত বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰত ফৰিংফুটা জোনাক। মামাই ক’লে, “নদীলৈ যাবি নে কি?” মামাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ নিলগত প্ৰবাহমান ব্ৰহ্মপুত্ৰ। আহ্বান উপেক্ষা কৰাৰ প্ৰশ্নই নাহে। ঘাটত নাও এখন লাগিয়ে আছিল। সি ঘৰৰ পৰা আৰু দুজন ডেকা ল’ৰাক সংগী কৰি লৈছিল, নাও বাবলৈ। লুইতৰ উজনি সোঁতত আমি নাও মেলি দিলোঁ। শৰতৰ জোনাক ৰাতি, পানীত জোনে তিৰবিৰাইছে, পাৰৰ কঁহুৱাডৰাৰ পৰা আমি ক্ৰমাৎ আঁতৰি নদীৰ মাজলৈ আগবাঢ়িলোঁ। গাত ফিৰফিৰিয়া বতাহ লাগিছে। মোৰ ইচাট-বিচাট লাগিল। বুজাব নোৱৰা এক অদ্ভুত অনুভূতি হ’ল। পানীত জঁপিয়াই দিম নেকি! ভাটিয়ালি গাম নেকি! চিঞৰি চিঞৰি ভাটিয়ালি গালোঁ।

এসময়ত নাওখন এটা টাপুত চপোৱা হ’ল। নামিলোঁ। দীঘলীয়া আকৃতিৰ বালিচৰ এটা। শুকুলা বালিৰে ভৰা। জোনাকত চিকমিকাইছে। আক্ষৰিক অৰ্থত মই উন্মাদপ্ৰায় হ’লোঁ। সৰু ল’ৰাৰ দৰে হঠাৎ এমূৰৰ পৰা আনমূৰলৈ দৌৰিবলৈ ধৰিলোঁ। গগন ফালি চিঞৰিব ধৰিলোঁ। মামাই মোক দেখি পগলা হ’ল। এসময়ত ভাগৰ লাগি বালিৰ ওপৰতে আমি দুয়ো বহি পৰিলোঁ। নাৱত বহি থকা ডেকা ল’ৰাদুজনে বোধহয় আমি বলিয়া হ’লোঁ বুলি ভাবিছিল! মামা আৰু মোৰ, দুয়োৰে মুখত কথা নাই, মাথোঁ মুখামুখিকৈ বহি আছিলোঁ। দেহা চেঁচা পৰি আহিছিল। নাৱৰীয়া এজনৰ মাতত সম্বিৎ ঘূৰি আহিল।

এইবাৰ ভটিয়নী সোঁতত আমাৰ ওভতনি যাত্ৰা। বুকু ভৰি গৈছিল, কথা শেষ হৈছিল, কাৰো মুখত মাত নাই। কেৱল পানীত বঠাৰ চপাৎ চপাৎ শব্দ। ইতিমধ্যে কুঁৱলীৰ চাদৰখন ডাঠ হৈ আহিছিল। নিমাতে নাওখন পাৰত লাগিল। মোহনপুৰ চৰ পালোঁহি। স্মৃতিকাতৰতাই বিহ্বল কৰা এনে ঘটনাই আমাক “মানুহ” কৰি ৰাখে।

Previous ওদালগুৰিত হাতী-মানুহৰ সংঘাত ৰোধৰ অভিনৱ প্ৰয়াস
Next আমাৰ ভৱিষ্যৎ!