ৰ্থিকভাৱে পিচপৰা আৰু ঋণগ্ৰস্ত এটি পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে কেইদিনমান আগতে আত্মহত্যা কৰিলে৷ বোৱাৰীগৰাকী আছিল ১৮ মহীয়া এটি সন্তানৰ মাতৃ৷ জুলাই মাহত বোৱাৰীগৰাকীৰ স্বামীয়ে আৰ্থিক সংকটত পৰি আত্মহত্যা কৰিছিল৷ লকডাউন কালত পত্নীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাব নোৱাৰি চৰম সিদ্ধান্ত লোৱা স্বামীৰ দৰেই পত্নীয়েও একে পথেই ললে৷ কিন্তু সেই বোৱাৰীগৰাকীৰ আত্মহত্যাৰ অন্যতম কাৰণ হ’ল ঋণৰ বোজা৷

(ঋণৰ বোজা আৰু অকাল বৈধব্য-পৰিণতি; আত্মহত্যা)

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ ধন পৰিশোধ কৰিবলৈ আৰু মাহেকীয়া কিস্তিৰ ধন লকডাউন কালত দিব পৰা নাছিল পৰিয়ালটোৱে৷ স্বামীৰ মৃত্যুৰ পিছত ৰোগাক্ৰান্ত বোৱাৰীগৰাকীৰ ওপৰত পৰিছিল সেই ঋণৰ বোজা৷ বিত্তীয় প্ৰতিষ্ঠানে সেই ৰোগাক্ৰান্ত বোৱাৰীগৰাকীক ঋণৰ ধন আদায় দিবলৈ হেঁচা দিছিল৷ স্বামীৰ মৃত্যুৰ ৪৭ দিন পিছত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ ধন আদায় দিয়াৰ হেঁচাই বোৱাৰীগৰাকীক এনে এক পৰ্যায়লৈ লৈ গ’ল যে যোৱা ন ছেপ্তেম্বৰত মহিলাগৰাকীয়ে বাচি ললে আত্মহত্যাৰ পথ৷ অসমৰ দৰং জিলাৰ বিহাইগাঁও নামৰ গাঁওখনত সংঘটিত হ’ল এই ঘটনা৷ বোৱাৰীগৰাকীৰ নাম ধনদা ডেকা  আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ নাম অন্নপূৰ্ণা ” ৷ স্বামীৰ অনুপস্থিতত এটি অভাৱগ্ৰস্ত পৰিয়ালৰ ৰোগাক্ৰান্ত এগৰাকী মহিলাৰ ওপৰত ঋণৰ ধন ওভতাই বিচাৰি দিয়া মানসিক হেঁচা —এই সংকটকালৰ এক অবাঞ্চিত আৰু অমানৱীয় কাৰ্য৷

গৃহকৰ্মী নিয়োগ কৰা বেচৰকাৰী সংস্থাৰ সৈতে এগৰাকী মহিলাই যোগাযোগ কৰাই দিলে ৰেৱতীক৷ ৰেৱতীক কামত নিযুক্ত কৰা হ’ল কিন্তু দৰমহা দিয়া হ’ল মাত্ৰ পাঁচহাজাৰ৷ সেই পাঁচহাজাৰ টকাৰে ৰেৱতীয়ে ঋণৰ কিস্তি দিব লাগিব, গুৱাহাটীত ভাৰাঘৰত থাকিব লাগিব৷

গুৱাহাটীৰ মহানগৰীৰ হাতীগাঁও অঞ্চলৰ তিনিমহলীয়া অট্টালিকা এটিৰ পৰা নামি আহি ৰাজপথৰ দাঁতিত খন্তেক বহি পৰিছিল ৰেৱতী দাস৷  অট্টালিকাটোৰ তৃতীয় মহলাত থকা এটি পৰিয়ালত গৃহকৰ্মী হিচাপে নিযুক্ত ৰেৱতীয়ে ইয়াৰ পৃৰ্বে আনৰ ঘৰত কাম কৰা নাছিল৷ মৰিগাঁও জিলাৰ জাগীৰোড অঞ্চলৰ বাসিন্দা ৰেৱতীয়ে ঘৰতেই ইটো-সিটো কাম কৰিছিল৷ ঘৰত উৎপাদিত শাক পাচলি বিক্ৰী কৰিছিল৷ হাহঁ-পাৰ পুহি নিজৰ বাবে কিছু টকা গোটাইছিল৷ তেওঁৰ স্বামীয়ে মজুৰি কৰিছিল৷ কিন্তু ৰেৱতীয়ে আহি গুৱাহাটীত গৃহকৰ্মী ৰূপে নিযুক্ত হ’বলগীয়া হ’ল– কাৰণ তেওঁক মাহে ৩, ৪০০ টকাকৈ নগদ ধন লাগে ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ৷ ৰেৱতীয়ে আন ন গৰাকী মহিলাৰ সৈতে মিলি একগোট হৈ এটি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ(Microfinance Institutions) পৰা ঋণ লৈছিল৷ ঋণৰ ধন সুতে মুলে মিলি প্ৰতিমাহে ৩৪০০ টকাকৈ আদায় দিব লাগে৷ কিন্তু লকডাউনৰ বাবে উপাৰ্জন কমি গৈছিল আৰু ধন দিব পৰা নাছিল৷ দহজনী মহিলাৰ এজনীও যদি ধন নিদিয়ে তেন্তে বিত্তীয় প্ৰতিষ্ঠানে কিস্তিৰ ধন গ্ৰহণ নকৰে৷ ফলত সুতৰ পৰিমাণ বৃদ্ধি হয়৷ আন মহিলাইও আপত্তি কৰে৷ ৰেৱতীয়ে যোৱা তিনিমাহৰ ধন দিব পৰা নাছিল৷ অৱশেষত ৰেৱতীয়ে কামৰ সন্ধান কৰিলে৷ গুৱাহাটীৰ এটি গৃহকৰ্মী নিয়োগ কৰা বেচৰকাৰী সংস্থাৰ সৈতে এগৰাকী মহিলাই যোগাযোগ কৰাই দিলে ৰেৱতীক৷ ৰেৱতীক কামত নিযুক্ত কৰা হ’ল কিন্তু দৰমহা দিয়া হ’ল মাত্ৰ পাঁচহাজাৰ৷ সেই পাঁচহাজাৰ টকাৰে ৰেৱতীয়ে ঋণৰ কিস্তি দিব লাগিব, গুৱাহাটীত ভাৰাঘৰত থাকিব লাগিব৷ ৰেৱতীয়ে কামত যোগদান কৰিলে৷ কিন্তু আগতে এগৰাকী গৃহকৰ্মীৰ দৰমহা আছিল আঠৰ পৰা দহহাজাৰ টকা৷ কিন্তু এতিয়া কাম বিচাৰি অহা অভাৱগ্ৰস্ত মহিলাৰ সংখ্যা বাঢ়িছে৷ ফলত ৰেৱতীহতৰ দৰে অভাৱগ্ৰস্ত, ঋণগ্ৰস্ত মহিলাই মাহে পাঁচহাজাৰ টকাতে কাম কৰিবলৈ বাধ্য৷

ৰেৱতীয়ে কলে, “উপায় নাই৷ ঋণৰ ধনখিনি মাহেকত দিবৰ বাবেই মই আজি এই কামটো কৰিবলৈ বাধ্য৷ তাতে ঋণৰ ধন দিব নোৱাৰিলে মহিলাবোৰকে বেয়া ব্যৱহাৰ কৰে বেংকৰ মানুহে৷ কাৰণ সেই ধন মহিলাকহে দিয়ে৷ ঘৰখনৰ উন্নতি হওক বুলি মই ঋণৰ টকা কেইটা লৈ স্বামীক সৰু ব্যৱসায় কৰিবলৈ দিছিলো৷ কিন্তু লকডাউনত ব্যৱসায় বন্ধ হ’ল৷ ধনো শেষ হ’ল৷ এতিয়া ঋণৰ ধন ঘূৰাই দিয়াৰ দায়িত্ব ময়েই ল’বলগীয়া হৈছে৷ স্বামীয়ে কাম পোৱা নাই৷ ধন দিব নোৱাৰে৷ অৱশেষত মই আহি গৃহকৰ্মী হলো৷ .., .”

গুৱাহাটীৰ এটি বেচৰকাৰী সংস্থাই শেহতীয়াকৈ কেবাগৰাকীও মহিলাক গৃহকৰ্মী হিচাপে নিযুক্তি দিছে৷ সেই মহিলাকেইগৰাকীয়ে ইতিপূৰ্বে ‘বন্ধন’ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ ধন প্ৰতি সপ্তাহত কিস্তি হিচাপে দিব লাগে৷ গাঁওত প্ৰতি সপ্তাহত সেই ধন গোটাব পৰাৰ অৱস্থা নাই৷ সেয়ে গুৱাহাটীলৈ আহি বেচৰকাৰী সংস্থাৰ অধীনত গৃহকৰ্মী হৈছে৷ কিন্তু দৰমহা কম৷ এগৰাকীয়ে কলে, “বহু কাকূতি মিনতি কৰিহে কামটো লৈছো৷ মানুহে ধন দিবও নিবিছাৰে৷ গাঁৱতো এতিয়া আগৰ দৰে উপাৰ্জনৰ পথ নাই৷ ‘বন্ধন’ ৰ পৰা ঋণৰ ধন সময়ত নিদিলে নহব৷ দিবই লাগিব৷ সেয়ে আমাক কাম দিয়া বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰতিসপ্তাহে ঋণৰ কিস্তিৰ ধনখিনি আদায় দিবলৈ মান্তি হৈছে৷ লগতে গুৱাহাটীত চলিবলৈ অলপমান ধন দিব৷ আমাৰকোনো উপায় নাই৷ ঋণ লোৱা টকাৰে স্বামীয়ে দোকান দিছিল৷ লকডাউনত দোকান বন্ধ হ’ল৷ মূলধন শেষ হৈ থাকিল৷ উপাৰ্জন হ’ব কৰ পৰা৷ ….”৷  


মহিলাগৰাকীৰ নামত লোৱা ঋণৰ ধন ঘৰ এখনৰ আন কামত ব্যয় কৰে৷ পিছত ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰি ঘৰখনৰ ঋণগ্ৰস্ত মহিলাগৰাকীয়ে ভুক্তভোগী হ’বলগীয়া হয়৷ ইতিপূৰ্বে এনে বহু মহিলাই আত্মহত্যা কৰিছে বা ঘৰবাৰী এৰিবলগীয়া হৈছে৷

গৃহকৰ্মী যোগান ধৰা কামৰূপ মহানগৰ জিলাৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ এগৰাকী কৰ্মী নমিতা দাসে  জানিবলৈ দিলে যে বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম মহিলা গুৱাহাটীলৈ গৃহকৰ্মী হবলৈ আগবাঢ়ি আহিছে৷ আগতকৈ সংস্থাপন কমিছে কিয়নো বহু মানুহে গৃহকৰ্মী লবলৈ এৰিছে পেনডেমিকৰ বাবে৷ ইয়াৰ বিপৰীতে কাম বিচাৰি অহা মহিলাৰ সংখ্যা বাঢ়িছে৷ লগতে দৰমহা আগতকৈ কম হলেও মান্তি হৈছে, মুঠতে তেওঁলোকক কাম লাগে৷ কিন্তু কিয় কামৰ সন্ধান কৰিছে বুলি সুধিলে অধিকসংখ্যকেই কয় যে ‘বন্ধন’ বেংক বা তেনে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ ধন দিবলৈ আছে বুলি৷ লকডাউনত বহুতেই কিস্তি দিয়া নাছিল৷ এতিয়া দিবলগীয়া ধন বহু হৈছেগৈ৷ কিছুমানৰ সপ্তাহত দিব লাগে, কিছুমানৰ মাহেকত দিব লাগে৷ আমি তেওঁলোকৰ বহুতকে সপ্তাহত বা মাহৰ এক নিৰ্দিষ্ট তাৰিখত ধন আদায় দিবলৈ গৈ বিপাঙত পৰিছো৷ ইফালে তেওঁলোকে কম দৰমহাত বেছি কাম কৰিবলগীয়া হৈছে৷ মুঠতে এয়া লকডাউনৰ প্ৰভাৱ৷ লকডাউনে এচাম মানুহক জুৰুলা কৰিলে৷ লকডাউন কালত যে গ্ৰামাঞ্চলৰ এচাম অভাৱগ্ৰস্ত-ঋণগ্ৰস্ত মানুহে চৰম সংকটৰ সন্মুখীন হৈছে তাৰেই জ্বলন্ত উদাহৰণ এয়া৷

ঋণগ্ৰস্ত মহিলাই ভুক্তভোগী হৈছে কিয়

অভাৱগ্ৰস্ত পৰিয়াল একোটাই অৰ্থৰ প্ৰয়োজনত ঋণ লোৱাটো ডাঙৰ কথা নহয়৷ কিন্তু ‘বন্ধন’ জাতীয় ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰে ৰাজ্যত যিবোৰ ঋণ দিছে সেয়া বিশেষভাৱে মহিলাগোট কিছুমানক দি আহিছে৷ প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ মহিলাৰ জীৱন জীবিকাৰ মান উন্নত হোৱাৰ বাবেই এনে ক্ষুদ্ৰ ঋণ সমূহ দিয়া হয়৷ কিন্তু দেখা গৈছে বহুক্ষেত্ৰত ইয়াৰ ওলোটা হৈছে৷ মহিলাগৰাকীৰ নামত লোৱা ঋণৰ ধন ঘৰ এখনৰ আন কামত ব্যয় কৰে৷ পিছত ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰি ঘৰখনৰ ঋণগ্ৰস্ত মহিলাগৰাকীয়ে ভুক্তভোগী হ’বলগীয়া হয়৷ ইতিপূৰ্বে এনে বহু মহিলাই আত্মহত্যা কৰিছে বা ঘৰবাৰী এৰিবলগীয়া হৈছে৷ আনকি এচাম মহিলাই অবাঞ্চিত কাৰ্যতো জড়িত হ’বলগীয়া হৈছে৷ সকলোতকৈ ডাঙৰ বিপদ আহিল লকডাউনৰ বাবে৷ উপাৰ্জন হেৰুৱাই ঋণগ্ৰস্ত পৰিয়ালে হাহাকাৰ দেখিছে৷ লকডাউনৰ কালছোৱাত ঋণৰ কিস্তি নিদিলে যদিও এতিয়া তিনি চাৰিমাহৰ কিস্তিৰ ধন একেলগে দিব লগীয়া হৈছে৷ ফলত এনে পৰিয়ালৰ সন্মুখত চৰম সংকট আহি পৰিছে৷ গুৰুত্বপুৰ্ণ কথা যে ঋণ যিহেতু একোখন ঘৰৰ মহিলাগৰাকীৰ নামত থাকে তেনেক্ষেত্ৰত মহিলাগৰাকীয়েই মানসিক শাস্তিৰ সন্মুখীন হৈছে৷ প্ৰতিসপ্তাহৰ ঋণ লোৱা মহিলা গোট সমূহত যিহেতু মহিলাই অংশগ্ৰহণ কৰে আৰু ঋণৰ ধন আদায় দিব নোৱাৰি মহিলাগৰাকীয়েই গোটৰ আন সদস্যৰ পৰা বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা চৰম ককৰ্থনা কিম্বা ধন আদায় দিবৰ বাবে ভাবুকিৰ সন্মুখীন হয়৷ লকডাউন কালত উপাৰ্জন হেৰুওৱা ঋণগ্ৰস্ত পৰিয়ালৰ বহু মহিলাই মানসিক পীড়াৰ বলি হৈছে৷

বৈষম্য আৰু শ্ৰম শোষণৰ বলি হৈছে মহিলা

ঋণগ্ৰস্ত বহু মহিলাই গুৱাহাটীত গৃহকৰ্মী হবলৈ আহি বলি হৈছে শ্ৰম শোষণৰ৷ এচামে কাৰোবাৰ ঘৰত কাম কৰিবলৈ ললেও উপযুক্ত মাননি দিয়াৰ পৰা আঁতৰি আছে৷ গৃহকৰ্মী যোগান ধৰা প্ৰতিষ্ঠান একাংশয়ো অতি কম দৰমহাত নিযুক্ত কৰাইছে মহিলাক৷ কিয়নো ঋণগ্ৰস্ত বা অভাৱগ্ৰস্ত বহু মহিলাই শেহতীয়াকৈ কামৰ সন্ধান কৰি হাবাথুৰি খাইছে৷ ইয়াৰ সুযোগ লৈছে এচামে৷ বিপৰীতে বহু মহিলা কৰ্মীয়েই শ্ৰম শোষণৰ বলি হৈছে৷ প্ৰকৃতাৰ্থত এয়া শ্ৰমজীৱী মানুহৰ প্ৰতি চৰম বৈষম্য৷ অভাৱৰ তাড়নাত কাম কৰিলে বুলিয়েই উপযুক্ত মজুৰি নিদিয়াটো আইন বিৰুদ্ধ, অনৈতিক৷

মহিলাৰ উন্নয়নৰ বাবে দিয়া ক্ষুদ্ৰ ঋণে উপকৃত নকৰে মহিলাক

মহিলাৰ উন্নয়নৰ বাবেই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে মহিলা গোটসমূহক ঋণ দিয়াৰ ব্যৱস্থা কৰিছিল৷ সেই অনুযায়ী কেৱল মহিলা গোট সমূহে ঋণ লৈছিল৷ যদিও সেই ঋণ দিয়াৰ পিছত ধনবোৰ কিদৰে ব্যৱহাৰ কৰিব বা কি দৰে ব্যৱহাৰ কৰি উন্নয়নমুখী আৰু আৰ্থিক উন্নতি কৰিব লাগিব তাৰবাবে বিশেষ কৰ্মসূচী বা প্ৰশিক্ষণ দিয়া নাই৷ ফলত বহু ক্ষেত্ৰত উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰি ‘পুঁজি’লৈ ৰূপান্তৰ কৰাৰ বিপৰীতে সেই ধন সমূদায় ব্যয় কৰে অন্য কামত৷ বহুক্ষেত্ৰত ঘৰখনৰ মহিলাগৰাকীৰ নামত ঋণ লয় যদিও ধনবোৰ পুৰুষগৰাকীয়ে হস্তগত কৰি ব্যয় কৰে আৰু পিছত মহিলা গোটসমূহত মহিলাগৰাকীয়ে ঋণৰ কিস্তিৰ ধন আদায় দিব নোৱাৰি ককৰ্থনা বা ভাবুকিৰ সন্মুখীন হয়৷ ইতিপূৰ্বে বিত্তীয় প্ৰতিষ্ঠানে ঋণী পৰিয়ালৰ সা-সম্পদ লৈ যোৱাৰ দৰে ঘটনাও ঘটিছে৷ পিছে লকডাউন কালত ৰাজ্যত বহু ঋণগ্ৰস্ত মহিলাই ওভতাই দিব পৰা নাই ঋণৰ কিস্তিৰ ধন৷ কাৰণ হেৰুৱাইছে উপাৰ্জন৷

উল্লখ্য যে ৰাজ্যত বৰ্তমানে ৩০ তাতকৈ অধিক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে মহিলাগোটক ক্ষুদ্ৰ ঋণ দি আহিছে৷ এই বিত্তীয় প্ৰতিষ্ঠানে ধনৰ বাবে যি সুতৰ হাৰ সংগ্ৰহ কৰে সেয়া আন বেংকৰ হাৰতকৈ বেছি৷ ইফালে এই প্ৰতিষ্ঠান বোৰৰ লক্ষ্য হৈছে গাঁৱৰ দৰিদ্ৰ মহিলা সকল৷ কিয়নো অভাৱগ্ৰস্ত লোকেহে ঋণ লয়৷ আৰু অসমৰ গ্ৰামাঞ্চলৰ অভাৱগ্ৰস্ত তথা নিম্ন উপাৰ্জন কৰা পৰিয়ালৰ সংখ্যা অধিক৷ আৰ্থ সামাজিক আৰু জাতি পিয়লৰ তথ্য অনুসৰি, অসমৰ গ্ৰাম্য  এলেকাৰ পৰিয়াল সমূহৰ ভিতৰত মাহে ৫০০০ টকাৰ তলত উপাৰ্জন কৰা পৰিয়াল হৈছে ৭৬.৮৯ শতাংশ ৷ আনহাতে মাহে ৫০০০ টকাৰ পৰা ১০, ০০০ টকা উপাৰ্জন কৰা পৰিয়াল হৈছে ১৪.৫৩ শতাংশ ৷  অৰ্থাৎ গ্ৰামাঞ্চলৰ ৯১.৪২ শতাংশ  পৰিয়ালৰ মাহিলী উপাৰ্জন দহহাজাৰ টকাতকৈ তলত৷ এনে পৰিয়াল একোটাই দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু জীৱন যাপনৰ বাবে যাৱতীয় ধনৰ ব্যয় পৰ্য্যাপ্ত হাৰত কৰিব নোৱাৰাটোৱে নিশ্চিত৷ এই ৯১.৪২ শতাংশ  পৰিয়াল নিঃসন্দেহেই অভাৱগ্ৰস্ত গাঁৱৰ পৰিয়াল৷ তাৎপৰ্যপূৰ্ণ যে এই সকল পৰিয়ালে প্ৰায়ে ধাৰ ঋণৰ ওপৰত নিৰ্ভৰ কৰি,দিন মজুৰিৰ ওপৰত নিৰ্ভৰ কৰি, কম পৰিসৰত খেতিবাতি কৰি জীৱনযাপন কৰি আহিছে৷ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানবোৰৰ লক্ষ্যও হৈছে এই পৰিয়ালৰ মহিলা সকল৷ কম উপাৰ্জনৰ এনে পৰিয়ালৰ মহিলাক ঋণ দি ‘বন্ধন’ জাতীয় প্ৰতিষ্ঠানে “বান্ধি” পেলাইছে৷ অদৃশ্য “ বান্ধোন’’ৰ কবলত পৰি কোনোৱে জীৱন হেৰুৱাইছে, কোনোৱে সম্পদ হেৰুৱাইছে৷ লকডাউনৰ কালত এই ক্ষুদ্ৰ ঋণৰ অদৃশ্য “বান্ধোন ”ত পৰি এচাম মহিলাই বলি হৈছে বৈষম্যৰ, বলি হৈছে শ্ৰম শোষণৰ, বাধ্য হৈছে নাযাবলগীয়া বাটেৰে খোজ দিবলৈ৷

আচলতে চৰম অন্যায়ৰ বলি হৈছে এইসকল নাৰী৷ কভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ দিয়া লকডাউনে এনে অভাৱগ্ৰস্ত ঋণগ্ৰস্ত মহিলাসকলক কেবল ধনৰ অভাৱতে যে পেলালে তেনে নহয়, তেওঁলোকে ভোগ কৰিবলগীয়া হৈছে শাৰীৰিক মানসিক নিৰ্যাতনৰ৷ সন্মুখীন হ’বলগীয়া হৈছে খাদ্য সংকটৰ৷ ঋণৰ ধন পৰিশোধৰ চিন্তা, দৈনন্দিন আনৰ ঘৰৰ সীমাহীন কাম আৰু অতি কম দৰমহাৰ ধন, একাংশৰে পুষ্টিকৰ খাদ্যৰ অভাৱ—লকডাউন প্ৰভাৱিত নাৰীৰ এয়া কঠোৰ জীৱন শৈলী৷ লকডাউন সৃষ্ট নিৰ্মম বাস্তৱ এয়াই৷

( দিগন্ত শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘লাডলী মেডিয়া ফেলশ্বিপ’ প্ৰাপক সাংবাদিক৷ এই প্ৰতিবেদন ফেল’শ্বিপৰ অংশ৷ প্ৰতিবেদনত প্ৰকাশিত মন্তব্য সাংবাদিক গৰাকীৰ নিজা৷ এই মন্তব্যৰ সৈতে UNFPA আৰু Population First জড়িত নাই৷ )

 

Previous কৃষক বিদ্ৰোহত উত্তাল দেশঃ অসমতো এই বিলৰ বিৰোধিতাৰে ৰাজপথত দল-সংগঠন
Next এন চি আৰ বিৰ ৰিৰ্পট: ভাৰতবৰ্ষত প্ৰতি ১৬ মিনিটত সংঘটিত হয় এটাকৈ ধৰ্ষণৰ ঘটনা৷