বিশ্বাস নকৰিব!


সাসামাজিক মাধ্যমৰ অনেক সুবিধাৰ লগতে অসুবিধাও বহুত। মোবাইলৰ সহায়ত ভালে-বেয়াই বিভিন্ন কথা প্ৰচাৰ কৰিবলৈ সহজ হৈছে। ভাল মানুহে ইয়াক ভাল কামতেই ব্যৱহাৰ কৰি আছে। কিন্তু দুষ্ট চক্ৰই বেয়া কথা প্ৰচাৰেৰে সমাজৰ ক্ষতি কৰি আছে। এওঁলোকৰ মূল উদ্দেশ্য ধৰ্মীয় বা ৰাজনৈতিক ষড়যন্ত্ৰ। আজিকালি নতুন নতুন কাৰিকৰী কৌশলেৰে মিছা ফটো বা ভিডিঅ’ নিৰ্মাণ কৰিব পাৰি।

অন্য ঘটনাৰ সৈতে অন্য বাতৰি সংযোগ কৰিব পাৰি। তেনেকুৱা কথাই মানুহক উত্তেজিত কৰে, আৰু ঘৃণা বিয়পায়। ইয়াৰ ফলত ভুল বুজাবুজি, অবিশ্বাস, সংঘৰ্ষ আদিৰ সৃষ্টি হয়।

এনে কথাৰ বাবে আপোনাৰ উত্তৰ কি হোৱা উচিত?

মোৰ আহ্বান – এইবোৰ বিশ্বাস নকৰিব। আগতে ভাবি ল’ব – এয়া সঁচা জানো? ক’ৰ ঘটনা? দুষ্ট চক্ৰৰ দুষ্কাৰ্য্য নেকি?

গতিকে বিশ্বাস নকৰিব, প্ৰচাৰো নকৰিব। 

Previous পুলুৱামাৰ সন্ত্ৰাস: চিন্তনীয় আৰু কৰণীয়
Next উগ্ৰপন্থী উগ্ৰপন্থী