শিশুৰ মন ফুলৰ পাহিৰ দৰে কোমল আৰু নিষ্পাপ৷ শিশু এটিৰ মনোজগত শিশুটিয়ে লাভ কৰা চৌপাশৰ পৰিৱেশৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে৷ সেয়ে শিশু এটিৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত আমি খুবেই সচেতন হোৱা উচিত৷ প্ৰতিটো শিশুৱে সমাজ তথা দেশৰ ভৱিষ্যত৷ সমাজ তথা দেশক সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ’লে, আমি শিশুৰ শাৰীৰিক আৰু মানসিক গঠনত গুৰুত্ব আৰোপ কৰিব লাগিব৷ এনে ধৰণৰ চিন্তাৰ ভেঁটিতে, সমাজ সচেতকসকলে সময়ে সময়ে শিশুসকলৰ বাবে বিভিন্ন অনুষ্ঠান আয়োজন কৰি শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে কাম কৰি আহিছে৷

অসমতো অতীজৰে পৰা বিভিন্ন শিশুকেন্দ্ৰিক অনুষ্ঠানে শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে কাম কৰি আহিছে৷ এই ক্ষেত্ৰত প্ৰথম নাম ল’ব লাগিব ‘মইনা মেল’ৰ৷ ‘মইনা মেল’ অসমৰ প্ৰথম শিশু অনুষ্ঠান৷ যোৰহাটৰ চিন্তাশীল, শিশুপ্ৰেমী ব্যক্তি শ্ৰী ত্ৰৈলোক্য নাথ শৰ্মাদেৱে তেখেতৰ প্ৰিয় ছাত্ৰ শ্ৰী হেমন্ত বৰুৱাদেৱক দিহা-পৰামৰ্শ দি শিশুৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে এটি অনুষ্ঠান গঠন কৰিবলৈ আহ্বান জনাইছিল৷ গুৰুৰ আদেশ শিৰোধাৰ্য্য কৰি ১৯৪৭ চনত বৰুৱাদেৱে তেখেতৰ বন্ধু শ্ৰী ৰোহিত ৰাজখোৱা সৈতে লগ লাগি যোৰহাট তৰাজানৰ ওচৰ-পাজৰৰ ল’ৰা- ছোৱালী গোটাই অসমৰ প্ৰথম শিশু অনুষ্ঠান ‘তৰাজনীয়া মইনা মেল’ৰ জন্ম দিয়ে৷

মোবাইল ফোনৰ বাবে শিশুসকলে চৌপাশৰ পৰিৱেশৰ পৰা নিজকে বিছিন্ন কৰি পেলাইছে৷ শিশুসকল অত্যন্ত আত্মকেন্দ্ৰিক আৰু বস্তুবাদী হৈ উঠিছে৷ বহু ক্ষেত্ৰত শিশুসকল মেজাজী হৈ পৰাও দেখা গৈছে৷ লগতে শিশুসকলৰ সৃজনীমূলক প্ৰতিভাও লোপ পাইছে৷

এই অনুষ্ঠানৰ যোগেদি উঠি অহা শিশুসকলৰ সুপ্ত প্ৰতিভা আৰু সৃজনীমূলক চিন্তাৰ বিকাশ ঘটিছিল৷ সেই সময়ত যোৰহাটৰ পৰা প্ৰকাশিত ‘জনমভূমি ‘কাকতত ‘মইনা মেল’ নামৰ এটি শিতান খুলি শিশুসকলৰ সৃষ্টিৰাজি প্ৰকাশ কৰিছিল৷ এই শিতানৰ পৰিচালনা কৰিছিল শ্ৰীযুত ত্ৰৈলোক্য নাথ শৰ্মাদেৱে৷ ইয়াৰ লগতে তেখেতে ‘মইনা মেল’ৰ নিয়মাৱলী প্ৰস্তুত কৰি ‘জনমভূমি’ কাকতৰ যোগেদি প্ৰচাৰ কৰিছিল৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন ঠাইত ‘মইনা মেল’ গঠন হৈছিল৷
ইয়াৰ পাছৰ পৰ্যায়ত ১৯৫২ চনত শ্ৰীযুতা নলিনীবালা দেৱীৰ প্ৰচেষ্টাত গুৱাহাটীত ‘পাৰিজাত কানন’ নামৰ আন এটি শিশু অনুষ্ঠানৰ জন্ম হয়৷ ‘মইনা মেল’ আৰু ‘পাৰিজাত কানন’ৰ আদৰ্শ আৰু উদ্দেশ্য একে হোৱা বাবে ১৯৫৪ চনৰ ‘শিৱসাগৰ মইনা মেল ‘অনুষ্ঠানত দুইটা অনুষ্ঠান এক লগ কৰি ‘সদৌ অসম মইনা পাৰিজাত’ গঠন কৰা হয়৷ তদানীন্তন সময়ৰ পৰা বৰ্তমানলৈকে ‘সদৌ অসম মইনা পাৰিজাত’ৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই নিজৰ সৃষ্টিশীল মন তথা প্ৰতিভাক সমাজৰ আগত দাঙি ধৰি আহিছে৷ অসমৰ শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত ‘সদৌ অসম মইনা পাৰিজাত’ ৰ অনবদ্য অৱদান আছে৷ ইয়াৰ পৰৰৰ্তী পৰ্যায়ত অসমত বহু শিশু অনুষ্ঠান গঢ় লৈ উঠিছে৷ ইয়াৰ কিছু সংখ্যক সময়ৰ সোঁতত হেৰাই গৈছে৷ কিছু সংখ্যক জীয়াই আছে৷ এই ক্ষেত্ৰত ‘সদৌ অসম মইনা পাৰিজাত’ৰ দীৰ্ঘকাল যোৰা এই যাত্ৰা স্বীকাৰ কৰিবলগীয়া৷

এতিয়া আহোঁ সাম্প্ৰতিক কালত ‘সদৌ অসম মইনা পাৰিজাত ‘ৰ দৰে শিশু অনুষ্ঠানৰ সক্ৰিয়তাৰ প্ৰাসংগিকতালৈ৷ হয়, বৰ্তমান সময়ত এনে শিশু অনুষ্ঠানসমূহৰ সক্ৰিয়তা অতি প্ৰয়োজনীয় হৈ পৰিছে৷ এই কথাত দ্বিমত নাই যে উন্নত প্ৰযুক্তিবিদ্যাই আমাক প্ৰগতিশীল কৰি তুলিছে৷ কিন্তু ইয়াৰ সমসাময়িক ভাৱে আমাক আত্মকেন্দ্ৰিক আৰু বস্তুবাদী কৰি পেলাইছে৷ প্ৰযুক্তিবিদ্যাৰ এই ঋণাত্মক দিশটোৰ প্ৰভাৱ আমাৰ উঠি অহা প্ৰজন্মৰ ওপৰত যি হাৰত বৃদ্ধি পাইছে সি এক চিন্তনীয় বিষয়৷ অতীতৰ এখন ছবি য’ত উঠি অহা প্ৰজন্মই ফুল, পখিলা,ৰং-তুলিকা, চৰাই-বৰষুণৰ এখন পৃথিৱীত ঘূৰি ফুৰিছিল৷ এই ছবিখনত সজীৱতা আছিল৷ জীৱনক সুন্দৰ কৰি তোলাৰ এক হেঁপাহ আছিল৷ কিন্তু বৰ্তমান সময়ত আমি নৱ প্ৰজন্মক লৈ দেখা ছবিখনত কোনো সজীৱতা নাই৷ এখন কংক্ৰিটৰ পৃথিৱীত সকলো চলন্ত৷ কিশোৰৰ পৰা কণ কণ শিশুলৈকে বিনোদনৰ সামগ্ৰী হিচাপে অভিভাৱকে হাতত তুলি দিছে স্মাৰ্ট ফোন৷ ইয়াৰ আঁৰৰ অজুহাত যিয়ে নহওক সেয়া বিচাৰ্য বিষয় নহয়৷ বিচাৰ্য বিষয় হৈছে মোবাইল ফোনৰ বাবে গঢ়ি উঠা শিশুৰ মানসিকতা৷

মোবাইল ফোনৰ বাবে শিশুসকলে চৌপাশৰ পৰিৱেশৰ পৰা নিজকে বিছিন্ন কৰি পেলাইছে৷ শিশুসকল অত্যন্ত আত্মকেন্দ্ৰিক আৰু বস্তুবাদী হৈ উঠিছে৷ বহু ক্ষেত্ৰত শিশুসকল মেজাজী হৈ পৰাও দেখা গৈছে৷ লগতে শিশুসকলৰ সৃজনীমূলক প্ৰতিভাও লোপ পাইছে৷ অন্যহাতে একে বয়সৰ শিশুৰ হাতত মোবাইল দেখি দৰিদ্ৰ পৰিয়ালৰ কোনো কোনো শিশু মোবাইলৰ বাবে অপৰাধমূলক কাৰ্যত জড়িত হৈ পৰা দেখা গৈছে৷ এই গোটেই পৰিস্থিতিটো সমাজ আৰু দেশৰ বাবে ভয়াবহ ৰূপ ধাৰণ কৰি আহি আছে৷ গতিকে এই ক্ষেত্ৰত ‘সদৌ অসম মইনা পাৰিজাত’ আদিৰ দৰে শিশু অনুষ্ঠানৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এই ধৰণৰ মইনা মেলবোৰৰ যোগেদি শিশুয়ে নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে সহযোগীতা,সহমৰ্মিতা,দায়িত্ববোধ আদি গুণসমূহ আয়ত্ত কৰিব পাৰিব৷ সমাজ আৰু দেশক সুস্থ ৰূপত ৰখাতো আমাৰ সকলোৰে দায়িত্ব৷ গতিকে শিশুসকলৰ বাবে এনে অনুষ্ঠানসমূহ আয়োজন কৰি শিশুক জীৱন আৰু কৃষ্টিৰ শিক্ষা দিয়াৰ বাবে সকলোৱে প্ৰচেষ্টা হাতত লোৱা উচিত৷ এই কাৰ্যৰ শুভ আৰম্ভণি মাতৃসকলৰ পৰাই হওক৷ মাতৃসকলে সন্তানৰ হাতত মোবাইল ফোনটো নিদি সন্তানক বাহিৰলৈ উলিয়াই আনক৷ ফুল -পখিলাৰ দৰে কোমল পৃথিৱীৰ সতে পৰিচয় কৰাই দিয়ক৷ আপোনাৰ শিশুটিক আপুনিয়ে সৃষ্টিশীল কৰি তোলক৷

Previous আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে অভিযন্তাসকল
Next নিত্য ব্যৱহৃত প্ৰযুক্তিৰ আঁৰৰ কথাবোৰ আৰু আমি ল’ব লগা প্ৰয়োজনীয় সাৱধানতা