খাদ্যৰ সন্ধানত বান্দৰে মানুহৰ আবাসভূমিলৈ  আহি উপদ্ৰৱ চলোৱা নতুন কথা নহয় । অসমৰ সৰু-বৰ  বনাঞ্চলসমূহ ধ্বংসৰ কাৰণেই হওক বা হাবিত ফল-মূল,খাদ্য শস্যৰ নাটনিৰ বাবেই হওক,ভোকৰ তাড়ণাত বান্দৰে খাদ্য বিচাৰি মানুহৰ ঘৰ-বাৰী তহিলং কৰা দেখা যায় । অসমত বন্য প্ৰাণীৰ বিচৰণভূমি,খাদ্যভূমি কমি আহিছে।

অসমত ৩৪টা বন সংমণ্ডল, ১৫০টা আঞ্চলিক বন বিষয়াৰ কার্যালয় আৰু ২৬৪টাকৈ খণ্ড বন বিষয়াৰ কার্যালয় আৰু এইবোৰ পৰিচালনাৰ বাবে বিয়াগোম বন বিভাগ আৰু দুই-তিনিটা ফৰেষ্ট প্রটেকশ্যন বেটেলিয়ন থকাৰ পিছতো কিন্তু ৰাজ্যখনৰ মুঠ মাটিকালি অনুপাতে বনাঞ্চলৰ পৰিমাণ বৃদ্ধি হোৱাৰ পৰিৱৰ্তে  ১৫ শতাংশলৈ হ্ৰাস পাইছে ।  ৩২৭খন সংৰক্ষিত বনাঞ্চল আৰু প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত পৰি  সেইসমূহত অবাধ বন ধ্বংস যজ্ঞ চলি আছে । বনাঞ্চল বেদখলৰ হাতত পৰা জিলাসমূহ  শোণিতপুৰ, কার্বি আংলং,দৰং, গোলাঘাট আৰু নগাঁও বুলি চিনাক্ত কৰা হৈছে । এই জিলা সমূহত বন্যপ্ৰাণী অনুপাতে বনাঞ্চলৰ পৰিমাণ দিনক দিনে কমিবলৈ ধৰিছে ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ দ্বাৰা চলোৱা এটা জৰীপত পোৱা তথ্য অনুসৰি, ১৯৮৮-৮৯ চনত অসমৰ মুঠ মাটিকালিৰ যি ২১.৯৮শতাংশ বনাঞ্চল আছিল, সেই পৰিমাণ ২০০৬ চনত হৈছিলগৈ ২১.০২ শতাংশ৷ ইয়াৰে ভিতৰত গভীৰ বনাঞ্চলৰ পৰিমাণ আছিল মাত্র ৯৯০২ বর্গ কিল’মিটাৰ৷ উল্লেখযোগ্য ১৮৭৯ চনত কেৱল নামবৰ হাবিৰ পৰিসৰেই আছিল ৯৯৭.২৭ বর্গ কিল’মিটাৰ) আনহাতে, গ্রামাঞ্চলৰ মানুহৰ ব্যক্তিগত এলেকাত থকা গছ-গছনিৰে ভৰা অঞ্চলসমূহৰ (হাউছহল্ড ফৰেষ্ট) পৰিমাণ ২০০৬ চনত আছিল ৰাজ্যখনৰ মুঠ ভৌগোলিক এলেকাৰ ২৫.০৯ শতাংশ৷ কিন্তু সম্প্রতি সেই হাউছহল্ড ফৰেষ্ট’ৰ পৰিমাণ ব্যাপক হাৰত ধবংস হোৱা পৰিলক্ষিত হৈছে৷ 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ‘) ৰ দ্বাৰা চলোৱা এটা জৰীপত পোৱা তথ্য অনুসৰি, ১৯৮৮-৮৯ চনত অসমৰ মুঠ মাটিকালিৰ যি ২১.৯৮শতাংশ বনাঞ্চল আছিল, সেই পৰিমাণ ২০০৬ চনত হৈছিলগৈ ২১.০২ শতাংশ৷
বিশেষকৈ উজনি অসমৰ জিলাকেইখনত গঢ়ি উঠা ক্ষুদ্র চাহ খেতি,গছ-গছনি কাটি ঘৰ দুৱাৰ ,ৰাষ্টা-ঘাট নিৰ্মাণ আদিয়ে নিঃশেষ কৰি পেলাইছে এনে বনাঞ্চল৷ দেখা গ’ল যে  ক্ৰমৱৰ্ধমান জনসংখ্যাৰ ফলত উদ্ভৱ হোৱা বেদখল,অৰ্থনৈতিক লাভালাভৰ অংকই বন ধ্বংসৰ মূল কাৰণ।

অৰণ্য ধ্বংস হৈছে, বনৰীয়া জীৱ-জন্তুৰ চৰণভূমি কমি আহিছে, খাদ্য সংকট হৈছে আৰু এইবিলাকৰ মূল কাৰণ মানুহ । মানুহে কৃষি কৰ্ম কৰি ভাত ,দালি,পিজ্জা ,বাৰ্গাৰ খাইয়ো জীয়াই থাকিব, প্ৰশ্ন হ’ল  বান্দৰে কি খাব? নিৰুপায় বান্দৰে ফল-মূল নাপাই গছৰ পাতকে খোৱা দেখা যায় । সেই দৃশ্য দেখি ব্যক্তিগতভাৱে আমাৰ সকলোৰে পুতৌ জন্মে কিন্তু বান্দৰে আহি আমাৰ ঘৰ-বাৰীৰ ফল-মূল ,খোৱা বস্তু তহিলং কৰি গ’লে ৰাজহুৱা উদ্যোগত বান্দৰ ৰোধিব লাগে বুলি মহকুমাধিপতি কাৰ্যালয়ত গৈ ধৰ্ণা দিওঁ, স্মাৰক পত্ৰ দিওঁ । বান্দৰৰ প্ৰতি সেয়াই  আমাৰ দায়িত্ব  । সিহঁতৰ কি জীয়াই থকাৰ অধিকাৰ নাই? বান্দৰক খাদ্যৰ স্বাধীনতা কোনে দিব?

 চৰকাৰে বান্দৰক খাদ্য যোগানৰ দায়িত্ব  ল’ব পাৰে।চৰকাৰে অসমৰ চুকে-কোণে বান্দৰৰ সংখ্যা প্ৰধান অঞ্চলত ভূমি ক্ৰয় কৰি  বান্দৰৰ বিচৰণভূমি স্থাপন কৰক,তাত  নানান ফল-মূলৰ গছ ৰোৱক,বন বিভাগক চোৱাচিতাৰ দায়িত্ব দিয়া হওক । অথবা নিয়মিতভাৱে বান্দৰক খাদ্যবস্তুৰ যোগান ধৰক চৰকাৰে । ইয়াৰ বাবে বাজেটত ধন আৱণ্টন কৰক । বন বিভাগৰ অধীনত পশুখাদ্য আঁচনি প্ৰৱৰ্তন কৰক । অন্যথা খাদ্যৰ অভাৱত বান্দৰ প্ৰজাতিটো  বিলুপ্ত হ’বলৈ বেছি বছৰ নালাগিব।  কেইমাহমানৰ আগতে বাতৰিত পঢ়িবলৈ পাইছিলোঁ  হলৌ বান্দৰৰ বাবে বিখ্যাত তিনিচুকীয়াৰ বৰাজান অভয়াৰণ্যত আছে মাত্ৰ ৪ টা হলৌ বান্দৰ ।এসময়ত হলৌ বান্দৰৰ বাবে বিখ্যাত তিনিচুকীয়াৰ দক্ষিণ দিশত থকা বৰাজান বনাঞ্চলত উদ্বেগজনকভাৱে হ্ৰাস পাইছে হলৌ বান্দৰৰ সংখ্যা । ৫.৫ বৰ্গ কিঃমিঃ এলেকাৰ এই বনাঞ্চলত বন ধ্বংসৰ বাবে ইয়াত থকা বান্দৰ প্ৰজাতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে । আনহাতে গিবন কনজাৰভেশ্যন চেণ্টাৰে চলোৱা অধ্যয়নত প্ৰকাশ পাইছিল যে বৰাজানত প্ৰত্যক্ষভাৱে হলৌৰ চিকাৰ কৰা নহয় আৰু ইয়াৰ পৰা বাহিৰলৈ যোৱাৰ সম্ভাৱনাও কম । গতিকে আৱাসভূমি আৰু খাদ্যৰ নাটনিয়ে হলৌ হ্ৰাস পোৱাৰ প্ৰধান কাৰণ।

যিদৰে ব্যাঘ্ৰ প্ৰকল্পৰ যোগেদি বাঘ সংৰক্ষণৰ চিন্তা কৰা হৈছে, তেনেদৰে পৰিস্থিতিতন্ত্ৰৰ সুস্থিৰ বাতাৱৰণক জীয়াই ৰখাৰ স্বাৰ্থতেই  বান্দৰৰ খাদ্যৰ বাবেও চৰকাৰৰ কৰণীয় আছে ।

যিদৰে ব্যাঘ্ৰ প্ৰকল্পৰ যোগেদি বাঘ সংৰক্ষণৰ চিন্তা কৰা হৈছে, তেনেদৰে পৰিস্থিতিতন্ত্ৰৰ সুস্থিৰ বাতাৱৰণক জীয়াই ৰখাৰ স্বাৰ্থতেই  বান্দৰৰ খাদ্যৰ বাবেও চৰকাৰৰ কৰণীয় আছে । প্ৰকৃতিৰ জীৱকূলক সুৰক্ষা আৰু খাদ্যৰ সুবিধা কৰি দিয়াটো বন্যপ্ৰাণী আইনৰ অধীনত পৰে । তেন্তে আমি বান্দৰক কিয় লঘোণে-ভোকে মৰিবলৈ এৰি দিছোঁ? গৰ্ভৱতী আৰু পোৱালি জন্ম দিয়া বান্দৰৰ বাবে খাদ্যৰ যোগান অতি জৰুৰী । সেয়েহে মন্দিৰ,নামঘৰ,দেৱালয় আদিত বান্দৰৰ উপস্থিতি দেখিবলৈ পোৱা যায় । নিতৌ মানুহৰ ভিৰ হোৱা ধৰ্মস্থলীসমূহত ভক্তপ্ৰাণ ৰাইজে দিয়া কল,বুট-মগু,চাউল আদিয়েও বান্দৰবোৰৰ একমাত্ৰ ভৰসা । ইয়াৰ বাদে মানুহৰ পৰা সিহঁতে আৰু একো নাপায় । পিছে এইখিনিতে মন কৰা  ভাল যে, মানুহৰ এই নিজে খোৱা খাদ্য বান্দৰক দিয়াৰ প্ৰৱণতা, বিশেষকৈ পেকেটৰ খাদ্য দিয়াৰ প্ৰৱণতাও বান্দৰৰ উপদ্ৰৱ বঢ়াৰ এক মুখ্য কাৰক।

বান্দৰৰ বাবে কোনেও খাদ্যৰ সুবিধা কৰি দিয়া নাই, সিহঁতৰ খাদ্যক লৈ কোনেও মূৰ ঘমোৱা নাই,মূৰ ঘমোৱাৰ প্ৰয়োজনবোধো কৰা নাই । কেৰিয়াৰ,বিলাসী গাড়ী,অট্টালিকাৰ পিছে পিছে সকলো মানুহ দৌৰিছে,দুৰ্নীতি কৰি হ’লেও সোঁৱে-বাঁৱে ধন ঘটাৰ প্ৰতিযোগিতাত নামিছে । বান্দৰৰ বাবে কোনেও এখন্তেক ভবা নাই, খাদ্য বিচাৰি বাৰীৰ ভিতৰলৈ বান্দৰ অহা দেখিলে  বোমা, ফটকা ফুটাই, কেটেপা গুটি মাৰি, শিলগুটি দলিয়াই বান্দৰক খেদি দিছে, আক্ৰমণ কৰিছে । যদি বান্দৰৰ উপদ্ৰৱ কমা নাই, তেন্তে চৰকাৰক অভিযোগ দিছে,পাৰিলে বন্দুকেৰে মাৰি পেলাবলৈ পৰামৰ্শ দিছে ।বান্দৰৰ উপদ্ৰৱ বাঢ়িছে কাৰণ বান্দৰৰ সংখ্যা বাঢ়িছে। তেওঁলোকে মানুহৰ সংখ্যা বাঢ়িছে,জনসংখ্যা বৃদ্ধিৰ বাবে বান্দৰৰ বিচৰণথলী কমিছে বুলি নকয় ।

এক সমীক্ষাত কোৱা হৈছে যে,জনসংখ্যা বৃদ্ধিয়েই বান্দৰৰ জীৱনলৈ অহা ভাবুকিৰ মূল কাৰণ। বান্দৰে মানুহৰ ঘৰ-বাৰীলৈ খাদ্য বিচাৰি  নাহিলে সিহঁতে কি খাব আৰু ক’ত খোৱা বস্তু পাব? এইবিলাক প্ৰশ্নৰ মুখামুখি কোন হ’ব? আমাৰ চিন্তাধাৰা ইমান উন্নতো নহয় যে চৰকাৰে বান্দৰৰ বাবে খাদ্যৰ বাগিছা পাতিলেও তাত গৈ আমি কলপুলি দুজোপা ৰুই থৈ আহিম ।

মানুহৰ এই নিজে খোৱা খাদ্য বান্দৰক দিয়াৰ প্ৰৱণতা, বিশেষকৈ পেকেটৰ খাদ্য দিয়াৰ প্ৰৱণতাও বান্দৰৰ উপদ্ৰৱ বঢ়াৰ এক মুখ্য কাৰক।

কেতিয়া আমাৰ চিন্তাধাৰাৰ উন্নতি ঘটিব? কেৱল  বান্দৰৰ খাদ্যৰ প্ৰতিয়েই নহয়,খাদ্যৰ সন্ধানত অৰণ্য এৰি  জনাঞ্চললৈ ওলাই অহা প্ৰত্যেক জীৱ-জন্তুৰে খাদ্যযোগানৰ দায়িত্ব আমি সভ্য আৰু বিবেকৱান মানৱ জাতিয়ে ল’ব লাগিব ।অন্যথা বান্দৰ-মানুহৰ সংঘাত, হাতী-মানুহৰ সংঘাতে এদিন ভয়ংকৰ অৱস্থালৈ গতি কৰিব যাক নিয়ন্ত্ৰণ কৰাটো দুৰূহ হৈ পৰিব । সময় থাকোতেই ৰাইজ আৰু চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে খাদ্যৰ বাবে মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ প্ৰত্যক্ষ সংঘাতৰ যুগটো আহিবলৈ বেছি দিন নালাগিব । এইক্ষেত্ৰত আমি এতিয়াৰেপৰা সজাগ-সচেতন হ’বৰ হ’ল ।

সঞ্জয় ৰবিদাস

শিক্ষকতা বৃত্তিৰ সতে জড়িত সঞ্জয় ৰবিদাস নতুন প্ৰজন্মৰ এগৰাকী লেখক

Previous ৰিজাল্ট
Next মানুহ আজিকালি এনেকৈ জুখিব পাৰি...