মাতৃভাষা


সমৰ কিছুমান মানুহৰ ধাৰণা যে ইংৰাজীত কথা ক’লেহে নিজৰ সন্তান স্মাৰ্ট হয়। সেয়ে তেওঁলোকে সন্তানক শিকায় – চোৱা চোৱা সৌটো ক্ৰ’, আহা ৰাইচ খোৱা, লগত এগ দিছোঁ, ৰাস্তাত ড’গ আছে দেই। এনেকুৱা। তেওঁলোকে নাজানে যে সন্তানক আদিপাঠ মাতৃভাষাত দিয়া উচিত। তাৰপিছত ইংৰাজী শব্দ, ইংৰাজী বাক্য শিকাব লাগে। মাতৃভাষাত কথা পাতিও ইংৰাজী ভাষা শিকিব পাৰি। বৰং তেওঁলোকে অসমীয়া বাক্যৰ মাজে মাজে ইংৰাজী শব্দ কৈ এক হাস্যকৰ পৰিৱেশৰ সৃষ্টি কৰে। তাতকৈ সম্পূৰ্ণ বাক্যটো ইংৰাজীত ক’ব লাগে। মই ইংৰাজী মাধ্যমত শিক্ষা লোৱাৰ বিৰুদ্ধে কোৱা নাই। কিন্তু এজন আত্মসন্মান থকা মানুহে কেতিয়াও নিজৰ মাতৃভাষা এৰিব নোৱাৰে। ইংৰাজী মাধ্যমত পঢ়ুৱাইও সন্তানক অসমীয়া ভাষা শিকোৱা উচিত। এনেকুৱা ভচহু ভাষা কোৱা মানুহ দেখিলে তেওঁলোকক শুধৰাই দিয়ক। নিজৰ সন্তানক অসমীয়া ভাষা শুদ্ধকৈ ক’বলৈ, লিখিবলৈ উৎসাহ দিয়ক। অসমীয়া সাধুকথাৰ লগতে অন্য শিশু সাহিত্য পঢ়িবলৈ দিয়ক। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে এয়া আমাৰ পণ হোৱা উচিত। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous 'ভোট'ৰ মুখত ৰাম নাম
Next আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ চিন্তা