সৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি চুটিগল্পত নায়ক মলখু ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ মোট সলাই মলখু গুছি মলখ গুইন গুইন চাহাব হৈছিলগৈ। পঢ়া-শুনা সমাপ্ত কৰি মলখু এদিন জিলাৰ কেছাৰিত হাকিম হ’ল আৰু গাঁ‌ৱৰ ঘৰখনলৈ পিঠি দিলে। বহুদিনৰ মূৰত যেতিয়া ধূতীৰ অভাৱত  লেংটি মৰা খেতিয়ক দেউতাকে জিলালৈ গৈ মলখুৰ ঘৰখন বিছাৰি উলিয়ালে, তেতিয়া ঘৰৰ পহৰাদাৰে বুঢ়াক গতিয়াই খেদিলে বোলে ইয়াত কোনো মলখু নাথাকে, এইটি স্বনামধন্য হাকিম মলখ গুইন গুইন চাহাবৰহে ঘৰ।

তৎকালীন অসমীয়া সমাজ সন্দৰ্ভত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যংগচিত্ৰ। https://biriyaa.com/
বৰ্তমান অসমীয়া সমাজখন এনে অলেখ তথাকথিত উচ্চ ইংৰাজী শিক্ষাৰে শিক্ষিত  মলখ গুইন গুইন চাহাবেৰে খুন্দ খাই পৰিছে। তেওঁ‌বিলাকে নিজকে অসমীয়া বুলি চিনাকি দিবলৈ লাজ পায়, কিবা বোলেনে এংলো এছামিজ বুলি নিজকে পৰিচয় কৰোৱালেহে তেওঁ‌বিলাকৰ গা-মন জুৰ পৰে। আইৰ মুখৰ অমিয়া মাত তেওঁ‌বিলাকৰ মানত এলাগী, অসভ্য, গাঁৱলীয়া, জকাইচুকীয়া। বাটে-ঘাটে, বজাৰে সমাৰে আনকে দেখুৱাই ইংৰাজী দুই-এটা শুদ্ধই-ভুলে ফৰফৰাব পাৰিলেহে তেওঁ‌বিলাকৰ মুখৰ পৰা পেটলৈ ভাত এগৰাহ যায়।
বৰ্তমান অসমীয়া সমাজখন এনে অলেখ তথাকথিত উচ্চ ইংৰাজী শিক্ষাৰে শিক্ষিত মলখ গুইন গুইন চাহাবেৰে খুন্দ খাই পৰিছে। তেওঁ‌বিলাকে নিজকে অসমীয়া বুলি চিনাকি দিবলৈ লাজ পায়, কিবা বোলেনে এংলো এছামিজ বুলি নিজকে পৰিচয় কৰোৱালেহে তেওঁ‌বিলাকৰ গা-মন জুৰ পৰে। আইৰ মুখৰ অমিয়া মাত তেওঁ‌বিলাকৰ মানত এলাগী, অসভ্য, গাঁৱলীয়া, জকাইচুকীয়া।
ইংৰাজী ভাষা তেৰাসৱৰ কিবা বোলেনে “ষ্টেটাছ চিম্বল”। কলেজ-বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা,মান্যবৰ সকলৰ মেল-মিটিঙৰ কথাতো বাদেই দিলো। সেইসমূহত অসমীয়া ভাষা নেচেল। স্বয়ং সাহিত্য সভাৰ বেনাৰ-বিজ্ঞাপনতো বিলাতী ভাষা। সাহিত্য সভাৰ বিষয়-বাব খোৱাসকলে আক’ মাজে সময়ে হাতত ক’লা ৰঙৰ টেমা একোটাহঁ‌ত লৈ দোকান-বজাৰৰ বেনাৰ-কাগজত ইংৰাজী ভাষা বধ ভাওনা দেখুৱায়। বৰাক উপত্যকা, অনা অসমীয়া ভাৰতীয়সকল বাৰু অসমীয়া ভাষাৰ চাৰিঢাপৰ বাজ। গতিকে মনত প্ৰশ্ন হয়, অসমত অসমীয়াই যদি অসমীয়া ভাষাক লেই লেই চেই চেই কৰে, তেনেহ’লে ভাষাটোৰ আয়ুস আৰু ক’তবেলি?
ভাষা এটা জীয়াই থাকে কওতাসকলৰ মুখত, কাপত আৰু মনত। অসমীয়া ভাষা কওতাৰ সংখ্যা দিনক দিনে কমি আহিছে। বৰাকবাসী অসমীয়াইতো আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক কেতিয়াবাই বিসৰ্জন দিলে। তাতে কেন্দ্ৰীয় চৰকাৰে হিন্দু ধৰ্ম ৰক্ষা কৰিবলৈ নতুনকৈ বাংলাদেশী বঙালী মানুহ মগাই আনি অসমত খিতাপ-কিংখাপেৰে সেৱা ধৰি  থাপিব খুজিছে। তেওঁবিলাকেতো কাহানিও “আমাদেৰ সোণাৰ বাংলা” পৰিহৰি অসমীয়া ভাষাক আদৰি নলয়। তেওঁবিলাকৰ পৰা এই আশা কৰাতো আকাশত চাং পতাৰ লেখীয়া কথা। আনহাতে, বিভিন্ন প্ৰকাৰে ইংৰাজী ভাষাই সমগ্ৰ বিশ্বতে এফালৰ পৰা  স্থানীয় ভাষাসমূহৰ টেঁটু মুচৰি আনিছে শেহতীয়া এক অধ্যয়ন মতে ইংৰাজী ভাষাৰ দপদপনিত থাউনি নাপাই হেনো প্ৰতি দুসপ্তাহৰ মূৰে মূৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত একোটাকৈ ভাষা লুপ্ত হ’বলৈ ধৰিছে।নিসন্দেহে কেইবছৰমান পিছত সময়খিনি দুসপ্তাহ গুছি দুদিন হ’ব। গতিকে, কেইজনমান অত্যুৎসাহী ভাষাপ্ৰেমীয়ে অসমীয়া ভাষাৰ আয়ুস মূৰৰ চুলিৰ সমান বুলি ঘোষণা কৰিলেও দৰাচলতে সাতে সোতৰই মিলি এতিয়া অসমীয়া ভাষাৰ চোতালত জীৱন-মৰণৰ শৰাইঘটীয়া ৰণ চলি আছে। তথাকথিত ইংৰাজী শিক্ষাৰে শিক্ষিত মলখ গুইন গুইন সকলে ঘৰ শত্ৰু বিভীষণৰ দৰে মূৰেৰে খোজ ধৰি জ্বলা জুইত ঘিউ আহুতি দিছে। তেহেলৈ আইৰ মুখৰ মাত জীয়াই থাকিব ক’ত? চহা,অশিক্ষিত গাঁৱলীয়া  আই-বাই-ককাই-ভাইৰ মুখত? তেনে লোকৰ সংখ্যাও দেখোন দিনকদিনে কমি আহিছে? ২০৫০ চনলৈ জীয়াই থাকিবনে চিৰ চেনেহী মোৰ ভাষা জননী? 
Previous বিশ্বাস
Next মিছা কথা