গুণ গুণকৈ ফুলৰ ওপৰত উৰি-ঘূৰি ফুৰা মৌ-মাখিবোৰৰ কথা কেতিয়াবা ভবিছেনে? ফুলৰ মৌ চুহি ফুৰা, প্ৰতিদিনে হাজাৰ হাজাৰ ফুলৰ পৰা ৰস গোটাই ৰহঘৰা সজা মৌ-মাখিবোৰে পৃথিৱীৰ অন্য জীৱ-জন্তু আৰু মানুহৰ মাজত এক বিশেষ ভাৰসাম্য ৰক্ষা কৰি আছে। কেৱল মৌ-ৰস গোটোৱাই সিহঁতৰ কাম নহয়, সিহঁত পৃথিৱীৰ প্ৰায় তিনিভাগৰ এভাগ খাদ্যসামগ্ৰীৰ প্ৰস্তুতিৰ মূল কাৰক। যাৰ অবিহনে আপুনি ভাবিব নোৱাৰে আপোনাৰ দৈনন্দিন খাদ্য তালিকাৰ পৰা কিমান সামগ্ৰী কমি যাব পাৰে। ধান, ঘেঁহু, সৰিয়হ আদি প্ৰায় সকলোবোৰ শস্য, সকলো প্ৰকাৰৰ ফল-মূল, মানুহৰ লগতে আন-আন, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ প্ৰতিদিনৰ যি আহাৰ তাৰ প্ৰস্তুতিৰ মূল কাৰক বা আধাৰেই হ’ল এই মৌ-মাখিবোৰ। যদি মৌ-মাখিবোৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, তেন্তে তাৰ ফলাফল কি হ’ব পাৰে? মানুহকে ধৰি পৃথিৱীৰ বৃহৎসংখ্যক জীৱ-জন্তুৰ নিশ্চিত মৃত্যু। ক’ব গ’লে পৃথিৱী উকা হৈ যাব যদি মৌ-মাখিবোৰ নোহোৱা হৈ যায়। ইয়ে এক ভয়ৱাহ ইংগিত বহন কৰিছে।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা মৌ-মাখিৰ সংখ্যা পৃথিৱীৰ আধাতকৈ বেছি কমি গৈছে। এয়া খুবেই চিন্তনীয় বিষয়। তাতকৈ ভয়ানক কথা হ’ল এই ধ্বংসৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে, যিয়ে আমাক সকীয়াই আছে যে কিবা এটা পৰিৱৰ্তনৰ দৰকাৰ, কিবা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়োৱাৰ প্ৰয়োজন। যাতে আমি এই ভাৰসাম্যতা বজাই ৰাখিব পাৰো।

যদি মৌ-মাখিবোৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, তেন্তে তাৰ ফলাফল কি হ’ব পাৰে? মানুহকে ধৰি পৃথিৱীৰ বৃহৎসংখ্যক জীৱ-জন্তুৰ নিশ্চিত মৃত্যু।

মৌ-মাখিৰ মৃত্যুৰ বাবে দায়ী কোন?

মৌ-মাখিবোৰ কিয়  কমি গৈছে এই প্ৰশ্নৰ উত্তৰ লুকাই আছে আমাৰ কৃষি ব্যৱস্থা আৰু পৰিৱেশৰ মাজত। ক’বলৈ গ’লে ইয়াৰ প্ৰধান কাৰণ হ’ল কৃষিত ব্যৱহৃত কীটনাশক দ্ৰৱ্যবোৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা খেতিপথাৰত এই কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি পালে, যিয়ে মৌ-মাখিৰ জীৱনৰ বাবে এক সংকট কঢ়িয়াই আনিলে। কীটনাশকবোৰ নিকেটিনৰ সমকক্ষ সাৰ ব্যৱহাৰে মৌ-মাখিৰ লগতে আন-আন পোক-পৰুৱা, পখিলা আদিৰ দৰে কৃষিকাৰ্য্যত বিৰূপ প্ৰভাৱ পেলাই বিষক্ৰিয়া সৃষ্টি কৰি সেইবোৰক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। এই কীটনাশকবোৰৰ বাবে মৌ-মাখিৰ সম্পূৰ্ণ ক’লনি ধ্বংস হৈ যাব পাৰে; কিয়নো নিকেটিনৰ বাবে মৌ-মাখিবোৰ নিচাগ্ৰস্ত হৈ পৰে, ফলত পুনৰ নিজৰ বাহলৈ যোৱাৰ ৰাস্তাও পাহৰি পেলায়। এনেকৈ সিহঁতৰ লগত সম্পূৰ্ণ এটা ক’লনি ধ্বংস হৈ যাব পাৰে। মৌ-মাখিৰ ধ্বংসৰ আন এটা কাৰক হ’ল পৰিৱেশ প্ৰদূষণ আৰু আমি মানুহবোৰ। আমি এতিয়া হাবি-বন কাটি ছাৰখাৰ কৰিছো। মৌ-মাখিয়ে ফুলৰ পৰাগ এটাৰ পৰা আনটোলৈ কঢ়িয়াই নিনিয়ে। সিহঁতে ফুলৰ মাজত খাদ্যৰ সন্ধানহে কৰে। খাদ্য সংগ্ৰহ কৰোতে পৰাগৰ সৰবৰাহ হয়। আৰু মৌ-মাখিৰ মূল খাদ্যৰ সম্ভাৰ আৰু আশ্ৰয়স্থল হাবি-বন , যি ধ্বংসৰ পথত। লগতে মৌ-মাখিও ধ্বংসৰ পথত। এবাৰলৈ ভাবক মৌ-মাখিৰ খাদ্য নাই মানে আমাৰো খাদ্য নাই।

মৌ-মাখিবোৰক কেনেকৈ বচাব পাৰি তাৰবাবে আমি সকলোৱে শীঘ্ৰেই পদক্ষেপ আগবঢ়াব লাগে। মৌ-মাখিৰ সংখ্যা বৃদ্ধিৰ বাবে সকলোৱে নিজেই যিমান পাৰো আশে-পাশে সৰু-সৰু ফুলৰ বাগিছা পতাৰ চেষ্টা কৰা উচিত।

মৌ-মাখিবোৰক কেনেকৈ বচাব পাৰি তাৰবাবে আমি সকলোৱে শীঘ্ৰেই পদক্ষেপ আগবঢ়াব লাগে। মৌ-মাখিৰ সংখ্যা বৃদ্ধিৰ বাবে সকলোৱে নিজেই যিমান পাৰো আশে-পাশে সৰু-সৰু ফুলৰ বাগিছা পতাৰ চেষ্টা কৰা উচিত। নিজৰ ঘৰৰ চৌহদৰ চাৰিওদিশে যিমান পাৰে গছ-ফুল ৰোৱক। টাবতে হওক, এক প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলক। চহৰতেই হওক বা গাঁওতেই হওক সকলোৱে মিলি-জুলি মৌ-মাখি বচোৱাৰ বাবে উদ্যমী হওক। আমাৰ এইকণ উদ্যমৰ ফলত মৌ-মাখিয়ে লাভ কৰিব বিপুল খাদ্য সম্ভাৰ। খেতি-বাতিবোৰত পৰাপক্ষত কীটনাশক ব্যৱহাৰ বন্ধ কৰিবৰ বাবে চেষ্টা কৰক। ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰ কমকৈ কৰিবলৈ চেষ্টা কৰক। আমি প্ৰকৃতিৰ পৰা বহুত ল’লো, এতিয়া প্ৰকৃতিক অলপ ঘূৰাই দিয়াটো আমাৰো গুৰু দায়িত্ব। তেহে আমি প্ৰকৃতিৰ সঁচা সন্তান হৈ জীয়াই থাকিব পাৰিম। 

Previous ভেলেন্টাইন দে'ৰ শত্ৰু
Next মানৱৰ সুৰক্ষা কৱচ মানৱ অধিকাৰ আইন 

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে