পাঠশালাত থাকোতে কুঁহিপাঠত আমি পঢ়িছিলো- ‘পানীয়েই প্ৰাণীৰ প্ৰাণ’৷ হাইস্কুলত বিজ্ঞানৰ পাঠ্যপুথিত পঢ়িলো- এটা পানীৰ অণুত দুটা হাইড্ৰ’জেন আৰু এটা অক্সিজেনৰ পৰমাণু থাকে৷ দুটা হাইড্ৰ’জেন গেছৰ অণুৱে এটা অক্সিজেন গেছৰ অণুৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি দুটা পানীৰ অণু উৎপন্ন কৰে৷ এটা হাইড্ৰ’জেন আৰু অক্সিজেন গেছৰ অণুত যথাক্ৰমে দুটাকৈ হাইড্ৰ’জেন আৰু অক্সিজেনৰ পৰমাণু থাকে৷ সৌভাগ্যৰ কথা যে আমাৰ বায়ুমণ্ডলত অক্সিজেন আৰু হাইড্ৰ’জেন দুয়োটা গেছেই বিদ্যমান ৷ কিন্তু এই বায়ুমণ্ডলীয় অক্সিজেন আৰু হাইড্ৰ’জেন গেছে অতি সহজে বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে জানো? নকৰে! কৰিব নোৱাৰে৷ বায়ুমণ্ডলীয় উষ্ণতাৰ স্বাভাৱিক পৰিৱেশত অক্সিজেন আৰু হাইড্ৰ’জেন গেছৰ পৰা পানী উৎপন্ন হ’ব নোৱাৰে ৷ হোৱাহেঁতেন হয়তো পৃথিৱীৰ ইতিহাসেই সলনি হৈ গ’লহেঁতেন৷

সি যি নহওক, যি কোনো এটা নিৰ্দিষ্ট বিক্ৰিয়া সংঘটিত হ’বলৈ সাধাৰণতে এক নিৰ্দিষ্ট পৰিমাণৰ প্ৰাৰম্ভিক শক্তি (এক্টিভেচন এনাৰ্জী)ৰ প্ৰয়োজন হয়৷ এই শক্তিখিনি পালেহে বিক্ৰিয়াটো আৰম্ভ হয় ৷ অক্সিজেন আৰু হাইড্ৰ’জেন গেছৰ বিক্ৰিয়াটো আৰম্ভ হ’বলৈও নিৰ্দিষ্ট পৰিমাণৰ শক্তি লাগে ৷ এইখিনি শক্তি যোগান ধৰাৰ পাছতহে বিক্ৰিয়া আৰম্ভ হৈ পানীৰ লগতে প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন কৰে ৷ মানে এই বিক্ৰিয়াটো ‘শূন্য মূলধন’ৰ পৰা আৰম্ভ কৰা ব্যৱসায়ৰ দৰে নহয় ৷ প্ৰথমতে আপুনি নিজাববীয়াকৈ মূলধন খটুৱাই ব্যৱসায় আৰম্ভ কৰিব লাগিব, আৰু তাৰ পাছত আপুনি মূলধনৰ উপৰিও যথেষ্ট লাভ্যাংশ পাব ৷

২০০৬ চনৰ ৰাষ্ট্ৰসংঘৰ এক পৰিসংখ্যামতে পৃথিৱীৰ প্ৰায় ২০ শতাংশ মানুহে হেনো বিশুদ্ধ খোৱাপানী খাবলৈ নাপায়৷ বিশ্ব স্বাস্থ্য সংস্থা (ৱৰ্ল্ড হেলথ অৰ্গেনাইজেন, ডব্লিউ এইছ অ)ৰ মতে খোৱাপানীত ১০ পিপিবি (পাৰ্টছ পাৰ বিলিয়ন)তকৈ বেছি পৰিমাণে আৰ্ছেনিক মিহলি হৈ থাকিলে মানুহৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ মন কৰিবলগীয়া যে অসমৰ ২৯খন জিলাতে পানীত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ খোৱাপানীত আৰ্ছেনিক মিহলি হৈ থাকিলে ই মানুহৰ বাবে বিপজ্জনক হ’ব পাৰে৷ 

২০০৬ চনৰ ৰাষ্ট্ৰসংঘৰ এক পৰিসংখ্যামতে পৃথিৱীৰ প্ৰায় ২০ শতাংশ মানুহে হেনো বিশুদ্ধ খোৱাপানী খাবলৈ নাপায়৷ তেন্তে এই দুৰ্ভগীয়া লোকসকলৰ বাবে পৰীক্ষাগাৰত অক্সিজেন আৰু হাইড্ৰ’জেনৰ মাজত বিক্ৰিয়া সংঘটিত কৰি বিশুদ্ধ পানী উৎপন্ন কৰিব নোৱাৰোনে? আমি ওপৰত উল্লেখ কৰি আহিছো যে এই বিক্ৰিয়াটোত প্ৰচুৰ তাপশক্তিৰ উদ্ভৱ হয় যাৰ ফলত সততে বিস্ফোৰণ সংঘটিত হয়৷ সেয়ে উক্ত বিক্ৰিয়াৰে পৰীক্ষাগাৰত বিশুদ্ধ পানী উৎপন্ন কৰি এই দুৰ্ভগীয়া লোকসকলক যোগান ধৰাটো সম্ভৱ হোৱা নাই ৷ উল্লেখ্য যে খোৱাপানীত আৰ্ছেনিক মিহলি হৈ থাকিলে ই মানুহৰ বাবে বিপজ্জনক হ’ব পাৰে৷ নিৰ্দিষ্ট মাত্ৰাতকৈ বেছি আৰ্ছেনিক থকা পানীয়ে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে৷

ফটো সৌজন্য – গেটি ইমেজেছ

বিশ্ব স্বাস্থ্য সংস্থা (ৱৰ্ল্ড হেলথ অৰ্গেনাইজেন, ডব্লিউ এইছ অ)ৰ মতে খোৱাপানীত ১০ পিপিবি (পাৰ্টছ পাৰ বিলিয়ন)তকৈ বেছি পৰিমাণে আৰ্ছেনিক মিহলি হৈ থাকিলে মানুহৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ অসমৰ ২৯খন জিলাতে পানীত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ লক্ষীমপুৰ জিলাৰ মাজগাঁওৰ দমকল এটাৰ পানীত ৯৯০ পিপিবি পৰিমাণৰ কেন্সাৰ সৃষ্টিকাৰী পদাৰ্থ (আৰ্ছেনিক) পোৱা গৈছে বুলি খবৰ কাকতত পঢ়িছিলো। মানে এই অঞ্চলৰ পানী বিষাক্ত৷ সেয়ে আৰ্ছেনিকযুক্ত পানীক শোধন কৰি, ইয়াৰ পৰা আৰ্চেনিক নিষ্কাষণ কৰিহে পানী খোৱা উচিত৷ কিন্তু গ্ৰাম্যাঞ্চলৰ অশিক্ষিত-দুখীয়া ৰাইজে সচেতনতাৰ অভাৱত নতুবা আৰ্থিক অনগ্ৰসৰতাৰ বাবে আৰ্চেনিকযুক্ত পানী খাই থাকিবলগীয়া হৈছে৷  ভাৰতৰ সকলো জনসাধাৰণে বিশুদ্ধ খোৱাপানীৰ সুবিধাকণ পালে দেশৰ চিকিৎসালয় সমূহৰ আধা বিচনা খালী হৈ যাব বুলি কোৱা হয়৷ সেয়ে চৰকাৰে সকলোৰে বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগে৷ ভাৰতৰ চৰকাৰ সমূহে পানী যোগান আচনি আৰম্ভ হৈছে যদিও সেয়া কিমান ফলপ্ৰসূ হৈছে, পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে৷ উল্লেখ্য যে ৰাইজে বিশুদ্ধ খোৱাপানী নাপালেও পানী যোগান আচনিৰ নামত কোটি কোটি টকা পকেটত ভৰোৱা মন্ত্ৰীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা আমি সকলোৱে দেখিছো৷ সেই একেজনা মন্ত্ৰীয়ে কংগ্ৰেছত থাকোতে মোদীজীৰ গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বোৱা দেখিছিল৷ এতিয়া বা গুজৰাটৰ পাইপেৰে কি বয়? মন্ত্ৰীজনাই বিজেপিত যোগদান কৰাৰ পাছৰে পৰা বোধহয় মুছলমানৰ তেজকে ‘মিনাৰেল ৱাটাৰ’ বুলি খায়!

সি যি কি নহওক, সাধাৰণৰ ৰাইজক বিষাক্ত পানী খোৱাৰ পৰা পৰিত্ৰাণ দিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ৰবীন দত্তই এক সহজ আৰু কম খৰছী শোধন পদ্ধতিৰ অনুসন্ধানত গৱেষণা আৰম্ভ কৰিছিল ৷ এই গৱেষণাই সফলতাৰ মুখ দেখিলে ৷ অধ্যাপক দত্ত আৰু তেওঁৰ দলটোৱে উদ্ভাৱন কৰিলে ‘আৰ্চিৰন নিলগন’ ফিল্টাৰ ৷ এই ফিল্টাৰৰ সহায়ত খোৱাপানীৰ পৰা আৰ্চেনিক আৰু আইৰন অতি কম খৰছত আৰু অতি সহজে আঁতৰাব পাৰি ৷ দত্তৰ এই উদ্ভাৱনে সহস্ৰাধিক লোকৰ ওঠত হাঁহি বিৰিঙালে, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ বহুতো দুখীয়া ৰাইজে আজি আৰ্চেনিকমুক্ত পানী সেৱন কৰিব পাৰিছে ৷ জাপানৰ কোম্পানী এটাই হেনো বাণিজ্যিকভাৱে ‘আৰ্চিৰন নিলগন’ ফিল্টাৰ উৎপাদনৰ বাবে উদ্ভাৱকৰ লগত যোগাযোগ কৰিছিল, কিন্তু তেওঁ কোম্পানীটোৰ আগ্ৰহৰ প্ৰতি সঁহাৰি নজনালে৷ কোম্পানীটোক ফিল্টাৰ উৎপাদনৰ অনুমতি দিলে নিঃসন্দেহে উদ্ভাৱক দত্তই প্ৰচুৰ ধন লাভ কৰিলেহেঁতেন আৰু আনফালে ‘আৰ্চিৰন নিলগন’ৰ বজাৰ মূল্য বহুত বেছি হৈ হ’লহেঁতেন যাৰ ফলত দুখীয়া ৰাইজে এই ফিল্টাৰবোৰ কিনাটো প্ৰায় অসম্ভৱ হৈ পৰিলহেঁতেন৷ গাঁৱৰ দুখীয়া ৰাইজৰ কথা ভাবি বোধহয় অধ্যাপক গৰাকীয়ে জাপানী কোম্পানীটোৰ লগত হাত নিমিলালে ৷ অধ্যাপক দত্তক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ৷

নিজৰ উদ্ভাৱন আৰ্চিৰণ নিলগন ফিল্টাৰৰ সতে ড০ ৰবীন দত্ত

আমি কটনত বি এচ চি পঢ়ি থাকোতে এবাৰ এখন বিজ্ঞান কনফাৰেন্সত নিজৰ গৱেষণাৰ বিষয়ে গৱেষক কেইগৰাকীমানে প্ৰদান কৰা বক্তৃতা শুনিছিলো৷ গৱেষককেইগৰাকী অসমৰে, গৱেষণাও কৰিছে অসমৰ গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ অধীনতে৷ গৰিষ্ঠসংখ্যকৰে গৱেষণা আছিল অসমৰ বায়ু-পানী-মাটি-সম্পৰ্কীয়৷ বিজ্ঞানৰ সমস্যাবোৰ যদিও বিশ্বজনীন, কিছুমান ক্ষেত্ৰত বিজ্ঞানৰ কিছুমান সমস্যাৰ বিশেষভাৱে আঞ্চলিক গুৰুত্ব আছে৷ উদাহৰণস্বৰূপে অসমৰ মাটি-পানী-বায়ুৰ বিজ্ঞানসন্মত অধ্যয়ন প্ৰধানতঃ স্থানীয় বিজ্ঞানী বা বিজ্ঞানুষ্ঠানে কৰিব লাগিব৷ আঞ্চলিক সমস্যাসমূহৰ উপযুক্ত সমাধানৰ বাবে স্থানীয় বিজ্ঞানীমহলে বিশেষভাৱে গুৰুত্ব দিব লাগে৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নদীৰ কথা সকলোৱে জানে৷ প্ৰদূষিত নদীৰ ই উজ্জ্বল উদাহৰণ৷ ইয়াৰ পানীবোৰ ক’লা, দুৰ্গন্ধময় আৰু বিষাক্ত৷ (ভৰলুৰ ওচৰেৰে পাৰ হৈ গ’লে দুৰ্গন্ধৰ পৰা বাচিবলৈ নাক-মুখ ৰুমালেৰে ঢাকি খোজকাঢ়িলে নিজকে অসমীয়া দৰা দৰাও লাগে ৷) গতিকে ভৰলুৰ প্ৰদূষণৰ সমস্যাটো সমাধান কৰিবৰ বাবে প্ৰকৃত বিজ্ঞানসন্মত গৱেষণাৰ প্ৰয়োজন আছে৷ কিন্তু সেয়া হৈছে জানো? 

তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ৰবীন দত্ত আৰু তেওঁৰ দলটোৱে উদ্ভাৱন কৰি উলিয়াইছে ‘আৰ্চিৰন নিলগন’ ফিল্টাৰ৷ এই ফিল্টাৰৰ সহায়ত খোৱাপানীৰ পৰা আৰ্চেনিক আৰু আইৰন অতি কম খৰছত আৰু অতি সহজে আঁতৰাব পাৰি৷ দত্তৰ এই উদ্ভাৱনে সহস্ৰাধিক লোকৰ ওঠত হাঁহি বিৰিঙালে। জাপানৰ কোম্পানী এটাই হেনো বাণিজ্যিকভাৱে ‘আৰ্চিৰন নিলগন’ ফিল্টাৰ উৎপাদনৰ বাবে উদ্ভাৱকৰ লগত যোগাযোগ কৰিছিল। গাঁৱৰ দুখীয়া ৰাইজৰ কথা ভাবি বোধহয় অধ্যাপক গৰাকীয়ে জাপানী কোম্পানীটোৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে।
 যদি হৈছে তাৰ কিবা সমাধান পোৱা গৈছে নে? সি যি নহওক, সত্যানুসন্ধান নতুবা জগতৰ সমস্যা সমাধানৰ বাবে গৱেষণা কৰিলে ভাল ৷ আজিকালি কেৱল ডক্টৰেট ডিগ্ৰীটো গোটাবৰ বাবেহে বোধহয় ‘গৱেষণা’ কৰা হয়  ভৰলু নদীৰ প্ৰদূষণ সম্পৰ্কে বহুতে গৱেষণা কৰিছে বুলি শুনিছো৷ এই গৱেষণাৰ বলতে বহুতে নিজৰ নামৰ আগত হেনো ‘ডক্টৰেট’ বহুৱাব পৰা হ’ল৷ গুৱাহাটী বিশ্ববিদ্যালয়ত এম এচ চি কৰি থাকোতে এটা ধুনীয়া কৌতূক শুনিছিলো- ভৰলু নদীত জাল মাৰিলে মাছ-কাছ একো নাপাব পাৰে, কিন্তু গৱেষণা-গ্ৰন্থ (থেছিছ) এখন হ’লেও পাবই!  এৰা, ভৰলু নদীখন নাথাকিলে যে কিমান লোকে পিএইচডি ডিগ্ৰী পোৱাৰ পৰা বঞ্চিত হ’লহেঁতেন!

সমগ্ৰ দেশতে গৱেষণাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে ফেল’শ্বীপ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে, আনকি ৰাজপথতো নামিছে৷ এই দাবীৰ যুক্তিযুক্ততা আছে৷ অলপতে দিল্লীত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সন্মুখত প্ৰতিবাদ কৰা প্ৰায় ২০০০জন গৱেষক ছাত্ৰ-ছাত্ৰীক পুলিচে গ্ৰেপ্তাৰ কৰিছে৷ ভাৰতবৰ্ষৰ কি দুৰ্ভাগ্য! চৰকাৰৰ এনে অপকৰ্মৰ প্ৰতিবাদ কৰিছো৷ উল্লেখ্য যে সৰ্বভাৰতীয় পৰীক্ষা (গেট, নেট-জেআৰএফ)ত উত্তীৰ্ণ হোৱা গৰিষ্ঠসংখ্যক গৱেষক ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়াকৈ ফেল’শ্বীপ নাপায়৷ কোনোৱে যদি দুই মাহ, আন কোনোৱে এবছৰ ধৰি ফেল’শ্বীপ নোপোৱাকৈ থাকে৷ ফেল’শ্বীপ বৃদ্ধিৰ লগতে নিয়মীয়াকৈ ফেল’শ্বীপ দিয়াৰ ব্যৱস্থা চৰকাৰে অতি শীঘ্ৰে কৰিব লাগে৷  এয়া চৰকাৰৰ দায়িত্ব৷ গৱেষণাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাৰো কেতবোৰ দায়িত্ব আছে৷ কেৱল পি এইচ ডি ডিগ্ৰী লোৱা বা পদোন্নতিৰ সহায়ৰ বাবেহে গৱেষণা চলাই যোৱাৰ দৰে সস্তীয়া কাৰবাৰক কোনেও প্ৰশ্ৰয় দিব নালাগে৷ লগতে কোনেও যাতে পি এইচ ডি ডিগ্ৰীক বজৰুৱা পণ্যত পৰিণত কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষ সতৰ্ক আৰু সচেতন হ’ব লাগিব৷ 

 

 

কৌ শি ক তা লু ক দা ৰ

মুম্বাইস্থিত আই আই টি বোম্বেৰ গৱেষক ছাত্ৰ।

Previous কৌমুদী
Next ৰাজ্যত সুৰা ট্ৰেজেডী : অধোগতি সমাজ আৰু দায়িত্বজ্ঞানহীন চৰকাৰ