সম ‘কাশ্মীৰ’ হ’ব নহয়, অসমক কাশ্মীৰ বনাইহে এৰিব। উন্মুক্ত, উদং সীমান্ত ব্যৱস্থাৰে বাংলাদেশীবোৰক এফালে হাত বাউল দি মাতিব আনহাতে এন. আৰ. চি. অথবা ‘আধাৰ’ ত কোটি-কোটি টকা ব্যয় কৰি বাংলাদেশী বিতাৰণ অথবা নাগৰিকত্ব বিষয়টো সুস্থিৰ কৰাৰ ভেকোভাওনা কৰিব।

ধোবাং-বাং সীমান্ত লৈ প্ৰগতিৰ শ্ল’গান দিয়া আৰু দেহৰ ওপৰে ছ্যুট-টাই পিন্ধি তলে নাঙঠ হৈ থকা একেই কথা। পাষণ্ডহঁতে মাইকটোৰ পেটতো ধৰি আটাহ পাৰে এইবুলি যে, অসমৰ ইমানটা সমষ্টি অমুক চনত বাংলাদেশী মুছলমানৰ হাতলৈ যাব। কথাটো হয়। নাযাবইবা কেলেই। অলগদ্ধ গৃহস্থৰ দৰে খেতি কৰি বাৰীৰ জপনা খোলা ৰাখিলে ভাল খাদ্যৰ আশাত জাকে জাকে গৰু ঘৰ সোমাবই। ইয়াত গৰুক দোষ দি লাভ নাই।

কোন পাকত সেই কফিনত শেষ গজাল মাৰি পৰিয়ালসহ নিজৰ সন্তানৰ সু-ভৱিষ্যৎ গঢ়িবলৈ পলকতে অদৃশ্য হ’ব, আমি সাধাৰণ ৰাইজে ধৰিবই নোৱাৰিম। আমি মাথো আপোনালোকে যিখন কাশ্মীৰ অসমত বনাম বুলি উঠি পৰি লাগিছে তাত দশক দশকলৈ জ্বলি পুৰি মৰিম। এটা জাতিয়ে অস্তিত্বৰ শেষ যুঁজত মৰণপন লৈ যুঁজিব!

অসমৰ খেতি মাটি বনাঞ্চল শেষ হোৱাৰ উপক্ৰম এতিয়া, আৰু কিমান দিনলৈ অসমৰ বৰ জপনাখন খোলা ৰাখিব? হেৰৌ নেতাগণ, আপোনালোক ৰাইজৰ টকাৰে ধনী হোৱা মানুহ অথচ ৰাইজৰ বাবেই কফিন বনাই আছে। কোন পাকত সেই কফিনত শেষ গজাল মাৰি পৰিয়ালসহ নিজৰ সন্তানৰ সু-ভৱিষ্যৎ গঢ়িবলৈ পলকতে অদৃশ্য হ’ব, আমি সাধাৰণ ৰাইজে ধৰিবই নোৱাৰিম। আমি মাথো আপোনালোকে যিখন কাশ্মীৰ অসমত বনাম বুলি উঠি পৰি লাগিছে তাত দশক দশকলৈ জ্বলি পুৰি মৰিম। এটা জাতিয়ে অস্তিত্বৰ শেষ যুঁজত মৰণপন লৈ যুঁজিব! নাজানো অনাগত ক’ত দশকলৈ যুঁজিব! নিজৰ সীমান্ত সুৰক্ষা দিব নোৱাৰা এখন দেশৰ বাসিন্দা আমি।

https://biriyaa.com/

সীমান্ত সুৰক্ষাৰ দাবীত সাধাৰণ জনগণে প্ৰাণ দিবলগীয়া দেশৰ নাগৰিক আমি। আমাক ‘ৰাফেল’ লাগে, কিন্তু আমাক সু-উচ্চ, দুৰ্ভেদ্য কাঁটাটাৰো লাগে। ঘৰৰ ভিতৰত গোপনে খোঁপনি লোৱা লক্ষ লক্ষ শত্ৰুক দেশান্তৰ কৰি নিজৰ দেশ, এটা জাতিক নিশ্চিত ভয়াৱহ সংকটৰ পৰা উদ্ধাৰ কৰিব পৰা ‘ৰাফেল’ সদৃশ কোনো ৰাজনৈতিক মচিহা আমি কেতিয়াবা পামনে? দশক দশক ধৰি দেখি অহা এই ধুৰন্ধৰ নেতাবোৰৰ ঘৃণনীয় কাম আৰু নিজৰ মাটিৰে কৰা বিভৎস লজ্জাহীন ৰাজনীতিয়ে আমাক নি:শেষ কৰিব। দোষ চৰকাৰে বনাই থোৱা মুক্ত পথেৰে আমাৰ ঘৰত সোমোৱা বাংলাদেশীৰ নে আমি গঢ়া আমাৰ চৰকাৰবোৰৰ যি এই সুযোগকণ বাংলাদেশীক দি নিজৰ ৰাজপাট ভোগৰ বাট মুকলি কৰি আছে??? যোৱা ৭০ দশক ধৰি আমি ভুগিলো এক ৰাজনৈতিক সমাধানৰ আশাত। যোৱা ৭০ বছৰে আমি ৰামঠগন খালো। এই আশাত থাকিলে আৰু ৭০ বচৰলৈ আকৌ ঠগ খাম। আৰু ভয়াৱহ হ’ব অসমীয়াৰ বাবে সময়। আমি কি কৰিম তাক ভবা আৰু কৰাৰ সময় এতিয়া যদি নহয় তেনেহ’লে আৰু কেতিয়াও নহয় ? কিমান ঠগিবলৈ দিম নিজক, অসমক, অসমীয়াৰ অস্তিত্বক? 

ৰ ক্তি ম গো স্বা মী

জনমুখী সংগীত শিল্পী, সমকালীন টিপ্পনীকাৰ আৰু বিৰিয়াৰ নিয়মীয়া স্তম্ভ লেখক।

Previous সামাজিক গণমাধ্যমত অসামাজিক আচৰণ : বিপন্ন নাৰীৰ মৰ্য্যাদা
Next যুঁজখন কাৰ বিপক্ষে?